কুনূতে নাযেলাহ (قنوت النازلة)

কুনূতে নাযেলাহ (قنوت النازلة)

Friends কুনূতে নাযেলাহ (قنوت النازلة) যুদ্ধ, শত্রুৰ আক্রমণ প্রভৃতি বিপদৰ সময়ত অথবা কাৰোবাৰ কাৰণে বিশেষ কল্যাণ কামনা আৰু আল্লাহৰ সাহায্য প্রার্থনা কৰি বিশেষভাৱে এই দু‘আ পাঠ কৰিব লাগে।

কুনূতে নাযেলাহ

‘কুনূতে নাযেলাহ’ ফজৰৰ চালাত অথবা সকলো ওৱাক্তত ফৰজ চালাতৰ শেষ ৰাক’আতত ৰুকূৰ পৰা থিয় হৈ ‘ৰব্বানা লাকাল হাম্দ’ কোৱাৰ পাচত দুই হাত তুলি সশব্দে পঢ়া হয়।[৭৭৮] কুনূতে নাযেলাহৰ কাৰণে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা নির্দিষ্ট কোনো দু‘আ বর্ণিত হোৱা নাই। অৱস্থা বিবেচনা কৰি ইমামে আৰবীত[৭৭৯] দু‘আ পঢ়িব আৰু মুক্তাদীসকলে ‘আমীন’ ‘আমীন’ ক’ব।[৭৮০] ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিভিন্ন সময়ত বিভিন্ন ব্যক্তি বা শক্তিৰ বিৰুদ্ধে আনকি এক মাহ পৰ্যন্ত একেৰাহে বিভিন্নভাৱে দু‘আ কৰিছে।[৭৮১] কিন্তু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা এই বিষয়ে এটি দু‘আ বর্ণিত হৈছে। যিটো তেখেতে ফজৰৰ চালাতত পাঠ কৰিছিল আৰু যিটো বিৰোধী শক্তিৰ বিৰুদ্ধে দৈনিক পাঁচবাৰ চালাতত পাঠ কৰিব পৰা যায়।

যেনে-

اَللّٰهُمَّ اغْفِرْلَنَا وَلِلْمُؤْمِنِيْنَ وَالْمُؤْمِنَاتِ وَالْمُسْلِمِيْنَ وَالْمُسْلِمَاتِ، وَأَلِّفْ بَيْنَ قُلُوْبِهِمْ وَأَصْلِحْ ذَاتَ بَيْنِهِمْ ، وَانْصُرْهُمْ عَلَى عَدُوِّكَ وَعَدُوِّهِمْ، اَللّٰهُمَّ الْعَنِ الْكَفَرَةَ الَّذِيْنَ يَصُدُّوْنَ عَنْ سَبِيْلِكَ وَيُكَذِّبُوْنَ رُسُلَكَ وَيُقَاتِلُوْنَ أَوْلِيَاءَكَ، اَللّٰهُمَّ خَالِفْ بَيْنَ كَلِمَتِهِمْ وَزَلْزِِلْ أَقْدَامَهُمْ وَأَنْزِلْ بِهِمْ بَأْسَكَ الَّذِيْ لاَ تَرُدُّهُ عَنِ الْقَوْمِ الْمُجْرِمِيْنَ-
উচ্চাৰণ : আল্লা-হুম্মাগফিৰ লানা ওৱা লিল মু’মিনীনা ওৱাল মু‘মিনা-তি ওৱাল মুছলিমীনা ওৱাল মুছলিমা-তি, ওৱা আল্লিফ বায়না কুলূবিহিম, ওৱা আচলিহ যা-তা বায়নিহিম, ওৱানচুৰহুম ‘আলা ‘আদুউবিকা ওৱা ‘আদুউৱিহিম। আল্লা-হুম্মাল‘আনিল কাফাৰাতাল্লাযীনা ইয়াচুদ্দূনা ‘আন ছাবীলিকা ওৱা ইয়ুকায্যিবূনা ৰুছুলাকা ওৱা ইয়ুক্কা-তিলূনা আউলিয়া-আকা। আল্লা-হুম্মা খা-লিফ বায়না কালিমাতিহিম ওৱা ঝালঝিল আক্কদা-মাহুম ওৱা আনঝিল বিহিম বা’ছাকাল্লাযী লা তাৰুদ্দুহু ‘আনিল ক্কাউমিল মুজৰিমীন।

