ৰমজানৰ অৰ্থ, ফৰজ হোৱাৰ সময়, ৰমজানে আমাক কি কি শিক্ষা দিয়ে!
ৰমজান শব্দটো আৰবী ৰামিয়া বা আৰ-ৰামমৰ পৰা আহৰণ কৰা হৈছে; যাৰ অৰ্থ হৈছে ‘উষ্ণতা’ বা ‘শুষ্কতা’। ৰমজানৰ কেইবাটাও অৰ্থ আছে। তাৰে এটা হৈছে জ্বলি যোৱা। অৰ্থাৎ ৰোজা ৰখাৰ ফলত গুনাহসমূহ জ্বলাই দিয়া হয়। ছুবহে ছাদিকৰ পৰা সূর্যাস্ত পর্যন্ত সকলো ধৰণৰ পানাহাৰ, গুনাহ অথবা বেয়া কামৰ পৰা নিজকে দূৰত ৰখা বা সংযত ৰখা ৰমজানৰ আন এক অৰ্থ।
আল্লামা ইবনে কাছীৰ (ৰাহঃ)-এ ‘আল বিদায়া লাল নিহায়া’ গ্রন্থত উল্লেখ কৰিছে যে দ্বিতীয় হিজৰীৰ শ্বাবান মাহত, বদৰৰ যুদ্ধৰ পূৰ্বে ৰমজানৰ ৰোজা ফৰজ কৰা হয়।
(দৰচে তিৰমিজী, ইমাম নবৱী)
ৰমজান মাহৰ বহুত উপকাৰিতা আছে। ৰমজানে আমাক শিক্ষা প্ৰদান কৰে। প্ৰকৃততে এজন ব্যক্তিয়ে কেনেকৈ জীৱন যাপন কৰিব লাগে, তাৰ শিক্ষা দিয়ে। কিয়নো ৰমজান হৈছে আধ্যাত্মিক প্ৰতিফলন, আত্মা-উন্নতি আৰু তীব্ৰ ভক্তি আৰু উপাসনাৰ সময়।
ৰমজানৰ ৰোজাৰ উপকাৰিতা আমি লাভ কৰিবলৈ ৰমজানৰ প্ৰতিটো বিধি-বিধান অতি নিষ্ঠাৰে পালন কৰিব লাগিব। ৰমজানৰ ৰোজাই আমাৰ মাজত কেনেকুৱা চৰিত্ৰ আৰু গুণ গঢ়ি তুলিব বিচাৰে, সেই সম্পর্কে আমি জানিব লাগিব। ৰমজানৰ শেষত সেই গুণ বা বৈশিষ্ট্য আমাৰ মাজত প্ৰতিফলিত হ’ব লাগিব। তেতিয়াহে ৰমজানৰ ৰোজা ৰখাৰ সাৰ্থকতা পূৰ্ণ হ’ব। অন্যথাই আমি কেৱল এমাহ নোখোৱাকৈ থকাহে হ’ব। ৰমজানৰ ৰোজা ৰখাৰ ফল স্বৰূপে এই গুণসমূহ আমাৰ মাজত প্ৰতিফলিত হ’ব লাগিবঃ
১. আল্লাহৰ প্ৰতি ভয়ঃ
আল্লাহৰ প্ৰতি ভয় মু’মিনৰ এক বিশেষ গুণ। ৰোজাই আল্লাহৰ প্ৰতি ভয় সৃষ্টিত অৰিহণা যোগায়। এজন ৰোজাদাৰে আল্লাহৰ ঘোষিত নিৰ্দেশিত ৰোজা পালন আৰু তাৰ পুণ্য লাভ কৰিবলৈ কোনো প্ৰকাৰৰ ছল-চাতুৰিৰ আশ্ৰয় নলয়। কিয়নো তেওঁ বিশ্বাস কৰে যে আল্লাহে সকলো দেখি আছে। এই ভয় থকাৰ বাবেই ৰোজাদাৰে দৰ্জা বন্ধ কৰি কোঠাৰ ভিতৰত আহাৰ কৰিব নোৱাৰে বা পুখুৰীত ডুব মাৰি পানী খাব নোৱাৰে নাইবা হোটেলৰ পৰ্দা লগোৱা কেবিনত চাহ-জলপান কৰিব নোৱাৰে। এয়া মানুহৰ প্ৰতি ভয় কৰি বিৰত নাথাকে। একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ অসন্তুষ্টিৰ পৰা ৰেহাই পাবলৈ আল্লাহক ভয় কৰি ৰোজাদাৰে পানাহাৰৰ পৰা বিৰত থাকে।+
২. দৃঢ়তা অজৰ্ন আৰু নিয়মানুৱৰ্তিতাঃ
