ঈদৰ বিষয়ে চমু আলোচনা। ঈদ কি? ঈদৰ ভূমিকা ঈদৰ ইতিহাস আৰু ঈদৰ ফজিলত।

ঈদৰ বিষয়ে চমু আলোচনা। ঈদ কি? ঈদৰ ভূমিকা ঈদৰ ইতিহাস আৰু ঈদৰ ফজিলত।

ঈদৰ বিষয়ে চমু আলোচনা। ঈদ কি? ঈদৰ ভূমিকা ঈদৰ ইতিহাস আৰু ঈদৰ ফজিলত। প্ৰবন্ধটো অলপ দীঘল যদিও সম্পূৰ্ণ পঢ়িলে নিশ্চয় উপকৃত হব বুলি আশা কৰিছোঁ।)

■ ঈদৰ ভূমিকা:

সকলাে উৎসৱৰে মূল লক্ষ্য হ’ল আনন্দৰ মাজেৰে মানুহৰ মাজত একতা ভাব প্রকাশ কৰা। এটি জাতিৰ স্বতন্ত্র পৰিচয়-সত্তা নির্মাণ কৰিবলৈ মানুহৰ মাজত ঐক্যৰ চেতনা আৰু ভ্রাতৃত্বৰ মৈত্রী জাগ্রত কৰিবলৈ সন্মিলিত আনন্দ উদযাপনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু ঈদ উৎসৱেও একেই উদ্দেশ্য পূৰণ কৰে।

■ ঈদৰ ইতিহাস :

ৰাছুল (চাঃ)-এ যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গমন কৰিছিল, তেতিয়া তাত জাহেলী যুগৰ পৰা প্রচলিত দুটা উৎসৱ দেখা পাইছিল, শৰতৰ পূর্ণিমাত ‘নৌৰুজ’ আৰু বসন্তৰ পূর্ণিমাত ‘মেহেৰজান’।

ৰাছুল (চাঃ)-এ সুধিলে, এই দুই উৎসৱ কিহৰ? মদিনাবাসীয়ে উত্তৰত ক’লে, জাহেলী যুগৰ পৰা আমি এই দুটা দিনত খেল-ধেমালি আৰু আনন্দ কৰি আহিছোঁ। তাৰ পিছত ৰাছুল (চাঃ)-এ ক’লে, আল্লাহ পাকে এই দুই দিনৰ পৰিৱৰ্তে তোমালোকক নতুন দুটা উৎসৱ প্ৰদান কৰিছে :
১. এটা হৈছে ঈদুল ফিতৰ।
২. আনটো হৈছে ঈদুল আজহা।
(মুছনাদে আহমদ, ১৩০৫৮)

এনেদৰেই মুছলমানসকলৰ মাজত সুকীয়াকৈ দুই উৎসৱৰ সূচনা হ’ল। এয়া দ্বিতীয় হিজৰী অর্থাৎ ৬২৪ খ্রীষ্টাব্দৰ ঘটনা।

■ ঈদ শব্দৰ অৰ্থ কি?

‘ঈদ’ শব্দটো আৰবী ‘আওদ’-ৰ পৰা উৎপত্তি হৈছে। ‘আওদ’-ৰ অর্থ হৈছে ঘূৰি অহা, প্রত্যাৱৰ্তন কৰা। এতিয়া ঈদ মানে হ’ল, প্রতি বছৰ ঘূৰি অহা এটা দিন। আৰবী ভাষাত বিশেষ দিৱস বা উৎসৱক ঈদ কোৱা হয়।

ইফালে ‘ফিতৰ’ শব্দৰ অর্থ হৈছে ৰোজা ভঙা বা ইফতাৰ কৰা। ‘ৰোজাৰ ঈদ’ক ইছলামী পৰিভাষাত ঈদুল ফিতৰ বা ৰোজা ভঙাৰ উৎসৱ বুলি কোৱা হয় আৰু ঈদুল আজহাৰ অৰ্থ হ’ল কুৰবানীৰ ঈদ। যিহেতু সেই ঈদত কুৰবানী কৰাই মূল ইবাদত।

■ ঈদৰ ৰাতিৰ ফজিলত :

ৰাছুল ﷺ -এ কৈছে, ৰোজাদাৰৰ বাবে দুটা আনন্দ ক্ষণ নিৰ্ধাৰিত কৰা হৈছে —
১. ইফতাৰৰ সময়ত সি আনন্দিত হয়।
২. আল্লাহৰ লগত সাক্ষাৎকাৰৰ সময়ত সি আকৌ আনন্দিত হ/ব।
(বুখাৰী, ৭৪৯২)

হযৰত আবু উমামা (ৰাঃ)-এ বর্ণনা কৰিছে, নবী ﷺ -এ কৈছে, যি ব্যক্তিয়ে দুই ঈদৰ ৰাতি আল্লাহৰ ওচৰত ছোৱাব প্রাপ্তিৰ নিয়্যতত ইবাদত কৰিব, তাৰ হৃদয় সিদিনাও জীৱিত থাকিব, যিদিনা সকলো হৃদয়ৰ মৃত্যু ঘটিব।
(ইবন মাজাহ, হাদীছ : ১৭৮২, আল মুজামুল আওছাত, হাদীছ : ১৫৯)

