আল জামিউল কামিল ফীল হাদিছিছ ছহীহিচ চামিল

আল জামিউল কামিল ফীল হাদিছিছ ছহীহিচ চামিল

মাত্র ১৮ বছৰ বয়সত ইছলামৰ প্রতি অনুৰাগী হৈ ব্রাহ্মণৰ পৰা মুছলিম হ’ল। ‘বঙ্কে লাল’ৰ পৰিৱৰ্তে নতুন নাম ৰাখিলে ‘জিয়াউৰ ৰহমান আজমী’।
কেৱল ইছলাম গ্রহণ কৰিলে হ’ব নে? ‘ইছলাম’ শিকাৰ মন মেলিলে তেওঁ। মানুহৰ মুখেৰে শুনি বা দেখি তেওঁ ইছলাম পালন কৰিব বিচৰা নাই।
সেয়ে ইছলাম শিকিবলৈ তেওঁ ইছলামে যি ঠাইৰ পৰা দিগ্বিজয় কৰিছে সেই ঠাইলৈ অৰ্থাৎ মদিনালৈ ঢাপলি মেলিলে।
তাত হাদিছৰ ওপৰত স্নাতক আৰু স্নাতকোত্তৰ শেষ কৰি জ্ঞানৰ পিপাসাত দৌৰি গ’ল মিচৰৰ আল-আজহাৰ বিশ্ববিদ্যালয়লৈ। তাত গৈ তেওঁ পিএইডি কৰিলে।
তাৰ পাছত তেওঁ মদীনা ইউনিভাৰচিটিত শিক্ষকতা আৰম্ভ কৰিলে। এটা সময়ত মন মেলিলে দুনিয়াৰ সকলো ছহীহ হাদিছ একত্রিত কৰিব। আৰম্ভ কৰিলে ইছলামৰ ইতিহাসৰ অতুলনীয় এটা কাম-
الجامع الکامل في الحدیث الصحیح الشامل

‘আল জামিউল কামিল ফীল হাদিছিছ ছহীহিচ চামিল’।

এয়া ইছলামি ইতিহাসত একমাত্র গ্রন্থ য’ত কোনো পুনৰাবৃত্তি অবিহনেই সকলো ছহীহ হাদিছ লিপিবদ্ধ কৰা হৈছে। অর্থাৎ আপুনি যদি সকলো ছহীহ হাদিছৰ এখন কিতাপ পাব বিচাৰে—তেনেহ’লে এই গ্ৰন্থখন আপোনাৰ কাৰণে, যদিও সেইখন ২০ টা খণ্ডত ৰচিত।
আমি জন্মগত মুছলিমসকলে ইছলামৰ কাৰণে কি কৰিব বিচাৰোঁ, কি এৰি থৈ যাব বিচাৰোঁ— অলপ ভাবি চোৱা প্ৰয়োজন!

Leave a comment