ছৌদি চৰকাৰে ইলিয়াছী তাবলিগ জামাত বন্ধ কৰিছে

ছৌদি চৰকাৰে তাবলিগ জামাত বন্ধ কৰিছে

 

ভাৰত উপমহাদেশৰ মিডিয়াই ব্যাপকভাৱে প্রচাৰ কৰিলে যে ছৌদি চৰকাৰে তাবলিগ জামাত (ইলিয়াছী) বন্ধ কৰিছে। বাতৰিবোৰ চাই অবিশ্বাস কৰাৰ কোনো উপায় নোহোৱা অৱস্থা।

Also read : আৰম্ভণিৰে পৰা তাবলিগ জামাতে ইছলামৰ মূল বুনিয়াদৰ পৰা দূৰত্ব বজাই ৰাখি যাত্রা কৰি আহিছে।

ছৌদি আৰবত কোনো দিনেই ইলিয়াছী তাবলিগ চালু নাছিল। কোনো কাম চালু নাথাকিলে তাক নিষিদ্ধ কৰা হয় কেনেকৈ?

মূলতঃ ইলিয়াছী তাবলিগ জামাতৰ দাওৱাত আগৰ পৰাই বন্ধ আছিল। মনে মনে নিজৰ কোঠাৰ ভিতৰত কিছু সংখ্যক পাকিস্তানী, ভাৰতীয় আৰু বাংলাদেশী নাগৰিকে তাবলিগৰ কাম কৰি থাকে। তাত কোনো ছৌদি নাগৰিক জড়িত নহয়।

যোৱা ১০ ডিচেম্বৰ ২০২১ তাৰিখে জুমু’আৰ খুতবাত এই তাবলিগ সমন্ধে সতর্ক কৰা হয়। সিদিনা খুতবাত ইখুয়ানী বা ব্রাদাৰহুড (বাংলাদেশত জামাতি ইছলামী বুলি পৰিচিত) সমন্ধেও সতর্ক কৰা হয়। তলত খুতবাৰ অসমীয়া অনুবাদ উপস্থাপন কৰা হ’ল।

 

তাবলীগ জামাতৰ পৰা চালাফী উলামাসকলৰ সতর্কীকৰণ
·

[যোৱা ৬ জুমাদাল উলা ১৪৪৩ হিজৰী মোতাবেক ১০ ডিচেম্বৰ ২০২১ খ্রীষ্টাব্দ তাৰিখে ছৌদি আৰবৰ মছজিদসমূহত পথভ্রষ্ট ফির্কা তাবলিগ জামাতৰ পৰা সতর্ক কৰি খুতবা দিয়া হয়। তাবলিগ জামাত প্রসঙ্গত আমাৰ উলামায়ে ছুন্নাহ অনেক খুতবা দিছে। যিবোৰৰ মাজৰ পৰা মই ছৌদি আৰবৰ প্রখ্যাত বিদ্বান শ্বাইখ আব্দুল্লাহ বিন মুহাম্মাদ আন-নাজমি হাফিজাহুল্লাহৰ এটি তথ্যবহুল খুতবা (বাংলাৰ পৰা) অনুবাদ কৰি মুছলিম অসমীয়া পাঠকবর্গৰ সমীপত পেচ কৰিছোঁ। আল্লাহে আমাক ইয়াৰ পৰা উপকৃত কৰক। আমিন। – অনুবাদক]

·
প্রথম খুতবা:

পূর্ণতাৰ বিশেষণেৰে বিশেষিত মহান আল্লাহৰ কাৰণেই যাৱতীয় প্রশংসা নিবেদিত। মই মহান আল্লাহৰ প্রশংসা কৰিছোঁ, যিজন সুমহান, সমুন্নত। মই সাক্ষ্য দিছোঁ, আল্লাহৰ বাহিৰে সত্য কোনো উপাস্য নাই, তেওঁ অদ্বিতীয়, তেওঁৰ কোনো শ্বৰীক নাই। মই আৰু সাক্ষ্য দিছোঁ, মুহাম্মাদ তেওঁৰ বান্দা ও ৰাছুল, যিজন আছিল অতি মহানুভৱ স্বভাৱ ও দয়ালু প্রকৃতিৰ মানুহ। আল্লাহে তেওঁৰ প্রতি আৰু তেওঁৰ অনুসাৰীবৃন্দ ও চাহাবিবর্গৰ প্রতি বর্ষণ কৰক অজস্র চালাত ও ছালাম।

