আল্লাহক খোদা বুলি মাতে কিয়?

আল্লাহক খোদা বুলি মাতে কিয়?

আল্লাহৰ ইমান সুন্দৰ সুন্দৰ নাম থাকোতে  আল্লাহক খোদা বুলি মাতে কিয়? “খোদা” তো আল্লাহৰ নাম নহয়।
আমি প্রায়েই আল্লাহৰ নামত কছম খাওঁ। কিন্তু আল্লাহ বুলি নকৈ খোদা বুলি কওঁ। আন বিভিন্ন বিষয়ত আল্লাহৰ পৰিৱর্তে অন্যান্য শব্দ ব্যৱহাৰ কৰোঁ। যেনে- খোদা, বিধাতা, বিধি, উপৰওৱালা ইত্যাদি। বিদায় জনাবলৈ গৈ কওঁ- খোদা হাফিজ, কছম খাবলৈ গৈ কওঁ- খোদাৰ কছম, অভিশাপ দিবলৈ গৈ কওঁ- তোৰ ওপৰত খোদাৰ গজব পৰক। তকদীৰ সম্পর্কে ক’বলৈ গৈ কওঁ- কপালত কি আছে বিধাতাই ভালদৰে জানে! কোনো সত্যতাৰ চনদ দিবলৈ গৈ কওঁ, মই কি কৰিছোঁ ওপৰওৱালাই জানে। নাইবা, ওপৰওৱালা সাক্ষী, মই এইটো কৰা নাই।
এনে ধৰণৰ আৰু বহু কথাই আমি কৈ থাকোঁ যিবোৰ কুফৰী কথা, শ্বিৰ্কী কথা—

ছুৰা আৰাফৰ ১৮০ নং আয়াতত আল্লাহ ছুবহানাহু তা’আলাই কৈছে, আৰু  আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম।[1] এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নাম বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।
১. আল্লাহ তা’আলাৰ ৯৯টা প্ৰকাশ্য নাম আছে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ “আল্লাহ তা‘আলাৰ নিৰানব্বৈটা নাম আছে। যি ব্যক্তিয়ে এইবোৰ মুখস্থ কৰিব সি জান্নাতত প্ৰৱেশ কৰিব। আল্লাহ বিযোৰ আৰু তেওঁ বিযোৰক পছন্দ কৰে”। (ছহীহ বুখাৰী, কিতাবুদ দাওৱাত, পৰিচ্ছেদঃ ৬৮, হাদীছ নং ৬৪১০)
তাফছীৰ গ্রন্থত ইয়াত, “যিসকলে তেওঁৰ নাম বিকৃত কৰে” বোলোতে অস্বীকৃতি বুজোৱা হৈছে। কোৰআনত বর্ণিত আল্লাহৰ কোনো গুণবাচক বিষয়ক অস্বীকাৰ কৰা, অথবা আল্লাহৰ কোনো গুণক তেওঁৰ সৃষ্টিৰ লগত তুলনা কৰা, নাইবা তেওঁৰ গুণ বা নামৰ লগত এনেকুৱা অসামঞ্জস্য বিষয় যুক্ত ও ব্যাখ্যা কৰা- যাৰ অস্তিত্ব কোৰআন-ছুন্নাহৰ ক’তো নাই।
এতিয়া, যিটো কোৰআন-হাদিছত নাই, সেইটো আপুনি-মই কিয় কম? কোৰআনৰ ক’তো আল্লাহক খোদা বোলা হোৱা নাই, হাদিছত ক’তো আল্লাহ্ক খোদা বোলা হোৱা নাই। বৰং, বুখাৰী ২৭৩৬ আৰু মুছলিমৰ ২৬৭৭ নম্বৰ হাদিছত আছে, ৰাছুলুল্লাহ (ছ.)-এ কৈছে, ‘আল্লাহৰ ৯৯টি নাম আছে, যিয়ে সেইবোৰ মুখস্ত কৰিব, সি জান্নাতত প্রৱেশ কৰিব।
এতিয়া কওঁকচোন, আল্লাহ তা’আলাৰ এই ৯৯টি নামৰ মাজত ‘খোদা’ নামটো আছে নে?- নাই। বিধাতা আছে নে?- নাই। ওপৰওৱালা আছে নে?- নাই।

আল্লাহক খোদা বুলি মাতে কিয়?

এইবোৰ আল্লাহ তা‘আলাৰ সত্ত্বাগত নাম তো নহয়েই, আনকি গুণবাচক নামো নহয়। এই নামবোৰৰ স্ত্রী-লিঙ্গ আছে, অথচ আল্লাহ তা’আলাৰ কোনো স্ত্রী নাই। এই নামবোৰৰ বহুবচন আছে, অথচ আল্লাহ্ ছুবহানাহু তা’আলা একক, অদ্বিতীয়। এতিয়া, আপুনিয়েই কওঁকচোন, এইবোৰ নামেৰে আল্লাহক মাতা সঠিক হ’বনে?
আল্লাহ তা‘আলাৰ ৯৯টি সুন্দৰ সুন্দৰ নাম থাকোতে, কিয় তেওঁক খোদা বুলিব লাগে, বিধাতা বুলি ক’ব লাগে, উপৰওৱালা বুলি ক’ব লাগে?
এইবোৰ চয়তানৰ কাম, চয়তানে খুব সুক্ষ্মভাৱে শুনিবলৈ সুন্দর নাইবা ক’বলৈ ভাল এনেকুৱা কথা চালু কৰি দিয়ে, রেওৱাজ বনাই দিয়ে। খোদা শব্দটি তেনেকুৱাই এটি ৰেওৱাজ যিটো বছৰ বছৰ ধৰি চলি আহিছে।
খোদা এটি ফাৰ্চী শব্দ। খোদা পাৰস্যৰ অগ্নিপুজকসকলৰ দেৱতা, মাজুছীৰ নাম। মাজুছিয়াত আছিল এটা পৌত্তলিক ধর্ম, যিসকলে জুইক পূজা কৰিছিল। চাওক, চয়তানে কি সুন্দৰভাৱে আমাৰ মাজত অগ্নিদেৱতাৰ নাম সুমুৱাই দিছে, যাক আমি আমাৰ আল্লাহৰ নামত ব্যৱহাৰ কৰিছোঁ, নাউজুবিল্লাহি মিন যালিক।
খোদা শব্দটি ইৰানতো ব্যাপকভাৱে ব্যৱহৃত হয়, ইৰানৰ জোৰোষ্ট্ৰিয়ানিজম স্রষ্টাৰ নাম খোদা। মূলতঃ Ahura Mazda বা Lord of Wisdom অর্থাৎ জ্ঞানৰ দেৱতাক সিহঁতে খোদা বুলি কয়।
বলক, আজিয়েই শপত কৰোঁ! জীৱনত আৰু কোনোদিনে খোদা বুলি নকওঁ। কম, আল্লাহ হাফিজ, কম ৰহমানৰ কছম। কম, আল্লাহৰ ৯৯ নামৰ যিকোনো এটি, কিন্তু খোদা বুলি কেতিয়াও নকওঁ।

1 thought on “আল্লাহক খোদা বুলি মাতে কিয়?”

Leave a comment