বদ নজৰৰ পৰা বাছি থকাৰ দু’আ আৰু আমল

বদ নজৰৰ পৰা বাছি থকাৰ দু’আ আৰু আমল

মানুহৰ ওপৰত বিভিন্ন কাৰণত বদ নজৰ লাগি থাকে। (The Evil Eye and Protection Against it) . বদ নজৰ যে কেৱল মানুহৰ পক্ষৰ পৰা হয় তেনেকুৱা নহয়। বেয়া জ্বিনৰ পৰাও বদ নজৰ লাগি থাকে। মানুহৰ কু-দৃষ্টিয়েই মূলতঃ বদ নজৰ। ইয়াত শিশুবিলাক বেছিকৈ আক্রান্ত হয়। কিন্তু প্ৰাপ্তবয়স্কসকলো ইয়াৰ পৰা মুক্ত নহয়।

বদ নজৰৰ পৰা বাছি থকাৰ দু’আ আৰু আমল

সেয়ে বদ নজৰৰ পৰা বাছি থাকিবলৈ সকলোৱে কুৰআনী আমল তথা দু’আ পঢ়া উচিত।
➤বদ নজৰৰ কুৰআনী আমলঃ
বদ নজৰ এৰাবলৈ নিয়মিত কুৰআনৰ এই আমলবোৰ কৰিব পাৰে। নিয়মিত কুৰআনী আমল কৰিলে আল্লাহ তা’আলাই বদ নজৰৰ পৰা মুক্ত কৰিব- ইন শ্বা আল্লাহ।
☞আৰু সেইবোৰ হ’ল—
> ছুৰা ফাতিহা পাঠ কৰা
> আয়াতুল কুৰ্ছী পাঠ কৰা (ছুৰা বাক্কাৰাহ, আয়াত ২৫৫)
> ছুৰা বাক্কাৰাহ শেষৰ দুই আয়াত পাঠ কৰা (২৮৫, ২৮৬)
> ছুৰা ইখলাছ পঢ়া
> ছুৰা ফালাক্ব পঢ়া
> ছুৰা নাছ পঢ়া।
✪ছুৰা ইখলাছ, ফালাক্ব, নাছ প্রতি ফৰজ চালাতৰ পাচত এবাৰ পাঠ কৰিব। মাগৰীব আৰু ফজৰৰ ফৰজ চালাতৰ পাচত তিনি বাৰ পঢ়ি হাতত ফুক দি গোটেই শৰীৰ মাছাহ কৰিব।

➤বদ নজৰৰ পৰা বাছি থকাৰ দু’আঃ

বদ নজৰত আক্রান্ত ব্যক্তিক জৰা-ফুকা কৰা :
বদ নজৰত আক্রান্ত ব্যক্তিৰ কাৰণে জৰা-ফুকাৰ সময়ত এই দু’আ পঢ়িব-
بِسْمِ اللهِ أرْقِيْكَ مِنْ كُلِّ شَيْءٍ يُؤْذِيْكَ وَمِنْ شَرِّ كُلِّ نَفْسٍ أوْ عَيْنٍ حاَسِدٍ اللهُ يَشْفِيْكَ بِسْمِ اللهِ أرْقِيْكَ
উচ্চাৰণ : বিছমিল্লাহি আৰক্বিকা মিন কুল্লি শ্বাইয়িন ইয়ুজিকা ওৱা মিন শ্বাৰ্ৰি কুল্লি নাফছিন আও আইনিন হাছাদিল্লাহু ইয়াশ্বফিকা বিছমিল্লাহি আৰক্বিকা।
অর্থ : আল্লাহৰ নামত কষ্ট দানকাৰীৰ সকলো অনিষ্টতাৰ পৰা তোমাক জৰা-ফুকা কৰিছোঁ। হিংসুক ব্যক্তিৰ কু-দৃষ্টিৰ অনিষ্টতাৰ পৰা আল্লাহৰ নামত তোমাক জৰা-ফুকা কৰিছোঁ। আল্লাহে তোমাক আৰোগ্য দান কৰাৰ বাবে তেওঁৰেই নামত জৰা-ফুকা কৰিছোঁ।’ (বুখাৰী ও মুছলিম)
أعُوذُ بِكَلِماَتِ اللهِ التاَّمَّةِ مِنْ كُلِّ شَيْطاَنٍ وَهاَمَّةٍ وَمِنْ كُلِّ عَيْنٍ لاَمَّةٍ
উচ্চাৰণ : আউজু বিকালিমাতিল্লাহিত তাম্মাতি মিন কুল্লি শ্বায়ত্বানিন ওৱা হাম্মাতিন ওৱা মিন কুল্লি আইনিন লিআম্মাতিন।’
 অর্থ : ‘আল্লাহৰ পৰিপূর্ণ কালিমাসমূহৰ মাধ্যমত শ্বয়তানৰ সকলো আক্ৰমণৰ পৰা আল্লাহৰ ওচৰত আশ্রয় বিচাৰিছোঁ। বিষধৰ প্রাণী আৰু বদনজৰকাৰীৰ অনিষ্টতাৰ পৰা আল্লাহৰ ওচৰত আশ্রয় বিচাৰিছোঁ।’ (বুখাৰী)
بِسْمِ اللهِ يُبْرِيْكَ ومِنْ كُلِّ داَءٍ يَشْفِيْكَ، ومِنْ شَرِّ حاِسِدٍ إذاَ حَسَدَ، وَمِنْ شَرِّ كُلِّ ذِيْ عَيْنٍ
 উচ্চাৰণ : ‘বিছমিল্লাহি ইউবৰিকা ওৱা মিন কুল্লি দাঈন ইয়াশ্বফিকা, ওৱা মিন শ্বাৰ্ৰি হাছাদিন ইজা হাছাদা, ওৱা মিন শ্বাৰ্ৰি কুল্লি জি আইনিন।’
অর্থ : ‘আল্লাহৰ নামত আৰম্ভ কৰিছোঁ, তেওঁ তোমাক মুক্ত কৰক- সকলো বেমাৰৰ পৰা আৰোগ্য দান কৰি, প্রত্যেক হিংসুকৰ হিংসাৰ পৰা আৰু প্রত্যেক বদ নজৰৰ অনিষ্টৰ পৰা।

Leave a comment