যাবতীয় প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহ তা’লাৰ বাবে । ছালাত ও ছালাম আল্লাহৰ প্ৰিয় নবী হাবীব মুহাম্মদৰ ৰাছুলুল্লাহ ( ছা:) ৰ ওপৰত ।
হাদিছ শ্বৰিফ মুছলিম মিল্লতৰ এক অমূল্য সম্পদ , ইছলামী চৰিয়তৰ অন্যতম অপৰিহাৰ্য্য উৎস আৰু ইছলামী জীৱন বিধানৰ অন্যতম মূল ভিত্তি ।
কোৰআন মজিদে যত ইছলামী জীৱন ব্যৱস্থাৰ মূলনীতি পেছ কৰে হাদীছে তাত এই মৌল নীতিৰ বিস্তাৰিত বিশ্লেষণ ও তাৰ বাস্তৱায়ণৰ কাৰ্যকৰী কৰাৰ পন্থা বৰ্ণনা কৰি দিয়ে ।
কোৰআন ইছলামৰ আলোকস্তম্ভ আৰু হাদীছ তাৰ বিচ্ছ্যুতিৰ আলো । ইছলামী জ্ঞান-বিজ্ঞানত কোৰআন যেন হৃৎপিণ্ড আৰু হাদীছ এই হৃৎপিণ্ডৰ সৈতে সংযুক্ত ধমনী। জ্ঞানৰ বিশাল ক্ষেত্রত প্ৰতিপদে সতেজ তপ্ত শোণিতধাৰা প্ৰবাহিত কৰে আৰু অঙ্গ-প্ৰত্যঙ্গক অব্যাহতভাৱে সতেজ আৰু সক্ৰিয় ৰাখে । হাদীছে মূলত যেনেকৈ কোৰআনুল আযীমৰ নিৰ্ভূল ব্যাখ্যা দান কৰে , অনুৰূপভাৱে সেইটো পেছ কৰে কোৰআনৰ ধাৰক ও বাহক নবী কৰীম(ছা:) ৰ পবিত্ৰ জীৱনচৰিত , কৰ্মনীতি ও আদৰ্শ আৰু তেওঁৰ কথা ও কাম হিদায়তৰ ও উপদেশৰ বিস্তাৰিত বিৱৰণ । এইবাবেই ইছলামী জীৱন বিধানত কোৰআনে হাকীমৰ পিছতেই হাদিছৰ স্থান ।
আল্লাহ তা’লাই জীব্ৰাইল আমীনৰ মাধ্যমত নবী কৰীম ( ছা:) ৰ ওপৰত যি অহী নাযিল কৰিছিল সেয়া হৈছে হাদিছৰ মূল উৎস । অহীৰ শাব্দিক অৰ্থ হৈছে , ইংগিত কৰা , গোপনে অন্যৰ সৈতে কথা কোৱা, (১) অহী দুই প্ৰকাৰ । প্ৰথম প্ৰকাৰ প্ৰত্যেক্ষ অহী ( وحي متلو ) যাৰ নাম ‘কিতাবুল্লাহ ‘ বা ‘আল-কোৰআন’ । ইয়াৰ মূলভাব, ভাষা উভয়েই মহান আল্লাহৰ। ৰাছুল(ছা:) এ সেইটো হবহু প্ৰকাশ কৰিছিল। দ্বিতীয় প্ৰকাৰ অহী (وحي غير متلو) ইয়াৰ নাম ‘চুন্নাহ বা ‘আল-হাদীছ’ । ইয়াৰ মূলভাব আল্লাহৰ কিন্তু নবী(ছা:)এ সেইটো নিজৰ ভাষাত নিজৰ কথাৰে আৰু নিজৰ কাম ও সন্মতিৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল ।
প্ৰথম প্ৰকাৰৰ অহী ৰাছুল(ছা:)ৰ ওপৰত পোনপঠিয়াকৈ নাযিল হৈছিল আৰু তেওঁৰ কাষতে উপস্থিত লোকে সেয়া উপলব্ধি কৰিব পাৰিছিল। কিন্তু দ্বিতীয় প্ৰকাৰৰ অহী তেওঁৰ ওপৰত প্ৰচ্ছন্নভাৱে হৈছিল আৰু অন্য সকলে সেয়া উপলব্ধি কৰিব পৰা নাছিল ।
আখেৰী নবী ও ৰাছুল মুহাম্মদ ( ছা:) কোৰআনৰ ধাৰক ও বাহক , কোৰআন তেওঁৰ ওপৰতেই নাযিল হৈছিল । আল্লাহ তা’লাই তাৰ কিতাপত মানব জাতিক এটি আদৰ্শ অনুসৰণ ও অনেক বিধি-বিধান পালনৰ নিৰ্দেশ দিছে , কিন্তু তাৰ বিস্তাৰিত বিৱৰণ দান কৰা নাই । ইয়াৰ দায়িত্বভাৰ ন্যস্ত কৰিছিল ৰাছুল(ছা:)ৰ ওপৰত। তেওঁ নিজৰ কথা-কাম ও আচাৰ-আচৰণৰ মাধ্যমত কোৰআনৰ আদৰ্শ ও বিধান বাস্তৱায়ণৰ পন্থা ও নিয়ম কানুন কৈ দিছিল ।কোৰআনক কেন্দ্ৰ কৰিয়েই তেওঁ ইছলামৰ এক পূৰ্ণাঙ্গ জীৱন বিধান পেছ কৰিছিল । অন্য কথাত কোৰআন মজিদৰ শিক্ষা ও নিৰ্দেশসমূহ ব্যক্তি , সমাজ ও ৰাষ্ট্ৰীয় পৰ্য্যায়ত কাৰ্যকৰী কৰাৰ বাবে ৰাছুল(ছা:)এ যি পন্থা অৱলম্বন কৰিছিল সেয়াই হৈছে হাদিছ । হাদীছো যে অহীৰ সূত্ৰত প্ৰাপ্ত আৰু সেইটো চৰিয়তৰ অন্যতম উৎস কোৰআন ও মহানবী (ছা:)ৰ বাণীৰ মাজত তাৰ প্ৰমাণ বিদ্যমান । মহান আল্লাহে তাৰ প্ৰিয় নবী(ছা:) সম্পৰ্কে কৈছে :
وَمَا يَنْطِقُ عَنِ الْهَوَىٰ
إِنْ هُوَ إِلَّا وَحْيٌ يُوحَىٰ
আৰু তেওঁ মনে সজা কথা নকয়।
এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়। ( ৫৩: ৩- ৪) ।
وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ الْأَقَاوِيلِ
لَأَخَذْنَا مِنْهُ بِالْيَمِينِ
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِينَ
যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,
তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন। ( ৬৯ : ৪৪-৪৬)
ৰাছুল(ছা:)এ কৈছে : ৰুহুল কুদ্দুচ ( জিব্ৰাইল ) এ আমাৰ মানসপটত এই কথা ফুঁ দিলে —- নিৰ্ধাৰিত পৰিমাণৰ ৰিজিক পূৰ্ণ মাত্ৰাই গ্ৰহণ নকৰা পৰ্যন্ত আৰু নিৰ্দিষ্ট আয়ুকাল শেষ হোৱাৰ পূৰ্বে কোনো প্ৰাণীৰ মৃত্যু নহয় — ( বায়হাকী শ্বাৰহুচ চুন্নাহ ) ।
মোৰ ওচৰত জিব্ৰাইল (আ:) আহিল আৰু মোৰ চাহাবাসকলক উচ্চস্বৰত তাকবীৰ ও তাহলীল কোৱাৰ বাবে আদেশ কৰিবলৈ মোক নিৰ্দেশ দিলে ( নাইলুল অওতাৰ ৫ম খণ্ড ,পৃ ৫৬ )।
জানি ৰখা মোক কোৰআন দিয়া হৈছে আৰু তাৰ লগতে দিয়া হৈছে ইয়াৰ অনুৰূপ আৰু এটি বস্তু —-( আবুদাউদ , ইবনে মাজাহ , দাৰেমী ) । ৰাছুল(ছা:)ৰ আনুগত্য কৰিবলৈ আল্লাহ তা’লাই আমাক কোৰআনুল কাৰিমত নিৰ্দেশ দিছে :ْ ۚ وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا ۚ
ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা ।(৫৯:৭)
হাদীছ অধ্যয়নৰ উদ্দেশ্য সম্পৰ্কে আল্লামা বদৰুদ্দিন আইনী (ৰহ:) এ লিখিছে “দুনীয়া আখেৰাতৰ পৰম কল্যাণ লাভেই হৈছে হাদিছ অধ্যয়নৰ উদ্দেশ্যে আৰু লক্ষ্য । আল্লামা কিৰমানি (ৰহ:) এ লিখিছে , “কোৰআনৰ পিছত সকলো প্ৰকাৰৰ জ্ঞানৰ ভিতৰতে সৰ্বশ্ৰেষ্ট , সৰ্বোত্তম আৰু তত্ত্ব সমৃদ্ধ সম্পদ হৈছে হাদীছ । কাৰণ এই জ্ঞানৰ সাহায্যতেই আল্লাহৰ কালামৰ লক্ষ্য ও তাৎপৰ্য্য জনা আৰু তাৰ হুকুম -আহকামৰ উদ্ধাৰ অনুধাৱন কৰা যায় ।
হাদিছৰ পৰিচয়
শাব্দিক অৰ্থ হাদিছ ( حديث) মানে নতুন , প্ৰচীন ও পুৰাতনৰ বিপৰীত বিষয় । এই অৰ্থত যিবিলাক কথা , কাম ও বস্তু ইতিপূৰ্বে নাছিল , এতিয়া অস্তিত্ব লাভ কৰিছে —- গতিকে হাদিছৰ আৰু এটি অৰ্থ হ’ল কথা । ফকীহ সকলৰ পৰিভাষাত নবী কৰীম (ছা:) আল্লাহৰ ৰাছুল হিচাপে যি যি কৈছিল, যি যি কৰিছিল আৰু যি যি কোৱাৰ বা কৰাৰ অনুমতি দিছিল অথবা সমৰ্থন জনাইছিল তাকেই হাদিছ বুলি কোৱা হয়। কিছু মুহাদ্দিছ সকলে ইয়াৰ লগতে ৰাছুল(ছা:) সম্পৰ্কীয় বৰ্ণনা ও তাৰ গুণাৱলী সম্পৰ্কীয় বিৱৰণকো হাদিছৰ অন্তৰ্ভুক্ত কৰিছে । এই হিচাপত হাদিছক প্ৰথমিক পৰ্য্যায়ত তিনি শ্ৰেণীত ভাগ কৰা যায় : কাওলী হাদিছ , ফে’লী হাদিছ আৰু তাকৰীৰী হাদিছ ।
প্ৰথমতে , কোনো বিষয়ে ৰাছুল(ছা:) যি কৈছে , অৰ্থাৎ যি হাদিছত তেওঁৰ কোনো কথা নিশ্চিত হৈছে তাক কাওলী ( বাণী সম্পৰ্কীয় ) হাদিছ বুলি কোৱা হয়।
দ্বিতীয়তে , মহানবী (ছা:)ৰ কাম-কাজ, চৰিত্ৰ ও আচাৰ-আচৰণৰ মাজৰ পৰাই ইছলামৰ যাবতীয় বিধি-বিধান ও ৰীতিনীতি পৰিস্ফুট হৈছে ।এতেকে যি হাদিছত তেওঁৰ কোনো কামৰ বিৱৰণ উল্লেখিত হৈছে তাকে ফে’লী(কৰ্ম সম্পৰ্কীয়) হাদিছ বুলি কোৱা হয়।
তৃতীয়তে , চাহাবীসকলে যিবিলাক কথা বা কাম নবী কৰীম (ছা:)ৰ অনুমোদন ও সমৰ্থন প্ৰাপ্ত হৈছিল সেই ধৰণৰ কোনো কথা বা কামৰ বিৱৰণীৰ পৰাও চৰিয়তৰ দৃষ্টিভংগী জনা যায়। এতেকে যি হাদিছত এই ধৰণৰ কোনো ঘটনা বা কামৰ উল্লেখ পোৱা যায় তাকে তাকৰীৰী(সমৰ্থনমূলক) হাদিছ বুলি কোৱা হয়।
হাদিছৰ অন্য নাম চুন্নাহ( سنة)। চুন্নত শব্দৰ অৰ্থ চলাৰ পথ , কামৰ নীতি ও পদ্ধতি। যি পন্থা ও নীতি ৰাছুল(ছা:) এ অৱলম্বন কৰিছিল তাক চুন্নাত বুলি কোৱা হয়। অন্য কথাত ৰাছুল(ছা:) প্ৰচাৰিত উত্তম আদৰ্শই হৈছে চুন্নাত। কোৰআন মাজিদত মহোত্তম ও সুন্দৰতম আদৰ্শ (اسواة حسنة) কওঁতে এই চুন্নাতক বুজোৱা হৈছে । ফকীহ পৰিভাষাত চুন্নত বুলি কওঁতে ফৰজ আৰু ওৱাজিব ব্যতিত ইবাদত ৰূপে যি কৰা হয় তাকেই বুজায় । যেনে চুন্নত ছালাত । হাদীছক আৰবী ভাষাত ( خبر) ও বুলি কোৱা হয় । অৱশ্যে খবৰ শব্দটো হাদীছ ও ইতিহাস উভয়কেই বুজায় ।
আছাৰ ( اثار) শব্দটো ও কেতিয়াবা কেতিয়াবা ৰাছুল(ছা:)ৰ হাদীছ নিৰ্দেশ কৰে । কিন্তু বহুতেই হাদিছ আৰু আছাৰৰ মাজত পাৰ্থক্য কৰি থাকে । সিহঁতৰ মতে চাহাবীসকলৰ পৰা চৰিয়ত সম্পৰ্কে যি যি উদ্ধৃত হৈছে তাক আছাৰ বুলি কোৱা হয়। অৱশ্যে এই বিষয়ে সকলোৱে এক মত প্ৰকাশ কৰিছে যে চৰিয়ত সম্পৰ্কে চাহাবীসকলৰ নিজস্ব ভাবে কোনো বিধান দিয়াৰ প্ৰশ্নই নুঠে । গতিকে এই বিষয়ে সিহঁতৰ উদ্ধৃতিসমূহ মূলতঃ ৰাছুল(ছা:)ৰ উদ্ধৃতি । কিন্তু কোনো কাৰণত আৰম্ভণিতে সিহঁতে ৰাছুল(ছা:)ৰ নাম উল্লেখ কৰা নাই । উছুলে হাদিছৰ পৰিভাষাত এইবিলাক আছাৰক কোৱা হয় মাওকূফ হাদীছ ।
ইলমে হাদীছৰ কিছু পৰিভাষা
চাহাবী ( صحابي) : যি ব্যক্তি ঈমানৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাচাল্লামৰ সান্নিধ্য লাভ কৰিছিল বা তেওঁক দেখিছিল বা তেওঁৰ এটি হাদীছ বৰ্ণনা কৰিছে অথবা জীৱনত এবাৰ তেওঁক দেখিছিল আৰু ঈমানৰ সৈতে মৃত্যুবৰণ কৰিছিল তেওঁক ৰাছুল(ছা:)ৰ চাহাবী বুলি কোৱা হয় ।
তাবিঈ ( تابعي) : যিয়ে ৰাছুল(ছা:)ৰ কোনো চাহাবীৰ ওচৰত হাদীছ শিকিছিল অথবা অন্তত পক্ষে কোনো চাহাবীক দেখিছিল আৰু মুছলিম হিচাপে মৃত্যুবৰণ কৰিছিল তেওঁক তাবিঈ বুলি কোৱা হয় ।
মুহাদ্দিছ ( محدث) : যি ব্যক্তিয়ে হাদীছ চৰ্চা কৰে আৰু বহু সংখ্যক হাদিছৰ চনদ ও মতন সম্পৰ্কে বিশেষ জ্ঞান ৰাখে তেওঁক মুহাদ্দিছ বুলি কোৱা হয় ।
শ্বেখ ( شيخ) : হাদীছৰ শিক্ষাদাতা ৰাবীক শ্বেখ বুলি কোৱা হয় ।
শ্বেখাইন ( شيخين) : চাহাবীসকলৰ মাজত আবুবকৰ(ৰা:) আৰু ওমৰ (ৰা:) ক একত্ৰে শ্বেখাইন বুলি কোৱা হয় ।
