আল্লাহৰ প্ৰতি ঈমানৰ বিস্তাৰিত বিৱৰণ কি?

আল্লাহৰ প্ৰতি ঈমানৰ বিস্তাৰিত বিৱৰণ কি?

 

আল্লাহৰ প্ৰতি ঈমানৰ বিস্তাৰিত বিৱৰণ কি?*

উত্তৰঃ আমি অন্তৰৰ বিশ্বাস আৰু মৌখিক স্বীকৃতিৰ দ্বাৰা স্বীকাৰ কৰোঁ যে আল্লাহ ওৱাজিবুল উজূদ বা সদায় তেওঁৰ অস্তিত্ব থকা অত্যাৱশ্যকীয়, তেওঁ এক আৰু অদ্বিতীয়, তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো ধৰণৰ পূৰ্ণ গুণাৱলীত, মৰ্যাদাত, মহত্ত্বত, অহংকাৰত, শ্ৰেষ্ঠত্বত তেওঁ একক আৰু অদ্বিতীয়। সকলো গুণাৱলীত আছে তেওঁৰ পৰিপূৰ্ণ পূৰ্ণতা, য’ত সৃষ্টিজগতৰ বাবে উপনীত হোৱা অসম্ভৱ। তেৱেঁই আদি, তেওঁৰ আগত একো নাই, তেৱেঁই অন্ত, তেওঁৰ পিছত একো নাথাকিব, তেৱেঁই জাহিৰ তথা দৃশ্যমান, তেওঁতকৈ স্পষ্ট একো নাই, তেৱেঁই বাতিন তথা আটাইতকৈ নিগূঢ় সত্তা, তেওঁতকৈ নিগূঢ় একো নাই।

তেওঁ সৰ্বোচ্চ, সুউচ্চ, উচ্চ সত্তা, উচ্চ ক্ষমতাসম্পন্ন, উচ্চ পৰাক্ৰমশালী, তেওঁ সকলো বস্তু সম্পৰ্কে মহাজ্ঞানী, সকলো জানে, সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, সৰ্বশক্তিমান, সৰ্বশ্ৰোতা, ভাষাৰ ভিন্নতা আৰু প্ৰয়োজনৰ নানা ধৰণ সত্ত্বেও সকলোৰে আওৱাজ শুনিবলৈ পায়, তেওঁ সৰ্বদ্ৰষ্টা, সকলো দেখিবলৈ পায়, তেওঁ মহাপ্ৰজ্ঞাৱান, সৃষ্টি আৰু আইন প্ৰদানত মহাবিজ্ঞ, তেওঁ গুণত আৰু কৰ্মত সৰ্বপ্ৰশংসিত, তেওঁ মহিমাত আৰু মহত্ত্বত মহাগৌৰৱান্বিত, তেওঁ দয়াৱান, দয়ালু, তেওঁৰ ৰহমত সকলো বস্তুৰ ওপৰত বিস্তৃত আৰু সকলোৱেই তেওঁৰ অনুগ্ৰহ আৰু দানপ্ৰাপ্ত, তেওঁ ৰাজাধিৰাজ, সকলো ৰজা আৰু ৰাজ্যৰ মালিক,
তেওঁৰেই একক মালিকানা, ঊৰ্ধ্বজগত আৰু নিম্নজগত সকলো তেওঁৰেই মালিকানাধীন আৰু তেওঁৰ দাস, তেওঁৰ আছে একক কৰ্তৃত্ব আৰু হস্তক্ষেপ, তেওঁ চিৰঞ্জীৱ, তেওঁৰ আছে সকলো ধৰণৰ সত্তাগত গুণাৱলী সম্পন্ন পৰিপূৰ্ণ জীৱন, তেওঁ স্বয়ং স্থিতিশীল আৰু অবিনশ্বৰ, তেওঁ নিজেই প্ৰতিষ্ঠিত আৰু আনকো প্ৰতিষ্ঠা কৰে, তেওঁ সকলো ধৰণৰ কৰ্ম সম্পাদনকাৰী, তেওঁ যি ইচ্ছা, সেইটোৱেই সম্পন্ন কৰে, তেওঁ যিটো বিচাৰে, সেইটোৱেই সংঘটিত হয় আৰু তেওঁ যিটো নিবিচাৰে, সেইটো সম্পন্ন নহয়, আমি সাক্ষ্য দিওঁ যে
তেওঁ আমাৰ ৰব, সৃষ্টিকাৰী (খালিক্ব), উন্মেষকাৰী, ৰূপদানকাৰী, যিয়ে সকলো সৃষ্টি সৃজন কৰিছে, সৃষ্টিত তেওঁ সুচাৰুতা আৰু দক্ষতা দেখুৱাইছে আৰু উত্তম ৰূপে সৃষ্টি কৰিছে। তেওঁ এনে আল্লাহ, যাৰ বাহিৰে আন কোনো ইলাহ নাই, তেওঁ একমাত্ৰ উপাস্য, তেওঁৰ বাহিৰে কোনোৱেই ইবাদাতৰ যোগ্য নহয়।
এতেকে, তেওঁৰ বাহিৰে কাৰো সন্মুখত শিৰ নত নকৰোঁ, একমাত্ৰ মহাশক্তিশালী, মহাপৰাক্ৰান্ত, মহাক্ষমাশীল আল্লাহৰ বাহিৰে কাৰো ওচৰত মূৰ অৱনত নকৰোঁ, একো প্ৰাৰ্থনা নকৰোঁ, আমি একমাত্ৰ তেওঁৰেই ইবাদাত কৰোঁ আৰু কেৱল তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ, তেওঁৰ ওচৰতেই প্ৰত্যাশা কৰোঁ, তেওঁকেই ভয় কৰোঁ, তেওঁৰ ৰহমত আশা কৰোঁ, তেওঁৰ শাস্তিক ভয় কৰোঁ, তেওঁৰ বাহিৰে আমাৰ কোনো ৰব্ব নাই।
এতেকে, তেওঁৰ ওচৰতেই আমি প্ৰাৰ্থনা কৰোঁ আৰু তেওঁকেই আমি আহ্বান কৰোঁ। তেওঁৰ বাহিৰে আমাৰ এনে কোনো ইলাহ নাই, যাৰ ওচৰত আমি আশা কৰিব পাৰোঁ। আমাৰ পৃথিৱীত আৰু আখিৰাতৰ কল্যাণ আৰু সংশোধনত তেৱেঁই একমাত্ৰ অভিভাৱক। তেওঁ উত্তম সাহায্যকাৰী আৰু সকলো বিপদাপদ আৰু অকল্যাণৰ পৰা তেৱেঁই একমাত্ৰ প্ৰতিৰোধকাৰী আৰু ৰক্ষাকাৰী।

Leave a comment