তুলসী গছ জান্নাতৰ গছ ?

তুলসী গছ জান্নাতৰ গছ ?

আল্লাৰ বাৰ্তাবাহক হজৰত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
যদি কাৰোবাক তুলসী দিয়া হয়, তেন্তে তেওঁ ইয়াক প্ৰত্যাখ্যান কৰা উচিত নহয়, কিয়নো ই স্বৰ্গৰ বাগিচাৰ পৰা আহিছে।

কানজুল উম্মাল] হাদীছ নং ৩৯২৬৮।
এই দুজন ( হাছান আৰু হুছেইন) দুয়ো পৃথিৱীত মোৰ গোন্ধযুক্ত তুলসী। (মিঠা গোন্ধযুক্ত ফুল- সুগন্ধি ফুল)
মিছকাত] হাদীছ নং ৬১৪৫।
চহী বুখাৰী] হাদীছ নং ৩৭৫৩।
আবু হুৰাইৰাহ (ৰাঃ)-ৰ পৰা বর্ণিত ! ৰছুলুল্লাহ (ﷺ) চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
যে যিজনক তুলসী আগবঢ়োৱা হয়, তেওঁ ইয়াক অস্বীকাৰ কৰিব নালাগে, কাৰণ ইয়াৰ মনোৰম গোন্ধ আছে আৰু ওজন পাতল।
📙চহী মুছলিম] হাদীছ নং ২২৫৩।
📙চহী মুছলিম] হাদীছ নং ৫৬০০।
আবূ মূছা আশ’আৰী (ৰাঃ) পৰা বর্ণিত! ৰছুলুল্লাহ (ﷺ) চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যিজন মুনাফিকে কোৰআন পাঠ কৰে তেওঁৰ উদাহৰণ তুলসীৰ দৰে, যাৰ গোন্ধ আছে কিন্তু সোৱাদ তিতা। আৰু যিজন মুনাফিকে কোৰআন পাঠ নকৰে তেওঁৰ উদাহৰণ হন্যালাৰ ফলৰ দৰে, যাৰ কোনো সুবাস’ও নাই, আৰু সোৱাদো তিতা।
📙চহী বুখাৰী] হাদীছ নং 5427।
📙চহী বুখাৰী] হাদীছ নং 338।
আৰু চোৱা

মিছকাত] হাদীছ নং ১৬২৭ ।
তুলসী এবিধ ৰাসায়নিক গুণসম্পন্ন ঔষধি গছ।

তুলসী পাতৰ লাভালাভসমূহ -:

*ঘূৰণীয়া কৃমি হ’লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়।
*তুলসী পাত খালে তেজ পৰিষ্কাৰ হয়।
*তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়।
*তুলসীৰ ৰস মৌৰ লগত খালে কাহ, কফ, জ্বৰ কমে।
*তুলসীৰ ৰস খালে বমি, পানী লগা, বিষ, হিকটি ভাল হয়।
*তুলসীৰ পাত খালে মুখৰ দুৰ্গন্ধ নাশ হয়।
*তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ হয় আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়।
*তুলসীৰ পাত নিয়মীয়াকৈ খালে ডায়েবেটিচ হ্ৰাস পায়।
*তুলসীৰ পাত ঠাণ্ডা পানীত আগদিনাই তিয়াই থৈ পিছদিনা সেই পানীৰে মুখ ধুলে মুখৰ ক’লা দাগ নাইকিয়া হয়।
*তুলসী পাতৰ ৰসে এন্টিচেপ্টিকৰ কাম কৰে।
*ক’লা তুলসীৰ পাতৰ ৰস গৰু ঘিউৰ লগত খালে বাত ৰোগ ভাল হয়।
*তুলসী পাতৰ ৰস আৰু হালধিৰ ৰস মিহলাই খালে উচ্চ ৰক্তচাপ ভাল হয়।
*ক’লা তুলসীৰ লগত ক’লা নিমখ আৰু জালুক মিহলাই খালে হাইজা ৰোগ নিৰাময় হয়।
মুঠৰ ওপৰত তুলসীৰ বহুত ঔষধি গুণ আছে। তুলসী গছে বায়ু বিশুদ্ধ কৰে। তুলসী গছে যি ঠাইত ৰোৱা হয় সেই ঠাইৰ চাৰিওফালে ৬৫০ ফুট ব্যাসাৰ্ধ ঠাই আগুৰি বায়ু বিশুদ্ধ হয়। তুলসী ৰোৱা বা থকা ঠাইৰ ওচৰে-পাঁজৰে মেলেৰিয়া, প্লেগ আদি বেমাৰ হ’ব নোৱাৰে। গতিকে সকলোৱে তুলসী সংৰক্ষণ কৰি তুলসীৰ পাত ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰিব পাৰে।
✍️ Eesa Zain Rahman

Also download ; আল-কোৰআন অসমীয়া

Leave a comment