ইছলামত ত্বালাকৰ বিধান

 কোৰআন হাদিছৰ দৃষ্টিত ত্বালাকৰ বিধান কি ?

☞☞☞ <<<#ত্বালাকৰ_বিধান_কি?

>>>সকলো প্রশংসা একমাত্ৰ আল্লাহৰ কাৰণে★
 #তালাকৰ_সময়ত_স্ত্রী_গর্ভৱতী_থাকিলে_অথবা_পবিত্রা_থাকিলে আৰু সেই পবিত্রতাত কোনো সঙ্গম নকৰাকৈ থাকিলে এক তালাক দিব।

১। #এই_ক্ষেত্ৰত_দুজন_ব্যক্তিক_সাক্ষী_ৰাখিব।

২। #ইদ্দতৰ_সময়: ইয়াৰ পিছত স্বামীয়ে স্ত্রীক ঘৰৰ পৰা যোৱাৰ কাৰণে নকব আৰু স্ত্রীও স্বামীগৃহ ত্যাগ নকৰিব। বৰং গর্ভকাল বা তিনিবাৰ মাহেকীয়া হোৱালৈকে অপেক্ষা কৰিব। এই ইদ্দতৰ মাজত স্ত্রীয়ে ভৰণ-পোষণও পাব। মহান আল্লাহে কৈছে-

★হে নবী! তোমালোকে যেতিয়া তোমালোকৰ স্ত্রীসকলক তালাক দিবলৈ ইচ্ছা কৰা তেতিয়া ইদ্দতৰ প্রতি লক্ষ্য ৰাখি তালাক দিবা, ইদ্দতৰ হিচাব ৰাখা আৰু তোমালোকৰ প্রতিপালকক ভয় কৰা। তোমালোকে তেওঁলোকক স্বগৃহৰ পৰা বাহিৰ নকৰিবা আৰু তেওঁলোকেও যেন সেই ঘৰৰ পৰা বাহিৰ নহয়; যদিহে তেওঁলোকে স্পষ্ট অশ্লীলতাত লিপ্ত নহয়। এয়া হ’ল আল্লাহৰ বিধান, যিয়ে আল্লাহৰ বিধান লঙ্ঘন কৰে, সি নিজৰেই ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, হয়তো আল্লাহে ইয়াৰ পিছত কিবা উপায় বাহিৰ কৰি দিব।

৩। #ইয়াৰ_পিছত_ভুল_বুজিব_পাৰি স্বামীৰ মন আৰু মতৰ পৰিৱর্তন ঘটিলে যদি স্ত্রীক ত্যাগ কৰিব নিবিচাৰে, তেনেহ’লে ইদ্দতৰ ভিতৰতেই (তিনি মাহেকীয়াৰ পূর্বেই) তেওঁক ওভতাই লব পাৰে। কিন্তু ওভতাই লোৱাৰ সময়তো দুজন ন্যায়পৰায়ণ ব্যক্তিক সাক্ষী ৰাখিব।

#মত_বিনিময়ত_সাক্ষী_ৰখা-
উল্লেখ্য যে, স্ত্রী প্রত্যানীতা কৰাৰ সময়ত তেওঁৰ সন্মতি জৰুৰী নহয়।

৪। #কিন্তু_মন_বা_মতৰ_পৰিৱর্তন_নহ’লে আৰু স্ত্রীক তেওঁৰ জীৱনৰ পৰা আৰু দূৰ কৰিব বিচাৰিলে দ্বিতীয় পবিত্রতাত দ্বিতীয় তালাক দিব আৰু অনুৰূপ সাক্ষী ৰাখিব। ইয়াৰ পিছতো স্ত্রীয়ে স্বামীগৃহ ত্যাগ নকৰিব আৰু স্বামীও তেওঁক বাহিৰ কৰিব নোৱাৰিব। পৰন্তু তেওঁক উত্যক্ত কৰি সংকটত পেলোৱাটোও বৈধ নহয়।

