ইছলামত অবৈধ প্রেম-পিৰিতি জাইজ নে? আহক পোস্টো পঢ়ি চাওঁ, এই বিষয় কোৰআন -হাদিছে কি কয়!

💔ইছলামত অবৈধ প্রেম-পিৰিতি জাইজ নে? আহক পোস্টো পঢ়ি চাওঁ, এই বিষয় কোৰআন -হাদিছে কি কয়! “অবৈধ_প্রেমিক_প্রেমিকা:– _____________________ প্রেমিক: মই তোমাক ভালপাওঁ। প্রেমিকা: ময়ো তোমাক বহুত ভালপাওঁ। চয়তান: মই তোমালোক দুয়োজনকেই ভালপাওঁ। দলিল => ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “য’ত দুজন বেগানা পুৰষ আৰু মহিলাই নির্জনে একত্রিত হয় তাত তৃতীয়জন হয় চয়তান।” [তিৰমিজী: ১১৭১] বিবাহিত দম্পতী:– ________________ স্বামী: মই তোমাক আল্লাহৰ কাৰণে ভালপাওঁ। স্ত্রী: ময়ো তোমাক আল্লাহৰ কাৰণে ভালপাওঁ। > যিয়ে আল্লাহক ভয় কৰে আৰু আল্লাহৰ নিষেধ-নির্দেশ মানি জীৱন-যাপন কৰে আল্লাহেও তেওঁলোকক ভালপায়। দলিল =>১ . হাদীছে কুদছীত আছে¸ মহান আল্লাহে কৈছে: “মোৰ কাৰণে পৰস্পৰ ভালপোৱা স্থাপনকাৰী, পৰস্পৰ উঠা-বহাকাৰী, পৰস্পৰ সাক্ষাৎকাৰী, পৰস্পৰ ব্যয়কাৰীসকলৰ কাৰণে মোৰ ভালপোৱা অৱধাৰিত।” [আহমদ:২১৭১৭] ২ . “মোৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে পৰস্পৰ ভালপোৱা স্থাপনকাৰীসকল ক’ত? আজি মোৰ আৰশ্বৰ ছায়া ব্যতীত কোনো ছায়া নাথাকিব- মই সিহঁতক ছায়া দিম।” [ছহীহ মুছলিম: ৪৬৫৫] নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যেতিয়া স্বামী- স্ত্রী ইজনে সিজনৰ প্রতি প্রেম আৰু মহব্বতৰ সৈতে দৃষ্টি বিনিময় কৰে তেতিয়া আল্লাহ তা’আলাইও সিহঁতৰ উভয়ৰ প্রতি ৰহমতৰ দৃষ্টি বর্ষণ কৰে। (বুখাৰী: ৬১৯, তিৰমিজী: ১৪৭৯) এতিয়া বুজা গ’ল বিবাহপূর্ব প্রেম চয়তানৰ কাৰণে আৰু বিবাহৰ পৰৱর্তী প্রেম আল্লাহৰ কাৰণে। দলিল => ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে বর্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “দুজনৰ পাৰস্পাৰিক ভাল পোৱাৰ কাৰণে বিবাহৰ নিচিনা ভাল একো নাই।” [ইবনে মাজাহ: ১৮৪৭] #সংগ্রহ ‘আপুনিও হওঁক ইছলামৰ প্রচাৰক’ প্রৱন্ধৰ লিখা অপৰিৱৰ্তিত ৰাখি আৰু উৎস উল্লেখ কৰি আপুনি Facebook, Twitter, ব্লগ, আপোনাৰ বন্ধুসকলৰ Email Address সহ অন্য Social Networking ওৱেবচাইটত Share কৰিব পাৰে, মানৱতাৰ মুক্তিৰ লক্ষ্যত ইছলামৰ পোহৰ বিয়পাই দিয়ক। “কোনোবাই হিদায়াতৰ ফালে আহ্বান কৰিলে যিমানজনে তেওঁৰ অনুসৰণ কৰিব প্রত্যেকৰ সমান পূণ্যৰ অধিকাৰী তেওঁ হ’ব, কিন্তু যিসকলে অনুসৰণ কৰিছে তেওঁলোকৰ পূণ্যৰ কোনো কম কৰা নহ’ব” [ছহীহ্ মুছলিম: ২৬৭৪]

Leave a comment