পৃথিবীৰ সৰ্বশ্ৰেষ্ঠ কিতাব কোনখন

পৃথিবীৰ সৰ্বশ্ৰেষ্ঠ কিতাব কোনখন?  হে মানৱ! আপোনাক যদি প্ৰশ্ন কৰা হয় যে, আপোনাৰ মতে সৰ্বশ্ৰেষ্ঠ কিতাব কোনখন? উত্তৰত আপুনি নিশ্চয়কৈ সৃষ্টিকৰ্তাৰ বাণীৰ কিতাব কোৰআন বুলিয়েই ক’ব।

উত্তৰটো সম্পূৰ্ণ সঠিক, ইয়াত কোনো মুছলিমৰেই দ্বিমত নাই।

মই মাথো জানিব বিচাৰোঁ যে, যিহেতু সৰ্বশ্ৰেষ্ঠ কিতাব কোৰআন বুলি মানি লৈছে, আপুনি এই কিতাবখনক লৈ গৰ্ব কৰে, অপবিত্ৰ অৱস্থাত স্পৰ্শ নকৰে, আনকি সন্মানৰ খাতিৰত ঘৰৰ আটাইতকৈ সুৰক্ষিত ঠাইত সুন্দৰকৈ ৰাখিছে, এইবোৰৰ প্ৰত্যেকটোৱেই উত্তম কাম; পিচে আপোনাৰ বাৰু জানিবৰ মন নাযায় নে যে, এই…

☞ কিতাবখন কিয় সৰ্বশ্ৰেষ্ঠ?
☞ সৰ্বশ্ৰেষ্ঠ কিতাবখনত কি আছে?
☞ জীৱনৰ উদ্দেশ্য কি?
☞ আমি এই পৃথিবীলৈ কিয় আহিলো?
☞ এই আকাশ আৰু জগতসমূহ কোনে সৃষ্টি কৰিলে?
☞ আমাৰ সমস্যাবোৰৰ সমাধান কেনেকৈ দিয়া হৈছে?
☞ অতীতৰ হেৰাই যোৱা সেই কাহিনীবোৰৰ বিষয়ে?
☞ কোৰআনত বৰ্ণিত সেই ২৫ জন নবী আৰু ৰাছূলৰ বিষয়ে? ইত্যাদি ইত্যাদি।

পৃথিবীৰ সৰ্বশ্ৰেষ্ঠ কিতাব কোনখন? 

আপোনাৰ ঘৰত অসংখ্য কিতাব আছে, তাৰে আপুনি দেখোন আটাবোৰেই পঢ়ি শেষ কৰিছে! অথচ এবাৰো অৰ্থসহ সৰ্বশ্ৰেষ্ঠ কিতাব কোৰআনখন পঢ়ি চোৱাৰ সময় পোৱা নাই নে? অৱহেলা কিয়? কোৰআনৰ কথা বুজিবলৈ টান বুলি ভাবিছে নেকি? তেতিয়াহ’লে চাওক স্বয়ং আল্লাহে কি কৈছে,
আল্লাহে কোৰআনত কৈছে,
“আৰু নিশ্চয় আমি (আল্লাহ) কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?” (কোৰআনঃ ৫৪/১৭, ৫৪/২২, ৫৪/৩২, ৫৪/৪০)
আল্লাহে আকৌ কৈছে,
“আমি (আল্লাহ) তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই; বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো),” (কোৰআনঃ ২০/২-৩)
আহক! আমি সময় থাকোতেই পঢ়োঁ। সময় গতিশীল। এই সময়ে কেতিয়া আপোনাৰ মোৰ জীৱনৰ সমাপ্তি ঘটায়, কোনেও ক’ব নোৱাৰে। সেয়েহে এতিয়াই ভাবিবৰ হ’ল, আৰম্ভ কৰিবৰ হ’ল!!!

১. পৃথিৱীৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ শব্দটো কি ?

ডাউনলোড কৰক সংক্ষিপ্ত তফছীৰ সহ আল-কোৰআন অসমীয়া ভাষাত,
Download link : আল-কোৰআন অসমীয়া. ( Assamese Quran)

Leave a comment