৫। #এই_ক্ষেত্রত_স্ত্রীৰ_উচিত, নানা অঙ্গসজ্জা আৰু বিভিন্ন প্রেম-ভঙ্গিমা প্রদর্শন কৰি স্বামীৰ মনক নিজৰ ফালে আকর্ষিত কৰাৰ চেষ্টা কৰা। ইয়াতে যদি মত পৰিৱর্তন হয়, তেনেহ’লে স্বামীয়ে তেওঁক ওভতাই আনিব পাৰে। নহ’লে একেবাৰে চিৰদিনলৈ বিদায় দিব বিচাৰিলে তৃতীয় পবিত্রতাত তৃতীয় তালাক দি চিৰদিনলৈ বিবাহ বিচ্ছেদ কৰিব আৰু যথা-নিয়মত সাক্ষী ৰাখিব। ইয়াৰ পিছত স্ত্রীয়ে স্বামীগৃহ ত্যাগ কৰিব, আকৌ তেওঁৰ কাৰণে কোনো ভৰণ-পোষণ নাই।

৬। #তৃতীয়_তালাক_হ’লে_স্ত্রী_হাৰাম। তৃতীয় তালাকৰ পিছত স্বামীয়ে বিচাৰিলেও স্ত্রীক পুনৰ ওভতাই আনিব নোৱাৰে। নতুন মোহৰ আৰু বিবাহ প্ৰত্যৰ্পনো নহয়। কিন্তু যদি সেই স্ত্রীয়ে স্বেচ্ছায় দ্বিতীয় বিবাহ কৰে, স্বামী-সঙ্গম কৰে আৰু সেই স্বামীয়ে স্বেচ্ছায় তালাক দিয়ে অথবা স্বামীৰ মৃত্যু হয়, তেন্তে ইদ্দতৰ পিছত পুনৰায় প্রথম স্বামীয়ে নৱ-বিবাহ-বন্ধনত সেই স্ত্রীক ওভতাই আনিব পাৰে। ইয়াৰ পূর্বে নহয়।

#হালালা_বিবাহ_নিষেধ।

এইক্ষেত্রত পৰিকল্পিতভাৱে যদি কোনোবাই সেই নাৰীক তাইৰ স্বামীৰ কাৰণে হালাল কৰাৰ উদ্দেশ্যে বিবাহ কৰি এটা বা দুটা ৰাতি সহবাস কৰি তালাক দিয়ে, তথাপিও পূৰ্বৰ স্বামীৰ কাৰণে সেই স্ত্ৰী বৈধ নহ’ব। কাৰণ, এই কাম পৰিকল্পিতভাৱেই কৰা হয় আৰু বহু ক্ষেত্ৰত স্ত্রীৰও এই কামত সন্মতি নাথাকে। পৰন্তু হাদীছত এই হালালকাৰী দ্বিতীয় স্বামীক ‘ধাৰ কৰা ষাঁড় আৰু অভিশপ্ত’ বুলি কোৱা হৈছে।

৮। #দ্বিতীয়_তালাকত_ওভতাই আনিলে আক্বদ আৰু মোহৰানা ধার্য কৰা। পক্ষান্তৰে এক অথবা দুই তালাক দিয়াৰ পিছত ওভতাই নললে আৰু তেওঁৰ বাকী ইদ্দত তালাক নিদিয়াকৈ অতিবাহিত হ’লে স্ত্রী হাৰাম হৈ যায় ঠিকেই; কিন্তু তাৰপিছতো যদি স্বামী-স্ত্রী পুনৰায় সংসাৰ কৰিব বিচাৰে, তেনেহ’লে নতুন মোহৰ দি পুনৰ নতুন বিবাহ (আকদ) পঢ়ালে এই পুনর্বিবাহত উভয়ে একত্রিত হ’ব পাৰে। আৰু এই ক্ষেত্রত সেই শাস্তি নাই। কিন্তু পূর্বে যি এক অথবা দুই তালাক তেওঁ ব্যৱহাৰ কৰিছে, সেইটো সেই স্ত্রীৰ পক্ষে সংখ্যাত গণ্য থাকিব। গতিকে দুই তালাক দিয়াৰ পিছত ওভতাই নি ৰাখিলে বা ইদ্দত পাৰ হৈ যোৱাৰ পিছত পুনর্বিবাহ কৰি ৰাখিলে তেওঁ আৰু কেৱল এটি তালাকৰ মালিক হৈ থাকিব। পুনৰ এবাৰ তালাক দিলে স্ত্রী এনেকুৱা হাৰাম হৈ যাব যে, তাইৰ দ্বিতীয় বিবাহৰ স্বামীয়ে তাইক স্বেচ্ছায় তালাক নিদিলে বা মৃত্যু নহ’লে পূর্বৰ স্বামীয়ে আৰু তাইক (বিবাহৰ মাধ্যমত) ওভতাই নাপাব।