তাৰ পাছত জ্ঞাপন কৰিছোঁ, হে আল্লাহৰ বান্দাসকল, তোমালোকে আল্লাহক ভয় কৰা। মহান আল্লাহে কৈছে,

“আৰু তোমালোকে সেই দিনৰ তাক্বৱা অৱলম্বন কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে ওভোতাই নিয়া হ’ব। তাৰ পাছত প্ৰত্যেক ব্যক্তিক সি যি উপাৰ্জন কৰিছে, সেয়া পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতক অন্যায় কৰা নহ’ব।” [ছুৰা বাকাৰা: ২৮১]

তোমালোকে জানি থোৱা, আল্লাহৰ বান্দাসকল, সকলোতকৈ সত্যবচন আল্লাহৰ কিতাব, আৰু সর্বোৎকৃষ্ট পথ-নির্দেশিকা মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পথ-নির্দেশিকা। নৱ উদ্ভাৱিত বিষয় হৈছে সর্বনিকৃষ্ট বিষয়। প্রত্যেক নৱ উদ্ভাৱিত বিষয়েই বিদ‘আত, প্রত্যেক বিদ‘আতেই ভ্রষ্টতা, আৰু প্রত্যেক ভ্রষ্টতাৰ স্থান হ’ব জাহান্নামত।
·
আল্লাহৰ বান্দাসকল, তোমালোকে ইছলাম প্রাপ্তিৰ এই নিয়ামতৰ কাৰণে আল্লাহৰ প্রতি প্রশংসা নিবেদন কৰা, কোৰআন-ছুন্নাহৰ নিয়ামত প্রাপ্তিৰ কাৰণে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

“আৰু তোমালোকে সেই দিনৰ ভয় কৰা, যিদিনা তোমালোকক আল্লাহৰ পিনে ওভোতাই নিয়া হ’ব। তাৰ পাছত প্ৰত্যেক ব্যক্তিক সি যি উপাৰ্জন কৰিছে, সেয়া পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতক অন্যায় কৰা নহ’ব।” [ছুৰা বাকাৰা: ২৮১] ইয়াতে তোমালোকে সর্বোচ্চ জান্নাত পাই ধন্য ও সম্পদশালী হৈ যাবা।

আল্লাহৰ বান্দাসকল, আহমাদ ও বাইহাকীয়ে বিশুদ্ধ চনদত নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ হাদিছ বর্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

اَلْجَمَاعَةُ رَحْمَةٌ وَالْفُرْقَةُ عَذَابٌ

“ঐক্য হ’ল ৰহমত, আৰু দলাদলি হ’ল আজাব।” [ছহিহুল জামি, হা: ৩১০৯]

গতিকে তোমালোকে ঐক্যবদ্ধ হৈ থকাৰ নিয়ামত প্রাপ্তিৰ কাৰণে আল্লাহৰ প্রশংসা জ্ঞাপন কৰা। আনহাতে দলাদলি ও অন্যায় বিভেদৰ পৰা নিজেই সতর্ক থাকা আৰু অন্যসকলকো সতর্ক কৰা। কিয়নো দলাদলি ও অন্যায় বিভেদ খুবেই অনিষ্টকৰ বিষয় আৰু ইছলাম ও মুছলিমসকলৰ কাৰণে দুর্যোগ।
·
আল্লাহৰ বান্দাসকল, নিষিদ্ধ পথভ্রষ্ট দলসমূহ আৰু ভয়ানক বিপথগামী ফির্কাসমূহৰ অন্যতম ‘তাবলিগ জামাত’ বা ‘আহবাব’ (*) নামৰ ফির্কা। উম্মতৰ প্রতি কল্যাণকামিতা বজাই ৰখা আৰু নিজৰ দায়িত্ব পালন কৰি দায়মুক্ত হোৱাৰ কাৰণে এই বিপথগামী ফির্কাৰ পৰা সতর্ক থকা আৰু মানুহক সতর্ক কৰা মুছলিমসকলৰ জৰুৰী পালনীয় কর্তব্য।

