Importance of Madrasa Education- মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্তমান part – 2
মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্তমান-২ – Importance of madrasa education in India.
১৮৩৫ চনত গভৰ্নৰ জেনৰেল উইলিয়াম বেন্টিংকছে
ভাৰতীয় শিক্ষা ইতিহাসৰ এক উল্লেখনীয়া পৰিবৰ্তন ঘটায়৷ মাদ্ৰাছা সহ দেশৰ গতানুগতিক শিক্ষানুষ্ঠান সমুহৰ চৰকাৰী সাহায্য বন্ধ কৰি দিয়ে লগতে চৰকাৰী স্বীকৃতি বাতিল অৰ্থাৎ খাৰিজ কৰি দিয়ে৷ শিক্ষানুষ্ঠান আৰু কাৰ্য্যালয়ৰ পৰাও ফাৰ্চী ভাষা উঠাই দি ইংৰাজী ভাষা প্ৰচলন কৰে৷
Importance of Madrasa Education
পূূৰ্ৱৰে পৰা চলি অহা মাদ্ৰাছা সমুহ চলাই থাকিবলৈ দিছিল যদিও মাদ্ৰাছাৰ নামত আবন্টিত ভুমি বৃটিছ চৰকাৰে অধিগ্ৰহন কৰি লৈছিল৷ ফলত মাদ্ৰাছা সমূহে তীব্ৰ আৰ্থিক সংকটত পৰে৷ইয়াৰ ফলত বহু মাদ্ৰাছা বন্ধ হৈ পৰিছিল৷ ৰাইজৰ দান বৰঙনিৰে সীমিত সংখ্যকে মাদ্ৰাছাহে চলিছিল৷ বৃটিছ চৰকাৰে মাদ্ৰাছা সমুহৰ স্বীকৃতি খাৰিজ অৰ্থাৎ বাতিল কৰাৰ বাবে কৌমী মাদ্ৰাছাক খাৰিজী মাদ্ৰাছা বুলি জনাজাত হৈ পৰিল৷
গভৰ্নৰ জেনৰেল হেনৰি হাৰ্ডিংচে ১৮৪৪ চনত ঘোষনা কৰে যে চৰকাৰী চাকৰি পাবলৈ হলে পশ্চিমা পদ্ধতিৰ শিক্ষা আৰু ইংৰাজীৰ জ্ঞান থকাটো অনিবাৰ্য্য আৰু তৎকালেই কাৰ্যকৰী হোৱাকৈ ফাৰ্চী ভাষা উঠাই দিয়ে৷
বৃটিছ চৰকাৰৰ উপৰোক্ত সিদ্ধান্তৰ ফলত মাদ্ৰাছাত ফাৰ্চী মাধ্যমত শিক্ষা গ্ৰহন কৰা শিক্ষিত সকলে চৰকাৰী চাকৰি-বাকৰি সহ অন্যান্য সুযোগ সুবিধাৰ পৰা বঞ্চিত হব লগা হৈছিল৷
ইয়াৰ বিপৰীতে দেশত ইংৰাজী শিক্ষা প্ৰচাৰৰ উদ্বেশ্যে বৃটিছ চৰকাৰে মিচনেৰী স্কুল সমুহলৈ আৰ্থিক সাহায্য আগবঢ়াবলৈ ধৰিলে৷ মিচনেৰী স্কুল সমুহে যীশু খ্ৰীষ্টক ইশ্বৰৰ পুত্ৰ বুলি শিক্ষা দিয়াৰ উপৰিও ধৰ্মান্তৰিত কৰাৰ অপচেষ্টাও অভ্যাহত ৰাখিছিল৷।
ফলত মুছলমান সকল বৃটিছৰ শিক্ষা বৰ্জন কৰিলে৷ ফলত প্ৰশাসনিক সুতিৰ পৰা মুছলমান সকল আতৰি পৰিছিল৷ এইদৰে বৃটিছ শাসন কাল অৰ্থাৎ দুশ বছৰৰ ভিতৰতেই মুছলমান সকল
অৰ্থনৈতিক তথা সামাজিক ভাৱে পিচ পৰি গ’ল।
বৃটিছ সকল মুছলমান সকলৰ ক্ষমতা কাঢ়ি লৈ ৰাজত্ব আৰম্ভ কৰিলে ।
শিক্ষা-দীক্ষাৰ বাবে মুছলমান সকল খাৰিজী অৰ্থাৎ কৌমী মাদ্ৰাছাৰ ওগৰত নিৰ্ভৰশীল হৈ পৰিল৷চৰকাৰী স্বীকৃতি বাতিল আৰু তীব্ৰ আৰ্থিক সংকটৰ বাবে খাৰিজী মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ পৰা অংক,ভূগোল ,বিজ্ঞান আদি বিষয় সমুহ( দুনিয়াধাৰী শিক্ষা আখ্যায়িত কৰি) উঠাই দি কেৱল আৰবী,কোৰান ,তপছীৰ,ফেকাহ আদি বিষয় (দ্বীনধাৰী শিক্ষা আখ্যায়িত কৰি )সমুহৰ পাঠদান আৰম্ভ হ’ল৷
তেতিয়াৰ পৰা শিক্ষা দ্বীনধাৰী অথাৎ ধৰ্মীয় শিক্ষা আৰু দুনিয়াধাৰী অৰ্থাৎ ধৰ্ম নিৰপেক্ষ শিক্ষা নামাকৰণৰে শ্ৰেণী বিভাজন হৈ পৰিল৷
ধৰ্ম আৰু ৰাজনীতি এক সামাজিক স্বীকৃতি লাভ কৰিলে৷ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমৰ পৰা ধৰ্মীয় পুথি উঠাই দিয়াত ধৰ্মীয় আন্দোলন সৃষ্টি হ’ল আৰু ইয়াৰ পৰিণতিত নিজাববীয়া শিক্ষানুষ্ঠান অৰ্থাৎ মাদ্ৰাছা গঢ়ি তুলিলে৷
বৃটিছ সকলে মুছলমান সকলৰ হাতৰ পৰা ভাৰতবৰ্ষৰ ৰাজক্ষমতা কাঢ়ি নিয়াত এনেই ক্ষুব্ধ হৈ আছিল৷
এই পৰিস্থিতিত আকৌ যেতিয়া প্ৰচলিত মাদ্ৰাছা সমুহ বাতিল অৰ্থাৎ খাৰিজ কৰি দিয়া ঘটনাই জ্বলা জুইৰ ঘিউৰ কাম কৰিলে৷ সেয়ে নিজাবীয়াকৈ প্ৰতিষ্টিত মাদ্ৰাছাৰ পৰাই শ্বাহ ওৱালিউল্লাহৰ নেতৃত্বত ৰাজনৈতিক আন্দোলন গঢ়ি উঠিছিল৷কিন্তু দুৰ্ভাগ্যবশতঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বিফল হোৱাত এই আন্দোলন কিছু দিনৰ বাবে নিস্তেজ হৈ পৰে৷ তথাপিও ভিতৰি ভিতৰে বৃটিছ বিৰূদ্ধে সংগঠিত হোৱাৰ কাম চলিয়েই থাকে৷
