যাকাত ওৱাজিব হোৱা প্রসঙ্গত
وَقَوْلِ اللهِ تَعَالَى {وَأَقِيمُوا الصَّلاَةَ وَآتُوا الزَّكَاةَ}
আল্লাহ তা‘আলাৰ বাণীঃ ‘‘ছালাত কায়েম কৰা আৰু যাকাত আদায় কৰা।’’ (আল-বাক্বৰাহঃ ৪৩, ৮৩, ১১০)
وَقَالَ ابْنُ عَبَّاسٍ حَدَّثَنِي أَبُو سُفْيَانَ tفَذَكَرَ حَدِيثَ النَّبِيِّ فَقَالَ يَأْمُرُنَا بِالصَّلاَةِ وَالزَّكَاةِ وَالصِّلَةِ وَالْعَفَافِ
ইবনু ‘আব্বাছ ৰাদিয়াল্লাহু আনহুৱে কৈছেঃ আবূ ছুফইয়ান ৰাদিয়াল্লাহু অানহুৱে নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ-হাদীছ উল্লেখ কৰি কয়, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আমালোকক ছালাত (প্রতিষ্ঠা কৰা), যাকাত (আদায় কৰা), আত্মীয়তাৰ সম্পর্ক বজাই ৰখা আৰু পৱিত্রতা ৰক্ষা কৰাৰ আদেশ দিছে।
যাকাত Hadis regarding Zakat
ইবনু ‘আব্বাছ ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত….’নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে মু‘আয ৰাদিয়াল্লাহু আনহুক য়ামান দেশত (শাসক হিচাপে) প্রেৰণ কৰিছিল। তাৰ পিছত কৈছিল, তাৰ অধিবাসীসকলক এই সাক্ষ্য দানৰ প্রতি আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে প্রকৃত কোনো উপাস্য নাই আৰু মুহাম্মদ আল্লাহৰ ৰাছুল। যদি তেওঁলোকে সেয়া মানি লয় তেন্তে তেওঁলোকক অৱগত কৰিবা যে, আল্লাহ তা‘আলাই তেওঁলোকৰ ওপৰত দিনে- ৰাতিয়ে পাঁচ ওৱাক্ত ছালাত ফৰজ কৰিছে। যদি সেয়াও সিহঁতে মানি লয় তেন্তে সিহঁতক অৱগত কৰিবা যে, আল্লাহ তা‘আলাই তেওঁলোকৰ ওপৰত তেওঁলোকৰ সম্পদৰ পৰা ছদাকাহ (যাকাত) ফৰজ কৰিছে। যিটো ধনীসকলৰ পৰা গৃহীত হ’ব আৰু দৰিদ্রসকলৰ মাজত প্রদান কৰা হ’ব।’
(ছহীহ বুখাৰীঃ ১৩৯৫,১৪৫৮, ১৪৯৬, ২৪৪৮, ৪৩৪৭, ৭৩৭১, ৭৩৭২)
Read also : ইছলাম আৰু মানবতা/ Humanity and Islam.