[(*) আৰব দেশবোৰত তাবলিগ জামাত ‘আহবাব’ নামেও পৰিচিত। ইয়াৰ মানে দোস্ত বা প্রিয়জন। – অনুবাদক।]

আল্লাহৰ বান্দাসকল, কোনোৱে প্রশ্ন কৰিব পাৰে, ‘এই দলৰ লক্ষ্য কি?’ তোমালোকক এই প্রশ্নৰ উত্তৰ দিছে মহান শ্বাইখ আল্লামা চালিহ আল-ফাওজান হাফিজাহুল্লাহে, “এই দলৰ লক্ষ্য এটাই—তাওহিদৰ দাওৱাতক আঁতৰই দি তাৰ স্থানত নিজৰ স্থান কৰি লোৱা।”

আল্লাহৰ বান্দাসকল, ‘আহবাব’ নামৰ এই তাবলিগ জামাত পথভ্রান্ত বাসত্তৰ ফির্কাৰ অন্তর্ভুক্ত নেকি? তোমালোকক এই প্রশ্নৰ উত্তৰ দিছে মহান শ্বাইখ আল-আল্লামাতুল ইমাম আব্দুল আজিজ বিন বাজ ৰাহিমাহুল্লাহে। তেওঁ কৈছে, “হয়, (তাবলিগ জামাত আৰু মুছলিম ব্রাদাৰহুড) বাসত্তৰ ফির্কাৰ অন্তর্ভুক্ত।”
·
বৰং শ্বাইখ আল্লামা মুহাম্মাদ বিন উছাইমিন ৰাহিমাহুল্লাহে তাবলিগ জামাত আৰু মুছলিম ব্রাদাৰহুডৰ বিষয়ে কৈছে, “তেওঁলোক আহলুছ ছুন্নাহ ওৱাল জামাতৰ অন্তর্ভুক্ত নহয়।” আনকি প্রথম গ্র্যাণ্ড মুফতি সন্মাননীয় শ্বাইখ মুহাম্মাদ বিন ইব্ৰাহিম আলুচ শ্বাইখ ৰাহিমাহুল্লাহে তাবলিগ জামাতৰ বিষয়ে কৈছে, “এই সংঘৰ মাজত কোনো কল্যাণ নাই। বৰং এইটো এটা বিদাত ও ভ্রষ্টতাময় সংগঠন।”

যুগশ্রেষ্ঠ মুহাদ্দিছ শ্বাইখ আলবানি ৰাহিমাহুল্লাহে কৈছে, “নিশ্চয় তাবলিগ জামাতৰ দাওৱাত নব্য (বিদাতি) চুফিবাদৰ দাওৱাত।”

শ্বাইখ আল্লামা আব্দুৰ ৰাজ্জাক আফিফি ৰাহিমাহুল্লাহে তাবলিগ জামাত প্রসঙ্গত কৈছে, “প্রকৃতপক্ষে এওঁলোক বিপথগামী বিদাতি।”
·
সন্মাননীয় শ্বাইখ চালিহ আল-লুহাইদান হাফিজাহুল্লাহে কৈছে, “মুছলিম ব্রাদাৰহুডে হওক, বা তাবলিগ জামাতেই হওক, এওঁলোক কোনেও বিশুদ্ধ মানহাজৰ বাহক নহয়।”

সন্মাননীয় শ্বাইখ হামুদ আত-তুওৱাইজিৰি ৰাহিমাহুল্লাহে তাবলিগ জামাত প্রসঙ্গত কৈছে, “নিশ্চয় এওঁলোক বিদাত তথা ভ্রষ্টতাময় জামাত।”