আমাৰ আলোচ্য বিষয়বস্তু যিহেতু মাদ্ৰাছা গতিকে বিষয়টো ইয়াতেই সামৰিলো৷
ইফালে পলাচী যুদ্ধৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বঙ্গ দখল কৰে আৰু পৰৱৰ্তী সময়ত অসমলৈ তেওঁলোকৰ শাসনক্ষেত্ৰ সম্প্ৰসাৰিত কৰে৷ বৃটিছ সকলে ৰাজক্ষমতা দখলৰ লগে লগে দেশৰ প্ৰশাসনিক ক্ষমতাও তেওঁলোকৰ হাতলৈ গ’ল৷ তেওঁলোক ভাৱিলে যে শাসন দীৰ্ঘস্থায়ী কৰিবলৈ হলে এই দেশৰে জনসাধাৰণক প্ৰশাসনিক কামত জড়িত কৰিব লাগিব লগতে কাৰ্যালয়ৰ কামত সহায় কৰাৰ বাবে মৌলৱী নিয়োগ কৰা প্ৰয়োজন৷ কিন্তু প্ৰশাসনিক কামত সহায় কৰিব পৰা দক্ষ মৌলৱী বিচাৰি পোৱা টান কাম ৷ সেয়ে গভৰ্নৰ জেনেৰেল ওৱাৰিং হেষ্টিংচে মাদ্ৰাছা স্থাপন কৰাৰ নিৰ্দেশ দিছিল আৰু সেইমতে ১৭৮০ চনত কলকাতা আলিয়া মাদ্ৰাছা স্থাপন কৰা হৈছিল৷ মাদ্ৰাছাখনক মাদ্ৰাছা শিক্ষাৰ আধুনিক যুগ হিচাপে অভিহিত কৰা হয়৷ বৃটিছ ৰাজকাৰ্যত সেৱা আগবঢ়াব পৰা মানৱ সম্পদ সৃষ্টি কৰাই আছিল আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰাৰ মুখ্য উদ্বেশ্য৷ এই মাদ্ৰাছাত প্ৰথম অৱস্থাত দাৰচ ই নিজামী পাঠ্যক্ৰমত পাঠদান দিয়া হৈছিল যদিও ১৮৫৩ চনত বৃটিছ চৰকাৰৰ নিৰ্দেশত কিছু সাল সলনি কৰা হৈছিল
এই মাদ্ৰাছা খনৰ অধীনত অবিভক্ত বঙ্গ দেশৰ কেইবাখনো মাদ্ৰাছা প্ৰতিষ্টা হৈছিল৷ এই মাদ্ৰাছা সমুহক লৈ কেন্দ্ৰীয় মাদ্ৰাছা পৰিষদ গঠন কৰা হৈছিল৷ যাৰ পঞ্জীয়ক হিচাপে কলকাতা আলিয়া মাদ্ৰাছাৰ অধ্যক্ষ জনেই দায়িত্ব পালন কৰিছিল৷ মাদ্ৰাছা বোৰ্ডে তিনিটা পৰীক্ষা পৰিচালনা কৰিছিল৷ আলিম, ফাদিল আৰু মমতাজ এই তিনিটা স্তৰৰ পৰীক্ষা পৰিচালনা কৰিছিল৷
আলিয়া মাদ্ৰাছাৰ দৰেই ১৮৭১ খীঃত হুগলি, ১৮৭৩ খীঃত ঢাকা, চিটাগাং আৰু ৰাজশাহী আৰু চাৰিখন মাদ্ৰাছা প্ৰতিষ্টা কৰিছিল৷ এই মাদ্ৰাছা সমুহত বৃটিছ চৰকাৰে বিত্তীয় সাহায্যও আগবঢ়াইছিল ৷ দাৰছ -ই-নিজামি পাঠ্যক্ৰমেৰে ফা্ৰ্চী মাধ্যমত পাঠদান দিয়া হৈছিল মাদ্ৰাছা সমুহত৷
ইফালে বৃটিছ চৰকাৰে ১৮৩৫ চনত ইমান দিনে চৰকাৰী ভাষা হিচাপে চলি অহা ফা্ৰ্চী উঠাই দি দেশত ইংৰাজী ভাষা প্ৰচলন কৰিলে৷ কিন্তু আলিয়া মাদ্ৰাছাত দুয়োটা মাধ্যমেই চলাইছিল৷ কিন্তু চৰকাৰে ইংৰাজী মাধ্যমতহে আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷
ফলত মাদ্ৰাছাত ফাৰ্চী মাধ্যমত লিখা-পঢ়া কৰা শিক্ষিত শ্ৰেণীৰ চৰকাৰী চাকৰি নাইকিয়া হৈ পৰিল৷ ইয়াৰ উপৰিও গভৰ্নৰ জেনেৰেল হেনৰী হাৰডিংচে তৎকালে কাৰ্যকৰী হোৱাকৈ ফাৰ্চী ভাষা সকলো চৰকাৰী কাৰ্য্যলয়ৰ পৰা তুলি দিলে৷
আনহাতে দিল্লীৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰে অৱস্থিত দেওবন্দ নামৰ সৰু চহৰত ১৮৬৬ খীঃত দাৰুল উলুম মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷ মৌলনা মহম্মদ কাছিম নানতুৱী আৰু মৌলনা ৰচিদ আহমেদ গাংগুহী চাহাব মাদ্ৰাছাটোৰ প্ৰতিষ্টাপক আছিল৷ এই মাদ্ৰাছাত দাৰছ -ই- নিজামী পাঠ্যক্ৰমৰ পুনৰীক্ষন সংস্কৰণ গ্ৰহন কৰিছিল ৷ কিন্তু শাহ ওৱালি উল্লা চাহাৱে মাকুলাত ( যুক্তি বিদ্যাত) কৈ মানকুলাত অৰ্থাৎ বিজ্ঞান ভিত্তিক পাঠ্যক্ৰম গ্ৰহন কৰাৰ ওপৰত বেছি জোৰ দিছিল ৷ ইয়াৰ বিপৰীতে দেওবন্দী উলমা সকলে মানকুলাত অৰ্থাৎ আধুনিক পাঠ্যক্ৰমৰ বিৰোধিতা কৰিছিল, বিশেষকৈ ইংৰাজী শিক্ষা৷ ইয়াৰ কাৰণ ওপৰত উল্লেখ কৰা হৈছে৷
সেই কাৰণে ১৮৭৫ খীঃত ছৈয়দ আহমেদ খান আলিগড় এংলো মহমেডান ওৰিয়েন্টল কলেজ নামৰ কলেজ এখন প্ৰতিষ্টা কৰিছিল ৷ অৱ্যশ্যে কলেজ খন ১৯২০ চনত বিশ্ববিদ্যালয় হিচাবে উন্নীতকৰণ কৰা হৈছিল ৷ ইয়াৰ পূ্ৰ্ৱে তেখেতে ১৮৬৩ খীঃত মুৰাদাবাদত এখন আধুনিক মাদ্ৰাছা প্ৰতিষ্টা কৰিছিল ৷ইয়াত ধৰ্মীয় শিক্ষা সহ আধুনিক শিক্ষাও দিয়া হৈছিল৷ একেদৰে ১৮৬৩ খীঃত গাজিপুৰত অন্য এখন আধুনিক মাদ্ৰাছা তেখেতে প্ৰতিষ্টা কৰিছিল৷ ছৈয়দ আহম্মদ খান চাহাবৰ এই পদক্ষেপক দেওবন্দী উলমা সকলে ভাল চকুৰে চোৱা নাছিল ৷আনকি তেখেতক কাফেৰ আখ্যা দি ফতোৱা জাৰি কৰি খ্ৰীষ্টানত ধৰ্মান্তৰিত হোৱা বুলি অপ প্ৰচাৰ চলাইছিল৷
