নিকাহৰ খোৎবা অসমীয়া অনুবাদ – হে মানৱজাতি ! ভয় কৰা তোমালোকৰ প্ৰতিপালকক যিয়ে তোমালোক সকলোককে এটি মাত্ৰ প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু সেই প্ৰাণটোৰ পৰাই তেওঁ জোৰা জোৰা সৃষ্টি কৰিছে। তেওঁলোক দুজনৰ পৰাই বহু সংখ্যক পুৰুষ আৰু মহিলাক পৃথিৱীৰ বুকুত বিয়াপাই দিছে ।সেইজন আল্লাহক ভয় কৰা যাৰ নামত তোমালোকে এজনে আন এজনৰ ওচৰত নিজৰ অধিকাৰ দাবী কৰা আৰু আত্মীয়তা সম্পৰ্কক সৃদঢ় কৰি ৰাখা। নি: সন্দেহ আল্লাহে তোমালোকৰ তত্বাৱধান কৰি আছে । – ছুৰা নিচা
Nikah khtba in Assamese
” হে ঈমানদাৰ সকল! আল্লাহক এনেকৈ ভয় কৰা যেনেকৈ ভয় কৰা উচিত আৰু মুছলমান অৰ্থাৎ আল্লাহৰ আদেশানুৱৰ্তী হৈ থকা অৱস্থাতেই যেন তোমালোকৰ মৃত্যু আহে।” – ছুৰা ইমৰান
” হে ঈমানদাৰ সকল ! আল্লাহক ভয় কৰা আৰু ভাৰসাম্যপূৰ্ণ আৰু সঠিক কথা কোৱা , তেওঁৱেই তোমালোকৰ কৰ্মৰ সংশোধন কৰি দিব আৰু তোমালোকৰ গুনাহ (পাপ) সমূহ মাফ (ক্ষমা) কৰি দিব।( মনত ৰাখিবা ) যিজন ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰছুল (ছ:) ৰ আনুগত্য কৰিছে তেওঁয়েই ডাঙৰ সাফল্য অৰ্জন কৰিছে। – ছুৰা আহযাব
” হজৰত মহম্মদ (ছ:) কৈছে নিকাহ মোৰ চুন্নত (জীৱনাদৰ্শন ) যি জনে মোৰ এটা চুন্নতৰ পৰা মুখ ঘুৰাই ল’ব তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই ।”
নিকাহৰ খোৎবা অসমীয়া অনুবাদ
আমি সকলোৱেই নিকাহৰ বাবে বহুত ধন খৰচ কৰোঁ। সমাজখন সংশোধন কৰিবলৈ আমি সকলোৱেই চেষ্টা কৰিব লাগিব। নিকাহত ইমাম চাহেবৰ যোগেদি আৰবী ভাষাত খোৎবা দিয়া হয় কিন্তু দুখৰ বিষয় নিজৰ ভাষাত ৰাইজক বুজাই দিয়াৰ চেষ্টা কৰা নহয়। সমাজ সংস্কাৰ তেতিয়া হ’ব যেতিয়া ৰাইজক সকলো কথা বুজাই দিয়া হ’ব। মছজিদৰ ইমাম চাহেব , কাজী চাহেব , মৌলানা চাহেব সকলক নিকাহৰ খোৎবা আৰবী ভাষাত পঢ়াৰ পিছত নিজৰ ভাষাত অনুবাদ কৰি ৰাইজক বুজাই দিয়াৰ নিয়ম কৰাৰ ব্যৱস্থা কৰিবলৈ সকলোককে অনুৰোধ জনালোঁ।
Read more . What is Hijab in Islam.
Credit – মহ : ইছফাকুল হুছেইন
( ৰাইজৰ মাজত প্ৰচাৰ কৰিব।)