আল্লাহৰ বান্দাসকল, এই দলৰ ভ্রষ্টতা অনেক বিশাল, এওঁলোকৰ বিপথগামিতাও অত্যন্ত বিপজ্জনক। এওঁলোকৰ এটি অন্যতম বিপথগামিতা হৈছে, এওঁলোকে মহান আল্লাহৰ কাৰণে নিবেদিত নির্ভেজাল তাওহিদি আকিদাৰ প্রতি গুৰুত্বাৰোপ নকৰে আৰু শ্বির্কৰ পৰাও সতর্ক নকৰে। সন্মানীয় শ্বাইখ আব্দুল আজিজ বিন বাজ ৰাহিমাহুল্লাহে তাবলিগ জামাতৰ প্ৰসঙ্গত কৈছে, “এওঁলোকৰ ওচৰত আছে অনেক কুসংস্কাৰ, বিদাত ও শ্বির্কি কর্মকাণ্ড।” তেওঁ আকৌ কৈছে, “আকিদা সম্বন্ধে তাবলিগ জামাতৰ জাগ্রত জ্ঞান নাই।”
·
শ্বাইখ আল্লামা আহমাদ আন-নাজমি ৰাহিমাহুল্লাহে তাবলিগ জামাত সম্পর্কে কৈছে, “এওঁলোকে তাওহিদুল উলুহিয়্যাহক অৱহেলা কৰে, এই তাওহিদক এওঁলোকে মূল্যায়ন নকৰে। আৰু তাওহিদুল আছমা ওৱাছ ছিফাতত এওঁলোক (বিদাতি) আশ্বাৰি-মাতুৰিদি ফির্কাৰ অনুসাৰী। অর্থাৎ এওঁলোকে আহলুছ ছুন্নাহ ওৱাল জামাতৰ পন্থা বাদ দি ভিন্ন মতাদর্শৰ ওপৰত আছে।”

আল্লামা যাইদ আল-মাদখালি ৰাহিমাহুল্লাহে তাবলিগ জামাত প্রসঙ্গত কৈছে, “আকিদা বিষয়ত এওঁলোক মূর্খ হিচাপে সুপৰিচিত।”

আল্লাহৰ বান্দাসকল, তাবলিগ জামাত আকিদা বিষয়ত মূর্খ। এওঁলোকৰ ওচৰত আছে অনেক কুসংস্কাৰ, বিদাত ও শ্বির্কি কর্মকাণ্ড। তেনেহ’লে এওঁলোকে মানুহক কিহৰ ফালে দাওৱাত দিয়ে?!
·
আল্লাহৰ বান্দাসকল, এই দলৰ আন এটি গুৰুতৰ ত্রুটি—এওঁলোকে ছুন্নাহক খামুচি ধৰিবলৈ আৰু বিদাতৰ পৰা সতর্ক কৰিবলৈ মানুহক আহ্বান নকৰে। তদুপৰি এওঁলোকে নিজেই অসংখ্য বিদাতত ডুবি আছে। যেনে: নির্দিষ্টভাৱে তিনিদিনৰ বাবে দাওৱাত দিবলৈ ওলাই যোৱা নাইবা চিল্লাপ্রথা মানা তথা চল্লিছ দিনৰ কাৰণে দাওৱাতত ওলাই যোৱাৰ দৰে বিদাত, ছুফিসকলৰ তৰিকা অনুযায়ী বিদাতি জিকিৰত লিপ্ত হয়। তদুপৰি সপোন, কিচ্ছা-কাহিনী ও কুসংস্কাৰত বিশ্বাস কৰাও এওঁলোকৰ এটি অন্যতম ছুন্নাহ বিৰোধিতা।

