প্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ?

প্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ?

 

Source Image :Pixabay

 

প্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ ? আৰু শৰীৰত ট্যাটু বা উল্কি অঙ্কনৰ বিষয়ে ইছলামে কি কয়?

উত্তৰ:  গহনা নহ’লে মহিলাসকলৰ ৰূপচর্চাই পূর্ণতা নাপায়। এইটো ইছলামত সিহঁতৰ বাবে বৈধ। আল্লাহ তা’আলা নিজেই ছোৱালীৰ উদ্দেশ্য কৈছে:
أَوَمَن يُنَشَّأُ فِي الْحِلْيَةِ
“যিবিলাক অলংকাৰেৰে লালিত-পালিত হয়।” (ছূৰা যুখৰুফ: ১৮)

আৰু মহিলা ছাহাবীসকলেও গহনা পিন্ধিছে।

 

গতিকে, অলংকাৰ ব্যৱহাৰ কৰা মহিলা সকলৰ বাবে বৈধ। সোণ, ৰূপ, ডায়মন্ড, তামা, চিটি গ’ল্ডকে ধৰি যিমান প্রকাৰৰ jewellers আছে সকলোবোৰ মহিলাৰ বাবে বৈধ আৰু শৰীৰৰ যি কোনো অঙ্গত সেয়া পৰিধান কৰা যাব। আনকি স্বর্ণ/সোণ ভৰিত নূপুৰ হিচাপে ব্যৱহাৰ কৰিলেও কোনো সমস্যা নাই ইনশ্বাআল্লাহ। কিন্তু ‘নন মাহৰাম‌’ সকলৰ সন্মুখত বেপর্দা হৈ সৌন্দর্য প্রদর্শন কৰি ঘূৰি-ফুৰা হাৰাম। কেৱল স্বামী, বাপ, ভাই, দাদা,খুৰা ইত্যাদি মাহৰাম পুৰুষ আৰু মহিলা অঙ্গনত সেইবোৰ প্রকাশ কৰিব পাৰিব।

ইছলামত শৰীৰত ট্যাটু(Tatoo) বা উল্কি অঙ্কন কৰা হাৰাম। কাৰণ, এই মর্মে হাদিছ বর্ণিত হৈছে- ৰাছূলুল্লাহ ﷺ কৈছে,
لَعَنَ اللَّهُ الْوَاشِمَاتِ وَالْمُسْتَوْشِمَاتِ وَالنَّامِصَاتِ وَالْمُتَنَمِّصَاتِ وَالْمُتَفَلِّجَاتِ لِلْحُسْنِ الْمُغَيِّرَاتِ خَلْقَ اللَّهِ؛
“সেইসকল মহিলাৰ প্রতি অভিশাপ, যিসকলে সৌন্দর্য বৃদ্ধি কৰাৰ উদ্দেশ্যে দেহত উল্কি (ট্যাটু) অঙ্কন কৰে আৰু কৰায়,সিহঁত উভয়ে অভিশপ্ত যিসকলে ভ্রু মিহি কৰে আৰু দাঁত সৰু বনায়। কাৰণ সিহঁতে আল্লাহৰ স্বাভাৱিক সৃষ্টিৰ বিকৃতি ঘটায়।” (বুখাৰী/৫৯৪৩,৪৮৮৬,নাছাঈ-৫২৫২)

আৰু পঢ়ক: ইছলামত মহিলাসকলৰ কাৰণে চাকৰি কৰাৰ অনুমতি আছে নেকি?

এই বিধান নাৰী-পুৰুষ সকলোৰ বাবে প্রযোজ্য। নাৰীসকলে এইটো বেছি কৰে বুলি ইয়াত নাৰীসকলৰ কথা কোৱা হৈছে। এইটো আল্লাহৰ সৃষ্টিৰ বিকৃতিৰ অন্তৰ্ভুক্ত।
আল্লাহু আলম।

▬▬▬◆◯◆▬▬▬
উত্তৰ প্রদানত:
আব্দুল্লাহিল হাদী বিন আব্দুল জলীল
(লিছান্স, মদীনা ইছলামী বিশ্ববিদ্যালয়)
দাঈ, জুবাইল দাওয়াহ এন্ড গাইডেন্স ছেন্টাৰ, চৌদি আৰব।

Leave a comment