ইছলামৰ মূল ভেটি পাঁচটা বা পঞ্চস্তম্ভ

ইছলাম ৰ মূল ভেটি ৫ টা বা পঞ্চস্তম্ভ হৈছে _
(১) ঈমান ।(শ্বাহাদত দিয়া ) সাক্ষ্য প্ৰদান কৰা যে আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই আৰু মুহাম্মদ ছাল্লাল্লাহু আলাইহি অ ছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছুল ।
(২) ছালাত ( নামাজ )। (দোৱা ,প্ৰাৰ্থনা ব উপাসনা কৰা )
(৩) ছিয়াম (ৰোজা) । (নিৰ্দিষ্ট কিছুমান কামৰ পৰা বিৰত থকা । )
(৪) জাকাত ( দান কৰা ) । ( নিৰ্দিষ্ট সম্পদৰ অধিকাৰী সকলৰ কাৰণে )
(৫) হজ্জ ( মক্কা ভ্ৰমণ ) । ( পৱিত্ৰ “কা’বা ” তাৱাফ কৰাৰ লগতে আৰু কিছুমান নিৰ্ধাৰিত কাৰ্য্য সম্পন্ন কৰা )

ওপৰোক্ত ৫ টা ৰ পৰা যিকোনো এটাক কোনোবাই অস্বীকাৰ কৰিলে বা নামানিলে সি মুছলিম হৈ নাথাকে অৰ্থাৎ সেইজন কাফিৰ (অবিশ্বাসী ) সকলৰ অন্তৰ্ভুক্ত হব ।
মুছলিম হোৱাৰ লগে লগেই আপুনি সকলো ধৰণৰ শ্বিৰ্ক ৰ পৰা আতৰি থাকিব লাগিব । আৰু কৰিব লাগিব আল্লাহ আৰু ৰাছুল ছাল্লাল্লাহু অলাইহি অ ছাল্লাম ৰ আনুগত্য । আল্লাহ আৰু ৰাছুল ছাল্লাল্লাহু আলাইহি অ ছাল্লাম ৰ আনুগত্য কৰিবলৈ আপুনি কোৰআন আৰু চহিহ হাদিছ ৰ সঠিক শুদ্ধভাৱে অধ্যয়ন কৰিব লাগিব । মন কৰিব আল্লহে নাযিল কৰা কোৰআন ৰ প্ৰথম আয়াত ৰ প্ৰথম শব্দ হৈছে ” إقرا,” (“ইক্বৰা” ) “পঢ়া ” আৰু মুছলিম সকলৰ বাবে দ্বীনি শিক্ষা অৰ্জন কৰাটো ফৰজ । দ্বীনৰ সঠিক শিক্ষা গ্ৰহণ নকৰিলে আমি পথভ্ৰস্ট হোৱাৰ সম্ভাৱনা অধিক । ইয়াত এটা কথা আমি চিন্তা কৰা দৰকাৰ আজি আমি দুনীয়াবি শিক্ষাৰ কাৰণে উঠিপৰি লাগিছো কিন্তু দ্বীনি শিক্ষা ৰ ক্ষেত্ৰত অৱহেলা কৰি থাকো । মনত ৰাখিব আপোনাৰ যিমান মাষ্টৰ ডিগ্ৰী নাথকক কিয় সকলোবোৰ কবৰত যোৱাৰ লগে লগে ধুলিসাৎ হৈ যাব ।
কোৰআন আৰু চহিহ হাদিছ ক সঠিক ভাৱে অধ্যয়ন কৰি বুজি মানি লৈ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অ ছাল্লামে দেখুৱাই দিয়া পদ্ধতি ত চাহাবাসকলৰ নিচিনাকৈ আমল কৰিলে আমি প্ৰকৃতাৰ্থত আল্লাহ আৰু ৰাছুল ছাল্লাল্লাহু আলাইহি অ ছাল্লাম ৰ আনুগত্য কৰা হব আৰু তাৰ ফলস্বৰূপে আল্লহে নিশ্চয় আমাক জান্নাত দান কৰিব ইন শ্বা আল্লাহ । অন্যথা আমি পথভ্ৰস্ট হৈ জাহান্নামত যোৱাৰ সম্ভাৱনা বেছি ।
….. . …✍🏻

Leave a comment