যাকাত আৰু আমাৰ সামাজ.
ইছলামত পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম আৰু গুৰুত্বপূৰ্ণ নিৰ্দেশনা হৈছে যাকাত।
সাধাৰণতে মানুহৰ মুখৰ পৰা শুনিবলৈ পোৱা যায় নামাজ- ৰোজা – আচলতে পবিত্ৰ কোৰআনত যিমানবোৰ ঠাইত নামাজৰ কথা উল্লেখ আছে তাৰ লগে লগে যাকাতৰ কথা উল্লেখ আছে। আকিমুছ ছালাত ওৱা আতুজ জাকাত- নামাজ প্ৰতিষ্ঠা কৰা আৰু যাকাত দিয়া।
নামাজ আদায় কৰাৰ ক্ষেত্ৰত সামাজিকভাৱে সমাজত থকা আমাৰ তবলিগি ভাই সকলে বা আলিম উলামা সকলে যিমান গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰ তুলনাত যাকাতৰ ক্ষেত্ৰত ১০% ও গুৰুত্ব সহকাৰে বিষয়টো প্ৰচাৰ -প্ৰসাৰ কৰা পৰিলক্ষিত নহয়। যি বিষয়টো হৈছে ইছলামৰ অন্যতম মৌলিক স্তম্ভ ।যাকাত হৈছে নামাজৰ দৰে এক ফৰজ ইবাদত। অৱশ্যে জাকাতটো সকলোৰে বাবে নহয় । ধনবান সকলৰ বাবেহে এই এবাদত ফৰজ কৰা হৈছে । ধনী হোৱাৰ পিছতো যদি
যাকাত আদায় নকৰে তেন্তে তেওৰ এবাদত অ -সম্পুৰ্ণ বুলি কোৱা হ’ব। এইয়া বহুতৰে অধ্যয়ন নাই
আৰু কিছুমান মানুহ আছে হজ কৰাৰ পিছত বাৰ বাৰ ওমৰাহ কৰি আছে ।
যাকাতৰ কথা কলে টকা নাই বুলি কয় ।
এইয়া তেওলোকৰ কেনেকুৱা ধাৰ্মিকতা ? ওমৰাহ কৰক কিন্তু ফৰজ সৰ্বপ্ৰথমে আদায় কৰি ওমৰাহ লৈ যাওক। জাকাত দিয়া ফৰজ । এইয়াও শুনা যায় যে আজি কালি দৰিদ্ৰ আৰু দুখীয়া মানুহ নাই । যাকাত দিয়া বিষয়টো ইমান এটা প্ৰয়োজনীয় বুলি নাভাবে । কিছু উদাহৰণ দিব খুজিছোঁ- বহু দৰিদ্ৰ, এতিম মেধাৱী ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক ভালদৰে সুবিধা কৰি দিলে হয়তো ভবিষ্যত প্ৰজন্মৰ বাবে উজ্জ্বল নক্ষত্ৰ হ’ব পাৰে। কিছুমান মানুহ আছে টকাৰ অভাৱত সৰু-সুৰা ব্যৱসায় কৰিব নোৱাৰে তেওঁলোকক সংস্থাপন কৰি দিব পাৰে। আপোনাৰ যাকাতৰ টকাৰে পৰিয়ালটোৰ সমস্যাৰ সমাধানো হ’ব পাৰে।
জাকাত আদায়ে নিবনুৱা সংস্থাপন সমস্যা দূৰ কৰিব পাৰে । অৰ্থনৈতিক ভাৰসাম্য প্ৰতিষ্ঠা কৰে ।
মুঠতে যাকাত আদায় অবিহনে নামাজ অ-সম্পুৰ্ণ ।
বিশেষকৈ মছজিদৰ ইমাম সকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আৰু ৰাইজক সজাগতা বৃদ্ধি কৰিলেহে হয়তো কাম হ’ব পাৰে।
যাকাতৰ মূল উদ্দেশ্য হৈছে সমাজৰ অসহায়, দৰিদ্ৰ অনাথ আৰু নিঃস্ব লোকসকলক পুনৰ সংস্থাপন কৰা। ই ব্যক্তিগত আৰু সামূহিকভাৱে সমাজত কল্যাণ বৃদ্ধি কৰে।
সমষ্টিগত ভাবে যাকাত আদায় কৰাৰ নীতি অৱলম্বন কৰিলেহে সমাজত থকা নিবনুৱা সমস্যা নিৰক্ষৰতা দূৰীকৰণ হ’ব । প্ৰত্যেকজন ধনবান ব্যক্তি যদি শুদ্ধ ভাবে যাকাত আদায় কৰিলেহেতেন,আজি হয়তো
অসমৰ কেইবালাখ নিবনুৱা বহিঃৰাজ্যত গৈ কাম কৰিবলগীয়া নহ’ল হেঁতেন ।







যাকাতৰ কথা কলে হাজাৰ অজুহাত এই বস্তুবাদী মানসিকতাৰ বাবে। আমাৰ কিন্তু এনে মন-মানসিকতা পৰিবৰ্তন কৰাৰ সময় আহি পৰিছে।
এইয়া কিন্তু সময়ৰ আহ্বান.
—ইনামুল হক, গুৱাহাটী