কিন্তু হাদীছ শাস্ত্ৰত ইমাম বুখাৰী ও ইমাম মুছলিমক আৰু ফিকহৰ পৰিভাষাত ইমাম আবুহানিফা(ৰহ:) ও আবু ইউচুফ (ৰহ:) ক একত্ৰে শ্বেখাইন বুলি কোৱা হয় ।
হাফিজ ( حافظ) : যিয়ে চনদ ও মতনৰ বৃত্তান্ত সহ এক লাখ হাদীছ আয়ত্ব কৰিছে তেওঁক হাফিজ বুলি কোৱা হয় ।
হুজ্জাত ( حجة) : অনুৰূপভাৱে যিয়ে তিনি লাখ হাদীছ আয়ত্ব কৰিছে তেওঁক হুজ্জাত বুলি কোৱা হয় ।
হাকিম ( حاكم ) : যিয়ে গোটেইখিনি হাদীছ আয়ত্ব কৰিছে তেওঁক হাকিম বুলি কোৱা হয় ।
ৰিজাল ( رجال ) : হাদিছৰ ৰাবী সমষ্টিক ৰিজাল বুলি কোৱা হয় । যি শাস্ত্ৰত ৰাবী সকলৰ জীৱনী বৰ্ণনা কৰা হৈছে তাক আচমাউৰ-ৰিজাল ( اسماءآلرجال ) বুলি কোৱা হয় ।
ৰিওৱায়ত ( رواية ) : হাদিছ বৰ্ণনা কৰাকে ৰিওৱায়ত বুলি কোৱা হয় । কেতিয়াবা কেতিয়াবা মূল হাদিছকো ৰিওৱায়ত বোলা হয় । যেনে এই কথাৰ সমৰ্থনত আৰু এটি ৰিওৱায়ত ( হাদিছ ) আছে ।
চনদ ( سند ) : হাদিছৰ মূল কথাষাৰ যি সূত্ৰৰ পৰম্পৰাত গ্ৰন্থ সংকলনকাৰী পৰ্যন্ত আহি পাইছে তাক চনদ বুলি কোৱা হয় । ইয়াত হাদিছ বৰ্ণনাকাৰীসকলৰ নাম এজনৰ পিছত আনজন সজ্জিত থাকে ।
মতন ( متن ) : হাদিছৰ মূল কথা ও তাৰ শব্দ সমষ্টিক মতন বুলি কোৱা হয় ।
মাৰফু’ ( مرفوع ) : যি হাদিছৰ চনদ ( বৰ্ণনা পৰম্পৰা ) ৰাছুল(ছা:) পৰ্যন্ত গৈ পায় তাকে মাৰফু হাদিছ বুলি কোৱা হয় ।
মাওকূফ ( موقوف ) : যি হাদিছত বৰ্ণনা সূত্ৰ উৰ্দ্ধৰ পিনে চাহাবী পৰ্যন্ত গৈ পাইছে , অৰ্থাৎ যি চনদ সূত্ৰে কোনো চাহাবীৰ কথা বা কাম বা অনুমোদন বৰ্ণিত হৈছে তাক মাওকূফ হাদিছ বুলি কোৱা হয় । ইয়াৰ অন্য নাম আছাৰ (اثار) ।
মাকতূ ( مقطوع ) : যি হাদীছৰ ৰাবী কোনো তাবিঈ পৰ্যন্ত গৈ পাইছে তাক মাকতূ হাদীছ বুলি কোৱা হয় ।
তা’লীক ( تعليق ) : কোনো কোনো গ্ৰন্থকাৰে কোনো হাদীছৰ চনদক বাদ দি কেৱল হাদীছ মূল বৰ্ণনা কৰিছে । এনে কৰাকে তা’লীক বুলি কোৱা হয় । কেতিয়াবা কেতিয়াবা তা’লীকৰূপে বৰ্ণিত হাদীছকো তা’লীক বুলি কোৱা হয় । ইমাম বুখাৰী (ৰহ:) ৰ ছহীহ গ্ৰন্থতো এনেধৰণৰ বহু তা’লীক আছে । কিন্তু অনুসন্ধানত দেখা গৈছে যে সকলো তা’লীকৰ মুত্তছিল চনদ আছে । অনেক সংকলনকাৰীয়ে এই তা’লীক হাদীছ মুত্তছিল চনদত বৰ্ণনা কৰিছে ।
মুদাল্লাছ ( مدلس ) : যি হাদীছৰ ৰাবীয়ে নিজৰ প্ৰকৃত শ্বেখ (শিক্ষক)ৰ নাম উল্লেখ নকৰি তেওঁৰ ওপৰস্থ শ্বেখৰ নামত এনেকৈ হাদীছ বৰ্ণনা কৰিছে , এনেকুৱা লাগে যেন তেওঁ নিজেই ওপৰস্থ শ্বেখৰ পৰা সেইটো শুনিছে অথচ তেওঁ সেই শ্বেখৰ সেই পৰা হাদীছটো শুনা নাই — সেই হাদিছক মুদাল্লাছ হাদীছ আৰু এনে কৰাকে তাদলীছ আৰু যিয়ে এনেকৈ কৰিছে তাক মুদাল্লীছ বুলি কোৱা হয়।
মুদাল্লীছৰ হাদীছ তেতিয়ালৈকে গ্ৰহণযোগ্য নহয় যেতিয়ালৈকে এই কথা নিশ্চিত নহয় যে তেওঁ একমাত্র ছিকাহ ৰাবীৰ পৰাই তাদলীছ কৰে অথবা তেওঁ তেওঁৰ নিজৰ শ্বেখৰ পৰা শুনিছে বুলি পৰিস্কাৰ ভাৱে উল্লেখ কৰে ।
মুযতাৰাব ( مضطرب) : যি হাদীছৰ ৰাবীয়ে হাদীছৰ মতন বা চনদক বিভিন্ন প্ৰকাৰে বৰ্ণনা কৰিছে সেই হাদীছটোক মুযতাৰাব হাদীছ বুলি কোৱা হয় । যেতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ সমন্বয় সম্ভৱ নহয় তেতিয়ালৈকে এই সম্পৰ্কে অপেক্ষা কৰিব লাগিব অৰ্থাৎ এনেধৰণৰ ৰিওৱায়ত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা নাযাব ।
মুদৰাজ ( مدرج) : যি হাদীছৰ মাজত ৰাবীয়ে নিজৰ অথবা অন্যৰ উক্তিক অনুপ্ৰৱেশ কৰাইছে মেই হাদীছক মুদৰাজ আৰু এনে কৰাকে ইদৰাজ বুলি কোৱা হয় । ইদৰাজ হাৰাম । অৱশ্যে যদি ইয়াৰ দ্বাৰা কোনো শব্দ বা বাক্যৰ অৰ্থ প্ৰকাশিত হয় তেন্তে দোষণীয় নহয় ।
মুত্তছিল ( متصل ) : যি হাদীছৰ চনদৰ ধাৰাবাহিকতা প্ৰথমৰ পৰা শেষ পৰ্যন্ত সম্পূৰ্ণৰূপে সুৰক্ষিত আছে কোনো স্থৰতেই কোনো ৰাবীৰ নাম বাদ পৰা নাই তাক মুত্তছিল হাদীছ বোলে ।
মুনকাতি ( منقطع ) : যি হাদীছৰ চনদৰ ধাৰাবাহিকতা সংৰক্ষিত হোৱা নাই , মাজতে কোনো ৰাবীৰ নাম বাদ পৰিছে তাক মুনকাতি হাদীছ বোলে । আৰু এই বাদ পৰাকে ইনকিতা বুলি কোৱা হয় ।
মুৰছাল ( مرسل ) : যি হাদীছৰ চনদৰ ইনকিতা শেষৰ পিনে হৈছে , অৰ্থাৎ চাহাবীৰ নাম বাদ পৰিছে আৰু তাবিঈ পোনে পোনে ৰাছুল(ছা:)ৰ উল্লেখ কৰি হাদীছ বৰ্ণনা কৰিছে তাক মুৰছাল হাদীছ বোলে ।
