একাধিক পুৰুষৰ লগত মিলা-মিচা কৰাৰ ক্ষতিসমূহ

একাধিক পুৰুষৰ লগত মিলা-মিচা কৰাৰ ক্ষতিসমূহ

এজন ইহুদি ভ্রূণ বিশেষজ্ঞই (তেওঁ এজন ধর্মীয় পণ্ডিতো আছিল) মুকলিকৈ কৈছিল যে, পৃথিৱীত মুছলিম নাৰীতকৈ পবিত্র ও বিশুদ্ধ নাৰী অন্য কোনো ধর্মত নাই। সম্পূৰ্ণ ঘটনাটো ঘটিছিল যেতিয়া এলবার্ট আইনষ্টাইন ইনষ্টিটিউটৰ (Albert Einstein Institution) লগত যুক্ত এজন ভ্রূণ বিশেষজ্ঞ, ইহুদি পেচাদাৰ ৰবার্টে ইছলাম গ্রহণ কৰাৰ কথা প্ৰকাশ কৰে।
যাৰ একমাত্র কাৰণ আছিল, কোৰআনত উল্লেখিত তালাকপ্রাপ্তা মহিলাৰ ইদ্দতৰ আদেশ সম্পর্কিত আয়াত আৰু ইদ্দতৰ কাৰণে তিনি মাহৰ সীমা নির্ধাৰণৰ আঁৰৰ ৰহস্য ও হিকমত সম্পর্কে অৱগতি।
আল্লাহ তা’আলাই কোনো তালাকপ্রাপ্তা মহিলাক দ্বিতীয় বিবাহৰ পূর্বে তিনি মাহৰ এটি ব্যৱধান ৰাখিবলৈ কৈছে। তেওঁ পবিত্র কোৰআনত কৈছে,
অর্থাৎ ‘তালাকপ্রাপ্তা মহিলাসকলে তিনি মাহ পর্যন্ত অপেক্ষা কৰিব’ (ছুৰা আল-বাকাৰাহ ২:২২৮)
এই আয়াতটিয়ে এটি আধুনিক জ্ঞান DNA ৰ উদ্ভাৱনৰ ৰাস্তা সুগম কৰিছে আৰু দেখা গৈছে যে এজন পুৰুষৰ বীর্যত থকা প্রোটিন অন্য পুৰুষতকৈ ৬২% পৃথক তথা ভিন্ন থাকে। আৰু এগৰাকী নাৰীৰ শৰীৰ এটি কম্পিউটাৰৰ দৰে। যেতিয়া এজন পুৰুষে তাইৰ লগত ইন্টাৰকোৰ্চ কৰে তেতিয়া সেই নাৰীৰ শৰীৰে সকলো বেক্টেৰিয়াক শোষণ কৰে আৰু তাইৰ শৰীৰত সেয়া ধাৰণ কৰে।
এতেকে, বিবাহ বিচ্ছেদৰ পাছতেই, যদি এগৰাকী মহিলাই অন্য পুৰুষক বিয়া কৰায় বা একেলগে কেইবাজনৰ লগত শাৰীৰিক সম্পর্ক স্থাপন কৰে, তেনেহ’লে তাইৰ শৰীৰত বিভিন্ন ধৰণৰ DNA জমা হয় যিয়ে বিপজ্জনক ভাইৰাছৰ ৰূপ লয় আৰু মাৰাত্মক ৰোগ সৃষ্টিৰ কাৰণ হয়।
বিজ্ঞানে গৱেষণা কৰি পাইছে যে, প্রথম মাহেকীয়া হোৱাৰ পাছত এগৰাকী মহিলাৰ শৰীৰৰ পৰা ৩২%ৰ পৰা ৩৫% পর্যন্ত প্রোটিন শেষ হৈ যায়, আৰু দ্বিতীয় মাহেকীয়া হোৱাৰ পাছত তেওঁৰ শৰীৰৰ পৰা ৬৭%ৰ পৰা ৭২% DNA ধ্বংস হৈ যায়। আৰু তৃতীয় মাহেকীয়াৰ পাছত ৯৯.৯% পর্যন্ত প্রোটিন নির্মূল হৈ যায়। ইয়াৰ পাছত জৰায়ু আগৰ DNAৰ পৰা সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ যায় আৰু কোনো প্রকাৰ পার্শ্ব প্রতিক্রিয়া অবিহনে নতুন DNA গ্রহণ কৰাৰ কাৰণে প্রস্তুত থাকে।
এগৰাকী গণিকাই বহু পুৰুষৰ লগত সঙ্গম কৰে, যাৰ ফলত বিভিন্ন পুৰুষৰ বেক্টেৰিয়া তাইৰ জৰায়ুত প্রৱেশ কৰে আৰু বিভিন্ন ধৰণৰ DNA তাৰ মাজত জমা হয় আৰু তাই মাৰাত্মক ৰোগত আক্রান্ত হৈ পৰে।
বিধবা মহিলাৰ ক্ষেত্রত শ্বৰীয়তৰ বিধান হ’ল, তাইৰ ইদ্দত তালাকপ্রাপ্তা মহিলাতকৈ বেছি অর্থাৎ ৪ মাহ ১০ দিন। ইয়াৰ কাৰণ হ’ল দুখ ও দুঃশ্চিন্তাৰ কাৰণে তেওঁৰ শৰীৰৰ পৰা প্রাক্তন DNA দ্রুত গতিত শেষ নহয়, এইটো শেষ হ’বলৈ আগতকৈ বেছি সময় লাগে, আৰু এই কাৰণে মহিলাসকলৰ ইদ্দত চাৰি মাহ দহ দিন নির্ধাৰণ কৰা হৈছে। পবিত্র কোৰআনত আল্লাহ তা‘আলাই কৈছে, অর্থাৎ ‘আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰীক এৰি মৃত্যুবৰণ কৰে, সিহঁতে (স্ত্ৰীসকলে) চাৰি মাহ দহ দিন অপেক্ষা কৰিব।’ (আল-বাকাৰাহ, ২:২৩৪)

