আৰম্ভণিৰে পৰা তাবলিগ জামাতে ইছলামৰ মূল বুনিয়াদৰ পৰা দূৰত্ব বজাই ৰাখি যাত্রা কৰি আহিছে।

আৰম্ভণিৰে পৰা তাবলিগ জামাতে ইছলামৰ মূল বুনিয়াদৰ পৰা দূৰত্ব বজাই ৰাখি যাত্রা কৰি আহিছে। তথাপি আল-কুৰআনৰ আদর্শ বাস্তৱায়ন কৰাৰ কাৰণে এনে ধৰণৰ কর্মসূচী লৈ কাম কৰা ইছলাম বিৰোধী নহয়। কিন্তু যদি কুৰআন আৰু ছহীহ ছুন্নাহৰ আদর্শক উপেক্ষা কৰি কেৱল-মাত্র এই একেই কর্মসূচী লৈ গোটেই জীৱন মেহনত চলে আৰু ৬ নম্বৰৰ সীমাবদ্ধ কর্মসূচীকেই ইছলামৰ পূর্ণাঙ্গ আদর্শ বুলি ভৱা হয় তেনেহ’লে সেইটো হ’ব নেহায়েত অন্যায় আৰু ইছলামৰ প্রতি কুঠাৰাঘাত। ইছলামৰ মৌলিক বিষয় বুজিবলৈ হ’লে আল-কুৰআনক বুজিব লাগিব। আল্লাহৰ সম্পূর্ণ আদেশ নিষেধ, ব্যক্তি জীৱনৰ পৰা অন্তর্জাতিক জীৱনলৈকে সকলোবোৰেই আল কুৰআনত আছে। কিন্তু তাবলিগৰ মুৰব্বীসকলে কুৰআনক আৰবীত পঢ়ি বহুত ফায়দা (ফযিলত) হাছিলৰ দাওৱাত দিলেও আল-কুৰআনক বুজাৰ ক্ষেত্ৰত সাধাৰণ মুছলিম ভাই-ভনীসকলক নিৰুৎসাহিত কৰে এনেদৰে যে, মুফতি মুফাচ্ছিৰ নহ’লে আৰু ১৫ টা ভাষাৰ পাণ্ডিত্য নাথাকিলে কুৰআন বুজাৰ চেষ্টা কৰা ঠিক নহয়। অথচ মহান ৰাব্বুল আলামীনে আমাক তেওঁৰ কালাম বুজাৰ কাৰণে বাৰ বাৰ উৎসাহিত কৰিছে, আৰু তেওঁ কৈছে-

أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ أَمْ عَلَىٰ قُلُوبٍ أَقْفَالُهَا    

“সিহঁতে কুৰআনক লৈ কিয় গৱেষণা নকৰে, সিহঁতৰ অন্তৰত তলা লগোৱা  হৈছে নেকি?”। (ছুৰা মুহাম্মদ-২৪)

ছুৰা কামাৰত ৪বাৰ তেওঁ কৈছে,

وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ    

“আৰু আমি তো কুৰআনক সহজ কৰি দিছোঁ উপদেশ গ্রহণৰ কাৰণে। এতেকে কোনোবা উপদেশ গ্রহণকাৰী আছে নে?”

অথচ আমাৰ তাবলিগী মুৰব্বীসকলে কয় কুৰআন বুজা সহজ নহয়। এনেদৰে তেওঁলোকে অত্যন্ত সন্তৰ্পনে সুকৌশলে মুছলিম হৃদয়ৰ পৰা আল-কুৰআনক বিদায় দি মছজিদৰ মাজৰ পৰা আল-কুৰআনৰ দাৰছ বন্ধ কৰি তাবলিগী নিচাব বা ফাযায়েলে আমালৰ তা‘লিম প্রতিষ্ঠা কৰাৰ ইহুদী ষড়যন্ত্রত নামি পৰিছে। অথচ আল্লাহে তেওঁৰ নাবী চাল্লাল্লাহ আলাইহি ৱাছাল্লামক মছজিদত, ঘৰত, সর্বত্র আল-কুৰআন ও হাদীছৰ তা‘লিম চালু কৰাৰ নির্দেশ দিছে। (ছুৰা জুম‘আহ-২, আহযাব-৩৪)

সিহঁত যে কুৰআন বিমুখ জামাত তাক যদি বিশ্বাস নহয় তেনেহ’লে লক্ষ কৰি চাওঁক মছজিদৰ মিম্বাৰত আৰু মেহৰাবত এতিয়া আল-কুৰআনৰ পৰিৱর্তে তাবলিগী নিচাব দেখা পাব, আনকি বহু ঠাইত আল-কুৰআনৰ ওপৰত মছজিদৰ মাজত সেই কিতাপখন দেখিছোঁ বহুত বাৰ আৰু নিজহাতে তলত ৰাখিছোঁ। আমাৰ কথাৰ সত্যতা যদি যাচাই কৰিব বিচাৰে তেনেহ’লে তাবলিগত গৈ মুৰব্বীসকলক কওঁক আমাৰ চিল্লাত কেৱল কুৰআনৰ তাফছীৰ আৰু ছহীহ বুখাৰীৰ তা‘লিম কৰিম তেনেহ’লে আপোনালোকে জানিব পাৰিব এওঁলোক কুৰআন বিমুখ জামাত হয় নে নহয়?

Leave a comment