মুতাবি ও শ্বাহিদ ( متابع و شاهد ) : এক ৰাবীৰ হাদীছৰ অনুৰূপ যদি অন্য ৰাবীৰ কোনো হাদীছ পোৱা যায় কিন্তু দ্বিতীয় ৰাবীৰ হাদীছক প্ৰথম ৰাবীৰ হাদীছৰ মুতাবি বুলি কোৱা হয় । যদি উভয় হাদীছৰ মূল ৰাবী অৰ্থাৎ চাহাবী একে ব্যক্তি হয় আৰু এনেদৰে হোৱাকে মুতাবা’আত বোলে । যদি মূল ৰাবী একে ব্যক্তি নহয় তেন্তে দ্বিতীয় ব্যক্তিৰ হাদীছক শ্বাহিদ বুলি কোৱা হয় । আৰু এনেকৈ হোৱাকে শ্বাহাদত বোলে । মুতাবা’আত ও শ্বাহাদতৰ দ্বাৰা প্ৰথম হাদীছটোৰ শক্তি বৃদ্ধি পায় ।
মু’আল্লাক ( معلق ) : চনদৰ ইনকিতা প্ৰথমৰ পিনে হলে , অৰ্থাৎ চাহাবীৰ পিছত এক বা একাধিক ৰাবীৰ নাম বাদ পৰিলে তাক মু’আল্লাক হাদীছ বোলে ।
মা’ৰূফ ও মূনকাৰ ( معروف و منكر ) : কোনো দুৰ্বল ৰাবীৰ বৰ্ণিত হাদীছ অন্য কোনো মকবুল ( গ্ৰহণযোগ্য ) ৰাবীৰ বৰ্ণিত হাদীছৰ বিৰোধী হলে তাক মূনকাৰ হাদীছ বুলি কোৱা হয় । আৰু এই মকবুল ৰাবীৰ হাদীছক মা’ৰূফ হাদীছ বুলি কোৱা হয় । মূনকাৰ হাদীছ গ্ৰহণযোগ্য নহয় ।
ছহীহ ( صحيح ) : যি মুত্তছিল হাদীছৰ চনদত উল্লেখিত প্ৰত্যেক ৰাবীৰ আদালত ও যাবতীয় গুণ সম্পন্ন আৰু হাদীছটো যাবতীয় দোষ-ক্ৰটি মুক্ত থাকে তাকে ছহীহ হাদীছ বুলি কোৱা হয়।
হাছান ( حسن ) : যি হাদীছৰ কোনো ৰাবীৰ যাবতীয় গুণৰ পৰিপূৰ্ণতাৰ অভাৱ আছে তাক হাছান হাদীছ বুলি কোৱা হয়। ফিকহবিধসকলে সাধাৰণতে ছহীহ ও হাছান হাদীছৰ ভিত্তিত চৰিয়তৰ বিধান নিৰ্ধাৰণ কৰে ।
যঈফ ( ضعيف ) : যি হাদীছৰ ৰাবী কোনো হাছান হাদীছৰ ৰাবীৰ গুণসম্পন্ন নহয় তাকে যঈফ হাদীছ বোলে । ৰাবীৰ দুৰ্বলতাৰ কাৰণেই হাদীছক দুৰ্বল বুলি কোৱা হয় , অন্যথা নবী কৰীম ( ছা:) ৰ কোনো কথাই যঈফ নহয় ।
মাওযূ’ ( موضوع ) : যি হাদীছৰ ৰাবীয়ে জীৱনত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰাছুল(ছা:)ৰ নামত মিথ্যা কথা ৰটনা কৰিছে বুলি প্ৰমাণিত হৈছে , তাৰ বৰ্ণিত হাদীছক মাওযূ’ হাদীছ বোলে । এনে ব্যক্তিৰ বৰ্ণিত হাদীছ গ্ৰহণযোগ্য নহয়।
মাতৰূক ( متروك) : যি হাদীছৰ ৰাবী হাদীছৰ ক্ষেত্রত নহয় বৰং সাধাৰণ কাম-কাজত মিথ্যাৰ আশ্ৰয় গ্ৰহণ কৰে বুলি খ্যাত , তাৰ বৰ্ণিত হাদীছক মাতৰূক হাদিছ বুলি কোৱা হয় । এনেধৰণৰ ব্যক্তিৰ বৰ্ণিত হাদীছো পৰিতাজ্য ।
মুবহাম ( مبهم ) : যি হাদীছৰ ৰাবীৰ উত্তমৰূপে পৰিচয় পোৱা নাযায় যাৰ ভিত্তিত তেওঁৰ দোষগুণ বিচাৰ কৰিব পৰা যাব পাৰে — এনে ৰাবীৰ বৰ্ণিত হাদীছক মুবহাম হাদীছ বোলে । এই ব্যক্তি চাহাবা নহলে তেওঁৰ হাদীছো গ্ৰহণযোগ্য নহয়।
মুতাওৱাতিৰ ( متواتر) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত ইমান অধিক লোকে ৰিওৱায়ত কৰিছে যিসকলৰ পক্ষে মিথ্যাৰ বাবে দলবদ্ধ হোৱা সাধাৰণতে অসম্ভৱ তাকে মুতাওৱাতিৰ বোলে । এনেধৰণৰ হাদীছৰ দ্বাৰা নিশ্চত জ্ঞান ( علم اليقين) লাভ হয় ।
খবৰে ওৱাহিদ ( خبر واحد ) : প্ৰত্যেক যুগত এক , দুই বা তিনিজন ৰাবীৰ দ্বাৰা বৰ্ণিত হাদীছক খবৰে ওৱাহিদ বা আখবাৰূল আহাদ বুলি কোৱা হয় । এই হাদীছ তিনি প্ৰকাৰৰ :
মাশ্বহুৰ ( مشهور ) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত তিনিজন ৰাবীয়ে বৰ্ণনা কৰিছে তাক মাশ্বহুৰ হাদীছ বুলি কোৱা হয়।
আযীয ( عزيز ) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত দুজন ৰাবীয়ে বৰ্ণনা কৰিছে তাক আযীয বুলি কোৱা হয় ।
গৰীব ( غريب ) : যি ছহীহ হাদীছ প্ৰত্যেক যুগত এজন ৰাবীয়ে বৰ্ণনা কৰিছে তাক গৰীব হাদীছ বুলি কোৱা হয় ।
হাদীছে কুদচী ( حديث قدسي ) : এই ধৰণৰ হাদীছৰ মূল কথা পোনপঠিয়াকৈ আল্লাহৰ পৰা প্ৰাপ্ত আৰু আল্লাহৰ সৈতে সম্পৰ্কীত কৰে , যেনে আল্লাহে তেওঁৰ নবী(ছা:)ক ইহলাম বা স্বপ্নযোগে অথবা জিব্ৰাইল ( আ:) ৰ মাধ্যমত সেইটো জনাই দিছে , মুহাম্মদ ( ছা:) এ সেইটো নিজৰ ভাষাত বৰ্ণনা কৰিছে ।
মুত্তাফাক আলায়হ ( متفق عليه ) : যি হাদীছ একে চাহাবীৰ পৰা ইমাম বুখাৰী আৰু ইমাম মুছলিম ( ৰহ:) উভয়ে গ্ৰহণ কৰিছে, তাক মুত্তাফাক আলায়হ হাদীছ বোলে ।
আদালত ( عدالت ) : যি সুদৃঢ় শক্তিয়ে মানুহক তাকওৱা ও শিষ্টাচাৰ অৱলম্বনত আৰু মিথ্যা আচৰণৰ পৰা বিৰত থাকিবলৈ উদ্ধুদ্ধ কৰে তাকে আদালত বোলে । ইয়াত তাকওৱা বুলি কওঁতে অশোভনীয় ও অভদ্ৰোচিত কাৰ্য্যৰ পৰা বিৰত থকা , যেনে হাট-বজাৰত বা প্ৰকাশ্য খোৱা লোৱা কৰা বা ৰাস্তা-ঘাটত পেচাব-পায়খানা কৰা ইত্যাদিৰ পৰা বিৰত থকাও বুজায় ।
যাব্ত ( ضبط ) : যি স্মৃতিশক্তিৰ দ্বাৰা মানুহে শ্ৰুত বা লিখিত বিষয়ক বিস্মৃতি বা বিনাশৰ পৰা ৰক্ষা কৰাত সক্ষম হয় আৰু যেতিয়া ইচ্ছা সেইটো সঠিকভাৱে স্মৰণ কৰিব পাৰে তাকে যব্ত বুলি কোৱা হয় ।