আল্লাহৰ বান্দাসকল, এই দলৰ গ্ৰন্থ তথা তাবলিগি নিচাব ওৰফে ফাজায়েলে আমলৰ গ্রন্থাৱলী প্রসঙ্গত ক’বলৈ গ’লে মাননীয় প্রথম গ্র্যাণ্ড মুফতি শ্বাইখ মুহাম্মাদ বিন ইব্ৰাহিম আলুচ শ্বাইখ ৰাহিমাহুল্লাহৰ বক্তব্য উল্লেখ কৰাই যথেষ্ট হ’ব। তেওঁ কৈছে, “মই এওঁলোকৰ কিতাববিলাক পাইছোঁ, এইবোৰ কিতাব ভ্রষ্টতা ও বিদাতেৰে ভৰপুৰ আৰু এই কিতাববোৰৰ দ্বাৰা কবৰপূজা তথা শ্বির্কৰ ফালে দাওৱাত দিয়া হৈছে।”

[অনুবাদকৰ টোকা: তাবলিগ জামাতৰ বিষয়ে উলামাসকলৰ বিশদ বক্তব্য জানিবলৈ আপোনালোকে নিম্নোক্ত গ্রন্থসমূহ অধ্যয়ন কৰিব পাৰে।

(১) শ্বাইখ ৰাবি আল-মাদখালি বিৰচিত আকওৱালু উলামাইছ ছুন্নাহ ফি জামাআতিত তাবলিগ,

(২) আত-তালিকুল বালিগ আলা রদ্দিচ শ্বাইখ আহমাদ আন-নাজমি আলা মাদিহিত তাবলিগ,

(৩) শ্বাইখ হামুদ আত-তুওৱাইজিৰি বিৰচিত আল-কাওলুল বালিগ ফিত তাহজিৰি মিন জামাআতিত তাবলিগ,

(৪) শ্বাইখ আব্দুল আজিজ আৰ-ৰইছ কৃত ফাতাওৱা আইম্মাতি আহলিছ ছুন্নাতিছ ছালাফিয়্যিন ফি জামাআতিত তাবলিগি ওৱাল ইখওয়ানিল মুছলিমিন। টোকা সমাপ্ত]
·
পক্ষান্তৰে এই দলৰ প্রতিষ্ঠাতা মুহাম্মাদ ইলিয়াছৰ বিষয়টো হ’ল, এই লোকজন চুফী মতবাদৰ ওপৰতেই ডাঙৰ-দীঘল হৈ উঠিছে। তেওঁ আব্দুল কুদ্দুছ নামৰ জনৈক চৰমপন্থী চুফীৰ কবৰৰ ওচৰত প্রহৰী হিচাপে আছিল। আৰু যি মছজিদৰ পৰা তাবলিগ জামাতৰ দাওৱাত যাত্রা আৰম্ভ কৰিছে, তাৰ ভিতৰত চাৰিটা কবৰ আছে। এই দলৰ প্রতিষ্ঠাতা মুহাম্মাদ ইলিয়াছও এই মছজিদত সমাধিস্থ হৈছে; তেওঁ (শায়িত) আছে আৰু তেওঁৰ লগত আছে আন এদল লোক।

আল্লাহৰ বান্দাসকল, তোমালোকে আল্লাহক ভয় কৰা। তোমালোকৰ আকিদা ও তাওহিদক হিফাজত কৰা। আকিদা সম্পর্কেই সৰ্বপ্ৰথম কবৰত আৰু কিয়ামতৰ ময়দানত তোমালোকক প্রশ্ন কৰা হ’ব। তোমালোকে এই ভ্রষ্টকাৰী দল আৰু বিপথগামী-ভ্রান্ত ফির্কাৰ পৰা সাৱধান থাকা।

আল্লাহৰ বান্দাসকল, তোমালোকে যি শুনিছা মই তাকেই কওঁ। মই মহা প্রতাপী আল্লাহৰ ওচৰতেই ক্ষমাপ্রার্থনা কৰোঁ। তোমালোকেও তেওঁৰ ওচৰত ক্ষমাপ্রার্থনা কৰা। নিশ্চয় তেওঁ ক্ষমাশীল, কৃপানিধি।

·
দ্বিতীয় খুতবা:

 

