ঈমান বৃদ্ধিৰ কেইটামান উপায়

ঈমান বৃদ্ধিৰ কেইটিমান উপায়ঃ

 

ঈমান বৃদ্ধি কৰাৰ কেইটামান উপায়
Iman বৃদ্ধি কৰাৰ কেইটামান উপায়

 

ঈমান বৃদ্ধিৰ কেইটামান উপায় :   (১)ইছলামী জ্ঞান অর্জন কৰা। আল্লাহে কৈছেঃ
“আল্লাহক কেৱল তেওৰ জ্ঞানীবান্দাসকলেই ভয় কৰে।” (ছূৰা ফাতিৰ-২৮)

(২) কোৰআন পাঠ কৰা,আৰু কোৰান মজিদক লৈ চিন্তা-চৰ্চা আৰু বুজি পাঠ কৰা!
আল্লাহে কৈছেَ “
১৭:৯
“নিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।।”

৩) আল্লাহ্ তা’লাৰ সুন্দৰ সুন্দৰ নামসমূহ আৰু সর্বোচ্চ গুণৰাজি সম্পর্কে জ্ঞান লাভ কৰা আৰু সেই জ্ঞানানুসাৰে তেওৰ ইবাদত কৰা।

(৪) চিৰাতুন নবী তথা নবী ছাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱন-চৰিত অধ্যয়ন কৰা আৰু তাৰ পৰা শিক্ষা গ্রহণ কৰা।

(৫) চালাফে চালেহীনৰ জীৱনী পঢ়া আৰু তাৰ পৰা উপদেশ গ্রহণ কৰা।(৬) ইচলামৰ সৌন্দর্য সম্পর্কে গভীৰভাবে চিন্তা-গৱেষণা কৰা।

(৭) আল্লাহ্ তা’লাৰ নিদর্শন তথা সৃষ্টি জগতক লৈ গৱেষণা কৰা।

ঈমান বৃদ্ধিৰ কেইটামান উপায়

(৮) অধিক হাৰত ইবাদত-বন্দেগীত লিপ্ত থকা, সৎ আমল সমূহ বেছি বেছি সম্পাদনৰ চেষ্টা কৰা। যেনে- চালাত, যাকাত, চদকা, চিয়াম, হজ্জ-উমৰা, আল্লাহৰ জিকিৰ, ইস্তিগফাৰ আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰা, নিকটাত্মীয়সকলৰ সৈতে সু-সম্পর্ক ইত্যাদি।
(৯) আত্মীক আমলৰ প্রতি গুৰুত্ব দিয়া। আৰু সেয়া হ’ল- সর্বদা আল্লাহক ভয় কৰা, তেওক ভালপোৱা, তেওৰ ওচৰতেই আশা-আকাঙ্ক্ষা পেচ কৰা, তেওৰ প্রতি ভৰসা ৰখা, তেওৰ প্রতি বিনীত হৈ তেওক স্মৰণ ইত্যাদি।

(১০) আল্লাহৰ বান্দাসকলৰ প্রতি সদয় হোৱা।

READ:  ইছলাম আৰু মানবতা/ Humanity and Islam

(১১) হিকমত আৰু উত্তম উপদেশৰ মাধ্যমত মানুহক আল্লাহৰ ৰাস্তাত আহ্বান কৰা।
(১২) সাধ্য আৰু সামর্থ্য অনুযায়ী সৎ কাজৰ আদেশ দিয়া আৰু অসৎ কামত বাধা প্রদান কৰা।
(১৩) ভাল ও সৎ লোকসকলৰ সংস্পর্শত থকাৰ চেষ্টা কৰা।
(১৪) মিছা ও অশ্লীল কথাবার্তাৰ বৈঠকৰ পৰা উঠি যোৱা।

(১৫) বেছি খাদ্য, বেছি কথা, বেছি নিদ্রা আৰু মানুহৰ সৈতে বেছি মেলামিছাৰ পৰা বিৰত থকা।
(১৬) সর্বদা দৃষ্টি অবনত ৰখা।
(১৭) মানুহৰ হাতত যি আছে তাৰ পৰা নিজকে পৱিত্র ৰখা। অর্থাৎ মানুহৰ সম্পদৰ প্রতি লোভ নকৰা ।
(১৮) সত্যবাদী হোৱা। কিয়নো সত্যবাদিতাই সৎপথ প্রদর্শন কৰে।
(১৯) দ্বীনী বিষয়ত উচ্চ পর্যায়ৰ ব্যক্তিসকলৰ প্ৰতি দৃষ্টিপাত কৰা; আৰু দুনিয়াৱী বিষয়ত নিম্ন পর্যায়ৰ লোকসকলৰ প্রতি লক্ষ্য কৰা।
~শ্বেইখ আব্দুল্লাহিল কাফী

Leave a comment