আনহাতে মৌলনা আহম্মদ ৰেজা খান চাহাবে ১৯০৪ চনত ব্ৰেহলৱীত মাদ্ৰাছা মানজাৰ আল ইছলাম প্ৰতিষ্টা কৰে ৷ইয়াৰ পূৰ্বে মৌলনা আহম্মদ ৰেজা খান চাহাবৰ মতবাদৰ ১৮৮৭ চনত লাহোৰত দাৰুল উলুম নুমানিয়া প্ৰতিষ্টিত হৈছিল৷ স্মৰ্তব্য যে দেওবন্দী আৰু ব্ৰেহলৱী উলমা সকলোৰ মাজত মতবিৰোধ আছিল৷ এই মতবিৰোধৰ ফলত তেখেত সকলৰ মাজত দীৰ্ঘদিন ফতোৱা যুদ্ধ চলিছিল৷ আলোচ্য বিষয় বস্তু যিহেতু মাদ্ৰাছা , গতিকে সেইফালে নাযাওঁ৷
১৮৯৩ চনত মৌলনা মহম্মদ আলী মুংগাৰীৰ নেতৃত্বত নাদুৱাতল উলমা নামৰ এটি সংগঠন প্ৰতিষ্টা কৰা হৈছিল৷এই সংগঠনৰ মূখ্য উদ্দেশ্য আছিল মাদ্ৰাছাৰ পাঠ্যক্ৰম আৰু শৈশৱ মনস্তাত্বিক সংস্কাৰ কৰা, ফতুৱা যুদ্ধৰ ফলত মুছলমান সকলোৰ মাজত সৃষ্টি হোৱা মতবিৰোধৰ অৱসান ঘটোৱা৷ কিন্তু সংগঠনটোৱে আশাব্যঞ্জক সফলতা লাভ কৰিব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে মুছলমান উলমা সকলৰ মাজত ইতিমধ্যেই সৃষ্টি হোৱা বিভিন্ন পক্ষৰ পৰা উক্ত সংগঠনৰ কৰ্মকৰ্তা সকলে ব্যাপক ভাৱে সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৰ বিষয় ববীয়া সকলোৱে
১৮৯৬ চনত দাৰুল উলুম নদুৱাতুল উলমা সংক্ষেপে নদুৱা প্ৰতিষ্টা কৰিছিল৷ পিছলৈ আলিগড় কলেজত শিক্ষকতা কৰা শিৱলী নোমানীয়ে ১৯০৫ চনত নদুৱাত যোগদান কৰে৷ নদুৱাই দেওবন্দী উলমা আৰু পশ্চিমা শিক্ষাৰে শিক্ষিত সকলোৰ সৈতে সমানে সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ নদুৱাই উৰ্দু ভাষাক অগ্ৰাহ্য কৰি আৰবী মাধ্যমতহে শিক্ষা দিছিল৷ আধুনিক শিক্ষা আৰু আৰবী ভাষাত কথোপকথন এই অনুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছিল ৷মুখস্ত বিদ্যা আৰু অন্ধ অনুকৰণৰ প্ৰতি নদুৱাই নিৰুৎসাহিত কৰিছিল৷
আনহাতে কলিকতাৰ আলিয়া মাদ্ৰাছাখ বৃটিছ চৰকাৰৰ নিয়ন্ত্ৰনত চলি থকাৰ বাবে ৰাজনৈতিক কাৰ্যকলাপ চলোৱাৰ সুুযোগ সীমিত আছিল ,যিদৰে দাৰুল উলুম দেওবন্দ আৰু দাৰুল উলুম নদুৱাতুল উলমাই সুযোগ পাইছিল৷ উল্লেখ্য যে বৃটিছ ৰাজকাৰ্যত সেৱা আগবঢ়াব পৰা মানৱ সম্পদ সৃষ্টি কৰাই আছিল আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰাৰ মুখ্য উদ্বেশ্য৷
Importance of Madrasa Education
মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্ত্তমান-৩
সেই সময়ত ছিলেট ঢাকা আয়ুক্তৰ অধীনত বঙ্গই শাসন কৰিছিল৷
১৮৭৪ চনত ছিলেট আৰু কাছাৰ জিলা ঢাকা আয়ুক্তৰ পৰা পৃথক হৈ অসমৰ অন্তৰ্ভুক্ত হয় লগতে সেই সময়ত অসম পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্য্যদা পায়৷
ইফালে ১৯১৩ চনত বৃটিছ চৰকাৰে ছিলেটত আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰিছিল লগতে কেইবাটাও মাদ্ৰাছা চৰকাৰে অনুমোদন দিছিল৷ তাৰ ভিতৰত ফুলবাৰী মাদ্ৰাছা, জিংঘাবাৰী মাদ্ৰাছা ,গাছবাৰী মাদ্ৰাছা ,নাৰাপীং মাদ্ৰাছা ৷
ইফালে অসমৰ সুৰমা বৰাক উপাত্যক্যৰ ফুলবাৰীত বৃটিছ ৰাজৰ পূৰ্ৱেই ফুলবাৰীত আলীয়া মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷ এই মাদ্ৰাছা বৃটিছৰ দিনত ছিনিয়ৰ মাদ্ৰাছা হিচাপে পৰিবৰ্তন কৰা হয়৷ পৰৱৰ্তী সময়ত ফুলবাৰীৰ জমিদাৰ আাজিৰ উদ্দিনে মাদ্ৰাছা খন পুনৰ গঠন কৰি কলকাতাৰ আলিয়া মাদ্ৰাছাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি মাদ্ৰাছা পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যয় ভাৰৰ দ্বায়িত্ব লয়৷
