নগ্নতা শ্বয়তানৰ প্রথম কাম 

নগ্নতা শ্বয়তানৰ প্রথম কাম 

মানুহৰ ওপৰত শ্বয়তানৰ প্রথম হামলা আছিল মানুহৰ দেহৰ পৰা কাপোৰ খুলি তাক উলঙ্গ কৰি দিয়া। আজিও পৃথিৱীত শ্বয়তানৰ পদাংক অনুসাৰী ও ইবলিচৰ শিখণ্ডীসকলৰ প্রথম কাম হ’ল তথাকথিত ক্ষমতায়ন ও লিঙ্গ সমতাৰ নামত নাৰীক উলঙ্গ কৰি ঘৰৰ বাহিৰলৈ উলিয়াই আনা আৰু তেওঁলোকৰ সৌন্দর্য উপভোগ কৰা।
অথচ পৃথিৱীৰ বিগত সভ্যতাসমূহ ধ্বংস হৈছে মূলতঃ নাৰী ও মদৰ সহজলভ্যতাৰ কাৰণেই। গতিকে সভ্য-ভদ্র ও আল্লাহভীৰু বান্দাসকলৰ ওচৰত ঈমানৰ পাচত সর্বপ্রথম ফৰজ হ’ল নিজ নিজ লজ্জাস্থান আবৃত ৰখা ও ইজ্জত-পৰ্দাৰ হেফাজত কৰা। অন্যান্য সকলোবোৰ ফৰজ ইয়াৰ পাচত। নাৰীৰ পর্দা কেৱল পোচাকেই নহয়, বৰং সেয়া হ’ব তেওঁলোকৰ ভিতৰত, তেওঁলোকৰ কথা-বতৰাত, আচাৰ-আচৰণত ও চাল-চলন সকলো বিষয়ত। পৰনাৰীৰ প্রতিটো অঙ্গী-ভঙ্গি আৰু মিঠা কণ্ঠস্বৰে পৰপুৰুষৰ হৃদয়ত অন্যায় প্রভাৱ বিস্তাৰ কৰে। এতেকে লজ্জাশীলতাই মুমিন নৰ-নাৰীৰ অঙ্গভূষণ ও পাৰস্পৰিক নিৰাপত্তাৰ গ্যাৰান্টি।

নগ্নতা শ্বয়তানৰ প্রথম কাম 

নাৰী ও পুৰুষ প্রত্যেকে ইজনে সিজনৰ পৰা নিজ নিজ দৃষ্টিক অৱনত কৰি ৰাখিব। (ছূৰা আন-নূৰ ২৪/৩০-৩১) আৰু পৰস্পৰে সার্বিক পর্দা বজাই ৰাখি কেৱল-মাত্র প্রয়োজনীয় কথাখিনি স্বাভাৱিকভাৱে সংক্ষেপে ক’ব। নাৰী ও পুৰুষ প্রত্যেকে নিজ নিজ স্বতন্ত্র ও পর্দা বজাই ৰাখি নিজ নিজ কর্মস্থলত ও কর্মপৰিধিৰ মাজত স্বাধীনভাৱে কাম কৰিব আৰু সংসাৰ ও সমাজৰ কল্যাণত সাধ্যমতে অৱদান ৰাখিব।
নিগেটিভ আৰু পজিটিভ ওচৰা-ওচৰিকৈ থকা বিদ্যুৎ পৰিবাহী দুডাল কেব’লৰ মাজত প্লাষ্টিকৰ আৱৰণে যেনেকৈ পর্দাৰ কাম কৰে আৰু অপৰিহার্য দুৰ্ঘটনা ও অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰে, অনুৰূপভাৱে পৰনাৰী ও পৰপুৰুষৰ মাজত পর্দাই উভয়ৰ মাজত ঘটিবলগীয়া যিকোনো অনাকাংক্ষিত বিষয়ৰ পৰা পৰস্পৰক হেফাজত কৰে। এতেকে শ্বয়তানৰ প্রৰোচনাত জান্নাতৰ পবিত্র পৰিৱেশত আদি পিতা-মাতাৰ জীৱনত সংঘটিত উক্ত অনিচ্ছাকৃত দুর্ঘটনাৰ পৰা দুনিয়াৰ এই পঙ্কিল পৰিৱেশত বসবাস কৰা মানৱ জাতিয়ে আৰু অধিক সতর্ক ও সাৱধান হোৱা উচিত। কোৰআন আৰু হাদীছে আমাক সেই বিষয়ে সাৱধান কৰি দিছে।

Leave a comment