জীৱনৰ গতিপথ সলাই দিয়াৰ ক্ষেত্ৰত ড৹ বিলাল ফিলিপছৰ দহটি উক্তি ..

জীৱনৰ গতিপথ সলাই দিয়াৰ ক্ষেত্ৰত ড৹ বিলাল ফিলিপছৰ দহটি উক্তি .. তেখেতৰ প্ৰকৃত নাম ড৹ আবু আমিনাহ বিলাল ফিলিপছ । মূলতঃ বিলাল ফিলিপছ নামেৰে জনাজাত । ইছলাম ধর্মৰ এগৰাকী নিবেদিত দাঈ,প্রচাৰক বিলাল ফিলিপছ । ১৯৪৬ চনৰ ৬ জানুৱাৰীত জামাইকাত এটি খ্রিস্টান পৰিয়ালত তেখেতৰ জন্ম । ভাঙৰ-দীঘল হৈছিল কানাডাত । জন্মসূত্রে তেখেতৰ নাম আছিল ডেনিছ ব্রেডলি ফিলিপছ । ১৯৭২ চনত তেখেতে ইছলাম ধর্ম গ্রহণ কৰিছিল । মুছলিম হোৱাৰ পিছত তেখেতে মদীনা ইছলামী বিশ্ববিদ্যালয়ৰপৰা ইছলামিক থিঅলজিত সর্বোচ্চ ডিগ্রি অর্জন কৰে । বর্তমান তেখেত কাতাৰত বসবাসৰত । ড৹ বিলাল ফিলিপছৰ বিখ্যাত উক্তিবিলাকৰ ভিতৰত মাত্ৰ ১০ টি উক্তি ইয়াত তুলি ধৰা হ’ল– ১. বগা আৰু সৌন্দর্য কেতিয়াও একে বিষয় নহয় । বগা কেৱল চামৰাৰ মাজেৰে ফুটি উঠিলেও সৌন্দর্য ফুটি উঠাৰ বাবে প্রয়োজন আল্লাহৰ আনুগত্য আৰু উত্তম চৰিত্ৰ । ২. আমি যি শিকিছোঁ,সিয়ে যদি আমাৰ বিশ্বাসৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে,আল্লাহৰ ওচৰলৈ আমাক নিব নোৱাৰে, আমাৰ বিশ্বাসক অধিক মজবুত কৰিব নোৱাৰে,তেন্তে ইয়াৰ অর্থ হ’ল আমাৰ উদ্দেশ্য,নিয়তত ভুল আছে । ৩. আপুনি যিদিনাখন উপলব্ধি কৰিব যে ইছলামৰ কাৰণে কিমান বিশাল পৰিমাণ কাম কৰা প্রয়োজন অথচ হাতত যথেষ্ট কম সময়,সিদিনাখন বুজি পাব ছুটীৰ দিন কটোৱাৰ নিচিনাকৈ কোনো সময় নাই । ৪. আপোনাৰ জীৱনৰ বাবে আপোনাৰ পৰিকল্পনাতকৈ আল্লাহৰ পৰিকল্পনাই উত্তম । ৫. যেতিয়া আপুনি আল্লাহৰ ওচৰত প্রার্থনা কৰিছে,তেতিয়া চিন্তিত হোৱাৰ কোনো অৰ্থ নাই । প্রয়োজন কেৱল কিছু ধৈর্যধাৰণ কৰা । ৬. আপুনি ভাবিছে নেকি যে এনে কোনো নাই,যাৰ লগত আপোনাৰ ব্যক্তিগত কথা আৰু দুশ্চিন্তাবোৰ ভগাই ল’ব ? তেন্তে আপুনি শ্রেষ্ঠ শ্রবণকাৰী আল্লাহতা’আলাকেই পাহৰি গৈছে । ৭. আপুনি যিয়েই নকৰক কিয়,এই দুনিয়াৰ মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে । সেয়েহে দুনিয়াৰ সকলো মানুহক খুশ্বী কৰাৰ মিথ্যা আশা পৰিত্যাগ কৰি সৃষ্টিকর্তাক খুশ্বী কৰাৰ চেষ্টা কৰক । ৮. একাকীত্ব সকলো সময়তে অলপ বিৰক্তিকৰ হয় । অৱশ্যে যিয়ে আল্লাহৰ আনুগত্য কৰে,তেওঁ কেতিয়াও একাকীত্ব অনুভৱ নকৰে । ৯. মুছলিম হিচাবে জন্মগ্রহণ কৰাতকৈ মুছলিম হিচাবে মৃত্যুবৰণ কৰিব পৰাটোহে অধিক গুৰুত্বপূর্ণ । ১০. আল্লাহৰ ফালৰপৰা নিৰ্ধাৰিত প্রতিটো বিষয়েই আপোনাৰ প্রতি সুবিচাৰ । প্রয়োজন মাত্ৰ আপুনি তেওঁৰ প্রতি আস্থাশীল,নিৰ্ভৰশীল হোৱা আৰু তেওঁৰেই ওপৰত ভৰসা কৰা ।

Leave a comment