Live-in relationship haram in Islam

Live-in relationship haram in Islam

Live-in relationship also called cohabitation in some countries is an arrangement when two people involved in a romantic and sexual relationship as partners for a long term or permanently, decide to live together without marriage.
Definition টো পঢ়িলে নে? আধুনিকতাৰ পৰশ সনা এটা অসামাজিক সম্পৰ্ক! অসামাজিক এইকাৰণেই যে এই বিশেষ সম্পৰ্কটোৰ অস্তিত্ত্ব ভাৰতীয় সংস্কৃতিত নাই, বিশেষকৈ ইচলামিক সংস্কৃতিৰ পৰা তো হাজাৰ মাইল দূৰত। গতিকে আমাৰ নজৰত এই বিশেষ সম্পৰ্কটোৰ বজাৰ মূল্য শূন্য।

Live-in relationship haram in Islam

বৈবাহিক জীৱন এটাত কিমান ঘাত প্ৰতিঘাত থাকে সেয়া অকল বিবাহিতমানুহেই বুজে, তাৰ মাজতে ভাৰতীয় আইন ব্যৱস্থাই বৈবাহিক সম্পৰ্কত থকা পুৰুষসকলক কেনেকুৱা এটা চাপত ৰাখিছে সেয়া বুজাই নকলেও আজিৰ দিনৰ ল’ৰাই ১৮ বছৰ বয়সৰ আগতেই অনুধাৱন কৰে। সেয়ে ফেচবুকত মানুহে মাজে মাজে লিখে, পুৰুষ হেনোঁ দুই প্ৰকাৰৰ। বিবাহিত আৰু জীৱিত! যিয়েইনহওঁক, এইবোৰ লিখিব গলে শেষ নহব।
মূল কথাটো হ’ল যিটো বস্তু আপুনি প্ৰতিদিন প্ৰতিমূহুৰ্ততে ফ্ৰীতে বা ফকতীয়াতে পাই আছে সেই একেটাই বস্তুক আপুনি পিছত পইচাৰে কিনি খাব নেকি? কেতিয়াওঁ নাখায়। এবাৰ ৰিলেশ্ব্যনত সোমোৱাৰ পিছত ভাৰতীয় সমাজ ব্যৱস্থাত এজনী ছোৱালীয়ে কিবা স্থায়ী বিকল্প বিচাৰি পাব নেকি? সম্পৰ্কত থকা ধুৰন্ধৰ ল’ৰাই ছোৱালীজনীৰ সেই দুৰ্বলতাৰ সুযোগ লোৱাৰ সম্ভাৱনা যথেষ্ট বেছি কাৰণ ভাল ল’ৰা এজনে তো আৰু live in relationship ত বিশ্বাস নকৰে। গতিকে এবাৰ ৰিলেশ্ব্যনত সোমোৱাৰ পিছত সামাজিক ভাৱে বিয়া বাৰুৰ কথা চিন্তা কৰাটো মূৰ্খামি। সিহঁতৰ বাবে বিকল্প এটাই, হয় ৰিলেশ্ব্যনতে থাকক নহলে এটাক ধৰক আনটোক এৰক! আজি এটা কালি এটা, enjoy unconditionally!
বিঃ দ্ৰঃ প্ৰগতিশীল বহুতেই হয়তো কব যে ৰিলেশ্ব্যনত সোমোৱাৰ পিছত আজিৰ এই সমতাৰ যুগতো অকল ছোৱালীয়েই কিয় নিজস্বতা হেৰুৱাব লাগে, অকল ছোৱালীৰে সামাজিক মূল্য কিয় কমে! ল’ৰাৰ কিয় নকমে!! উত্তৰত শুনক, ল’ৰাৰো কমে কিন্তু সেই ল’ৰাক যদি পিছলৈ সকলো প্ৰগতিশীলেই ইগন’ৰ কৰিলেহেঁতেন তেতিয়াহলে ল’ৰাইয়ো নিজৰ বজাৰ মূল্য অনুধাৱন কৰিব পাৰিলেহেঁতেন।

Leave a comment