#তিনি_ইদ্দতত_তিনি_তালাকেই_সর্বোচ্চ_মিয়াদ।

গতিকে গোটেই জীৱনত এজনী স্ত্রীৰ ক্ষেত্রত স্বামীয়ে মাত্র ৩ বাৰ তালাকৰেই মালিক হয়। ১০ বছৰৰ মূৰে মূৰে ৩ বাৰ তালাক দিলেও শেষ বাৰত পূর্ব অৱস্থাৰ বাহিৰে পুনৰ ওভতাই লব বা পুনর্বিবাহ কৰিব নোৱাৰে।

৯। #অৱশ্যে দ্বিতীয় স্বামী গ্রহণ কৰাৰ পিছত তালাক বা মৃত্যুৰ কাৰণে ইদ্দতৰ পিছত প্রথম স্বামীয়ে যেতিয়া নতুন মোহৰ সহ পুনর্বিবাহ কৰে, তেতিয়া পুনৰ তেওঁ নতুনকৈ তিনি তালাকৰ মালিক হয়।

১০। #অভিভাৱকে_বাধা_দিয়া_উচিত_নহয়।তালাকপ্রাপ্তা নাৰী যদি বিধিমতে তাইৰ স্বামীক পুনর্বিবাহ কৰিব বিচাৰে বা অন্য স্বামী গ্রহণ কৰিব বিচাৰে, তেনেহ’লে কোনো স্বার্থ, খং  বা বিদ্বেষবশতঃ তাইক ইয়াত বাধা দিয়া তাইৰ অভিভাৱকৰ কাৰণে বৈধ নহয়।

#মহান আল্লাহে কৈছে,

﴿وَإِذَا طَلَّقْتُمُ النِّسَاءَ فَبَلَغْنَ أَجَلَهُنَّ فَلاَ تَعْضُلُوهُنَّ أَنْ يَنْكِحْنَ أَزْوَاجَهُنَّ إِذَا تَرَاضَوْا بَيْنَهُمْ بِالْمَعْرُوفِ﴾

‘‘আৰু তোমালোকে যেতিয়া স্ত্রীক বর্জন কৰা আৰু তেওঁলোকে তেওঁলোকৰ ইদ্দতকাল অতিবাহিত কৰে তেতিয়া তেওঁলোকক তেওঁলোকৰ স্বামী গ্রহণ কৰিবলৈ বাধা নিদিবা; যদি তেওঁলোকে বুজাবুজিত আনন্দচিত্তে সন্মত হৈ যায়।

১১। #মাহেকীয়া_অৱস্থাত_তালাক_নিষেধ।স্ত্রীৰ মাহেকীয়া অৱস্থাত তালাক দিলে স্বামী গুনাহগাৰ হ’ব আৰু সেই তালাক গণ্য নহ’ব। পবিত্রাৱস্থাত তালাক দিলেই কিন্তু সি গণ্য হ’ব। স্ত্রীৰ মাহেকীয়াৰ খবৰ নাজানি তালাক দিলে গুনাহগাৰ নহ’ব আৰু তালাকো নহয়। পক্ষান্তৰে জানি-শুনি দিলেই গুনাহগাৰ হ’ব।

১২। #এক_মজলিছত_তিনি_তালাক_হাৰাম।অনুৰূপ এক মজলিছত তিনি তালাক হাৰাম। গতিকে যদি কোনোবাই তেওঁৰ স্ত্রীক লক্ষ্য কৰি ‘তোমাক তালাক, তালাক, তালাক, অথবা ‘তোমাক তিনি তালাক’ বুলি বা ইয়াৰ অধিক সংখ্যা উল্লেখ কৰে, তেন্তে সেইটো কেৱল এক তালাকেই গণ্য হ’ব। এইদৰে এবাৰতে তিনি তালাক দিয়াৰ পিছত ভুল বুজি পুনৰাই যথাৰীতি ইদ্দতত স্ত্রীক ওভতাই লব বিচাৰিলে বা ইদ্দতৰ পিছত যথানিয়মে পুনর্বিবাহ কৰিলে কোনো বাধা নাই।

