ঈদৰ জোন দেখাক লৈ বিভ্ৰান্টিৰ কাৰণ ও তাৰ সমাধান সম্পৰ্কে

#ঈদৰ_জোন_দেখাক_লৈ_বিভ্ৰান্টিৰ_কাৰণ_ও_তাৰ_সমাধান_সম্পৰ্কে- __________________________ আচ্ছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহ। সকলো মুছলিম ভাইলৈ ঈদৰ প্রীতি ও শুভেচ্ছা। এজন মুছলিম ভাইৰ কৰুণ আবেদন যে, অনুগ্ৰহ কৰি সময় উলিয়াই সম্পূৰ্ণ পোষ্টটো পঢ়িব….. আশা কৰিছিলোঁ যে ঈদৰ খুচীত জোনৰ বিভ্রান্তিৰ বিষয়টি হেৰাই যাব, কিন্তু সেইটো নহ’ল। সেয়ে কিছু কথা আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ প্রয়োজনবোধ কৰিছোঁ : প্রথমতে কেৰেলা বা ছৌদি আৰবৰ জোন দেখাৰ কাৰণে আমাৰ অঞ্চলত ঈদক লৈ বিভ্রান্তিৰ সৃষ্টি হোৱা নাই। যোৱা 14-06-18 বৃহস্পতিবাৰে সন্ধিয়া 7-00 বজাৰ পৰা 7-30 বজাৰ আশে-পাশে উত্তৰ প্রদেশৰ বিভিন্ন অঞ্চলত যেনে- আজমগড়, মুৰাদাবাদ, লক্ষ্ণৌ তথা গুজৰাট ও মহাৰাষ্ট্রৰ বিভিন্ন স্থানত বহু লোকে ঈদৰ জোন দেখে আৰু তেওঁলোকে তেওঁলোকৰ আঞ্চলিক ইছলামী সংগঠনসমূহক জনায়। ইফালে যেনেকৈ দেশৰ বিভিন্ন প্রান্তৰ পৰা জোন দেখাৰ খবৰ আহিয়েই থাকে, অন্যফালে প্রায় 9-00 বজাৰ পৰা 9-30 বজাৰ আশে-পাশে দিল্লীৰ জামে মছজিদ আৰু কলকাতাৰ নাখোদা মছজিদৰ পৰা 15-06-18 শুক্রবাৰে ঈদ নহয় বুলি ঘোষণা কৰাত স্বাভাৱিকভাৱে সমাজৰ মাজত এক বিভ্রান্তিৰ আশংকা তৈয়াৰ হয়। যিবোৰ সংগঠনৰ ওচৰত জোন দেখাৰ বার্তা আহি পায় তেওঁলোকে সেই সকলোবোৰ তথ্য পৰীক্ষা কৰাৰ পিছত নিজৰ সংগঠনৰ ষ্ট্যাম্প প্যাডত 15-0618 শুক্রবাৰে ঈদ পালনৰ ঘোষণা কৰে। যিবোৰ সংগঠনে 15-06-18 শুক্রবাৰে ঈদ পালনৰ ঘোষণা দিয়ে তেওঁলোক কোনো সাধাৰণ সংগঠন নহয়, বৰং তাৰ মাজত আছে কিছু সর্বভাৰতীয় সংগঠনৰ লগতে তেওঁলোকৰ মাজত আছে বিভিন্ন মতবাদৰ সংগঠন। যেনে- ১. জামাতে উলামায়ে হিন্দৰ বনসকন্ঠা, গুজৰাট শাখা ২. সর্বভাৰতীয় জমিয়তে আহলে হাদিছ কাউন্সিল ৩. মাদ্ৰাছা আৰবিয়া তাজবীদুল কোৰআন, মাছাওনি, কালিঞ্জৰ, বান্দা, উত্তৰ প্রদেশ ৪. প্রাদেশিক জমিয়তে আহলে হাদিছ, পূর্ব উত্তৰ প্রদেশ ৫. ভাৰত বিখ্যাত ঐতিহাসিক মাদ্রাছা জামিয়াতুল ফালাহ, আজমগড়, উত্তৰ প্রদেশ ৬. প্রাদেশিক জমিয়তে আহলে হাদিছ, গুজৰাট ৭. দাৰুল উলুম আশ্রাফিয়া, ছুৰট, গুজৰাট ৮. দাৰুল উলুম কাথাৰিয়া, ছুৰট, গুজৰাট ৯. প্রাদেশিক জমিয়তে আহলে হাদিছ, মুম্বাই ১০. জিলা জমিয়তে আহলে হাদিছ, লক্ষ্ণৌ ১১. পশ্চিমবঙ্গ জমিয়তে আহলে হাদিছ (ছাইদুৰ ৰহমান