ইছলামী শ্বৰীয়তৰ দৃষ্টিত অপৱিত্রতা দুই প্রকাৰ।
মানসিক আৰু শাৰীৰিক পৱিত্ৰতা। কুফৰৰ পৰা ইছলামত প্রৱেশ কৰাৰ মাধ্যমত মানসিক অপৱিত্রতা দূৰ হয়।
একেদৰে শাৰীৰিক অপৱিত্রতাৰ পৰা পৱিত্র হোৱাৰো নির্ধাৰিত পদ্ধতি ইছলামে সুস্পষ্ট কৰি দিছে। কিন্তু ইছলামে শাৰীৰিক অপৱিত্রতাক দুটা শ্রেণীত ভাগ কৰিছে।
Read also : ইছলাম আৰু মানবতা/ Humanity and Islam
যি ধৰণৰ অপৱিত্ৰতাৰ পৰা অজু কৰিলেই পৱিত্র হ’ব পাৰি, গোছল কৰাৰ প্ৰয়োজন নহয়, তেনে ধৰণৰ অপৱিত্রতাক নাজাছাতে খফিফাহ বোলা হয়। আকৌ যি ধৰণৰ অপৱিত্ৰতাৰ পৰা গোছল অবিহনে পৱিত্র হোৱাৰ উপায় নাই, ফকিহসকলৰ পৰিভাষাত তাক নাজাছাতে গালিজাহ বোলা হয়।
পেচাব-পায়খানা ইত্যাদি জাতীয় অপৱিত্ৰতাৰ পৰা পবিত্র হোৱাৰ কাৰণে অজু কৰি লোৱাই যথেষ্ট। কিন্তু পুৰুষ-মহিলাৰ এনেকুৱা কিছুমান গোপন বিষয় আছে, যিবোৰ কাৰণত অপৱিত্র হ’লে গোছল নকৰা পর্যন্ত শৰীৰ পৱিত্র নহয়। এনে ধৰণৰ অপৱিত্রতাৰ পৰা পৱিত্র হোৱাৰ কাৰণে গোছল কৰা ফৰজ।
প্রশ্ন হ’ল, ফৰজ গোছল পলমকৈ কৰিব পাৰি নে লগে লগেই কৰিব লাগে? এনেকুৱা কথাও শুনা যায়, যেতিয়ালৈকে ফৰজ গোছল কৰা নহয়, তেতিয়ালৈকে আমলনামাত ফিৰিস্তাসকলে গুনাহ লিখি থাকে। কোনো কোনো ছুফীয়ে এই কথাও কৈছে, ফৰজ গোছল অৱস্থাত মাটি ভৰি ৰাখিলে মাটিয়ে অভিশাপ দি থাকে। আহক, জানি লওঁ, এই বিষয়ে শ্বৰীয়তে কি কয়?
১. ফৰজ গোছল যথাসম্ভৱ সোনকালে আদায় কৰি লোৱা মুস্তাহাব বা ভাল। ওৱাজিব বা জৰুৰী নহয়।
২. ফৰজ গোছল ইমানখিনি পলম কৰা উচিত নহয় যাতে, পৰৱর্তী ওৱাক্তৰ নামাজ কাজা হৈ যায়। নামাজ কাজা কৰা নিঃসন্দেহে কবিৰা গুনাহ। ফৰজ গোছল কৰিব নোৱাৰাৰ বাবে নামাজ কাজা কৰাৰ অজুহাত শ্বৰীয়তত গ্রহণযোগ্য নহয়।
৩. ফৰজ গোছল পলমকৈও কৰিব পাৰি। কিন্তু এই ক্ষেত্রত ছুন্নাত হ’ল, ভালদৰে অজু কৰি লোৱা। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোছল ফৰজ হ’লে তেখেতে যদি পাছত গোছল কৰিবলৈ ইচ্ছা কৰে, নাইবা কিবা খাবলৈ অথবা শুবলৈ ইচ্ছা কৰে, তেনেহ’লে নামাজৰ অজুৰ দৰে অজু কৰি লৈছিল। (মুছলিম হা/৩০৫)।
আবূ চালামা (ৰহঃ)-ৰ পৰা বর্ণিত। তেওঁ কৈছে, মই ‘আইশ্বা (ৰাঃ)-ক প্ৰশ্ন কৰিলোঁ। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জানাবাতৰ অৱস্থাত শুইছিল নে? তেওঁ ক’লে, হয়। কিন্তু তেখেতে অজু কৰি লৈছিল। (বুখাৰী ২৮৬, ২৮৭, ২৮৮, ২৮৯, ২৯০)
৪. গোছল ফৰজ অৱস্থাত মনত যি পাপবোধ আহে সেইটো ঠিক নহয়। আবু হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘এবাৰ মোৰ গোছল ফৰজ হোৱাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক মাতি আনি তেওঁৰ লগত খাবলৈ ক’লে। তেতিয়া মোৰ হাতত ধৰিব বিচাৰিছল। মই হাতখন আঁতৰাই আনি ক’লোঁ, হে আল্লাহৰ ৰাছুল (ছ.)! মই অপবিত্র। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, মুমিন কেতিয়াও অপৱিত্র নহয়।’ তিৰমিজী হা/১২১। হাদিছটি বুখাৰী আৰু মুছলিমতো বর্ণিত হৈছে।
৫. অপৱিত্র অৱস্থাত থকাৰ সময়খিনিত গুনাহ লেখা হয় আৰু সেই সময়ত মাটিত ভৰি ৰাখিলে মাটিয়ে অভিশাপ দিয়ে বুলি যি কথা সমাজত প্ৰচলিত আছে সেই কথা প্রসিদ্ধ হাদীছৰ কিতাববিলাকত পোৱা নাযায়।
৬. অধিকাংশ ফকিহে ভাবে যে, বেছি সময় অপৱিত্র অৱস্থাত থকা উচিত নহয়। কিয়নো যিকোনো অৱস্থাতেই মানুহৰ মৃত্যু হ’ব পাৰে। কিন্তু গোছল ফৰজ অৱস্থাত মৃত্যু হ’লে ভয়ংকৰ আজাব বা কঠিন শাস্তি হ’ব বুলি কোনো সুস্পষ্ট কথা কোৰআন-ছুন্নাহত পোৱা নাযায়।
৭. তাৎক্ষণিক গোছল নাইবা অজু কৰিব নোৱাৰিলে কোনো কোনো ফকিহে তায়াম্মুম কৰি পৱিত্রতা অর্জন কৰাৰ পৰামর্শ দিছে।
৮. পৱিত্র কোৰআনত আল্লাহ তা’আলাই কৈছে,
إِنَّ اللَّهَ يُحِبُّ التَّوَّابِينَ وَيُحِبُّ الْمُتَطَهِّرِينَ
‘নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে’। যিমান সোনকালে পৱিত্র হ’ব, সিমান সোনকালে আল্লাহে ভালপাব। (ছুৰা আল-বাক্বাৰা ২২২)