চৈধ্য শতিকাত ছিলেটত তৰফ মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷এই মাদ্ৰাছাত আৰবী আৰু ফাৰ্চী পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছিল৷
মোগল সম্ৰাট জাহাঙ্গীৰ আমোলত ১৬২৫ খীঃত মৌলৱী জিয়াউদ্দিনে ছিলেটত মাদ্ৰাছা প্ৰতিষ্টা কৰিিছল ৷ পৰিচালনাৰ বাবে মোগল চৰকাৰে মাদ্ৰাছা নামত কৰমুক্ত ৫৪২ হেক্টৰ ভুমি দান কৰিছিল৷ মাদ্ৰাছাত আৰবী আৰু ফাৰ্চী মাধ্যমত পাঠদান দিয়া হৈছিল৷এই মাদ্ৰাছাত হিন্দু-মুছলমান উভয়ে অধ্যায়ন কৰিছিল৷ কিন্তু ১৮৩৫ চনত বৃটিছ চৰকাৰে চৰকাৰী ভাষা হিচাপে ফাৰ্চীৰ সলনি ইংৰাজী প্ৰচলন কৰিছিল৷ তেতিয়াৰ পৰা মাদ্ৰাছাখন বন্ধ হৈ পৰিছল আৰু লগতে মাদ্ৰাছাৰ নামত আৱন্টিত ভুমিও বৃটিছ চৰকাৰে অধিগ্ৰহণ কৰিছিল৷ স্মৰণীয় যে সেই সময়ত এনে বহু মাদ্ৰাছাৰ নামত আবন্টিত ভুমি বৃটিছ চৰকাৰে অধিগ্ৰহণ কৰি লৈছিল৷ফলত আৰ্থিক দৈন্যতাত পৰি হয় কিছু বন্ধ হৈ পৰিছিল নাইবা পাঠ্যক্ৰম সীমিত কৰি ৰাইজৰ দান বৰঙনিৰে চলাই নিব লগা হৈছিল৷
১৮৪২ খীঃত কৰিমগঞ্জ জিলাৰ কনকপুৰত ফাইজে আম আলিয়া আৰু হাফিজীয়া মাদ্ৰাছা প্ৰতিষ্টা হৈছিল৷ এই মাদ্ৰাছা All Assam Tanzim Madaris Qaumia অধীনত পৰিচালিত হৈছিল৷
১৮৫৬ চনত কাছাৰ জিলাৰ ৰতনপুৰত আশ্ৰাফুল উলুম ৰতনপুৰ মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷ সেইদৰে
হাইলাকান্দি জিলাৰ নয়াগ্ৰামত ১৮৭০ চনত নয়াগ্ৰামত প্ৰতিষ্টা নয়াগ্ৰাম আহমদীয়া মাদ্ৰাছা ৷
কৰিমগঞ্জৰ পৰা ১৫ কিলোমিটাৰ নিলগত বাঘবাৰীত ১৮৭৩ মদিনাতুল উলুম বাঘবাৰী মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷পৰৱৰ্তী সময়ত এই মাদ্ৰাছাৰ নামাকৰণ মাদ্ৰাছা ই নাজিবীয়া ৰখা হৈছিল৷
একেই জিলাৰ ফকিৰা বাজাৰত ১৮৭৭ খীঃত পুৰাহুৰীয়া আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷
বৰাইগ্ৰামৰ ওচৰত শেৰপুৰ গাঁৱত ১৮৮২ খীঃত চেৰাগীয়া কৌমীয়া মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷
ছেৰাঘীয়া কৌমীয়া আলিয়া মাদ্ৰাছা ১৮৮২ চনত বৰাইগ্ৰামৰ ওচৰত শেৰপুৰ গাঁৱত প্ৰতিষ্টা কৰা হৈছিল৷
কৰিমগঞ্জৰ পৰা ৫ কিলোমিটাৰ নিলগৰ বাকাৰশালত ১৮৮৫ খীঃত মাদ্ৰাছা -ই- নাছিৰীয়া প্ৰতিষ্টা কৰা হৈছিল৷
১৮৮৬ খীঃত মাহাকাল গাঁৱত ৰাব্বানীয়া মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷
মৌলনা মোছলেহুদ্দিন ৰ উদ্যোগত ১৮৯০ চনত ঘান্দাই বাজাৰ ৰাফিউল ইছলাম আলিয়া মাদ্ৰাছা প্ৰতিষ্টা হৈছিল৷
আনহাতে আছিম শাহৰ উদ্যোগত ১৮৯৫ চনত আছিমীয়া আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷
দাৰুল উলুম বাশকান্দী প্ৰতিষ্টিত হৈছিল ১৮৯৭ চনত৷৷ হাজী মুজাহাৰীৰ ই মাক্কীৰ শিষ্য হাফিজ আকবৰ আলীৰ উদ্যাগত মাদ্ৰাছাখন প্ৰতিষ্টিত হৈছিল৷
মৌলনা ইয়াকুৱ বদৰপুৰীৰ উদ্যাগত দেউৰাইল আলিয়া মাদ্ৰাছা ১৮৯৮ চনত প্ৰতিষ্টিত হৈছিল৷
মৌলনা মিৰ্জা জিয়াউৰ ৰহমান বেগৰ উদ্যাগত উজনি অসমৰ ডিব্ৰুগৰত ১৯০৩ চনত অসম জামিউল উলুম মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷
১৯২০ চনত মুলতানগঞ্জ বাজাৰত ইদগাহ ইছাতুল ইছলাম মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷ সম্প্ৰতি এই মাদ্ৰাছাখন প্ৰাদেশীকৃত ছিনিয়ৰ মাদ্ৰাছা ৷
ৰাতাবাৰী আৰক্ষী থানাৰ এক কিলোমিটাৰ নিলগৰ
কাজীৰ বজাৰত ১৯২২ চনত আলিয়া মাদ্ৰাছা প্ৰতিষ্টিত হৈছিল৷এই মাদ্ৰাছাও পৰৱৰ্তী সময়ত ছিনিয়ৰ মাদ্ৰাছা হিছাপে প্ৰাদেশীকৃত হয়৷
গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটাৰীহাৰাত ১৯৩০ চনত মাজাহাৰুল উলুম মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷এই মাদ্ৰাছাও সম্প্ৰতি ৰাজ্যিক মাদ্ৰাছা শিক্ষা সমিতিৰ অধীনত ছিনিয়ৰ মাদ্ৰাছা হিচাপে পৰিচালিত হৈ আছে৷ নগাঁও জিলাৰ জয়নগৰত