ছিকাহ ( ثقة ) : যি ৰাবীৰ মাজত আদালত ও যব্ত সম্পূৰ্ণভাৱে বিধ্যমান , তাকে ছিকাহ ছাবিত ( ثابت) বা ছাবাত ( ثبت) বুলি কোৱা হয়।
হাদীছৰ গ্ৰন্থসমূহৰ শ্ৰেণীবিভাগ
হাদীছ গ্ৰন্থ প্ৰণয়নৰ বিভিন্ন ধৰণ ও পদ্ধতি আছে । এইবিলাক গ্ৰন্থৰ নাম ও বিভিন্ন ধৰণৰ । তলত ইয়াৰ কিছুমান প্ৰসিদ্ধ পদ্ধতিৰ নাম উল্লেখ কৰা হ’ল :
১) আল-জামি’ ( الجامع): যি হাদীছ গ্ৰন্থত (১) আক্বীদা-বিশ্বাস , ( 2) আহকাম , (চৰিয়তৰ আদেশ-নিষেধ) ( ৩) আখলাক ও আদব , (৪) কোৰআনৰ তফছীৰ ( ৫) চিৰাত ও ইতিহাস (৬) ফিতনা ও আশ্বৰাত অৰ্থাৎ বিশৃংখলতা ও আলামতে ক্বিয়ামত ।(৭) ৰিকাক অৰ্থাৎ আত্মশুদ্ধি , ( ৮) মনাকিব অৰ্থাৎ ফজীলত ইত্যাদি সকলো প্ৰকাৰৰ হাদীছ বিভিন্ন অধ্যায়ত সন্নিবিষ্ট হয় , তাকে আল-জামি বুলি কোৱা হয় । ছহীহ বুখাৰী ও জামি তিৰমিযী ইয়াৰ অন্তৰ্ভুক্ত । ছহীহ মুছলিমত যিহেতু তফছীৰ ও ক্বিৰাত সংক্ৰান্ত হাদীছ খুবেই কম গতিকে কোনো কোনো হাদীছ বিশাৰদৰ মতে এইখন জামি শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় ।
২.আচ-চুনান ( السنان) : যিবিলাক হাদীছ গ্ৰন্থত কেৱল মাত্ৰ চৰিয়তৰ হুকুম আহকাম ও ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজনীয় নিয়ম-নীতি ও আদেশ-নিষেধ মূলক হাদীছ একত্ৰিত কৰা হয় আৰু ফিকহ গ্ৰন্থৰ দৰে বিভিন্ন অধ্যায় ও অনুচ্ছেদত সজ্জিত হয় তাকে চুনান বুলি কোৱা হয় । যেনে চুনানে আবুদাউদ , চুনানে নাছাঈ , চুনানে ইবনে মাজাহ ইত্যাদি । তিৰমিযী ও এই হিচাপে চুনানৰ অন্তৰ্ভুক্ত ।
৩. আল-মুচনাদ ( المسند ) : যিবিলাক হাদীছ গ্ৰন্থত চাহাবীসকলৰ বৰ্ণিত হাদীছ সমূহ সিহঁতৰ নামৰ প্ৰাৰম্ভিক অনুযায়ী অথবা সিহঁতৰ নামৰ মৰ্যাদা অনুযায়ী পৰ্য্যায়ক্ৰমে সংকলিত হয় , ফিকহৰ পদ্ধতিত সংকলিত নহয় তাক আল-মুচনাদ বা আল-মাচানীদ বুলি কোৱা হয় । যেনে আয়শ্বা ( ৰা:) ৰ পৰা বৰ্ণিত সকলো হাদীছ তেখেতৰ নামৰ শিৰোনামাৰ অধীনত একত্ৰিত কৰা হলে । ইমাম আহমদ (ৰহ:) ৰ আল-মুচনাদ গ্ৰন্থ , মুচনাদ আবু দাউদ তা’য়ালছী (ৰহ:) ইত্যাদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত ।
৪. আল-মু’জাম (المعجم ) : যিবিলাক হাদীছ গ্ৰন্থত মুচনাদ গ্ৰন্থৰ পদ্ধতিত একো একোজন উস্তাদৰ পৰা প্ৰাপ্ত হাদীছ সমূহ পৰ্য্যায়ক্ৰমে একত্ৰে সন্নিবিষ্ট কৰা হয় তাকে আল-মু’জাম বুলি কোৱা হয় । যেনে ইমাম আলবানী ( ৰহ:) ৰ আল-মু’জামুল কাবীৰ ।
৫. আল-মুচতাদৰাক ( المستدرك ): যিবিলাক হাদীছ বিশেষ কোনো হাদীছ গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হোৱা নাই অথচ সেইটো সংশ্লিষ্ট গ্ৰন্থকাৰৰ সকলো চৰ্ত অনুকৰণত পূৰ্ণমাত্ৰাত উত্তীৰ্ণ হয় সেইবোৰ হাদীছ যি গ্ৰন্থত সন্নিবিষ্ট কৰা হয় তাক আল-মুচতাদৰাক বুলি কোৱা হয়। যেনে ইমাম হাকিম নিশ্বাপুৰী(ৰহ:) ৰ আল-মুচতাদৰাক ।
৬. ৰিচালা ( رسال ) : যি ক্ষুদ্ৰ কিতাপত মাত্র এটি বিষয়ৰ বা এজন ৰাবীৰ হাদীছ সমূহ একত্ৰিত কৰা হৈছে তাক ৰিচালা বা জুয( ) বুলি কোৱা হয়।
৭. চিহাহ চিত্তা ( صحاح سته ) : বুখাৰী, মুছলিম , তিৰমিযী , আবূ দাউদ, নাছাঈ ও ইবনে মাজা এই ছয় খন গ্ৰন্থক একেলগে চিহাহ চিত্তা বুলি কোৱা হয় । কিন্তু কিছুমান বিশিষ্ট আলিমে ইবনে মাজাৰ পৰিবৰ্তে ইমাম মালিক(ৰহ:) ৰ মুওৱত্তাক আকৌ আন কিছু সংখ্যক আলিমে চুনানুদ-দাৰিমীক চিহাহ চিত্তাৰ অন্তৰ্ভুক্ত কৰিছে। শ্বেখ আবু হাচান সিন্ধি ( ৰহ:) এ ইমাম তাহাৰী( ৰহ:) ৰ সংকলিত মা’আনীল আচাৰ ( তাবাৰী শ্বৰিফ ) ক চিহাহ চিত্তাৰ অন্তৰ্ভুক্ত কৰিছে ।
আনকি ইবনে হাজম ও আনৱাৰ শ্বাহ কাশ্বমীৰী ( ৰহ:) তাহাবী শ্বৰিফক নাছাঈ ও আবূ দাউদ শ্বৰিফৰ স্তৰৰ হিচাপে গণ্য কৰিছে ।
৮. ছহীহায়ন ( صحيحين ) : ছহীহ বুখাৰী ও ছহীহ মুছলিমক একেলগে ছহীহায়ন বুলি কোৱা হয় ।
৯. চুনানে আৰবা’আ ( سنن اربعة ) : চিহাহ চিত্তাৰ অন্য চাৰিখন গ্ৰন্থ –‘ আবূদাউদ , তিৰমিযী , নাছাঈ আৰু ইবনে মাজাক একেলগে চুনানে আৰবা’আ বুলি কোৱা হয় ।
হাদীছৰ কিতাপসমূহৰ স্তৰবিভাগ
হাদীছৰ কিতাপসমূহক মুঠামুঠিভাৱে পাচটি স্তৰ বা ভাগত ভাগ কৰা হৈছে । শ্বাহ অলী উল্লাহ দেহলৱী( ৰহ:) এ তেওঁৰ ” হুজ্জাতুল্লাহিল বালিগা ” নামৰ কিতাপত এনেদৰে পাচটা স্তৰত ভাগ কৰিছে ।
প্ৰথম স্তৰ
এই স্তৰৰ কিতাপসমূহত কেৱল ছহীহ হাদীছ আছে । এই স্তৰৰ কিতাপ মাত্ৰ তিনিখন , মুওৱত্তা ইমাম মালিক , ছহীহ বুখাৰী ও ছহীহ মুছলিম । সকলো হাদীছ বিশেষজ্ঞ এই বিষয়ে একমত যে এই তিনিখন কিতাপৰ সকলো হাদীছেই নিশ্চিতৰূপে ছহীহ ।
