ইছলাম আৰু মানবতা/ Humanity and Islam

 

ইছলাম আৰু মানবতা/ Humanity and Islam

 

ইছলাম আৰু মানৱতা / Humanity And Islam

ইছলামে সদায় মানবতাক অগ্ৰাধিকাৰ দি আহিছে ।
কথাষাৰ কিমানদূৰসঁচা তাৰে বিষয়ে অলপ কেইটামান বিশুদ্ধ তথ্য কোৰআন আৰু ছহীহ হাদীছৰ পৰা , “ইছলাম আৰু মানবতা/ Humanity and Islam” নামৰ চমু আলোচনাৰে
আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আশাকৰো আপোনালোকে পঢ়ি উপলব্ধি কৰিবলৈ চেষ্টা কৰিব ।

Read:  SIMILARITIES BETWEEN ISLAM AND HINDUISM . ইছলাম আৰু হিন্দুত্বৰ মাজত সাদৃশ্যতা

ইছলাম আৰু মানবতা / Humanity and Islam.

ইছলামে সদায় মানবতাৰ কল্যাণৰ কাৰণে মানুহৰ সমস্যা সমাধান কৰি মানুহক উন্নত আৰু সুখ শান্তিৰ জীৱন উপহাৰ দিয়াৰ বাবে অহৰহ চেষ্টা কৰে ।
সেইটো ইছলামৰ আৰম্ভণিৰ সময় হওক অথবা আজিৰ সময়েই নহওঁক কিয়! যিহেতু ইছলাম হৈছে আল্লাহৰ মনোনীত একমাত্ৰ সত্য ধৰ্ম । গতিকে মানুহে ইছলামৰ অপপ্ৰচাৰ কৰাৰ যিমানেই চেষ্টা নকৰক
ইছলাম ধৰ্মই সদায় মানবতাৰ কল্যাণৰ কাৰণে মানুহৰ সমস্যা সমাধান কৰি মানুহৰ সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ অতীতৰে পৰা আজিলৈকে এক সুন্দৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

👉 অৰ্থনৈতিক কল্যাণৰ দিশত ইছলাম আৰু মানবতা / Humanity and Islam :—
—————————————-

✒️ যাকাত আৰু ছদকা (দান) :—

ইছলামত, যাকাত হ’ল অর্থনৈতিকভাৱে সমৃদ্ধশালী মুছলমানৰ ওপৰত দৰিদ্ৰসকলৰ সাহায্য কৰাৰ এটা বাধ্যতামূলক পদ্ধতি ৷ মানৱ সমাজৰ এক বৃহৎ সংখ্যক লোক দাৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন কটাবলৈ বাধ্য হয় ৷ ইছলামিক সংবিধানে যাকাতক বাধ্যতামূলক কৰি দৰিদ্ৰসকলৰ কাৰণে বাৰ্ষিক আয়ৰ ২.৫ % পৃথক কৰি ৰাখিছে ৷ দানশীলতাৰ ওপৰত গুৰুত্ব ৰাখি অসহায় আৰু দৰিদ্ৰসকলৰ বাবে সম্পূৰ্ণ যত্ন লৈছে ৷

আল্লাহ তাআ’লাৰ ফৰমান—

👉আৰু তেওঁলোকৰ ধন-সম্পদত আছে ভিখাৰী আৰু বঞ্চিতসকলৰ হক।
(কোৰআন; ছূৰা ৫১; আয়াত ১৯)

👉আৰু দুৰ্ভোগ মুশ্বৰিকসকলৰ বাবে,
যিসকলে যাকাত প্ৰদান নকৰে সিহঁতেই আখিৰাত অস্বীকাৰকাৰী।
(কোৰআন; ছূৰা ৩১; আয়াত ৬-৭)

যাকাতৰ দৰে ছদকা (দান) বাধ্যতামূলক নহয়। ছদকাৰ অর্থ হল স্বেচ্ছায় দান যি সাধাৰণতে সমবেদনা, ভালপোৱা, বন্ধুত্ব (ভ্রাতৃত্ব), ধর্মীয় দায়িত্ব বা মহৎ কামৰ স্বৰূপ হিচাপে প্রদান কৰা হয় ৷ পৱিত্র কোৰআন আৰু হাদিছত অসহায় আৰু দৰিদ্ৰসকলৰ কল্যাণত অর্থ ব্যয়ৰ বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া গৈছে।

👉আৰু মই তোমালোকক যি জীৱিকা দান কৰিছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত সি ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’!
(কোৰআন; ছূৰা ৬৩; আয়াত ১০)

👉তুমি তেওঁক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে?
তেওঁ সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ,
যিসকলে নিজৰ নামাজত অমনোযোগী
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।
(কোৰআন; ছূৰা ১০৭; আয়াত ১—৭)

দৰিদ্ৰ আৰু দুঃখীলোকৰ প্রয়োজনত ব্যয় নকৰি সেই অর্থক সঞ্চয় কৰাক ইছলামত নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ সর্ম্পকে সতর্কও কৰা হৈছে।

Leave a comment