Facebook_Whats app!!! মহান আল্লাহৰ এটা ডাঙৰ অৱদান!

Facebook_Whats app!!!

মহান আল্লাহৰ এটা ডাঙৰ অৱদান!

ফেচবুক আৰু হোৱাটচ এপ-য়ে মোৰ জীৱনৰ গতিপথ সলনি কৰি দিলে। শ্বিৰ্ক-বিদাত কি বস্তু চিনি পোৱা নাছিলোঁ। জাল-জঈফ হাদীছ আমল কৰি আছিলোঁ। ছালাত (নামাজ) পঢ়িছিলোঁ কোনোবা মানুহে বনোৱা পদ্ধতিত। ইন্টাৰনেটৰ জৰিয়তেহে প্ৰথমে গম পালো যে আমি কৰি থকা ইবাদাতবোৰৰ সৰহসংখ্যকৰেই ছহীহ হাদীছৰ লগত কোনো মিল নাই। অথচ ইবাদাত কবুল হোৱাৰ এটা গুৰুত্বপূৰ্ণ আৰু প্ৰধান চৰ্তই হ’ল নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পদ্ধতি। তাৰপিছত নিজেই বুখাৰী-মুছলিম আদি হাদীছগ্ৰন্থসমূহ পঢ়ি দেখিলোঁ যে আমি পঢ়ি থকা নামাজৰ পদ্ধতি ছহীহ হাদীছত নাই। পিছে প্ৰচলিত নামাজৰ এই পদ্ধতি আহিল ক’ৰ পৰা। সেইটো মই নকওঁ। আপোনালোকে অনুসন্ধান কৰক।

ইং ২০১২ চনৰ জুন/জুলাই মাহৰ কথা। হঠাতে হাতত মোবাইলটো লৈ কিবাকিবি টিপি গৈ থাকিলোঁ। এটা facebook একাউন্ট খোলা হ’ল। এটা page ত গৈ দেখিলোঁ হাদীছ আৰু কুৰআনৰ আয়াতসমূহ। মনটো ভাল লাগি গ’ল। ভাৱিলোঁ ই আল্লাহৰ এটা ডাঙৰ নিয়ামত।

কেইদিনমান পিছত আহিল শ্ববে বৰাত। এজনে লিখিলে শ্ববে বৰাত বিদাত। আমাৰ প্ৰচলিত মাদ্ৰাছাত পঢ়া আলিম আৰু ছাত্ৰসকলক সুধিলো শ্ববে বৰাতৰ কথা কুৰআন বা হাদীছত আছে নেকি? তেওঁলোকে থকা বুলি ক’লে¸ কিন্তু আজিলৈ দলিল দিব নোৱাৰিলে। শ্ববে বৰাত পালন কৰা বাদ দিলোঁ।

আন এদিনৰ কথা। এটা গ্ৰুপত পালোঁ- পীৰ ধৰা শ্বিৰ্ক। মই সুধিলোঁ- হক্কানী পীৰ ধৰিব পাৰিনে? মোক ক’লে যে¸ কুৰআনৰ এটা আয়াত বা এটা ছহীহ হাদীছ দেখুৱাওঁক য’ত নেকি পীৰ ধৰাৰ কথা আছে। কেইজনমান মৌলানাক সোধাত তেওঁলোকে অছীলা ধৰাৰ কথা ক’লে। মই ক’লো- আল্লাহে ছালাত আৰু ধৈৰ্যৰ অছীলাত দোৱা কৰিব কৈছে। আন এঠাইত কৈছে নিজে কৰা সৎ কামৰ অছীলাত দোৱা কৰাৰ কথা। পীৰৰ কথা ক’ত আছে? সঠিক উত্তৰ দিব নোৱাৰিলে। মুৰিদ হৈছিলোঁ। ছয় তছবীহ¸ বাৰ তছবীহ¸ ইল্লাল্লাহ-ইল্লাল্লাহ আৰু আল্লাহ-আল্লাহ বিদাতী জিকিৰসমূহ বাদ দিলোঁ।

আন এদিন এজনে লিখিলে ৭৮৬ লিখা শ্বিৰ্ক¸ সকলো প্ৰকাৰ তাবিজ শ্বিৰ্ক। অধ্যয়ন কৰি দেখিলোঁ কুৰআন আৰু হাদীছত ইয়াৰ অনুমোদন নাই। বৰং তাবিজৰ বিপক্ষে ছহীহ হাদীছ আছে।

এনেকৈ গৈ আছোঁ। এদিন এজনে Whats app নম্বৰ বিচাৰিলে। মই ক’লো- মোৰ Whats app নাই। এটা নতুন চেট কিনি Whats app খুলি নম্বৰ দিলোঁ। পাই গ’লো মাদানী আৰু দেওবন্দী আলিমসকলক। দেখিলোঁ মাদানীসকলৰ কথা কুৰআন আৰু ছহীহ হাদীছৰ লগত সম্পূৰ্ণ মিল আছে¸ কিন্তু দেওবন্দী আলিমৰ???