আকৌ হজৰত মু‘আয ইবন জাবাল (ৰাঃ)-ৰ পৰা বর্ণিত, নবী ﷺ -এ কৈছে, যি ব্যক্তিয়ে পাঁচ ৰাতি ইবাদতৰ মাধ্যমত জাগ্রত থাকিব, তাৰ কাৰণে জান্নাত ৱাজিব হৈ যাব।
১. জিলহাজ্জ মাহৰ আঠ তাৰিখৰ ৰাতি।
২. জিলহাজ্জ মাহৰ ন তাৰিখৰ ৰাতি।
৩. ঈদুল আজহাৰ ৰাতি।
৪. ঈদুল ফিতৰৰ ৰাতি
৫. পোন্ধৰ শ্বাবানৰ ৰাতি।
(আত তাৰগীব ৱা-ত্তাৰহীব, ২য় খণ্ড, পৃষ্ঠা : ৯৮, হাদীছ : ১৬৫৬)

■ ঈদ হৈছে পুৰস্কাৰৰ দিৱস :

আউছ আল আনছাৰী (ৰাঃ) এ বৰ্ণনা কৰিছে, ৰাছুল ﷺ -এ কৈছে, ঈদুল ফিতৰৰ ৰাতিপুৱা ফিৰিস্তাসকল ৰাস্তাত ৰৈ ঈমানদাৰসকলক উদ্দেশ্য কৰি কৈ থাকে,
হে মুছলমানসকল! তোমালোক দয়ালু প্রতিপালকৰ ফালে আগুৱাই আহা। উত্তম প্রতিদান আৰু বিশাল ছোৱাব প্রাপ্তিৰ ফালে আগুৱাই আহা। তোমালোকক ৰাতিৰ নামাজৰ নির্দেশ দিয়া হৈছিল, তোমালোকে সেই নির্দেশ অনুযায়ী নামাজ পঢ়িছা, তোমালোকক দিনত ৰোজা ৰাখিবলৈ কোৱা হৈছিল, তোমালোকে সেই নির্দেশো পালন কৰিছা, এক মাহ ৰোজা ৰাখিছা। দুখীয়াক আহাৰ কৰোৱাৰ মাধ্যমত নিজৰ প্রতিপালকক তোমালোকে আহাৰ কৰাইছা। এতিয়া নামাজ পঢ়ি এইসমূহ পুণ্য কৰ্মৰ প্রতিদান বা পুৰস্কাৰ গ্রহণ কৰা।

ঈদৰ নামাজ পঢ়াৰ পিছত এজন ফিৰিস্তাই ঘোষণা কৰে, শুনা নামাজ আদায়কাৰীসকল! তোমালোকৰ মহান ৰাব্বুল আ’লামিনে সকলো গুনাহ মাফ কৰি দিছে। এতিয়া মুক্ত অবস্থাত নিজৰ নিজৰ ঘৰলৈ উভতি যোৱা আৰু শুনা, আজি পুৰস্কাৰ প্রদানৰ দিন। আকাশত এই দিনৰ নামকৰণ কৰা হৈছে ‘পুৰস্কাৰৰ দিন’ হিচাপে।
(আল মুজামুল কাবিৰ লিত তাবাৰানি, ৬১৭, ৬১৮)

◾চাদাক্বাতুল ফিতৰ :

ঈদৰ আৰু এটি আৱশ্যকীয় আ’মল হৈছে চাদাক্বাতুল ফিতৰ। ৰাছুল (চাঃ)-এ কৈছে, বেহুদা বা অশ্লীল কথা-আচৰণৰ পৰা পৱিত্ৰ কৰাৰ উদ্দেশ্যে আৰু দৰিদ্রসকলৰ খাদ্যৰ ব্যৱস্থা কৰাৰ বাবে চাদাক্বাতুল ফিতৰ ৱাজিব কৰা হৈছে।
(ছুনানে আবু দাউদ, ১৬০৯)

◾এই ঈদ মিলনৰ ঈদ :

আত্মীয় আৰু প্রতিবেশীসকলৰ সৈতে লগ কৰা, সাক্ষাৎ কৰি তেওঁলোকৰ খবৰ লোৱাৰ এক সুবৰ্ণ সুযোগো পোৱা যায় এই ঈদৰ সন্মিলন বা দাওৱাতত। ইছলামত আত্মীয়তাৰ বন্ধন ৰক্ষা কৰা ফৰজ। সুদীর্ঘ এক মাহৰ চিয়াম সাধনাৰ পাছত এই অৱসৰ যাপন আৰু বিনোদনে এক অনাবিল প্রশান্তি আৰু আনন্দ কঢ়িয়াই আনে আমাৰ জীৱনলৈ। আত্মীয়তা, ভ্ৰাতৃত্ববোধ আৰু বন্ধুত্বৰ মিলনত উজ্জ্বল হৈ উঠে ঈদৰ কেইটামান দিন। আমাৰ অৱসাদক্লীষ্ট জীৱনৰ গাঁঠিত প্রাণ শক্তিৰ জোৱাৰ উঠে তথা নতুন উদ্যম আৰু কর্মপ্রেৰণা লৈ আমি আকৌ কৰ্ম জীৱনলৈ ঘূৰি আহিব পাৰোঁ।

