What is Hijab in Islam

What is Hijab in Islam in Assamese

What is Hijab in Islam in Assamese?
The word Hijab comes from the Arabic root word ‘Hajaba’ which means to conceal or Cover.
■ হিজাবৰ আভিধানিক অর্থ হৈছে পর্দা। হিজাব শব্দটোৰ উৎপত্তি স্থল আল-কুৰআন। বিভিন্ন কামত মহানবী মুহাম্মাদ ছ:ৰ স্ত্রী সকলৰ ওচৰত ছাহাবীসকল আহিছিল। কিন্তু তেওঁলোকৰ মাজত আছিল এটি পৰ্দা এই পৰ্দাটোৱে হৈছে হিজাব।

What is hijab?

■ইছলামত পর্দা কৰা ফৰজ। পর্দা নকৰা হাৰাম। কিন্তু পর্দাৰ কথা কলেই মনত আহে পৰ্দা কেৱল নাৰী সকলৰ কাৰণে। কিন্তু পর্দা নাৰী আৰু পুৰুষ উভয়ৰ কাৰণেই ফৰজ কৰা হৈছে।
■পবিত্র কোৰআনৰ চুৰাহ আন নূৰ আয়াত ৩০ ত মহান আল্লাহপাকে কৈছে মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত।
■পবিত্র কোৰআনৰ চুৰাহ আন-নূৰৰ ৩০নং আয়াতত নাৰী সকলৰ পর্দাৰ কথা কোৱাৰ আগত পুৰুষৰ চকুৰ পর্দা হেফাজত কৰাৰ নির্দেশ দিছে গতিকে এইটো হৈছে পুৰুষৰ hijab
■চুৰাহ আন নুৰ আয়াত ৩১ ত কৈছে
আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয়া কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।
■ এই আয়াত সম্পৰ্কে আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে- আল্লাহ তা‘আলাই সেইসকল নাৰীৰ প্ৰতি ৰহম কৰক যিসকলে সৰ্বপ্ৰথম হিজৰত কৰিছিল। “যেতিয়া আল্লাহ তা‘আলাই এই আয়াত অৱতীৰ্ণ কৰিলে, তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেতিয়া তেওঁলোকে নিজৰ চাদৰ ফালি দুভাগ কৰি চেহেৰা আৰু বক্ষস্থল ঢাকি লৈছিল”। (ছহীহ বুখাৰী, কিতাবুত তাফছীৰ, পৰিচ্ছেদঃ ১২, হাদীছ নং ৪৭৫৯)
■এতিয়া আমি নিজে অলপ চিন্তা কৰি চাওঁ চোন হাত,ডিঙি আদি দেখা পোৱাকৈ কাপোৰ পৰিধান কৰি মূৰত ধুনীয়াকৈ দোপাত্তা বান্দী লোৱাটোকেই কি hijab কব পাৰি নে?
এবাৰ কল্পনা কৰি চাওক আল্লাহৰ আদেশ অনুযায়ী আমাৰ hijab( পৰ্দা) হৈ আছে নে নাই?
আইনাৰ সন্মুখত ৰখি নিজক প্ৰশ্ন কৰক এইযোৰ কাপোৰ পিন্ধি মই নামাজ আদাই কৰিব পাৰিম নে? যদি আপোনাৰ নিজৰ পৰাই উত্তৰ আহে এইটো কাপোৰ পিন্ধাৰ পিছতো ভৰিৰ কিলাকুটি দেখা গৈ আছে হাত ওলাই আছে, ডিঙি ওলাই আছে নামাজ নহব চাগে তেতিয়াহলে বুজি লওঁক আপোনাৰ পৰ্দা সঠিক হোৱা নাই ।

Leave a comment