মই প্ৰস্তাৱ দিলোঁ- আমি এখন চেমিনাৰ কৰিব লাগে। কেইদিনমান পিছত আন এজনে কোৱাত কথামতেই কাম। মঙ্গলদৈৰ এজন শিক্ষকৰ উদ্যোগত অসমৰ সকলো জিলাৰ সদস্যসকল এখন মাদ্ৰাছাত মিলিত হ’লো। হক্কপন্থী আলিমসকলক লগ পালোঁ। সেয়া আছিল ইং ২০১৫ চনৰ ৰমজানৰ আগৰ কথা। মঙ্গলদৈত গৈ জীৱনত প্ৰথবাৰৰ বাবে ছহীহ হাদীছমতে ছালাত পঢ়িলোঁ। কেইজনমান আলিমক মোৰ ঘৰলৈ ঈদৰ নিমন্ত্ৰণ জনালোঁ।

ঈদৰ পিছত এজন মাদানী আলিমৰ সৈতে ভালেকেইজন আলিম আৰু উচ্চ শিক্ষিত ব্যক্তিয়ে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰত উপস্থিত হ’ল। দ্বীন সম্পৰ্কে বহুতো আলোচনা হ’ল।

আমি কেইজনমানে ছহীহ পদ্ধতিত মছজিদত নামাজ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। তাকে দেখি তথাকথিত আলিমসকলৰ সহ্য নহ’ল। আমাৰ বিৰুদ্ধে নানা অপ-প্ৰচাৰ¸ জেহাদী সজোৱাৰ ভাবুকি প্ৰদান আৰম্ভ হ’ল। আমি বোলে ইহুদী-খ্ৰীষ্টানৰ দালাল¸ লা-মাজহাবী¸ ওৱাহাবী¸ কাদিয়ানী ইত্যাদি ইত্যাদি।

চলিত বৰ্ষৰ ২৬ জানুৱাৰীত মোৰ ঘৰলৈ অহা ৮ জন জামাত ই ইছলামী হিন্দৰ কৰ্মীৰ সৈতে মোক ৭ ঘন্টা থানাত আবদ্ধ কৰি ৰাখিলে। আমি হেনো জেহাদী। এজন মৌলানাৰ উচটনিত আমাক জেহাদী সজোৱা হ’ল। এই বিষয়ে বিস্তৃত বৰ্ণনা উল্লেখ কৰি ইতিমধ্যে এটা পোষ্ট দিয়া হৈছে। এনেকৈয়ে আজি আমি ছহীহ পদ্ধতিত ছালাত পঢ়িবলৈ গৈ আমাৰে একাংশ মুছলিম ভাইৰ দ্বাৰা নিৰ্যাতিত আৰু অপদস্থ হবলগীয়া হৈছে। সৌ সিদিনা এজন তথাকথিত মুফতিৰ উচটনিত বিলাসীপাৰাত যিটো ঘটনা হ’ল তাৰ ভি ডি অ’ দেখি স্তম্ভিত হৈ পৰিছোঁ। এয়াই নেকি প্ৰচলিত মাদ্ৰাছাৰ শিক্ষা? এয়াই নেকি নবীৰ ওৱাৰীছ?? এয়াই নেকি শান্তিৰ ধৰ্ম ইছলাম???

আল্লাহে তেওঁলোকক সুমতি দিয়ক আৰু আমাক সকলোকে হিদায়াৎ দান কৰক। শুদ্ধ পদ্ধতিত ইবাদাত কৰাৰ কাৰণে তৌফিক দিয়ক। সকলো প্ৰকাৰ শ্বিৰ্ক-বিদাতৰ পৰা হিফাজাতে ৰাখক। আমিন।

ইন্টাৰনেটৰ সৎ ব্যৱহাৰ কৰি শুদ্ধ ইছলাম প্ৰচাৰ কৰোঁ আঁহক!
#JBR

Leave a comment