যাৱতীয় প্রশংসা মহান আল্লাহৰ কাৰণেই নিবেদিত। ৰাছুলসকলৰ নেতা মুহাম্মাদৰ কাৰণে ধার্য হওক চালাত ও ছালাম। মই সাক্ষ্য দিছোঁ, পুণ্যৱান বান্দাসকলৰ পৃষ্ঠপোষক আল্লাহ ব্যতীত কোনো প্রকৃত উপাস্য নাই। মই আৰু সাক্ষ্য দিছোঁ, মুহাম্মাদ তেওঁৰ বান্দা ও ৰাছুল। তেওঁৰ অনুসাৰীবৃন্দ, চাহাবিবর্গ, তাবেঈসকল আৰু কিয়ামত পৰ্যন্ত উত্তমৰূপে তেওঁলোকৰ অনুসৰণকাৰী ব্যক্তিবর্গৰ কাৰণে ধার্য হওক চালাত ও ছালাম।

ইয়াৰ পাচত আল্লাহৰ বান্দাসকল, নিশ্চয় ‘আহবাব’ নামৰ এই তাবলিগ জামাত সন্ত্রাসবাদৰ এটি বৃহৎ প্রৱেশদ্বাৰ। বৰং এই তাবলিগ জামাতে সন্ত্রাসবাদ ও চৰমপন্থা চর্চা কৰে। আমাৰ এই দাবীৰ পক্ষে অজস্র প্রমাণ ও পর্যাপ্ত দলিল আছে।

যেনেকৈ সন্মাননীয় প্ৰাক্তন ক্রাউন প্রিন্স আমিৰ নায়িফ বিন আব্দুল আজিজ ৰাহিমাহুল্লাহে কৈছে, “স্বৰাষ্ট্র মন্ত্রণালয়ত মোৰ কার্য দায়িত্বৰ সময়ত সকলোতকৈ কঠিন বিষয়বোৰৰ এটি আছিল হাৰামৰ হামলাজনিত দুর্ঘটনা, যাৰ লগত এনেকুৱা অনেক লোক জড়িত আছিল, যিসকলে নিজকে তাবলিগ জামাত আৰু মুছলিম ব্রাদাৰহুডৰ লোক বুলি পৰিচয় দিছিল।”

·
আলি আশ্বমাউয়িয়ে তেওঁৰ বিখ্যাত ‘আত-তাৰিখুছ ছিৰ্ৰি লি জামাআতিল ইখওৱানিল মুছলিমিন (মুছলিম ব্রাদাৰহুডৰ গুপ্ত ইতিহাস)’ গ্রন্থত কৈছে, “আমি (ব্রাদাৰহুডৰ কর্মীসকল) তাবলিগ জামাতৰ লগত যোগাযোগ কৰি চলিছিলোঁ। যাতে আমি উপযুক্ত কর্মী চয়ন কৰি লব পাৰোঁ, যি কর্মী আমাৰ লগত যুক্ত হ’ব।”

তদুপৰি কোনো এখন দেশৰ তাবলিগ-প্রধান ইব্ৰাহিম ইজ্জতে উল্লেখ কৰিছে, জামাআতুত তাকফিৰি ওৱাল হিজৰাহ (এটি আতঙ্কবাদী খাৰেজি সংগঠন) আৰু মুছলিম ব্রাদাৰহুডৰ এটি প্রতিনিধি দলে তেওঁৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ দলত যোগ দিবলৈ কয়। তেওঁ ইয়াতে অসন্মতি জনাই ক’লে, ‘মই তোমালোকৰ দলত যোগ দিব নোৱাৰিম। কিন্তু কফি চপবোৰৰ পৰা মই (দাওৱাত দি) যুৱকসকলক লৈ আহিব পাৰিম। বাকীবোৰ তোমালোকে চাই লবা।’ এই ঘটনাটিয়েও তাকফিৰি সন্ত্রাসবাদী সংগঠনবোৰৰ সৈতে তাবলিগ জামাতৰ সংযোগৰ বিষয়টোক আৰু অধিক মজবুত কৰে।
·
আনকি বোমা বিস্ফোৰণৰ লগত জড়িতসকলৰ কোনো কোনোৱে তেওঁলোকৰ জবানবন্দীত ব্যক্ত কৰিছে, তেওঁলোক তাবলিগ জামাতৰ লগত আছে। স্থানীয় কিছু সংবাদপত্রত প্রচাৰিত হৈছে, সন্ত্রাসী সংগঠন আইছিছৰ পক্ষত সমর্থন ও শক্তি যোগোৱাৰ কাৰণে তাবলিগ জামাতৰ লগত জড়িত কিছুমান ব্যক্তিক বিচাৰৰ আওতালৈ লৈ অহা হৈছে। তদুপৰি সন্ত্ৰাসবাদী সংগঠনবোৰৰ অসংখ্য নেতাৰ আৰম্ভণিটো হৈছিল তাবলিগ জামাতৰ পৰাই।