দ্বিতীয় স্তৰ
এই স্তৰৰ কিতাপসমূহ প্ৰথম স্তৰৰ নিচেই ওচৰা ওচৰি । এই স্তৰৰ কিতাপসমূহত সাধাৰণতে ছহীহ আৰু হাচান হাদীছ আছে । ইয়াৰ মাজত যঈফ হাদীছ একেবাৰে কম সংখ্যক আছে । নাছাঈ , আবূদাউদ ও তিৰমিযী এই স্তৰৰ কিতাপ । চুনানে দাৰেমী , ইবনে মাজাহ আৰু শ্বাহ অলী উল্লাহ দেহলৱী (ৰহ: ) ৰ মতে মুচনাদে ইমাম আহমদকো এই স্তৰত অন্তৰ্ভুক্ত কৰা যাব পাৰে । এই দুই স্তৰৰ কিতাপৰ ওপৰতে সকলো মাজহাবৰ ফকীহ সকল নিৰ্ভৰশীল।
তৃতীয় স্তৰ
এই স্তৰৰ কিতাপত ছহীহ , হাচান , যঈফ , মা’ৰূফ ,ও মূনকাৰ সকলো প্ৰকাৰৰ হাদীছ আছে । মুচনাদ আবী ই’য়ালা , মুচনাদ আব্দুৰ ৰাজ্জাক , বায়হাকী , ও তাবাৰানী ( ৰহ:) ৰ কিতাপসমূহত এই স্তৰৰ অন্তৰ্ভুক্ত।
চতুৰ্থ স্তৰ
হাদীছ বিশেষজ্ঞ সকলৰ বাছনি কৰা ব্যতিত এইবিলাক কিতাপৰ হাদীছ গ্ৰহণ কৰা নহয়। এই স্তৰৰ কিতাপসমূহত সাধাৰণতে যঈফ হাদীছ থাকে । ইবনে হিব্বানৰ কিতাপ যুআফা , ইবনুল আছীৰৰ কামিল ও খতীব বাগদাদী , আবূ নুআয়মৰ কিতাপসমূহ এই স্তৰৰ কিতাপ।
পঞ্চম স্তৰ
ওপৰৰ স্তৰ সমূহত যিবিলাক কিতাপৰ স্থান নাই সেইবিলাক কিতাপ এই স্তৰৰ কিতাপ।
ছহীহায়নৰ বাহিৰে ও ছহীহ হাদীছ আছে
বুখাৰী ও মুছলিম ছহীহ হাদীছৰ কিতাপ। কিন্তু সকলো ছহীহ হাদীছেই যে বুখাৰী ও মুছলিমত আছে তেনেকুৱা নহয়। ইমাম বুখাৰী(ৰহ:) কৈছে , ‘ মই মোৰ এই কিতাপত ছহীহ হাদীছৰ বাহিৰে অন্য কোনো হাদীছক স্থান দিয়া নাই আৰু বহুত ছহীহ হাদীছকো মই বাদ দিছোঁ ।
এইদৰে ইমাম মুছলিম ( ৰহ:) কৈছে , মই এই কথা নকওঁ যে ইয়াৰ বাহিৰে যিবিলাক হাদীছ আছে সেইবিলাক যঈফ । কাজেই এই দুই কিতাপৰ বাহিৰেও ছহীহ হাদীছ ও ছহীহ কিতাপ আছে । শ্বেখ আব্দুল হক মুহাদ্দিচ দেহলৱী ( ৰহ: ) ৰ মতে চিহাহ চিত্তা , মুওৱত্তা ইমাম মালিক ও চুনানে দাৰেমীৰ বাহিৰে নিম্নোক্ত কিতাপসমূহ ও ছহীহ( যদিও বুখাৰী আৰু মুছলিমৰ পৰ্য্যায়ৰ নহয় )
১. ইবনে খুজাইমা — আবু আব্দুল্লাহ মুহাম্মদ ইবনে ইছহাক ( ৩১১ হিজৰী )
২. ছহীহ ইবনে হিব্বান — আবু হাতিম মুহাম্মদ ইবনে হিব্বান ( ৩৫৪ হিজৰী )
৩. আল-মুচতাদৰাক — – হাকিম আবু আব্দুল্লাহ নিশ্বাপুৰী ( ৪০২ হিজৰী )
৪. আল-মুখতাৰা — যিয়াউদ্দিন আল-মাকদিচী ( ৭০৪ হিজৰী )
৫. ছহীহ আবু আওৱানা — ইয়াকুব ইবনে ইছহাক ( ৩১১ হিজৰী )
৬. আল-মুনতাকা — ইবনুল জাৰূদ আব্দুল্লাহ ইবনে আলী।
ইয়াৰ ওপৰিও মুহাম্মদ ইবনে ৰাজা সিন্ধী ( ২৮৬ হিজৰী ) আৰু ইবনে হাযম জাহিৰীৰ (৪৫৬ হিজৰী ) ও একো একোখন ছহীহ কিতাপ আছে বুলি কোনো কোনো কিতাপত উল্লেখ পোৱা যায় । কিন্তু পৰৱৰ্তী মুহাদ্দিছ সকলে এইবোৰক ছহীহ হাদীছ বুলি গ্ৰহণ কৰিছিল নে নাই বা কতো ইয়াৰ পাণ্ডুলিপি বিদ্যমান আছে নে নাই সেয়া জনা নাযায় ।
হাদীছৰ সংখ্যা
হাদীছৰ মূল কিতাপসমূহৰ ভিতৰত ইমাম আহমদ ইবনে হাম্বল ( ৰহ:) ৰ ‘মুচনাদ’ এখন বৃহৎ কিতাপ। সেইখনত সাতশ চাহাবীৰ বৰ্ণিত পুণৰুল্লেখ ( তাকবাৰ ) সহ মুঠ ৪০ হেজাৰ আৰু তাকবাৰ অবিহনে ৩০ হেজাৰ হাদীছ আছে । শ্বেখ আলী মুত্তকী জৌনপুৰীৰ ‘মুনতাখাবু কানযিল উম্মাল ‘ত ৩০ হেজাৰ আৰু মূল কানযুল উম্মালত ( তাকবাৰ অবিহনে ) মুঠ ৩২ হেজাৰ হাদীছ আছে । অথচ এই কিতাপ বহু মূল কিতাপৰ সমষ্টি । একমাত্র হাচান আহমদ সমৰকান্ধীৰ ‘বাহৰুল আচানীদ’ কিতাপত এক লাখ হাদীছ আছে বুলি বৰ্ণিত আছে । মুঠ হাদীছৰ সংখ্যা চাহাবা ও তাবিঈ সকলৰ আচাৰ সহ সৰ্বমুঠ এক লাখৰ অধিক নহয় বুলি ধাৰণা হয় । ইয়াৰ মাজত ছহীহ হাদীছৰ সংখ্যা আৰু কম । হাকিম আবু আব্দুল্লাহ নিশ্বাপুৰীৰ মতে প্ৰথম শ্ৰেণীৰ হাদীছৰ সংখ্যা ১০ হেজাৰতকৈ কম । চিহাহ চিত্তাত কেৱল পৌনে ছয় হেজাৰ হাদীছ আছে । ইয়াৰ মাজত ২৩২৬ টা হাদীছ মুত্তাফাক আলায়হি । তথাপিও কোৱা হয় যে হাদীছৰ ডাঙৰ ডাঙৰ ইমামৰ লাখ লাখ হাদীছ জনা আছিল। তাৰ অৰ্থ এইটো যে হাদীছৰ বিভিন্ন চনদ আছে ।
[ আনকি নিয়ত সম্পৰ্কীয় ( انمالاعمال بالنيات) হাদীছটোৰ ৭ শ ৰো অধিক চনদ আছে — তাদবীন , ৫৪ পৃষ্ঠা ] অথচ আমাৰ মুহাদ্দিছ সকলে যি হাদীছটোৰ যিমান চনদ আছে সেইটোক সিমান সংখ্যক হাদীছ বুলি গণ্য কৰিছে ।
হাদীছ সংকলন ও তাৰ প্ৰচাৰ
চাহাবায়ে কেৰাম (ৰা:) নবী (ছা:) ৰ প্ৰতিটো কাম ও আচৰণ সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিছিল । ৰাছুল (ছা: ) এ চাহাবীসকলক ইছলামৰ আদৰ্শ ও ইয়াৰ যাবতীয় নিৰ্দেশ যেনেকৈ মানি চলাৰ হুকুম দিছিল , তেনেকৈ সেইটো অনাগত মানৱ জাতিৰ ওচৰত পৌচাই দিয়াৰ নিৰ্দেশ দিছিল । হাদীছ চৰ্চাকাৰীৰ বাবে তেওঁ নিম্নোক্ত দুআ কৰিছিল :