১৩। #কিন্তু_অনুৰূপ_তিনিবাৰ_কৈ থাকিলে পূর্বোক্ত নিয়মানুযায়ী বিচাৰিলে পুনঃ সংসাৰ কৰিব পাৰে। নহ’লে নোৱাৰে। অনিয়মত তালাক দিয়া আল্লাহৰ নির্ধাৰিত সীমালঙ্ঘন কৰাৰ অন্তর্ভুক্ত।

১৪। #গতিকে সময় ও সংখ্যা বুজি তালাক দিয়া তালাকদাতাৰ কাৰণে ফৰজ। অমুক কাম কৰিলে, অমুক ঠাইলৈ গ’লে তালাক। যদি স্বামীয়ে তেওঁৰ স্ত্রীক কয় ‘যদি তুমি অমুক কাম কৰা বা অমুক ঠাইলৈ যোৱা, তেনেহ’লে তোমাক তালাক’ আৰু এই কথা কওঁতে যদি সচাঁকৈয়েই তালাকৰ নিয়ত থাকে, তেন্তে এনেকৈ ওলোমাই ৰখা তালাক স্ত্রীৰ সেই কাম কৰাৰ লগে লগে গণ্য হৈ যায়। অৱশ্যে তালাকৰ নিয়ত নাথাকি যদি স্ত্রীক ভয় দেখুৱাই কেৱল সেই কামত কঠোৰ নিষেধ কৰাটোৱেই উদ্দেশ্য হয়, তেনেহ’লে তালাক গণ্য নহ’ব। কিন্তু স্ত্রীয়ে সেই কাম কৰাৰ পিছত স্বামীয়ে কচমৰ কাফ্ফাৰা দিব লাগিব।

১৫। #অনুৰূপ তালাকৰ ওপৰত কচম খালেও। যেনে- যদি কোনোবাই তেওঁৰ ভায়েকক ক’লে, ‘তুমি যদি এইটো কৰিছা, তেনেহ’লে মোৰ স্ত্রী তালাক’ বা ‘মই যদি তোমাৰ ঘৰলৈ যাওঁ, তেনেহ’লে মোৰ স্ত্রী তালাক’, তেন্তে এই ক্ষেত্রতো নিয়ত বিচার্য। তালাকৰ প্রকৃত নিয়ত হ’লে তালাক হ’ব; নহ’লে নহয়। কিন্তু কচমৰ কাফ্ফাৰা নিশ্চয় লাগিব। অনুৰূপ তর্কৰ সময়তো যদি কোনোবাই কয় ‘এইটো যদি নহয় তেনেহ’লে মোৰ স্ত্রী তালাক’ অথচ বাস্তৱ তাৰ প্রতিকূল হয়, তেনেহ’লে সেই একেই বিধান প্রযোজ্য হ’ব। কিন্তু তালাকক লৈ এনে ধৰণৰ খেল খেলা স্বামীৰ কাৰণে উচিত নহয়।

১৬। #কি_কৰিলে_তালাক_গণ্য_নহয়।কোনোবাই যদি স্বামীক তালাক দিবলৈ বাধ্য কৰে, তেনেহ’লে এই জোৰপূর্বক অনিচ্ছাকৃত তালাক গণ্য নহয়। অনুৰূপ নিচাগ্রস্ত মাতালৰ তালাক।

১৭। #চৰম খঙত হিতাহিত জ্ঞানহীন ক্রুদ্ধ ব্যক্তিৰ তালাক।

১৮। #ভুল কৰি তালাক, অতিশয় ভীত-বিহ্বল ব্যক্তিৰ তালাক গণ্য নহয়।

১৯। #মৰণ-শয্যাত শায়িত স্বামীয়ে তেওঁৰ মীৰাছৰ পৰা স্ত্রীক বঞ্চিত কৰাৰ উদ্দেশ্যে তালাক দিছে বুলি জনা গ’লে সেইটোও ধর্তব্য নহয়। গতিকে তাই তাৰ ওৱাৰীছ হ’ব আৰু স্বামী-মৃত্যুৰ ইদ্দত পালন কৰিব।