[অনুবাদকৰ টোকা: বাংলাদেশতো আমি একেই চিত্র দেখিবলৈ পাওঁ। তাবলিগ জামাতৰ বহুলোকে সন্ত্রাসবাদী খাৰেজি সংগঠন আল-কায়েদাক সমর্থন কৰে। আনকি এওঁলোকৰ দাঈ পর্যায়ৰ অনেক লোকৰ আৰু তাবলিগিসকলৰ ফেচবুক ছেলিব্রেটিসকলকো দেখিবলৈ পাব, চৰমভাৱে এওঁলোকে আল-কায়েদাকে ডিফেন্স কৰি থাকে। আল-কায়েদাৰ লিডাসকলৰ কিতাব-পত্ৰও অনুবাদ কৰাৰ লগতে প্রকাশ ও প্রচাৰ কৰে। গোপনে যিসকল লোকে বহির্বিশ্বত তথাকথিত জিহাদ কৰিবলৈ যায়, তেওঁলোকৰ বহুতেই তাবলিগ জামাতৰ কাভাৰত বাহিৰলৈ যায়। এওঁলোকৰ ভ্রষ্টতা ও আপদৰ পৰা আল্লাহে মুছলিম উম্মাহক হেফাজত কৰক। আমিন। টোকা সমাপ্ত]

·
মই ইয়াৰ লগত আৰু যুক্ত কৰিম, তাবলিগ জামাতৰ এটি সংগঠন আছে আৰু ইয়াতে আছে চাৰিটা চুফী তৰিকাৰ বায়াত (অঙ্গীকাৰ)। তদুপৰি এওঁলোকৰ শাখাগত নেতৃবর্গ আছে। যিসকল নেতাই তেওঁলোকৰ অধীন বিষয়াদি (নিৰ্দিষ্ট ঠাইত) জনাই দিয়ে। এই সংগঠনৰ প্রতিষ্ঠাতা মুহাম্মাদ ইলিয়াছে তেওঁৰ এটা ভাষণত তদীয় অনুসাৰীসকলৰ উদ্দেশ্যে কৈছে, “তোমালোকে যদি নিজ ঘৰখনেই শাসন বা পৰিচালনা কৰিব নোৱাৰা, তেনেহ’লে কেনেকৈ তোমালোকে ইছলামি ৰাষ্ট্র শাসন কৰাৰ অভিলাষ পোষণ কৰা?” (দোৱা কৰোঁ) এওঁলোকৰ অনিষ্ট প্রতিৰোধত মুছলিমসকলৰ কাৰণে আল্লাহেই যথেষ্ট হৈ যাওক।

প্রত্যেক চক্ষুষ্মান ব্যক্তিৰ ওচৰত ইয়াৰ পৰা প্রতিভাত হয়, ‘আহবাব’ নামৰ এই তাবলিগ জামাত সন্ত্রাসবাদৰ বীজ; বৰং এওঁলোক নিজেই সন্ত্রাসবাদৰ লগত জড়িত।