দৃঢ়তা অৰ্জন ৰোজাৰ আন এক অৱদান। মানুহে জীৱনত দৃঢ়তা বা কোনো মত বা সিদ্ধান্তত অটল হৈ থাকিব পাৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰে। এবাৰ এটা মত, পিছ মুহূৰ্ততে আন এক মত অৱলম্বন কৰিলে সেই মানুহৰ কেতিয়াও উন্নতি নহয় তথা সেই মানুহে কেতিয়াও মহৎ কাম সাধন কৰিব নোৱাৰে। হাদীছত মু’মিনসকলক খেজুৰ গছৰ লগত তুলনা কৰা হৈছে। তাৰ অৰ্থঃ খেজুৰ গছ যেনে পোন হৈ থাকে, ঠিক তেনেকৈ মু’মিনসকলেও সৰ্ব প্ৰকাৰৰ বিপদৰ সময়ত ধৈৰ্যৰ সৈতে তাৰ সন্মুখীন হয়। ৰোজাৰ জৰিয়তে মু’মিনসকলৰ এই গুণ সৃষ্টি হয়। শেষ ৰাতি শ্বাহৰীৰ পৰা সন্ধিয়া বেলি ডুবালৈ প্ৰায় ১৪/১৫ ঘণ্টা সময় নোখোৱাকৈ থাকি ৰোজা আদায় কৰা হয়। এই সময়ত ভোক-পিয়াহ লাগিলেও ৰোজাৰ পুণ্যৰ পৰা বঞ্চিত আৰু গুনাহৰ পৰা বাচি থকাৰ বাবে ৰোজা পূৰ্ণ কৰি নিৰ্দিষ্ট সময়ত ইফতাৰ কৰে। এনেদৰে ৰোজাই ব্যক্তিক নিয়মানুৱর্তিতা আৰু দৃঢ়তা অৰ্জনত সহায় কৰে।
৩. ভ্ৰাতৃত্ববোধ সৃষ্টিঃ
সমষ্টিগত বা সন্মিলিত কাম ইছলামত পছন্দনীয়। ৰোজা যদিও ব্যক্তিকেন্দ্ৰিক ইবাদাত, তথাপি ৰোজাৰ আনুষংগিক বহুত কাৰ্য সন্মিলিতভাৱে কৰিব লাগে। ৰমজানৰ ৰাতিত তাৰাৱীহ নামাজ জামাত সহকাৰে আদায় কৰা হয়। শ্বাহৰী আৰু ইফতাৰ একেই মুৱাজ্জিনৰ আজানত সকলোৱে আদায় কৰে। তদুপৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে কৈছে, “যিজন ব্যক্তিয়ে কোনো এজন ৰোজাদাৰক ইফতাৰ কৰায়, তাৰ বাবেও ৰোজাদাৰৰ সম পৰিমাণ ছোৱাব আছে। কিন্তু ইয়াত ৰোজাদাৰৰ পুণ্যৰ কোনো কম নহয়।”
(জামে আত-তিৰমিজী)
সেইবাবেই দেখা যায় যে প্ৰত্যেকেই ৰোজাদাৰক ইফতাৰ কৰোৱাৰ চেষ্টা কৰে। ৰোজাদাৰে ইফতাৰ কৰাৰ সময়ত দুই-এজন ৰোজাদাৰক লগত লৈ ইফতাৰ কৰে। কিছুমানে মছজিদত সন্মিলিতভাৱে ইফতাৰ কৰাৰ বাবে ইফতাৰৰ সামগ্রী ক্ৰয় কৰিও দিয়ে। কিছুমানে ৰোজাদাৰসকলক ইফতাৰ কৰোৱাৰ উদ্দেশ্যে নিমন্ত্ৰণ কৰাও দেখা যায়। এনে তৎপৰতাৰ বাবে মুছলমানসকলৰ মাজত ভ্ৰাতৃত্ববোধ আৰু দলবদ্ধ কৰ্মস্পৃহা সৃষ্টি হয়। হিংসা, শত্ৰুতা পাহৰি সকলোৱে মিলা-প্ৰীতি আৰু ভ্ৰাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰাৰ বাবে ৰোজাই অন্যতম ভূমিকা পালন কৰে।
৪. পাপ আৰু অপৰাধৰ পৰা বাচি থকাৰ প্ৰশিক্ষণঃ