২০। #তালাকক_লৈ_মজা_কৰিবলৈ_নাই। স্বামী তালাকৰ ক্ষেত্ৰত স্ত্রীক এখতিয়াৰ দিলে আৰু স্ত্রীয়ে তালাক পছন্দ কৰিলে তালাক হৈ যাব।বিবাহ আৰু তালাকক কোনো ঠাট্টা-মজাক নাই। মজাক কৰি স্ত্রীক তালাক দিলেও সেইটো বাস্তৱ।

২১। #বিবাহৰ প্রস্তাৱৰ পিছত কিবা মনোমালিন্য হ’লে স্বামীয়ে তেওঁৰ বাগদত্তা স্ত্রীক উদ্দেশ্য কৰি যদি তালাক বা হাৰাম বুলি উল্লেখ কৰে, তেনেহ’লে সেইটো ধর্তব্য নহয়। অৱশ্যে বিবাহৰ পিছত তেওঁ কচমৰ কাফ্ফাৰা দিব লাগিব।

২২। #তালাকৰ খবৰ স্ত্রীয়ে নাপালেও তালাক গণ্য হ’ব।

২৩। #আল্লাহ, তেওঁৰ ৰাছূল বা দ্বীনক স্বামীয়ে গালি দিলে স্ত্রী তালাক হৈ যাব। ওভতাই লব বিচাৰিলে তওবা কৰি নতুন মোহৰত পুনর্বিবাহ কৰিব লাগিব।

২৪ #চিঠিৰ মাধ্যমত তালাক দিলে তালাক গণ্য হ’ব। অনুৰূপ বোবাই যদি ইঙ্গিতত তালাক দিয়ে¸ তেন্তে সেইটোও গণ্য হ’ব। অৱশ্যে লিখিব জানিলে তাৰ ইঙ্গিত গণ্য নহয়।

২৫। #এতিয়া_দলীল_বিলাক_চাওঁক!

১। (বুখাৰী, মুছলিম)

২। (ছূৰা আত্-ত্বলাক- ৬৫:২; আবু দাঊদ ১৯১৫নং)

৩। (আত্-ত্বালাক ৬৫:১)

৪। (মাজাল্লাতুলবহুচিল ইছলামিয়্যাহ ৯/৬৬)

৫। (ছূৰা আত-ত্বালাক্ব- ৬৫:৬)

৬। (ফিকহুচ ছুন্নাহ ২/১৬৭)

৭। (ছূৰা আল-বাক্বাৰা ২:২৩০)

৮। (ইৰঃ ৬/৩০৯, ইবনে মাজাহ ১৯৩৬নং, মিশকাতুল মাছাবীহ ৩২৯৬নং)

৯। (ফিকহুচ ছুন্নাহ ২/২৪৭)

১০। (ফিকহুচ ছুন্নাহ ২/২৪৯)

১১। (ছূৰা আল-বাক্বাৰাহ ২:২৩২)

১২। (ফাতাওৱাল মাৰআহ ৬৩-৬৪ পৃঃ)

১৩। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৩/১৭১-১৭৩, ২৬/১৩৩, তুহফাতুল আৰূচ, ১৪৮ ও ২২৮ পৃঃ)

১৪। (ছূৰা আল-বাক্বাৰা ২:২২৯, ৬৫:১)

১৫। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৫/৯৪)

১৬। (কিতাবুদ দাওৱাহ ২/২৪২, ফাতাওৱা ইবনে উছাইমীন ২/৭৯১)

১৭। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ৩২/২৫২)

১৮। (মাজাল্লাতুল বহুচিল ইছলামিয়্যাহ ১৬/৩৪৭, ২৬/১৩৩)

১৯। (ফিকহুচ ছুন্নাহ)।

২০। ( ফিকহুচ ছুন্নাহ ২/২১১)

২১। ইৰওৱাউল গলীল ১৮২৫ নং

২২। মাজ্জাতুল মহচিল – ইছলামীয়া ৯/৫৮ , আল ফতোৱা – আল ইছলামীয়া ২/৭৮৭

২৩। ফতোৱা – ইবনে উছাইমীন ২/৮০৪

২৪। ফতোৱা ইবনে উছাইমীন ২/৭৮০

২৫। ফিকহুচ ছুন্নাহ ২/২২৯ ।

Leave a comment