[অনুবাদকৰ টোকা: আল-কায়েদাৰ প্রতি এওঁলোকৰ সমর্থন আৰু আল-কায়েদাত যোগদানৰ বিষয়ে ইতিপূর্বে আমি কৈছোঁ। এতদ্ব্যতীত এওঁলোকে নিজেও যে চৰমপন্থা অৱলম্বন কৰে, তাক এওঁলোকৰ মাজৰ দুই গ্রুপৰ ৰক্তক্ষয়ী সংঘাতৰ পৰা স্পষ্ট হৈ উঠে। বাংলাদেশত এওঁলোকৰ ৰক্তক্ষয়ী সংঘাতৰ এটি চলমান দৃশ্য চাওক। লিংক: https://youtu.be/xTeTc3k42As। টোকা সমাপ্ত]
·
হে আল্লাহ, তুমি ইছলাম ও মুছলিমসকলক সন্মানিত কৰা, শ্বির্ক ও মুশ্বৰিকসকলক লাঞ্ছিত কৰা আৰু দ্বীনসমৃদ্ধ ভূখণ্ডক হেফাজত কৰা। ইয়া আল্লাহ, তুনি আমাৰ জন্মভূমিত আমাক নিৰাপদে ৰাখা আৰু আমাৰ শাসকবর্গক সংশোধন কৰা। ইয়া আল্লাহ, সকলো মুছলিম শাসকক তোমাৰ কিতাব অনুযায়ী আমল কৰাৰ, তোমাৰ নবীৰ ছুন্নাহ অনুসৰণ কৰাৰ আৰু তোমাৰ আইন কার্যকৰী কৰাৰ তৌফিক দান কৰা। হে আল্লাহ, তুমি আমাৰ শাসক হাৰামাইনৰ খাদিমক ইছলামৰ সন্মান আৰু মুছলিমসকলৰ কল্যাণ থকা বিষয়সমূহ সম্পাদন কৰাৰ তৌফিক দান কৰা। ইয়া আল্লাহ, তুমি তেওঁক, তেওঁৰ ক্রাউন প্রিন্সক, তেওঁৰ ভাতৃবর্গ ও সহযোগীসকলক এনেকুৱা কামত তৌফিক দান কৰা, যিবোৰ তুমি ভালপোৱা আৰু সেইবোৰৰ প্রতি সন্তুষ্ট থাকা।

ইয়া আল্লাহ, তুমি মোৰ প্রহৰী সৈন্যদল আৰু মোৰ নিৰাপত্তাত নিযুক্ত কর্মীসকলক হেফাজত কৰা, আৰু তেওঁলোকৰ প্রক্ষেপণক সঠিকতাত পৌঁছাই দিয়া, হে জগৎসমূহৰ প্রতিপালক। ইয়া আল্লাহ, তুমি নৈৰাজ্যবাদী হুজি সম্প্রদায়, ধর্মত্যাগী খাৰেজি জনবল আৰু দ্বীনৰ সমুদয় শত্রুক ধৰাশায়ী কৰা। হে আল্লাহ, আমি তোমাৰ নিয়ামতৰ বিলীনতা, তোমাৰ নিৰাপত্তাৰ পৰিৱর্তন, তোমাৰ আকস্মিক শাস্তি আৰু তোমাৰ সকলো অসন্তোষৰ পৰা তোমাৰ ওচৰতেই আশ্রয় প্রার্থনা কৰিছোঁ। ইয়া আল্লাহ, আমি তোমাৰ ওচৰত বগা বেমাৰ, কুষ্ঠৰোগ, উন্মাদনা আৰু সকলো বেয়া ব্যাধিৰ পৰা আশ্রয় প্রার্থনা কৰিছোঁ।

আল্লাহৰ বান্দাসকল,

“নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।” [ছুৰা নাহল: ৯০]

তোমালোকে মহান প্রতাপী আল্লাহক স্মৰণ কৰা, তেৱোঁ তোমালোকক স্মৰণ কৰিব। তোমালোকে তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা, তেওঁ তোমালোকক আৰু বৃদ্ধি কৰি দিব। নিশ্চয় আল্লাহৰ জিকিৰ সর্বাপেক্ষা মহান। আৰু তোমালোকৰ কর্মাৱলী সম্পর্কে আল্লাহ জ্ঞাত।
·
উৎস: www.islamancient.com/التحذير-من-جماعة-التبليغ/।

Leave a comment