একাধিক পুৰুষৰ লগত মিলা-মিচা কৰাৰ ক্ষতিসমূহ

এই সত্যৰ মুখামুখি হৈ, এজন বিশেষজ্ঞ ডাক্তৰে যুক্তৰাষ্ট্রৰ দুটি ভিন্ন স্থানত গৱেষণা পৰিচালনা কৰে। এক. আফ্রিকান বংশোদ্ভূত মুছলিমসকল যি মহল্লাত থাকে, সেইসকল নাৰীৰ ভ্রূণৰ মাজত মাত্র এজন স্বামীৰ DNA পোৱা গৈছে।
দুই. অন্য মহল্লা য’ত আচল আমেৰিকান মহিলাসকল থাকে, তেওঁলোকৰ ভ্রূণৰ মাজত একাধিক অর্থাৎ দুই বা তিনি জনৰ বেছি পুৰুষৰ ডিএনএ পোৱা গৈছে।
ইয়াৰ পাছত যেতিয়া বিশেষজ্ঞ ডাক্তৰজনে তেওঁৰ নিজ স্ত্রীৰ ভ্রূণ ​​পৰীক্ষা কৰিলে, তেতিয়া তেওঁ এটি মর্মান্তিক সত্য দেখিবলৈ পায় যে, তেওঁৰ স্ত্রীৰ মাজত তিনিটা ভিন্ন ভিন্ন DNA আছে। যাৰ অর্থ হ’ল তেওঁৰ স্ত্রীয়ে তেওঁৰ লগত প্রতাৰণা কৰিছিল আৰু তেওঁৰ তিনি গৰাকী সন্তানৰ মাজত কেৱল মাত্র এজন আছিল তেওঁৰ নিজ সন্তান, বাকীবোৰ আছিল অন্য পুৰুষৰ।
চিকিৎসকজন তেতিয়া নিশ্চিত হয় যে ইছলামেই একমাত্র ধর্ম যিয়ে মহিলাসকলৰ নিৰাপত্তা আৰু সমাজৰ সম্প্রীতিৰ নিশ্চয়তা দিয়ে। আৰু এই বিষয়েও নিশ্চিত হয় যে, একমাত্র মুছলিম মহিলাসকলেই পৃথিৱীৰ ভিতৰত সকলোতকৈ পৰিচ্ছন্ন, বিশুদ্ধ ও সতী। আল্লাহু আকবৰ। আল্লাহু আকবৰ।
আল্লাহু আকবৰ। আহ! কি সুন্দৰ! কি শ্বাশত ও সুশৃঙ্খল বিধান ইছলামত আছে।
সংগৃহীত|

Leave a comment