১৯৩২ চনত অসম দাৰুল উলুম হাদীছ জয়নগৰ মাাদ্ৰাছা প্ৰতিষ্টা হৈছিল৷
১৯৩৪ চনত হাইলাকান্দি চহৰত হাইলাকান্দি আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰা হৈছিল৷ বৃটিছ কাললৈ মাদ্ৰাছাখন কৌমী মাদ্ৰাছা হিচাপে পৰিচালিত হৈছিল ৷ ১৯৬১ চনত ছিনিয়ৰ মাদ্ৰাছা হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু ১৯৯২ চনত প্ৰাদেশীকৰণ হয়৷
১৯৪২ চনত ভাঙাশ্বৰীফ মাৰ্কাজুল উলুম মাদ্ৰাছা স্থাপন কৰা হৈছিল৷
এই মাদ্ৰাছা সমুহ প্ৰশাসনিক কাম কাজৰ বাবে ১৯৩৪ চনত State Madrassa Education Board .Assam. ১৯৩৭ চনত The Azad Deeni Shiksha Board আৰু ১৯৫৫ চনত অৰ্থাৎ স্বাধীনতাৰ পিছত The All Assam Tanzim Madaris Qawamiya প্ৰতিষ্টা কৰা হৈছিল৷
আনহাতে অসমত সাধাৰণতে দুই ধৰণৰ মাদ্ৰাছা পোৱা যায়৷ চৰকাৰ অনুমোদিত আৰু বেচৰকাৰী অৰ্থাৎ কৌমী মাদ্ৰাছা৷
চৰকাৰ পৰিচালিত মাদ্ৰাছা আকৌ দুই শ্ৰেণীৰ ৷ ইয়াৰে প্ৰথম শ্ৰেণীৰ মাদ্ৰাছা হ’ল দুই খলপীয়া৷ মধ্য ইংৰাজী মাদ্ৰাছা আৰু উচ্চ মাধ্যমিক মাদ্ৰাছা ৷ এই শ্ৰেণীৰ মাদ্ৰাছাত সাধাৰণ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ উপৰিও অতিৰিক্ত ভাৱে ধৰ্মীয় পুথিও অন্তৰ্ভুক্ত আছে৷ এই শ্ৰেণীৰ মাদ্ৰাছা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত পৰিচালিত হয়৷
চৰকাৰী ভাৱে প্ৰাদেশীকৃত অন্য এক শ্ৰেণীৰ মাদ্ৰাছা পৰিচালিত হয় ৰাজ্যিক মাদ্ৰাছা শিক্ষা বোৰ্ডৰ অধীনত ৷ এই মাদ্ৰাছা সমুহ তিনিখলপীয়া৷ প্ৰি-ছিনিয়ৰ,ছিনিয়ৰ আৰু টাইটেল মাদ্ৰাছা৷ এই মাদ্ৰাছা সমুহত সাধাৰন পাঠ্যক্ৰমৰ পুথিসমূহৰো পাঠদান দিয়া হয় যদিও ধৰ্মীয় শিক্ষাৰ প্ৰতি বেছি গুৰুত্ব দিয়া হয়৷এই মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ আৰ্হি কলিকাতাৰ আলিয়া মাদ্ৰাছাৰ সৈতে প্ৰায় মিল আছে৷ স্মৰ্তব্য যে এই মাদ্ৰাছাত আৰবী সাহিত্য সহ উৰ্দু মাধ্যমতহে দিয়া হয়৷ ফাৰ্চী পুথিৰো পাঠদান দিয়া হয়৷
১ জানুৱাৰী,2005 ৰ হিচাপ মতে অসমত চৰকাৰী মাদ্ৰাছা স্থিতি এনেধৰণৰ—–
১৷প্ৰি-ছিনিয়ৰ মাদ্ৰাছা– ৩০৩
২৷ছিনিয়ৰ মাদ্ৰাছা–১০২
৩৷ টাইটেল মাদ্ৰাছা–০৭
৪৷আৰৱী মাদ্ৰাছা–০৩
৫৷ হাই মাদ্ৰাছা -৪০০
৬৷ এম ই মাদ্ৰাছা-১১২
আন এক শ্ৰেণীৰ মাদ্ৰাছা হৈছে বেচৰকাৰী অৰ্থাৎ কৌমী মাদ্ৰাছা৷ কৌমী মাদ্ৰাছাও তিনি শ্ৰেণীৰ৷ আলিমিয়া,ফাজিলাত আাৰু গাওঁ কেন্দ্ৰীক মক্তৱ৷
এই তিনি শ্ৰেণীৰ মাদ্ৰাছাৰ উপৰিও পবিত্ৰ আল কোৰআন মুখস্ত কৰাৰ বাবে গঢ়ি তোলা হৈছে হাফিজীয়া মাদ্ৰাছা৷
বেচৰকাৰী অৰ্থাৎ কৌমীয়া মাদ্ৰাছা সমুহ সম্পূৰ্ণ ৰূপে ৰাইজৰ দান-বৰঙনিৰে পৰিচালিত হয়৷
পৰৱৰ্তী অংশ আগলৈ——–
মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্ত্তমান-৪
ইছলামৰ দৃষ্টিত শিক্ষাঃ
“শিক্ষা গ্ৰহন কৰা প্ৰত্যেকজন মুছলমান নৰ-নাৰীৰ বাবে অৱশ্যেই কৰ্তব্য” ৷
মুছলমান হবলৈ হলে শিক্ষা গ্ৰহন বাধ্যতামুলক৷
অৰ্থাৎ নুন্যতম শিক্ষাগত অহৰ্তা অৰ্জন কৰিব লাগিব৷ নাৰীয়েই হওঁক বা পুৰুষেই হওঁক নিজকে তলত উল্লেখ কৰা বিষয় সমুহৰ ওপৰত শিক্ষা লবই লাগিব৷
ক) পাঁচটা কলেমা আৰৱী ভাষাত পঢ়া আৰু ইয়াৰ অৰ্থ জনা আৰু আন্তৰিকতাৰে বিশ্বাস কৰিব পৰা হব লাগিব৷
খ) দিনত পাঁচবাৰ ছালাত আদায়ৰ বাবে প্ৰয়োজন দোৱা সমুহ ,পৱিত্ৰ আল কুৰআানৰ ছুৰা ফাতেহা সহ কমেও অন্য দুটা ছুৰা মুখস্ত কৰিব লাগিব৷
গ) উজু আৰু গোছলৰ আৰু পাক পবিত্ৰতাৰ বিধি -বিধান সমুহৰ ওপৰত শিক্ষা অৰ্জন কৰিব লাগিব৷
ঘ) হালাল আৰু হাৰামৰ বিধি-বিধান সমুহৰ ওপৰত শিক্ষা অৰ্জন কৰা
ঙ) হক্কুল্লাহ অৰ্থাৎ আল্লাহৰ অধিকাৰ আৰু হক্কুল এবাদ অৰ্থাৎ সৃষ্টিকুলৰ অধিকাৰৰ ওপৰত শিক্ষা অৰ্জন কৰা৷
