বিবাহৰ নামত বৰ্তমান সমাজত প্ৰচলিত কিছুমান কু প্ৰথা
“বিয়া-বাৰু সম্পৰ্কে ছহীহ হাদিছৰ আধাৰত কিছু কথা আৰু বিয়াক লৈ বৰ্তমান সমাজত চলি থকা কিছুমান অনা ইছলামিক ৰীতি-নীতি” বিবাহৰ নামত বৰ্তমান সমাজত প্ৰচলিত কিছুমান কু প্ৰথা |
✒️বিয়া-বাৰুত ধর্মৰ নামত আমি এইবোৰ কি কৰি আছো???
•••••••••••••••••••••••••••••••••
🔸1.কোৱা হৈছে-নিজে গৈ ছোৱালী চাবলৈ, আৰু আমি আৰম্ভ কৰিছো সকলোৱে মিলি চোৱা!
🔸2. কোৱা হৈছে- দ্বীনদাৰী ছোৱালী চাই বিয়া কৰিবলৈ, আৰু আমি আৰম্ভ কৰিছো ছোৱালী সুন্দৰী চাই বিয়া কৰোৱা!
🔸3. কোৱা হৈছে- ল’ৰাৰ দ্বীনক প্রাধান্য দিবলৈ, আৰু আমি আৰম্ভ কৰিছো ল’ৰাৰ চাকৰি – টকা-পইচাক প্রাধান্য দিয়া!
🔸4. কোৱা হৈছে- নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱা, আৰু আমি আৰম্ভ কৰিছো চৈধ্য পুৰুষৰ মতামত লোৱা!
🔸5. কোৱা হৈছে- ছোৱালীৰ মতামত লৈ বিয়া দিয়া, আৰু আমি আৰম্ভ কৰিছো নিজৰ ইচ্ছাত বাধ্য কৰি বিয়া দিয়া!
🔸6. কোৱা হৈছে- কম খৰচত বিয়া কৰোৱা, আৰু আমি আৰম্ভ কৰিছো অবৈধ আনুষ্ঠানিকতাৰ নামত অপচয় কৰা!
বিবাহৰ নামত বৰ্তমান সমাজত প্ৰচলিত কিছুমান কু প্ৰথা
🔸7. কোৱা হৈছে- ল’ৰাৰ পক্ষৰ পৰা ওয়ালীমা কৰি মানুহক খোৱাবলৈ, আৰু আমি আৰম্ভ কৰিছো ছোৱালীৰ বাপেকৰ ওপৰত জুলুম কৰি ৰুছম আৰু খোৱাৰ আয়োজন কৰা!
🔸8. কোৱা হৈছে- স্ত্রীৰ মোহৰানা আদায় কৰিবলৈ, আৰু আমি আৰম্ভ কৰিছো যৌতুক লোৱা !
🔸9. কোৱা হৈছে- বিয়াক সহজ কৰিবলৈ, আৰু আমি আৰম্ভ কৰিছো বিয়াৰ নামত অযথা খৰচ কৰি বিয়া কঠিন কৰা।
🔸10. কোৱা হৈছে- নতুন কইনা চাই দোআ কৰিবলৈ, আৰু আমি আৰম্ভ কৰিছো টকা দিয়া!
🔸11. কোৱা হৈছে- স্বামীক সম্মান কৰিবলৈ, আৰু আমি আৰম্ভ কৰিছো নিজৰ ইচ্ছাত নিয়োজিত কৰা!
🔸12. কোৱা হৈছে- স্ত্রীৰ সৈতে সুন্দৰভাৱে কথা কবলৈ, আৰু আমি আৰম্ভ কৰিছো দাসীৰ দৰে আচৰণ কৰা!
READ : জাগা মুমিন জাগা – ৩৪ , ৩৫ . মোহৰ নৰ সমাবও ৰ্তমাজ তথা ফাতিমা মোহৰ
🔸13. কোৱা হৈছে- দেৱৰৰ পৰা দূৰত থাকিবলৈ, আৰু আমি আৰম্ভ কৰিছো হাঁহি, ঠাট্টা,তামাচাত লিপ্ত হোৱা।
🔸14. কোৱা হৈছে- স্বামীৰ কাৰণে সাজোন-কাচোন কৰিবলৈ, আৰু আমি আৰম্ভ কৰিছো সাজি-কাচি ৰাস্তাৰ মানুহৰ প্ৰদৰ্শনৰ বস্তু হোৱা!
🔸15. কোৱা হৈছে- স্ত্রীক পর্দাত ৰাখিবলৈ, আৰু আমি আৰম্ভ কৰিছো স্ত্রীক লৈ বজাৰত ঘুৰি ফুৰা!
READ : https://islamqa.info/en/categories/topics/36/conditions-of-marriage
🔹🔸সঁচাকৈয়ে ইছলামিক নীতি-নিয়ম উলংঘা কৰি বিয়া-বাৰুত আমাৰ নিজৰ ইচ্ছাত বহুত কিবা চলি আছে। যাৰ কাৰণে, সমাজত বিয়া দিনক দিনে কঠিন হৈ আছে, বিয়াত বৰকত কমি গৈছে, সংসাৰত অশান্তি লাগিয়েই থাকে। দিনক দিনে বাঢ়ি আছে তালাকৰ সংখ্যা,আৰু এই সকলোবোৰ আমাৰেই কৰ্মফল,আমি বিয়া-বাৰুৰ ক্ষেত্ৰত ছূন্নাহৰ পৰা আঁতৰি গৈ নতুনত্বৰ সংযোজন কৰি আছো।
🔸আল্লাহ্পাক আমাৰ সকলোকে হিদায়াত দান কৰক।।আমিন।।ভ