তালিবানৰ আফগানিস্তান দখল
সমগ্ৰ বিশ্বক স্তম্ভিত কৰি সন্ত্ৰাসবাদী জেহাদী বুলি আখ্যায়িত তালিবানে সুদীৰ্ঘ ২০ বছৰ যুদ্ধ কৰি আকৌ নিজৰ দেশ আফগানিস্তান দখল কৰে । তালিবানৰ আফগানিস্তান দখল |
আমেৰিকা বা নাটো শক্তি আফগানিস্তান এৰিবলৈ বাধ্য হৈছে ।
আমেৰিকাৰ পুতলা চৰকাৰক ওফৰাই তালিবানে আফগানিস্তানৰ ক্ষমতা নিজৰ হাতলৈ নিয়ে ।
বিশ্বত জেহাদী বুলি পৰিচিত সকলে এখন ৰাষ্ট্ৰ নিজৰ হাতলৈ নিলে । তেন্তে সেই ৰাষ্ট্ৰৰ শাসনভাৰ কেনেকুৱা হব ,তেওলোকৰ নীতি-নিয়ম বা কেনেকুৱা হব ,তেওলোকৰ হাতত সাধাৰণ জনতাৰ অধিকাৰ কিমান সুৰক্ষিত থাকিব তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে সমগ্র বিশ্বৰ । শংকিত হৈ আছে আফগানিস্তানত থকা বিদেশী ৰাষ্ট্ৰৰ নাগৰিক সকল ।
ইতিমধ্যে তালিবানৰ শীৰ্ষ নেতৃত্বই তেওঁলোকৰ শাসন পদ্ধতি বা নীতি-নিয়মৰ কিছু আভাস দিছে ।
তালিবানে আফগানিস্তান দখল কৰিয়েই কেইটামান নীতি-নিৰ্দেশনা জাৰি কৰিছে ।
সংবাদ মাধ্যমত সেইবোৰ বিশেষভাৱে চৰ্চা লাভ কৰিছে । সেইবোৰ হৈছে–/
* সকলোৰে প্ৰতি সাধাৰণ ক্ষমাদান ঘোষণা কৰিছে ।
* কাৰো প্ৰতি কোনো প্ৰতিশোধ লোৱা নহব বুলি কৈছে ।
* যোনে যত আছে তাতেই নিৰাপদে থাকিব পাৰিব বুলি কৈছে ।
* পৰাজিত আফগান চৰকাৰৰ নেতা সকলক তালিবানৰ সৈতে যুক্ত হৈ দেশৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে ।
* পৰাজিত আফগান চৰকাৰৰ চৰকাৰী বিষয়া বা কৰ্মচাৰী সকলৰ কোনো দোষ ধৰা নহব ।
* মহিলা সকলে নিজৰ ঘৰতে নিৰাপদে থাকিব পাৰিব ।
* পৰ্দাৰ সৈতে বাহিৰলৈ ওলাই আহি সকলো কাম
কৰিব পাৰিব ।
*– মহিলা সকলৰ বাবে পৃথককৈ শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হ’ব ।
*—তালিবান চৰকাৰত মহিলা প্ৰতিনিধি থাকিব ।
*– সংবাদ মাধ্যমৰ সম্পূৰ্ণ স্বাধীনতা থাকিব , কিন্তু অতিৰঞ্জিত বা মিথ্যা সংবাদ প্ৰচাৰ কৰিলে তাৰ ওপৰত ব্যৱস্থা লব ।
*— কাৰাবন্দী সকলক মুকলি কৰি দিয়া হৈছে ।
*—শ্বৰীয়া আইন অনুযায়ী সকলো সিদ্ধান্ত লোৱা হব বুলি কৈছে।
© collected From Facebook @ Jiaul Hoque