ইছলামত বিদআতৰ স্থান নাই –
যিমান ভাল কামেই নহওঁক কিয়” এটা বৰ্ণনাত পোৱা যায় যে, কিছুমান মানু্হ মাগৰিবৰ নামাজৰ পিছত নিয়মিত ভাৱে মছজিদত বহি তাৰ মাজৰ পৰা এজনে কৈছিল, ইমান বাৰ ‘আল্লাহু আকবৰ’ ইমান বাৰ ‘ছুবহানাল্লাহ’ ইমান বাৰ ‘আলহামদু লিল্লাহ’ কওক, মানুহবোৰে কৈ গৈছিল।
এই খবৰটো যেতিয়া হজৰত আব্দুল্লাহ ইবনে মাছউদ (ৰাঃ)ক দিয়া হল তেখেতে সেই মানু্হ বোৰৰ ওচৰলৈ গৈ তেওঁলোকৰ তছবীহ পাঠ কৰা শুনি থিয় হৈ কবলৈ ধৰিলে, ” মই আব্দুল্লাহ ইবনে মাছউদ (ৰাঃ)( ৰছুলুল্লাহ ছঃৰ ছাহাবা) সেই আল্লাহৰ শপত যাৰ বাহিৰে কোনো উপাস্য নাই, হয় তোমালোক সূক্ষ্ম বিদয়াতত নিমজ্জিত হৈ গৈছা নাইবা তোমালোকৰ জ্ঞান হজৰত মহম্মদ (ছঃ)ৰ চাহাবা কেৰাম (ৰাঃ)ৰ জ্ঞানতকৈ বেছি হৈ গৈছে ” (নাউজো বিল্লাহ) । তাৰ পিছত তেওঁ মানু্হ বোৰক মছজিদৰ পৰা বাহিৰ কৰি দিলে।
(ফতোৱা ৰহিমিয়া ১ম খণ্ড, ৩০৬ পৃঃ)
‘ছুবহানাল্লাহ’ ‘আলহামদু লিল্লাহ’ ‘আল্লাহু আকবাৰ’ পাঠ কৰা ভাল কাম আছিল কিন্তু ৰছুলুল্লাহ (ছঃ)ৰ তৰিকা অনুযায়ী নোহোৱা বাবে হজৰত আব্দুল্লাহ মাছউদ (ৰাঃ) ইয়াক বিদয়াত বুলি আখ্যায়িত কৰি তেওঁ লোকক মছজিদৰ পৰা বাহিৰ কৰি দিলে।
আল্লাহ আমাক সঠিক পথত চলাৰ তাৱফিক দান কৰক। আমিন।