চ) নিজৰ লগতে পৰিয়ালৰ ভৰন-পোষনৰ বাবে বৈধ অৰ্থাৎ হালাল পন্থাৰে উপাৰ্জনৰ বাবে যিকোনো জীৱিকা গ্ৰহন কৰিব লাগিব৷জীৱিকাৰ বাবে যিকোনো বৃত্তিমুলক শিক্ষা গ্ৰহণ কৰিব লাগিব৷
ওপৰোক্ত শিক্ষা অৰ্জন কৰি বাস্তৱায়ন কৰিব পৰা ব্যাক্তি এজন বাবে সৃষ্টিকৰ্তাই ইহলৌকিক আৰু পৰলৌকিক শান্তিৰ কথা ঘোষনা কৰিছে৷
অন্যান্য ধৰ্মালম্বী লোকে ধৰ্মপালনৰ ক্ষেত্ৰত ধৰ্মীয় জ্ঞান নাথাকিলেও পুৰোহিতে তেওঁলোকৰ হৈ ধৰ্মীয় আচাৰ-অনুষ্ঠান সমুহ সমাপন কৰিব পাৰে৷
কিন্তু মুছলমান সকলে এইখিনি কামৰ বাবে পুৰোহিত অৰ্থাৎ ধৰ্মীয় গুৰুৰ ওপৰত নিৰ্ভৰ কৰিলে নহব৷ ধৰ্মীয় গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰিব৷
এইখিনি শিক্ষাক প্ৰাথমিক শিক্ষাৰ স্তৰ বুলি কব পাৰি৷ প্ৰতিগৰাকী মুছলমান (পুৰুষ হওঁক বা নাৰী হওঁক) শিক্ষাৰ এই স্তৰ গ্ৰহন কৰাটো অপৰিহাৰ্য৷
পৰিয়াল,সমাজ,দেশ এখন শান্তিপূৰ্ণ ভাৱে পৰিচালনাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বৈধ বিষয়ৰ উচ্চ শিক্ষা গ্ৰহন কৰাটো ফৰজ ই কেফায়া অৰ্থাৎ অপৰিহাৰ্য কৰ্তৱ্য৷ একোটা মানৱ গোটৰ অঞ্চল ভিত্তিক যিকোনো এগৰাকী ব্যাক্তিয়ে নিৰ্দ্বিষ্ট শিক্ষা গ্ৰহন কৰিলে সেই মানৱ গোটে কৰ্তৱ্যৰ পৰা মুক্ত হব ৷অন্যথা সমগ্ৰ মানৱ গোটে কৰ্তব্য পালনত ব্যৰ্থ হিচাপে গন্য হব৷
উদাহাৰণ হিচাপে কব পাৰি যে ইমাম,শিক্ষক,চিকিৎসক,সাহিত্যিক ,আইনবিধ,অভিযন্তা ,প্ৰশাসক,বিচাৰক —- ইত্যাদি৷
মানৱ সমাজৰ শান্তিপূৰ্ণ তথা বিকাশমূখী জীৱন নিৰ্বাহৰ বাবে সৃষ্টিকৰ্তাই পৱিত্ৰ গ্ৰন্থ আল কুৰানৰ জৰিয়তে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰিছে৷ ইয়াৰ ভিতৰত এক অন্যতম নিৰ্দেশনা হৈছে শিক্ষা ৷এই সম্পৰ্কে পবিত্ৰ আল কুৰআন আৰু হজৰত মহম্মদ (ছঃ) নিৰ্দেশ এনে ধৰণৰ – ’ছহিদৰ তেজতকৈ কলমৰ চিয়াঁহী অধিক পবিত্ৰ’,। ’শিক্ষা গ্ৰহণৰ বাবে ঘৰৰ বাহিৰ হোৱাজন আল্লাহৰ পথত থাকে’, শিক্ষিত মানুহৰ টোপনি অশিক্ষিত মানুহৰ উপসনাতকৈ অধিক উত্তম’, শিক্ষা গ্ৰহন কৰা প্ৰত্যেকজন মুছলমান নৰ-নাৰীৰ বাবে অৱশ্যেই কৰ্তব্য’,শিশু অৱস্থাৰ পৰা মৃত্যুলৈকে শিক্ষাগ্ৰহন কৰা ’,ভিখাৰীক এক বস্তা আটা দান কৰাতকৈ নিজৰ সন্তানক সৎ আচৰণ শিক্ষা দিয়াটো বেছি পূণ্যজনক কাম আদি কৰি অস্ংখ্য নিৰ্দেশনা দিয়া আছে৷
এইখিনিতে এক ঐতিহাসিক ঘটনা উল্লেখ কৰিব বিচাৰিছোঁ৷ইছলাম সম্পৰ্কে নুন্যতম জ্ঞান থকা সকলে জানে যে বিশ্ব নবী হজৰত মহম্মদ (ছঃ) আৰু কোৰাইশ সকলৰ মাজত ৬২৪ খীঃত বদৰ ময়দানত এক যুদ্ধ হৈছিল ৷ সেই যুদ্ধত কোৰাইশ সকল পৰাজিত হৈছিল৷পৰাজিত কোৰাইশ সকলৰ মাজৰ ৭০ গৰাকী যুদ্ধবন্দী হৈছিল৷ প্ৰচলিত যুদ্ধ বিধি মতে উক্ত বন্দী সকলৰ বাবে চৰ্ত সাপেক্ষে মুক্তিপন ধাৰ্য্য কৰিছিল ৷যিজনে নিৰ্দ্বাৰিত মুক্তিপন আদায় দিব নোৱাৰিছিল তেওঁলোকে দহগৰাকী মুছলমান শিশুক শিক্ষাদান কৰিব লাগিব৷ শিক্ষাদানেই তেওঁলোকৰ বাবে আছিল মুক্তিপন৷
ইয়াৰ পৰা ধাৰণা হয় যে বিশ্ব নবী হজৰত মহম্মদ (ছঃ) য়ে শিক্ষাক কিমান গুৰুত্ব দিছিল৷
এই গুৰুত্বৰ প্ৰতি লক্ষ্য কৰিয়েই তেখেতে জায়েদ বিন আকৰামৰ এলেকাত ছাফা পৰ্বতত এখন বিদ্যালয় গঢ়ি তুলিছিল ৷হজৰত মহম্মদ (ছঃ)য়ে নিজেই শিক্ষক আছিল আৰু তেখেতৰ কিছু অনুসাৰী অৰ্থাৎ ছাহাবা সকল আছিল ছাত্ৰ ৷ ইছলামৰ ইতিহাসত এইখনেই আছিল প্ৰথম শিক্ষানুষ্ঠান৷ হিজৰতৰ পিছত মছজিদ ই নবৱীৰ
