চালাতত মহিলাসকলে থুঁতৰি ঢাকি ৰখা জৰুৰী নে?

চালাতত মহিলাসকলে থুঁতৰি ঢাকি ৰখা জৰুৰী নে?

প্রশ্ন: চালাতৰ সময়ত মহিলাসকলে মুখমণ্ডল খোলা ৰখা জায়েয আছে বুলি আমি জানো। কিন্তু কোনো কোনোৱে কয় যে, মহিলাসকলে থুঁতৰি পর্যন্ত ঢাকি ৰাখিব লাগিব। কিয়নো, থুঁতৰিও ছতৰৰ অন্তৰ্ভুক্ত। আচলতে আমি থুঁতৰিও ঢাকি ৰাখিব লাগিব নেকি? থুঁতৰি ওলাই থাকিলে চালাত বিশুদ্ধ হ’ব নে?

উত্তৰ: চালাতত পৰপুৰুষে দেখাৰ সম্ভাৱনা নাথাকিলে মহিলাসকলে মুখমণ্ডল খোলা ৰখা জায়েয আছে। কিন্তু মুখমণ্ডলৰ পৰিসীমা কিমানখিনি? এই ক্ষেত্ৰত সন্মানিত ফকীহসকলে কৈছে, “মুখমণ্ডৰ পৰিসীমা হ’ল, মূৰৰ চুলি গজা স্থানৰ পৰা ওঁঠৰ হাড়ৰ শেষ পর্যন্ত আৰু দুয়োকাষে দুই কাণ পর্যন্ত।”
গতিকে আমি জানিব পাৰিলোঁ যে, থুঁতৰি বা ওঁঠৰ হাড়ৰ শেষ পযর্ন্ত মুখমণ্ডলৰ অন্তর্ভুক্ত। (তাৰ তলৰ অংশ মুখমণ্ডলৰ অন্তর্ভুক্ত নহয়)
এতেকে অজু কৰোঁতে মুখমণ্ডলৰ এই ঠাইখিনি ধোৱা জৰুৰী।
আনহাতে চালাতত মহিলাসকলে থুঁতৰি সহ মুখমণ্ডল খুলি ৰখা জায়েয (যদিহে পৰপুৰুষে দেখাৰ সম্ভাৱনা নাথাকে)। কিয়নো, থুঁতৰি মুখমণ্ডলৰ অন্তর্ভুক্ত। কিন্তু থুঁতৰিৰ তলৰ অংশ ঢকা আৱশ্যক। জনা স্বত্বেও থুঁতৰিৰ তলৰ অংশ খোলা থাকিলে চালাত বাতিল হৈ যাব।
আল্লাহু আলাম।
——————
উত্তৰ প্রদানত: আব্দুল্লাহিল হাদী বিন আব্দুল জলিল মাদানি দাঈ, জুবাইল দাওৱাহ এণ্ড গাইডেন্স ছেন্টাৰ, ছৌদি আৰব।

Leave a comment