প্ৰশ্ন : আল্লাহ্‌ৰ ওচৰত আটাইতকৈ ডাঙৰ গুনাহ বা পাপ কোনটো ?

প্ৰশ্ন : আল্লাহ্‌ৰ ওচৰত আটাইতকৈ ডাঙৰ গুনাহ বা পাপ কোনটো ? উত্তৰ : যি গুনাহ দি আল্লাহ্‌ৰ নাফৰমানি কৰা হয়, তাৰ আটাইতকৈ ডাঙৰ গুনাহ বা পাপ হৈছে শ্বিৰ্ক । মহান আল্লাহে কৈছে , ﴿ لَقَدۡ كَفَرَ ٱلَّذِينَ قَالُوٓاْ إِنَّ ٱللَّهَ هُوَ ٱلۡمَسِيحُ ٱبۡنُ مَرۡيَمَۖ وَقَالَ ٱلۡمَسِيحُ يَٰبَنِيٓ إِسۡرَٰٓءِيلَ ٱعۡبُدُواْ ٱللَّهَ رَبِّي وَرَبَّكُمۡۖ إِنَّهُۥ مَن يُشۡرِكۡ بِٱللَّهِ فَقَدۡ حَرَّمَ ٱللَّهُ عَلَيۡهِ ٱلۡجَنَّةَ وَمَأۡوَىٰهُ ٱلنَّارُۖ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٖ ٧٢ ﴾ [المائ‍دة: ٧٢] “ যিসকলে কয় যে, মৰিয়াম-পুত্ৰ মাছীহেই আল্লাহ, সেইসকল কাফিৰ । অথচ মাছীহ নিজেই কৈছে , হে বনী ইছৰাঈল! তোমালোকে মোৰ পালনকৰ্তা আৰু তোমালোকৰ পালনকৰ্তা আল্লাহৰ ইবাদত কৰা নিশ্চয় যি ব্যক্তি আল্লাহৰ লগত শ্বিৰ্ক কৰে আল্লহে তাৰ কাৰণে জান্নাত হাৰাম কৰি দিছে । তাৰ বাসস্থান হৈছে জাহান্নাম ।আৰু অত্যাচাৰীসকলৰ কোনো সাহায্যকাৰী নাই ।” (মায়েদাহ ৭২) আৰু শ্বিৰ্ক হৈছে আল্লাহৰ সমকক্ষ সাব্যস্ত কৰা , লাগিলে সেইটো কোনো বাদচাহ অথবা নবী – ৰাছুল বা কোনো অলী বা পীৰ । আল্লাহৰ বাহিৰে অথবা আল্লাহৰ লগত তাক মাত দিয়া বা তাক ভয় কৰা বা তাৰ ওপৰত ভৰষা কৰা বা তাৰ ওচৰত কোনো বস্তু খুজা বা কোনো ইবাদত তাৰ কাৰণে সম্পাদন কৰা ।

Leave a comment