মানুহে পাপ আৰু অপৰাধত জড়িত হৈ পৰাৰ অন্যতম উপাদান হৈছে দুই উৰুৰ মধ্যৱর্তীস্থল আৰু জিভা। ৰোজাই যৌনস্পৃহাও দমন কৰি ৰাখে। যিয়ে যুৱক-যুৱতীসকলক পাপাচাৰ আৰু ব্যভিচাৰৰ পৰা দূৰত ৰাখে। ৰোজাই এই দুয়োটা বিষয় নিয়ন্ত্ৰণত ৰাখে।
কিয়নো ৰোজা ৰাখি অহেতুক কথা-বতৰা, গালি-গালাজ, কুৎসা, পৰনিন্দা আদি পৰিত্যাগ কৰিব নোৱাৰিলে তেওঁৰ ৰোজা ৰখাৰ কোনো মূল্য নাই। এই বিষয়েই নিম্নোক্ত হদীছটোত কোৱা হৈছেঃ
হজৰত আবু হুৰাইৰা (ৰাঃ)-ৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুল চাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে কৈছিল, “যি ব্যক্তিয়ে মিছা কথা কোৱা আৰু সেই অনুযায়ী কৰ্ম পৰিত্যাগ নকৰে, তেওঁৰ এই পানাহাৰ পৰিত্যাগ কৰাটোত আল্লাহৰ কোনো প্ৰয়োজন নাই।”
(ছহীহুল বুখাৰী)
৫. দুখীয়াৰ প্ৰতি সহানুভূতিশীলতাঃ
সমাজৰ অভাৱী আৰু দুখীয়াৰ প্রতি যাতে সমাজৰ প্ৰতিজন স্বাৱলম্বী মানুহে খবৰ-পাতি লয়, তেওঁলোকৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰে, সেই বাবে ইছলামে ৰমজানত গাইপতি ফিতৰা আদায় দিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ এটা উদ্দেশ হৈছেঃ ৰমজানৰ শেষত ঈদুল ফিতৰৰ দিনা দুখীয়াসকলেও যাতে ঈদৰ আনন্দত অংশগ্রহণ কৰিব পাৰে। ইবনে ওমৰ (ৰাঃ)-এ কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে ঈদৰ দিনা ৰাতিপুৱা ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই চাদাক্বাহ আদায় কৰাৰ নিৰ্দেশ দিছিল।”
(ছহীহুল বুখাৰী, অধ্যায়ঃ ২৪ — কিতাবুল জাকাত)
অফুুৰন্ত কল্যাণ আৰু উপকাৰিতা লৈ ৰমজানৰ এই ৰোজা প্ৰতি বছৰ আমাৰ মাজত আহি উপস্থিত হয়। এই মাহত আল্লাহে ৰোজাৰ জৰিয়তে যি গুণসমূহ সৃষ্টি কৰিব বিচাৰে, সেয়া যাতে পৰৱৰ্তী এঘাৰ মাহ অনুশীলন কৰিব পাৰে, তাৰে প্ৰশিক্ষণ দিয়ে। আকৌ বছৰৰ শেষত যেতিয়া ৰোজাৰ শিক্ষা আমি পাহৰি পেলাওঁ, ঠিক সেই সময়তে ৰমজানৰ কাঁচি জোন আহি আকাশমাৰ্গত উদ্ভাসি উঠে। আল্লাহে এনেদৰে আমাৰ জীৱন কালত প্ৰতি বছৰে এমাহ কাল ৰোজাৰ মাধ্যমত প্ৰশিক্ষণ দি পৃথিৱীত শান্তি আৰু আখিৰাতত জান্নাত পোৱাৰ উপযোগী কৰি গঢ়ি তোলে।
(বিঃ দ্ৰঃ লেখাটি Ramadan Education and Benefits-ৰ সহায় লৈ লিখা হৈছে।)
দুৱাৰ আৱেদনকাৰী,