পুৱ ফালে ছুফফা নামেৰে বিদ্যালয় প্ৰতিষ্টা কৰা হৈছিল৷ নৱী ছাহাৱে উবাদা ইবনে আছ সমিত (ৰাঃ) শিক্ষক নিয়োজিত কৰিছিল ৷ এই শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম হিচাপে আল কুৰআান ,হাদিছ,ফাৰইজ,তাজয়িত, বংশপৰিক্ৰমা ,প্ৰাথমিক চিকিৎসা শাস্ত্ৰ আদি অন্তভুক্ত কৰি পাঠদান দিয়া হৈছিল ৷ ইয়াৰ উপৰিও অশ্বচালনা ,সমৰ কলা,হস্তলিখন আৰু লিপিবিদ্যা, শৰীৰ চৰ্চা,ক্যাৰাট ,আনকি প্ৰশাসন আদিৰো শিক্ষা দিয়া হৈছিল৷ এই শিক্ষানুষ্ঠানৰ পৰা গঢ়ি তোলা হৈছিল শ্ৰেষ্ঠ মানৱ সম্পদ ৷ যি সম্পদে বৰ্বৰ আৰৱ জাতিক সুসভ্য জাতি হিচাপে গঢ়ি তোলাৰ লগতে বিশ্ব মানব সম্প্ৰদায়ক মুক্তিৰ সন্ধান দিছিল৷ শাসক ,সেনাপতি,কুটনীতিবিদ,গানণিক,সাং বাদিক,গুপ্তচৰ ,স্থপতিবিদ,ভাস্কাৰ্যবিদ৷,চিকি ৎসক,সমৰবিদ,দাৰ্শনিক কুৰআান-হাদিছ ব্যখ্যাকাৰী আদি বিভিন্ন
বিভাগৰ দক্ষ মানৱ সম্পদ গঢ় দিয়া হৈছিল ৷উক্ত ছুফফা নামৰ শিক্ষানুষ্ঠানৰ পৰা শিক্ষা লাভ কৰি ছাহাবা সকলে সামাজিক ন্যায় প্ৰতিষ্টা,ৰাজ্য বিস্তাৰ আৰু শাসনকাৰ্য পৰিচালনা,ইচলামৰ পথত আহ্বান আৰু আশ্ৰয় দান ,ৰাস্তা-পদুলি ,বিভিন্ন আকৃতিৰ ভাস্কাৰ্যৰে গৃহ-মছজিদ নিৰ্মাণ, চিকৎসা বিধান ,বিভিন্ন ধৰণৰ দক্ষ হৈ উঠিছিল৷
ইছলামৰ আৰম্ভনি কালতে সাধাৰণতে শিক্ষানুষ্ঠানক মছজিদৰ পৰা পৃথক কৰি ৰখা হৈছিল যদিও দামেস্কৰ মছজিদ অথবা কাইৰোৰ আমৰ ইবনল আছৰ মছজিদত শিক্ষাদানৰ উদ্বেশ্যে পৃথক কৰি ৰখা হৈছিল৷
ইয়াৰ পৰবৰ্তী সময়ত মৰোক্কৰ ফেচ চহৰত ৮৫৯ খীঃত জামিয়াতুল কাৰায়ীন প্ৰতিষ্টা হৈছিল৷এই শিক্ষানুষ্ঠানকেই পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় হিচাপে কোনো কোনোৱে বিবেচনা কৰে৷ পৰম্পৰা অনুসৰি আল কাৰায়ীন তদানীন্তন সময়ৰ ধনাট্য ব্যৱসায়ী মহম্মদ আল ফিহৰিৰ কন্যা ফাতেমা আল ফিহৰিয়ে প্ৰতিষ্টা কৰিছিল৷ ইয়াৰ পিছত ৯৬৯ খীঃত কাইৰোত আল আজাহাৰ মছজিদ প্ৰতিষ্টা কৰা হৈছিল ৷ এই মছজিদৰ পৃথক কোঠাত পাঠদানৰ ব্যৱস্থা কৰা হৈছিল৷ পৰবৰ্তী সময়ত এই শিক্ষানুষ্ঠানেই আল আজাহাৰ বিশ্ববিদ্যালয় হিচাপে উন্নীত হৈছিল৷
আব্বাছী শাসনকালত খলিফা হাৰুন আল ৰচিদে বাগদাদত দাৰুল হিকমৎ অৰ্থাৎ বিজ্ঞানৰ ঘৰ প্ৰতিষ্টা কৰিছল৷ যিটো বিজ্ঞান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ এই দাৰুল হিকমৎ অৰ্থাৎ বিজ্ঞানৰ ঘৰক খলিফা আল মামুনে শিক্ষানুষ্ঠান হিচাপে উন্নীত কৰে ৷ আকৌ খলিফা আল মানচুৰে ইয়াত পুথিভঁৰাল সংলগ্ন কৰে৷
যত দেশ বিদেশৰ পুথি সংগ্ৰহ কৰি আৰবী ভাষাত অনুবাদ কৰা হৈছিল৷
দৰ্শন শাস্ত্ৰ, অংক শাস্ত্ৰ,চিকিৎসা শাস্ত্ৰ,জোতিৰ্বিদ্যা,পদাৰ্থ বিদ্যা আদি বিজ্ঞানৰ বিভিন্ন
শাখাৰ ওপৰত চৰ্চা তথা শিক্ষা দিয়া হৈছিল৷ ৮ম শতিকাৰ পৰা ত্ৰয়োদশ শতিকা লৈ এই শিক্ষানুষ্ঠানৰ পৰা আল জাহিজ,আল কিন্দি,আল ঘাজালীৰ ,আল খোৱাৰজমি দৰে অগনণ বিদ্ধানৰ সৃষ্টি হৈছিল৷
Algebra ৰ জনক মহম্মদ ইবনে মুছা আল খোৱাৰজমি দাৰুল হিকমতত কাম কৰিছিল খলিফা আল মামুনৰ ঘনিষ্ঠ আছিল৷ তেখেতে লিখা “কিতাব অল জবৰ”ত অলজেব্ৰা আৰু অলগৰিথমৰ বৰ্ণনা বিস্তাৰিত ভাৱে দিয়া আছে৷ তেখেতে জোতিৰ্বিজ্ঞান,সুৰ্যঘড়ী আৰু পটলোমীৰ জ্যামিতিৰ আৰ্হিৰ ওপৰত লিখিছিল৷মুছলমান সকলৰ ভিতৰত প্ৰথম ভূগোলবিদ হিচাপেও তেখেতৰ সুখ্যাতি আছে৷
পৃথিৱীৰ মানচিত্ৰ আঁকি তেখেতে এই সুখ্যাতি লাভ কৰিছিল৷
আবু ইউছুব আল ইয়াকুব ইবনে ইছাক আল কিন্দিয়ো দাৰুল হিকমতত কাম কৰিছিল৷ তেখেতে
cryptanalysis আৰু বিখ্যাত গণিতজ্ঞ আাছিল আৰু দৰ্শণ শাস্ত্ৰ আৰু ধৰ্মতত্বৰ তুলনাত্মক আলোচনা আগবঢ়াইছিল৷
আবু উতমান আল জাহিত আছিল এগৰাকী জীববিজ্ঞানী আৰু এখেতক খলিফা আল মামুনে নিজৰ সন্তানৰ বাবে ঘৰুৱা শিক্ষক হিচাপে নিয়োগ কৰিছিল৷ জীৱ জন্তুৰ ওপৰত এখন পুথিও ৰচনা কৰিছিল বুলি ইতিহাসত উল্লেখ পোৱা যায়৷
আবু মাশ্বাৰ পাৰ্চী জোতিৰ্বিদ যিজনে আব্বাচী ৰাজদৰবাৰ সেৱা আগবঢ়াইছিল আৰু এৰিষ্টটলৰ পুথি সমুহ অনুবাদ কৰিছিল৷
আবিছিনা এগৰাকী দাৰ্শনিক ,পদাৰ্থবিদ আৰু চিকিৎসাবিদ আছিল৷তেখেতে লিখা The canon of Medicine নামৰ পুথিখন উনৈছ শতিকালৈকে ইচলামিক বিশ্ব তথা ইউৰোপতো প্ৰচলিত আছিল৷