نصرالله امرء سمع منا حديثا
فحفظه حتي يبلغة غيره الغ —
“আল্লাহে সেই ব্যক্তিক সজীৱ ও আলোকোজ্জল কৰি ৰাখক যিয়ে মোৰ কথা শুনিলে আৰু স্মৃতিত ধৰি ৰাখিলে তাৰ পূৰ্ণ হিফাজত কৰিলে আৰু এনে মানুহৰ ওচৰত পৌচাই দিলে যিটো সিহঁতে শুনা নাছিল ।” ( তিৰমিযী ২য় খণ্ড , পৃষ্ঠা ৯০ )
মহানবী ( ছা:) এ আব্দুল কায়েচ গোত্ৰৰ প্ৰতিনিধি দলক প্ৰয়োজনীয় উপদেশ দান কৰি কৈছিল : এই কথাবিলাক তোমালোকে সম্পূৰ্ণৰূপে স্মৰণ কৰি ৰাখিবা আৰু যিসকল তোমালোকৰ পিছত আছে সিহঁতৰ ওচৰত পৌচাই দিবা”(বুখাৰী ) । তেওঁ চাহাবীসকলক সম্বোধন কৰি কৈছিল : আজি তোমালোকে ( মোৰ ওচৰত দ্বীনৰ কথা ) শুনিছা , তোমালোকৰ পৰাও (সেইটো) শুনিব” — মুচতাদৰাক হাকিম ১ম খ , পৃ. ৯৫ ) তেওঁ আৰু কৈছিল : মোৰ পিছত লোকে তোমালোকৰ পৰা হাদীছ শুনিবলৈ বিচাৰিব । সিহঁত এই উদ্দেশ্যে তোমালোকৰ ওচৰত আহিলে সিহঁতৰ প্ৰতি সদয় হবা আৰু সিহঁতৰ ওচৰত হাদীছ বৰ্ণনা কৰিবা ।” ( মুচনাদে আহমদ )। তেওঁ অন্য ঠাইত কৈছিল : মোৰ ওচৰৰ পৰা এটা বাক্য হলেও সেইটো আনৰ ওচৰত পৌচাই দিয়া ।” ( বুখাৰী ) ৮ম হিজৰীত মক্কা বিজয়ৰ পিছদিনা আৰু ১০ম হিজৰীত বিদায়ী হজ্জৰ ভাষণত মহানবী ( ছা:) কৈছিল : উপস্থিত লোকসকলে যেন অনুপস্থিতসকলৰ ওচৰত মোৰ এই কথাবোৰ পৌচাই দিয়ে ।” ( বুখাৰী )
ৰাছুল(ছা:)ৰ উল্লেখিত বাণীৰ গুৰুত্ব ও প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁৰ চাহাবীসকলে হাদীছ সংৰক্ষণত উদ্যোগী হয় । প্ৰধানত তিনিটা শক্তিশালী উপায়েৰে মহানবী(ছা:)ৰ হাদীছ সংৰক্ষিত হয় :(১) উম্মতৰ নিয়মিত আমল (২) ৰাছুল(ছা:)ৰ লিখিত ফৰমান , চাহাবীসকলৰ ওচৰত লিখিত আকাৰত সংৰক্ষিত হাদীছ ও পুস্তিকা আৰু (৩) হাদীছ মুখস্থ কৰি স্মৃতিৰ ভাণ্ডাৰত সঞ্চিত কৰি ৰখা । তাৰপিছত বৰ্ণনা আৰু শিক্ষাদানৰ মাধ্যমত লোক পৰম্পৰাত তাৰ প্ৰচাৰ ।সেই সময়ৰ আৰবসকলৰ স্মৰণশক্তি অসাধাৰণ ভাবে প্ৰখৰ আছিল । যিকোনো বস্তু স্মৃতিত ধৰি ৰাখিবলৈ এবাৰ শ্ৰবণেই যতেষ্ট আছিল । স্মৰণশক্তিৰ সহায়ত আৰববাসীয়ে হাজাৰ বছৰ ধৰি সিহঁতৰ জাতীয় ঐতিহ্যক সংৰক্ষণ কৰি আহিছিল । হাদীছ সংৰক্ষণৰ ক্ষেত্রত প্ৰথমিক উপায় হিচাপে এই মাধ্যমটো খুবেই গুৰুত্বপূৰ্ণ আছিল । মহানবী(ছা:)এ যেতিয়াই কোনো কথা কৈছিল , উপস্থিত চাহাবীসকলে পূৰ্ণ আগ্ৰহ ও আন্তৰিকতা সহকাৰে সেইটো শুনিছিল । তাৰপিছত মুখস্থ কৰি লৈছিল । তেতিয়াৰ মুছলিম সমাজত প্ৰায় এক লক্ষ লোকে ৰাছুল(ছা:)ৰ বাণী ও কৰ্মৰ বিৱৰণ সংৰক্ষণ কৰিছিল আৰু স্মৃতিপটত ধৰি ৰাখিছিল । আব্দুল্লাহ ইবনে আব্বাছ ( ৰা:) কৈছে , আমি ৰাছুল(ছা:)ৰ হাদীছ মুখস্থ কৰিছিলো ।” ( ছহীহ মুছলিম , ভূমিকা পৃ. ১০)
উম্মতৰ নিৰৱচিন্ন আমল, পাৰস্পৰিক পৰ্য্যালোচনা , শিক্ষাদানৰ মাধ্যমেও হাদীছ সংৰক্ষিত হয় । ৰাছুল(ছা:) যি নিৰ্দেশ দিছিল , চাহাবীসকলে লগে লগে সেইটো কাৰ্য্যত পৰিণত কৰিছিল । সিহঁত মছজিদ অথবা কোনো নিৰ্দিষ্ট স্থানত একত্ৰিত হৈছিল আৰু হাদীছ আলোচনা কৰিছিল। আনাছ ইবনে মালিক ( ৰা:) কৈছে , আমি মহানবী(ছা:)ৰ ওচৰত হাদীছ শুনিছিলো । তেওঁ যেতিয়া মছজিদৰ পৰা উঠি গুচি গৈছিল , তেতিয়া আমি শুনা হাদীছ বিলাক পৰস্পৰৰ মাজত পুনৰাবৃত্তি আৰু পৰ্য্যালোচনা কৰিছিলো। আমাৰ পৰা এজন এজনকৈ সকলোৱে হাদীছ বিলাক মুখস্থ শুনাইছিল । এনে ধৰণৰ প্ৰায় বৈঠকত অন্তত ষাঠি – সত্তোৰ জন লোক উপস্থিত হৈছিল । বৈঠকৰ পৰা যেতিয়া আমি উঠি গৈছিলো তেতিয়া আমাৰ প্ৰত্যেকৰে সকলোখিনি মুখস্থ হৈ গৈছিল —( আল-মু’জামাউয যাওৱাইদ ১ম খণ্ড পৃ. ১৬১) ।
মছজিদে নবৱীত কেন্দ্ৰ কৰি স্বয়ং নবী কৰীম (ছা:)ৰ জীৱনকালতেই যি পাঠশালা গঢ়ি উঠিছিল তাতে এদল বিশিষ্ট চাহাবী ( আহলুছ ছুফ্ফা ) সাৰ্বক্ষণিকভাৱে কোৰআন – হাদীছৰ শিক্ষাত ব্যস্ত থাকিছিল ।
