ইমাম-মোৱায্যেনৰ দৰমহাৰ ক্ষেত্ৰত ইমান কৃপণতা কিয়?

ইমাম-মোৱায্যেনৰ দৰমহাৰ ক্ষেত্ৰত ইমান কৃপণতা কিয়?

 

ইমাম-মোৱায্যেনৰ দৰমহাৰ ক্ষেত্ৰত ইমান কৃপণতা কিয়?

এগৰাকী ইমামে ডিউটি কৰে 24*7 দিন। বছৰী 365 দিন। সাপ্তাহিক ছূটী নাই। খুৎবা, ঈদ, বিয়া বাৰু, জানাযা আদিৰ লগতে চোবাহী মক্তবতো পাঠদান দিয়ে। বিনিময়ত সামান্য মান হাদিয়া দিয়া হয়।আনহাতে, পৰম্পৰাগত বহুতো নিয়মাৱলীৰ উপৰিও কমিটীৰ তৰফৰ পৰা কিছুমান অযুক্তিকৰ নিয়মো বান্ধি দিয়া হয় যেনে per time job বা ব্যৱসায় আদি কৰিব নোৱাৰিব। ইয়াৰোপৰি ইমাম চাহাবৰ ওপৰত সমাজৰ সকলোৰে চোকা দৃষ্টি থাকে। পৰ্যবেক্ষণ কৰা ভাল কথা। শ্বৰিয়ত বিৰোধী কৰ্মত লিপ্ত হ’লে অনুশাসনমূলক ব্যৱস্থা লোৱাত কোনো বাধা নাই।

এইদৰে প্ৰায় প্ৰতিটো সমাজত কেইজনমান ব্যক্তি সদায় ইমাম চাহাবৰ দোষ বিচাৰি থাকে আৰু অযথা মন্তব্য কৰি থকা পৰিলক্ষিত হয়। যেনে ক্ৰিকেট বা বেডমিন্টন কিয় খেলে? খোজ কঢ়া বা হাঁহিৰ ধৰণ ভাল নহয়, গা ধোৱাত সময় বহুত লগায় আদি। মন কৰিবলগীয়া যে ইমাম-মোৱায্যেনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ ওপৰতো যি ধৰণৰ তীক্ষ্ণ দৃষ্টি ৰখা হয় তাৰ মাত্ৰ দহ শতাংশ দৃষ্টি নিজৰ পৰিয়ালবৰ্গৰ ওপৰত ৰাখিলে সমাজত কোনো ধৰণৰ কুকৰ্ম আৰু অনৈতিক আচৰণ নাথাকিলে হেঁতেন।

 

Read more : ঈমান বৃদ্ধিৰ কেইটামান উপায়

এফালে নগন্য বেতন আনফালে দায়িত্বৰ বোজা আৰু চাপ। ফলত নিজৰ আৰ্থিক চাহিদা পূৰণৰ বাবে শ্বৰিয়ত বিৰোধী কৰ্মত লিপ্ত হয় যেনে কোৰআন খানী, তাবিজ বিক্ৰী, খতম, শ্ৰাদ্ধ খোৱা আদি আৰম্ভ কৰে অথবা সুযোগ পালেই আন ক্ষেত্ৰলৈ গুচি যায়। ফলস্বৰূপে আজি অভিজ্ঞ আলিমৰ অভাৱ পৰিলক্ষিত হৈছে। অনভিজ্ঞ বা ছদ্মবেশী ইমামৰ পৰা সমাজ সংস্কাৰ তথা সমাজত প্ৰচলিত শ্বিৰ্ক-বিদাত নিৰ্মূলৰ আশা খুবেই কম।
শ্ৰম আইন অনুযায়ী ইমাম সকলো আন কৰ্মচাৰীৰ দৰে ৰুগীয়া ছুটী বা ছিক লীভ , পেইড লীভ, বছৰেকীয়া ছুটী, বোনাচ আৰু প্ৰয়োজনীয় সকলো সা-সুবিধাৰ প্ৰাপ্য। এইদৰে ইমাম গৰাকী বিবাহিত হ’লে পৰিয়াল ৰখাৰ ব্যৱস্থা বাধ্যতামূলক ভাৱে কৰা নৈতিক দায়িত্ব। নগন্য হ’লেও কিছু সংখ্যক ইমামক মছজিদ কমিটীয়ে উপযুক্ত বেতন আৰু সা-সুবিধা প্ৰদান কৰি আছে।
প্ৰতিজন ল’ৰা ছোৱালীৰ স্কুল ফীচ, টিউচন ফীচ, স্কুল বাছ ভাড়া, মাতা-পিতা দিৱস আৰু পাঁচ ধৰণৰ অমুক তমুক দিৱসৰ ফীচ, ক্ৰীড়া ফীচ, বছৰীয়া শিক্ষামূলক ভ্ৰমণ ইত্যাদিৰ বাবে হাজাৰ হাজাৰ টকা হাঁহিমুখে আদায় দিয়া হয়। কিন্তু সেই ল’ৰা বা ছোৱালী জনীক ছোবাহী মক্তবত দীনী শিক্ষাৰ লগতে পাঁচ ৱাক্ত ইমামতি আৰু খুৎবা বাবত ফীচ মাত্ৰ ১০০/ ২০০ টকা। সেই টকা খিনিও বহুতৰ বাবে নগদ আদায় দিয়াৰ ভাগ্য নহয়।
কেতিয়াবা যদি কোনো ইমাম, খতিব, দীনী শিক্ষক বা দাঈ এজনে নিৰ্ধাৰিত পৰিমাণৰ দৰমহা খোজে বা বৃদ্ধিৰ দাবী কৰে অথবা পলমকৈ পোৱা দৰমহাত অসন্তুষ্টি প্ৰকাশ কৰে তেতিয়া ইমাম গৰাকীৰ ইখলাছ, চবৰ, ধৰ্মপৰায়ণতা, পৰহেজগাৰী আদিৰ ওপৰত প্ৰশ্ন উঠোৱা হয়। সি যেন দুনিয়াকাঙ্খী আৰু ধৰ্মৰ বেপাৰী!! এনে মনোভাৱ মুছলিম সমাজৰ বাবে অতি ক্ষতিকাৰক। ইমাম-মোদাৰ্ৰিছ সকলৰো পৰিয়াল আৰু সন্তান আছে। গতিকে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে উপযুক্ত দৰমহা প্ৰদান কৰাও অতি দৰকাৰী।
এইটো সৰ্বজনবিদিত যে মছজিদ মাদ্ৰাছাৰ চান্দাৰ উৎস হৈছে ৰাইজৰ চাদকা, যাকাত, দান বৰঙণি আদি। কিন্তু দু:খজনক কথা হ’ল যে বহুতো ধনী আৰু সামৰ্থ বান ব্যক্তিয়ে ফৰজ যাকাত খিনিও ঠিকমতে আদায় নকৰে। অন্যথা মছজিদ মাদ্ৰাছা স্বচ্ছল ভাৱে পৰিচালনা কৰাত অসুবিধা নহলহেঁতেন। অৱশ্যে এনে কিছুসংখ্যক আল্লাহৰ নেক বান্দাও আছে যি সকলে সম্পূৰ্ণ যাকাত আদায় কৰাৰ উপৰিও সময় বিশেষে চাদকা খয়ৰাত দান বৰঙণি আগবঢ়াই থাকে।
বাহৰুল হেলিম ছানাবিলী,
ৰিয়াদ।
১৭/১১/2022

 

Join Our Facebook group : Islam, Iman and Aqeedah (ইছলাম, ঈমান আৰু আক্কীদাহ)

Leave a comment