আল ঘাজালী এগৰাকী ধৰ্মতত্ববিদ আৰু The Incoherence of the philosophers নামৰ গ্ৰন্থ৷
মহম্মদ আল ইদ্ৰিছ আৰৱীয় ভুগোলবিদ আৰু বিশ্ব মানচিত্ৰ অকাঁৰ ক্ষেত্ৰত অৱদান আছিল ৷
মাছলামা আল মাজৰিতি আছিল আৰৱীয় গণিতবিদ আৰু জোতিৰ্বিদ৷
ইছমাইল আল জাজাৰি পদাৰ্থবিদ আৰু অভিযন্তা আছিল৷
১২২৭ খীঃত বাগদাতত মাদ্ৰাছা আল মুছতানছিৰিয়া প্ৰতিষ্টা কৰা হৈছিল৷ এঘাৰ শতিকাত অৰ্থাৎ আব্বাছীয়া শাসনকালত ছেলজুক সাম্ৰাজ্যৰ মন্ত্ৰী নিজাম আল মুল্কৰ দ্বাৰা প্ৰথম আনুষ্ঠানিক শিক্ষানুষ্ঠান ’ প্ৰতিষ্টা কৰা হৈছিল,যাক ইতিহাসত মাদ্ৰাছা নিজামীয়া বুলি জনা যায়৷ এইখন মাদ্ৰাছাই আনুষ্ঠানিক মাদ্ৰাছা হিচাপে
মুছলিম বিশ্বত পৰিচিত তথা প্ৰসাৰিত হৈছিল৷
ইফালে এঘাৰ শতিকাৰ পৰা চৈধ্য শতিকালৈ ইচলামী দৰ্শণৰ সোণালী যুগ হিচাপে অভিহিত কৰা হয়৷ যি আৰম্ভ কৰিছিল আল ঘাজালী৷ তেখেতৰ উদ্যোগত
মাদ্ৰাছাত জ্যোতিৰ্বিজ্ঞান ,জ্যোতিষ শাস্ত্ৰ,ভূগোল ,আলকেমি,দৰ্শণ,ঐন্দ্ৰিজালিক বিদ্যা আদি বিষয় সমুহও পাঠ্যক্ৰমত অন্তৰ্ভূক্ত আছিল৷
আনহাতে আব্বাছী শাসন আমোলত (৮ম -৯ম শতিকাত প্ৰাথমিক শিক্ষাৰ বাবে মক্তৱ প্ৰতিষ্ঠা কৰা হৈছিল৷ আৰু উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছা প্ৰতিষ্ঠা কৰা হৈছিল৷ ইছলামিক দাৰ্শণিক আৰু শিক্ষক ইবনে ছিনা মক্তৱ সম্পৰ্কে লিখা ” The Role of Teacher Training and Upbringing of Children” মক্তৱৰ শিক্ষকৰ বাবে আছিল এক নিৰ্দেশনা পুথি৷তেখেতে এই পুথিত শিশু সকলে ঘৰুৱা শিক্ষকতৈ শ্ৰেণী কোঠাত শিক্ষা দিয়া উত্তম৷পুথিখনত মক্তৱৰ পাঠ্যক্ৰম সম্পৰ্কেও বিস্তাৰিত ভাৱে আলোচনা কৰিছে৷ মক্তৱৰ পাঠ্যক্ৰম দুটা স্তৰত ভাগ কৰিছে৷
ইয়াৰে প্ৰথম স্তৰত শিশু সকলোক ৬ ৰ পৰা ১৪ বছৰ বয়সলৈ প্ৰাথমিক শিক্ষাৰ বাবে মক্তৱলৈ প্ৰেৰণৰ বাবে জোৰ দিছে৷ পুথিখনত তেখেতে লিখিছে এই সময়ছোৱাত কুৰআান ,ইছলামিক ৰূপক,আৰৱী সাহিত্য,ইছলামিক বিধি আৰু হস্তশিল্প আদি শিক্ষা দিয়া উচিত৷
পুথিখনত ইবনে ছিনাই মাধ্যমিক শিক্ষাক দ্বিতীয় স্তৰৰ শিক্ষা হিচাপে চিহ্নিত কৰিছিল৷ শিশু প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ১৪ বছৰ অতিক্ৰম কৰাৰ তেওঁলোকৰ পছন্দনীয় বিষয়ৰ ওপৰত শিক্ষা গ্ৰহণৰ সুযোগ দিব লাগে৷ ইয়াৰ ভিতৰত পঢ়া,হস্তবিদ্যা, সাহিত্য,প্ৰচাৰক, চিকিৎসা বিদ্যা,জ্যামিতি,বাণিজ্য,শিল্প নাইবা যিকোনো বৃত্তিমুলক শিক্ষা ,যিটো ভবিষতে জীৱিকা গ্ৰহণ কৰিব পাৰে৷
সেই সময়ত ছোৱাত মাদ্ৰাছাৰ উচ্চ শিক্ষাত কুৰআন-হাদিছ সহ যুক্তিবিদ্যা,অংক শাস্ত্ৰ,দৰ্শণ,বুৰঞ্জী,ৰাজনীতি, নীতিশাস্ত্ৰ,সংগীত,অধিবিদ্যা,চি কিৎসা বিদ্যা,জ্যোৰ্তিবিদ্যা, আৰু ৰসায়নবিদ্যা আদি অন্তভুক্তিৰে ডিগ্ৰী দিয়া হৈছিল৷
সমগ্ৰ ইছলামী বিশ্বত উচ্চ শিক্ষাৰ মাদ্ৰাছা সমুহ প্ৰতিষ্টা কৰা হৈছিল৷উদাহাৰণস্বৰূপে ৯ম শতিকাত কাৰায়িন বিশ্ববিদ্যালয়,দশম শতিকাত আল আজাহাৰ বিশ্ববিদ্যালয়,এঘাৰ শতিকাৰ নিজামিয়া সহ কেৱল কাইৰোত ৭৫ খন,দামাস্কাত ১১ খন,আলেপ্পত ৪৪ খন ,ইয়াৰ উপৰিও আন্দালুছিয়া,কৰ্ডোভ ,ছেবিলি,টলেডো,গ্ৰানাডা,মুৰছিয়া ,আলমেৰিয়া,ভেলেঞ্চিয়াত উচ্চ শিক্ষাৰ মাদ্ৰাছা প্ৰতিষ্টিত হোৱা বুলি ইতিহাসত পোৱা যায়৷
অটোমান সাম্ৰাজ্য শাসনকালত মাদ্ৰাছাত দুটা ভাগত ভাগ কৰা হৈছিল ৷
অটোমান সাম্ৰাজ্যৰ শাসনকালত অৰ্থাৎ আধুনিক যুগৰ আৰম্ভণিত মাদ্ৰাছাক নিম্ন আৰু বিশেষজ্ঞ এই দুই ভাগত ভাগ কৰা হৈছিল৷ নিম্ন শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰি বিশেষজ্ঞ শ্ৰেণীৰ শিক্ষা লাভ কৰা সকলোক দানিচমেন্ড নামেৰে জনা গৈছিল৷
উক্ত সময়ছোৱাত মাদ্ৰাছাত ওপৰত উল্লেখ কৰা বিষয় সমুহৰ পাঠদান কৰা হৈছিল৷ এই ক্ষেত্ৰত নিম্ম
ঊল্লেখিত শিক্ষা পাঠ্যক্ৰমৰ কথা বিশেষ ভাৱে উল্লেখ কৰিৱ পাৰি