ঋতুমতী ঋতুকালীন সময়ত চালাত আৰু চিয়াম ত্যাগ কৰিব

ঋতুমতী ঋতুকালীন সময়ত চালাত আৰু চিয়াম ত্যাগ কৰিব:

ঋতুমতীৰ বাবে চালাত (নামাজ) আদায় কৰা আৰু চিয়াম (ৰোজা) ৰখা হাৰাম, সিহঁতৰ চালাত আৰু চিয়াম শুদ্ধ নহয়।
ঋতুমতী নাৰী পৱিত্ৰ হোৱাৰ পাছত কেৱল চিয়াম(ৰোজা) কাজা কৰিব, চালাত(নামাজ) কাজা নকৰিব। কাৰণ, আয়িশ্বা ৰাজি আল্লাহু আ’নহাই কৈছে:
“আমি নবী চাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামৰ যুগত ঋতুমতী হৈছোঁ, আমাক তেতিয়া চিয়াম কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল; কিন্তু চালাত কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা নাছিল।”

কি কাৰণত চিয়াম কাজা কৰিব, চালাত কাজা নকৰিব —

সেয়া আল্লাহেই ভাল জানে, কিন্তু আমি ভাবোঁ, চালাত কাজা কৰা নাৰীৰ বাবে কষ্টকৰ। কাৰণ, ই দৈনিক পাঁচবাৰ আহে, এই কষ্ট চিয়ামত নাই, সেয়ে চিয়াম কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে, চালাত কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা নাই।
✓ ঋতুমতী নাৰীৰ বাবে আৱৰণবিহীন মুছহাফ বা ক্বুৰআন স্পৰ্শ কৰা হাৰাম:

আল্লাহ তা‘আলাই কৈছে:

নিশ্চয় এইখন মহিমামণ্ডিত ক্বুৰআন,
যিখন আছে সুৰক্ষিত কিতাপত (লিপিবদ্ধ)।
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
[আল-ৱাক্বি‘আহ, আয়াত: ৭৭-৭৯]

ঋতুমতী নাৰী ক্বুৰআনুল কাৰীম তিলাৱাত কৰিব নে নাই, সেয়া লৈ আহলে ইল্মসকলৰ মাজত মত বিৰোধ আছে। নিশ্চয় আল্লাহ তা‘আলাই ভাল জানে । প্ৰয়োজনবিহীন তিলাৱাত নকৰাই সতৰ্কতা। কিন্তু নিজক চয়তানৰ পৰা ৰক্ষা কৰিবলৈ আয়াতুল কুৰ্ছি, চাৰি ক্বুল (ছুৰাহ কাফিৰুন, ক্বুলহু ৱাল্লাহু আহাদ, ফালাক্ব, নাছ) পঢ়ি নিজক দম (গা বন্ধি) কৰিব পাৰি। ক্বুৰআনৰ যিবিলাক আয়াতত দোৱা আছে, সেইবিলাক দোৱাৰ উদ্দেশ্যে পঢ়িব পাৰি। ঋতুমতী নাৰীয়ে শ্বৰয়ী জিকিৰ-আজকাৰসমূহ সম্পাদন কৰিব। যেনেঃ লা-ইলা-হা ইল্লাল্লাহ, আল্লাহু আকবাৰ, ছুবহানাল্লাহ আৰু অন্যান্য দোৱাসমূহ। এইদৰে পুৱা-গধূলি আৰু টোপনি যোৱা আৰু টোপনিৰ পৰা উঠাৰ পাছত পঢ়িবলগীয়া মছনুন দোৱাসমূহ পাঠ কৰাত কোনো সমস্যা নাই। এইদৰে তাফছীৰ, হাদীছ আৰু ফিকহৰ কিতাপো পঢ়িব পাৰি।

Also read : ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!

Leave a comment