◾ঈদৰ শুভেচ্ছা বিনিময় কৰাৰ সর্বোত্তম পদ্ধতি তথা ছুন্নত পদ্ধতি :

ঈদৰ শিষ্টাচাৰৰ মাজত আছে পৰস্পৰৰ মাজত উত্তম পদ্ধতিত শুভেচ্ছা বিনিময় কৰা।

জুবাইৰ ইবনু নুফাইৰ (ৰাঃ)-ৰ পৰা বর্ণিত, তেওঁ কৈছে, নবীজি (চাঃ)-ৰ চাহাবায়ে কেৰামসকলে ঈদৰ দিনা পৰস্পৰ সাক্ষাৎ হ’লে এনেদৰে কৈছিল, ‘তাকাব্বালাল্লাহু মিন্না ৱা মিনকুম’।
(ফাতহুল কাদিৰ, খণ্ড: ২, পৃষ্ঠা : ৫১৭)

আৰু এক বৰ্ণনাত আহিছে — ওয়াচিলা (ৰাঃ)-এ কৈছে, মই ৰাছুল (চাঃ)-ৰ লগত ঈদৰ দিনা সাক্ষাৎ কৰিলোঁ। মই ক’লোঁ, ‘তাকাব্বালাল্লাহু মিন্না ৱা মিনকা’। মহানবী (চাঃ)-এও ক’লে, ‘তাকাব্বালাল্লাহু মিন্না ৱা মিনকা।’
(বায়হাকী : ৩/৪৪৬)

গতিকে, উল্লেখিত হাদীছৰ পৰা বুজা যায় যে ছুন্নত অনুযায়ী তলত উল্লেখ কৰা দুৱাৰ জৰিয়তে ঈদৰ মুবাৰাকবাদ দিব লাগে।

تقبل الله منا ومنكم

উচ্চারণ: তাকাব্বালাল্লাহু মিন্না ৱা মিনকুম।

অর্থ: আল্লাহ মোৰ আৰু আপোনালোকৰ ফালৰ পৰা যাৱতীয় ভাল কাম আৰু নেক আ’মালসমূহ কবুল কৰক।

◾ ঈদৰ দিনৰ কেইটামান ছুন্নত, যি নবীজী (চাঃ)-এ কৰিছিল।

১. অন্য দিনৰ তুলনাত ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠা।
২. মিছৱাক কৰা।
৩. গা ধোৱা।
৪. শ্বৰীয়ত সন্মত সাজ-সজ্জা কৰা।
৫. সামর্থ্য অনুপাতে উত্তম কাপোৰ পৰিধান কৰা।
৬. সুগন্ধি ব্যৱহাৰ কৰা (নাৰীয়ে যদি গায়েৰ মাহৰামৰ ওচৰেৰে যোৱাৰ সম্ভাৱনা থাকে, তেতিয়া হ’লে সুগন্ধি ব্যৱহাৰ নকৰিব; কিন্তু কেৱল নিজৰ স্বামীক সুখী কৰিবলৈ সুগন্ধি ব্যৱহাৰ কৰা মুস্তাহাব।
৭. ঈদুল ফিতৰত ঈদগাহত যোৱাৰ আগত মিঠা জাতীয় বস্তু, যেনেঃ খেজুৰ ইত্যাদি খোৱা। কিন্তু ঈদুল আজহাত একো নোখোৱাকৈ ঈদৰ নামাজৰ পৰা আহি নিজৰ কুৰবানীৰ মাংস আহাৰ কৰা উত্তম।
৮.ঈদুল ফিতৰত ঈদগাহলৈ যোৱাৰ পূর্বে চাদাক্বায়ে ফিতৰ আদায় কৰা।
৯. যি ৰাস্তাৰে ঈদগাহলৈ যাব, সম্ভৱ হ’লে উভতাৰ সময়ত অন্য ৰাস্তাৰে উভতি অহা।
১০. খোজকাঢ়ি যোৱা।

(১) বায়হাকী, (২) তাবয়ীনুল হাকায়েক, (৩) ইবনে মাজাহ, (৪) বুখাৰী, (৫) বুখাৰী, (৬) মুস্তাদৰাকে হাকেম, (৭) বুখাৰী, তিৰমিজী, (৮) দাৰাকুতনী, (৯) বুখাৰী, (১০) আবু দাউদ।

✍️ Arshiya Shehnaz Ahmed
United Muslimah, Hyderabad

Leave a comment