কুনূতে নাযেলাহৰ অনুবাদ 

হে আল্লাহ! তুমি আমাক আৰু সকলো মুমিন-মুছলিম নৰ-নাৰীক ক্ষমা কৰা। তুমি তেওঁলোকৰ অন্তৰসমূহত মহব্বত সৃষ্টি কৰি দিয়া আৰু তেওঁলোকৰ মাজৰ বিবাদ মীমাংসা কৰি দিয়া। তোমাৰ আৰু তেওঁলোকৰ শত্রুবিলাকৰ বিৰুদ্ধে তুমি তেওঁলোকক সহায় কৰা। হে আল্লাহ! তুমি অস্বীকাৰকাৰীসকলৰ ওপৰত লা‘নত কৰা, যিসকলে তোমাৰ পথ বন্ধ কৰে, তোমাৰ প্রেৰিত ৰাছূলসকলক অবিশ্বাস কৰে আৰু তোমাৰ বন্ধুসকলৰ সৈতে যুদ্ধ কৰে। হে আল্লাহ! তুমি সিহঁতৰ দলৰ মাজত ভাঙোন সৃষ্টি কৰি দিয়া ও সিহঁতৰ পদসমূহ বিলুপ্ত কৰি দিয়া আৰু তুমি সিহঁতৰ মাজত তোমাৰ প্রতিশোধক নমাই দিয়া, যাক পাপাচাৰী সম্প্রদায়ৰ পৰা তুমি ওভোতাই নোলোৱা’।[৭৮২]
ইয়াৰ পাচত প্রথমবাৰ বিছমিল্লাহ… সহ ইন্না নাস্তা‘ঈনুকা… আৰু দ্বিতীয়বাৰ বিছমিল্লাহ… সহ ইন্না না‘বুদুকা… বর্ণিত আছে।[৭৮৩]
উল্লেখ্য যে, উক্ত ‘কুনূতে নাযেলাহ’ৰ পৰা মধ্যম অংশখিনি অর্থাৎ ইন্না নাস্তা‘ঈনুকা… লৈ সেইটো ‘কুনূতে ৱিতৰ’ হিচাপে চালু কৰা হৈছে, যিটো নিতান্তই ভুল। আলবানীয়ে কৈছে যে, এই দু‘আটি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ফজৰৰ চালাতত কুনূতে নাযেলাহ হিচাপে পঢ়িছিল। ইয়াক তেওঁ ৱিতৰৰ কুনূতত পঢ়িছিল বুলি মই নাজানো।[৭৮৪]
[৭৭৮] . মুত্তাফাক্ক ‘আলাইহ, আবুদাঊদ, মিচকাত হা/১২৮৮-৯০; ছিফাত ১৫৯; ফিক্কহুছ ছুন্নাহ ১/১৪৮-৪৯।
[৭৭৯] . মুছলিম, মিচকাত হা/৯৭৮, ‘চালাতত বৈধ আৰু অবৈধ কর্মসমূহ’ অনুচ্ছেদ-১৯; মিৰ‘আত হা/৯৮৫-ৰ ব্যাখ্যা দ্রষ্টব্য, ৩/৩৪২ পৃঃ; শ্বাওকানী, আছ-ছায়লুল জাৰ্ৰাৰ ১/২২১।
[৭৮০] . আবুদাঊদ, মিচকাত হা/১২৯০; মিৰ‘আত ৪/৩০৭; ছিফাত ১৫৯ পৃঃ।
[৭৮১] . মুত্তাফাক্ক ‘আলাইহ, আবুদাঊদ, নাছাঈ, মিচকাত হা/১২৮৮-৯১।
[৭৮২] . বায়হাক্কী ২/২১০-১১। বায়হাক্কী এই হাদীছক ‘ছহীহ মওছূল’ বুলি কৈছে।
[৭৮৩] . বায়হাক্কী ২/২১১ পৃঃ।
[৭৮৪] . ইৰওৱাউল গালীল হা/৪২৮, ২/১৭২ পৃঃ।

Leave a comment