হাদীছ সংৰক্ষণৰ বাবে যথা সময়ত যথেষ্ট পৰিমাণে লিখনি শক্তিৰো সহায় লোৱা হৈছিল । প্ৰাথমিক পৰ্য্যায়ত কোৰআন মাজিদ ব্যতিত সাধাৰণতে অন্য একো লিখা হোৱা নাছিল । পৰৱৰ্তী কালত হাদীছৰ বিৰাট সম্পদ লিপিবদ্ধ কৰা হৈছিল । হাদীছ ৰাছুল(ছা:)ৰ জীৱনকালত লিপিবদ্ধ হোৱা নাছিল , বৰং তেওঁৰ মৃত্যুৰ শতাব্দী কালৰ পিছত লিপিবদ্ধ হৈছিল বুলি যি ভুল ধাৰণা প্ৰচলিত আছে তাৰ আদৌ কোনো ভিত্তি নাই। অৱশ্যে এই কথা ঠিক যে , কোৰআন লগতে হাদীছ সংমিশ্ৰিত হৈ জঠিল পৰিস্থিতিৰ উদ্ভৱ হব পাৰে । কেৱল এই আশংকাত ইছলামী দাওৱাতৰ প্ৰাথমিক পৰ্য্যায়ত ৰাছুল(ছা:) কৈছিল : মোৰ কোনো কথা নিলিখিবা । কোৰআনৰ ব্যতিত মোৰ পৰা কোনোবাই কিবা লিখি থাকিলে সেইটো যেন মুচি দিয়ে । ( মুছলিম ) কিন্তু যত এনেধৰণৰ বিভ্ৰান্তিৰ আশংকা নাছিল মহানবী(ছা:) সেই সকলো ক্ষেত্ৰত হাদীছ লিপিবদ্ধ কৰি ৰাখিবলৈ বিশেষভাৱে উৎসাহিত কৰিছিল । আব্দুল্লাহ ইবনে আমৰ(ৰা:) ৰাছুল(ছা:)ৰ কাষত উপস্থিত হৈ কৈছিল , হে আল্লাহৰ ৰাছুল(ছা:) মই হাদীছ বৰ্ণনা কৰিব বিচাৰো গতিকে যদি আপুনি অনুমতি দিয়ে , তেতিয়াহলে মই স্মৰণশক্তিৰ ব্যৱহাৰৰ লগতে লেখনিৰো সাহায্য গ্ৰহণ কৰিবলৈ ইচ্ছুক।” তেওঁ ক’লে মোৰ হাদীছ মোৰ হাদীছ মুখস্থ কৰাৰ লগতে লিখিও ৰাখিব পাৰা” ( দাৰেমী ) ।
আব্দুল্লাহ ইবনে আমৰ (ৰা:) আৰু কৈছে , ” মই ৰাছুল(ছা:)ৰ ওচৰত যি শুনিছিলো , মনত ৰখাৰ বাবে সেইটো লিখি লৈছিলো । কিছুমান চাহাবীয়ে মোক সেইবোৰ লিখিবলৈ নিষেধ কৰিলে আৰু ক’লে , ৰাছুল(ছা:) এজন মানুহ । কেতিয়াবা স্বাভাৱিক অৱস্থাত আকৌ কেতিয়াবা ৰাগান্বিত অৱস্থাত কথা কয়।” এই কথা কোৱাৰ পিছত মই হাদীছ লিখাৰ পৰা বিৰল থাকিলোঁ, তাৰপিছত সেয়া মই ৰাছুল(ছা:) ক জনালোঁ । তেওঁ নিজৰ হাতৰ আঙুলিৰ সহায়ত স্বীয় মুখৰ পিনে ইংগিত কৰি ক’লে : তুমি লিখি ৰাখা । সেই সত্তাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ, এই মুখেদি সত্যৰ বাহিৰে আন একো বাহিৰ নহয়।” ( আবুদাউদ , মুচনাদে আহমদ, দাৰেমী , হাকিম , বায়হাকী ) । তেওঁৰ সংকলনৰ নাম আছিল , “ছহীফায়ে ছাদিকা ” । এই সম্পৰ্কে তেওঁ ক’লে , ছাদিকা হাদীছৰ এটি সংকলন — যিটো মই নবী(ছা:)ৰ পৰা শুনিছো ” — ( উলুমুল হাদীছ, পৃ. ৪৫) । এই সংকলনত এক হাজাৰ হাদীছ লিপিবদ্ধ আছিল ।
আবুহুৰায়ৰা (ৰা:) কৈছে , এজন আনচাৰী চাহাবী ৰাছুল(ছা:)ৰ কাষত আহি সুধিলে , হে আল্লাহৰ ৰাছুল ! আপুনি যি যি কয় , মোৰ খুবেই ভাল লাগে কিন্তু মনত ৰাখিব নোৱাৰোঁ । নবী কৰীম(ছা:) ক’লে : তুমি সোঁ হাতৰ সাহায্য লোৱা । তাৰপিছত তেওঁ হাতৰ ইছাৰাত লিখি ৰখাৰ প্ৰতি ইংগিত কৰিলে —( তিৰমিযী )।
আবুহুৰায়ৰা(ৰা:) কৈছে , মক্কা বিজয়ৰ দিনা ৰাছুল(ছা:) ভাষণ দিছিল । আবু শ্বাহ ইয়ামনী ( ৰা:) সুধিলে , হে আল্লাহৰ ৰাছুল ! এই ভাষণ মোক লিখি দিয়ক । নবী কৰীম(ছা:) ভাষণটো তেওঁক লিখি দিবলৈ নিৰ্দেশ দিছিল — ( বুখাৰী , তিৰমিযী , মুচনাদে আহমদ ) । হাচান ইবনু মুনব্বিহ ( ৰ:) কৈছে , আবুহুৰায়ৰা(ৰা:) মোক বিপুল সংখ্যক কিতাপ ( পাণ্ডুলিপি ) দেখুৱাইছিল । তাতে ৰাছুল(ছা:)ৰ হাদীছ লিপিবদ্ধ আছিল ( ফাতহুল বাৰী ) । আবুহুৰায়ৰা(ৰা:) সংকলনৰ এটি কপি ( ইমাম ইবনে তাইমিয়াৰ হস্তলিখিত ) দামাস্ক আৰু বাৰ্লীনৰ লাইব্ৰেৰীত সংৰক্ষিত আছে ।
আনাছ ইবনে মালিক (ৰা:) তেওঁৰ ( স্বহস্তে লিখিত) সংকলন বাহিৰ কৰি ছাত্ৰসকলক দেখুৱাই ক’লে , মই এইবিলাক নবী কৰীম(ছা:) ৰ পৰা শুনি সেইবিলাক লিখি লৈছিলো । পিছত তেওঁক সেইবোৰ পঢ়ি শুনাইছোঁ ( মুচতাদৰাক হাকিম ৩য় খ. পৃ. ৫৭৩)। ৰাফি ইবনে খাদীজ ( ৰা:) ক স্বয়ং ৰাছুল(ছা:) হাদীছ লিখি ৰখাৰ অনুমতি দিয়ে । তেওঁ প্ৰচুৰ হাদীছ লিখি ৰাখিছিল ( মুচনাদে আহমদ )।
আলী ইবনে আবু তালিব ( ৰা:) ও হাদীছ ৰাখিছিল। চামৰাৰ মোনাৰ মাজতে সংৰক্ষিত সংকলনটো তেওঁৰ লগতেই ৰাখিছিল । তেওঁ কৈছিল : মই ৰাছুল(ছা:)ৰ ওচৰৰ পৰা এই ছহীফা ও কোৰআন মাজিদ ব্যতিত আন একো লিখা নাই । সংকলনটো স্বয়ং ৰাছুল(ছা:) লিখাইছিল । ইয়াত জাকাত , ৰক্তপণ ( দিয়াত ) , বন্দীমুক্তি, মদীনাৰ হেৰেম আৰু অনেক বিষয় সম্পৰ্কীত বিধান উল্লেখ আছিল ( বুখাৰী , ফাতহুল বাৰী ) । আব্দুল্লাহ ইবনে মাচউদ ( ৰা:) ৰ পুত্ৰ আব্দুৰ ৰহমানে এখনি পাণ্ডুলিপি লৈ আহি শপত কৰি কৈছিল , এইখন আব্দুল্লাহ ইবনে মাচউদ (ৰা: ) ৰ নিজ হাতে লিখা ( জামি বয়ানিল ইল্ম, ১ম খ. পৃ. ১৭ )।
স্বয়ং নবী কৰীম(ছা:) হিজৰত কৰি মদীনাত গৈ বিভিন্ন জাতিৰ সমন্বয়ে যি চুক্তিপত্ৰ সম্পাদন কৰিছিল ( যিটো মদীনাৰ চনদ নামে খ্যাত ), হুদাইবিয়াৰ প্ৰান্তত মক্কাৰ মুচৰিকসকলৰ সৈতে যি সন্ধি কৰিছিল , বিভিন্ন সময়ত যি ফৰমান জাৰি কৰিছিল , বিভিন্ন গোত্ৰ প্ৰধান ও ৰাজন্যবৰ্গৰ ওচৰত ইছলামৰ যি দাওৱাত নামা প্ৰেৰণ কৰিছিল আৰু বিভিন্ন ব্যক্তি ও গোত্ৰক যিবিলাক জমিন , খনি আৰু কুৱাঁ দান কৰিছিল সেইবিলাক সকলো লিপিবদ্ধ আকাৰত আছিল আৰু সেইবিলাক সকলো হাদীছৰূপে গণ্য ।