প্ৰশ্ন:- শ্বির্ক কেই প্রকাৰ আৰু কি কি? —————————————– শ্বির্ক দুই প্রকাৰ। যেনে- ১. ডাঙৰ শ্বির্ক:- যেনে- মৃত ব্যক্তিৰ ওচৰত সাহায্য বিচৰা, আল্লাহৰ বাহিৰে আন কোনো বাস্তৱায়নত অক্ষম- এনে কোনো বিষয়ে আনৰ ওচৰত সাহায্য প্রার্থনা কৰা, আল্লাহৰ বাহিৰে আনৰ ওচৰত ভৰসা কৰা, আল্লাহ বাহিৰে আনৰ উদ্দেশ্যে যবেহ কৰা ইত্যাদি। শ্বির্ক গুনাহ আল্লাহে ক্ষমা নকৰে। আল্লাহে কৈছে, ﴿ إِنَّ ٱللَّهَ لَا يَغۡفِرُ أَن يُشۡرَكَ بِهِۦ﴾ [النساء: ٤٨] “নিশ্চয় আল্লাহ শ্বিৰ্ক গুনাহ ক্ষমা নকৰে” (আন-নিছা ১১৬)। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, «مَنْ لَقِىَ اللَّهَ لاَ يُشْرِكُ بِهِ شَيْئًا دَخَلَ الْجَنَّةَ وَمَنْ لَقِيَهُ يُشْرِكُ بِهِ دَخَلَ النَّارِ» “যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বির্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, সি জান্নাতত প্রৱেশ কৰিব। পক্ষান্তৰে যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বির্ক কৰি মৃত্যুবৰণ কৰিব, সি জাহান্নামত প্রৱেশ কৰিব” (মুছলিম)। ২. সৰু শ্বিৰ্ক:- যেনে- লোকক দেখুৱাই কৰা ইবাদত। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, «إِنَّ أَخْوَفَ مَا أَخَافُ عَلَيْكُمُ الشِّرْكُ الْأَصْغَرُ ” قَالُوا: وَمَا الشِّرْكُ الْأَصْغَرُ يَا رَسُولَ اللهِ ؟ قَالَ: ” الرِّيَاءُ» “যি বিষয়ে মই তোমালোকৰ ওপৰত আটাইতকৈ বেছি ভয় কৰোঁ, সেইটো হ’ল সৰু শ্বিৰ্ক”। ছাহাবায়ে কেৰামে (ৰাদিয়াল্লাহু ‘আনহুম) তেখেতক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছূল! সৰু শ্বিৰ্ক কি? তেখেতে ক’লে, “সৰু শ্বিৰ্ক হৈছে লোকক দেখুৱাই কৰা ইবাদত” (মুছলিম)। অনুৰূপভাৱে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰাও সৰু শ্বিৰ্কৰ অন্তর্ভুক্ত। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, «مَنْ حَلَفَ بِغَيْرِ اللَّهِ فَقَدْ كَفَرَ أَوْ أَشْرَكَ» “যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰে, সি কুফৰী কৰে অথবা শ্বির্ক কৰে” (তিৰমিযী)।