মাদানী) ১২. জিলা জমিয়তে আহলে হাদিছ, উত্তৰ দিনাজপুৰ যিসকলে স্বচক্ষে জোন দেখিছিল বা জোন দেখাৰ সৈতে কোনো প্ৰকাৰে যুক্ত আছিল তেওঁলোকৰ মাজত ভাৰত বিখ্যাত বহু আলিম, উলামা এ কেৰাম, কাৰী, হাফিয, ইমাম আৰু অধ্যাপকো আছিল। এইখিনিতে তেওঁলোকৰ মাজৰ কেইজনমানৰ বিস্তাৰিত তথ্য দিয়া হ’ল : ১. ড° আকমল ছাহেব অধ্যাপক মঈনুদ্দিন চিচতী উর্দু বিশ্ববিদ্যালয়, লক্ষ্ণৌ জোন দেখার স্থান : বানকাটোৱা, ইতৰোলা, জিলা : বলৰামপুৰ উত্তৰ প্রদেশ (৮ জন)। ফোন নং : 7379480828 ২. জনাব ওৱাহিদুদ্দিন, পিতা চাহাবুদ্দিন মাদানী, চিকৰোৰি, কাকোৰী, লক্ষ্ণৌ (২ জন) ৩. কাৰী আমিৰ আহমদ, সড়োহৰ, নজৰপুৰ, থানা : ভোজপুৰ, জিলা : মোৰাদাবাদ, উত্তৰ প্রদেশ। ফোন নং : 9837 019176 ৪. কাৰী কাফিল আহমাদ নাদভী, মোৰাদাবাদ, উত্তৰ প্রদেশ (সপৰিবাৰে)। ফোন নং : 9639054171/9839 292187 ৫. মাওলানা ফাৰুক ৰহমানি, ইমলো, মোবাৰকপুৰ, উত্তৰ প্রদেশ (6 জন) ৬. মোহাম্মদ আনাছ নাদভী। ফোন নং : 9565723137, চফকত আলী নাদভী। ছোনি, বান্দা, উত্তৰ প্রদেশ। ফোন নং : 9415166041 ৭. ৰান্দেৰ জোন কমিটী, ৰান্দেৰ, ছুৰট, গুজৰাট (৮ জন)। ফোন নং : 02612764568/9898288751 ৮. মাওলানা মুহাম্মদ বিন ফাৰুক মুজাবিৰ, পালনপুৰ, বনস্কন্ঠা, গুজৰাট। ফোন নং : 9724786560 ৯. মাওলানা ইলিয়াছ বিন আব্দুল্লাহ ওৱাছিম, পালনপুৰ, বনস্কন্ঠা, গুজৰাট। ফোন নং : 9924873975 ১০. মোহাম্মদ জাফৰ মোহাম্মদ, তুলসীপুৰ, উত্তৰ প্রদেশ। ফোন নং : 9833578278 ১১. শাইখ ৰাযাউল্লাহ আব্দুল কৰীম (আন্তর্জাতিক খ্যাতিসম্পন্ন আলিম, দাঈ, বক্তা ও লেখক) দিল্লী। ফোন নং : 9546473412 ১২. শাঈখ ছালাহউদ্দিন মকবুল (আন্তর্জাতিক খ্যাতিসম্পন্ন গৱেষক, চিন্তাবিদ ও প্রায় ত্রিশখন মূল্যৱান গ্রন্থৰ লেখক, আন্তর্জাতিক মানৰ ইছলামী গৱেষণা কেন্দ্র: জাম্ইয়াতু এহইয়া আত-তুৰাছ আল- ইছলামী কুৱেতৰ গৱেষণা বিভাগৰ প্রাক্তন ডাইৰেক্টৰ, কুৱেত ইছলামী বিষয়ক মন্ত্রণালয প্রাক্তন ইমাম ও খতিব)। ফোন নং : 97110 94247 ১৩. শায়খ মুহাম্মদ ৰাহমানী, চেয়াৰম্যান আবুল কালাম আজাদ ইছলামিক অ‍্যাওকেনিং চেন্টাৰ, দিল্লী (ভাৰতৰ প্রায় কুৰিৰো অধিক জাতীয় মানৰ শিক্ষা প্রতিষ্ঠান, গৱেষণাগাৰ, প্রকাশনা কেন্দ্র ও দাওৱাত চেন্টাৰৰ কর্ণধাৰ) ইয়াৰ ওপৰিও আন এখন দীঘল তালিকা আছে। ইমান বৃহৎ সংখ্যক নির্ভৰযোগ্য মুছলিম আলিম-উলামা, কাৰী, হাফিজ ও অধ্যাপকসকলৰ সাক্ষ্য আৰু বিভিন্ন সংগঠনৰ দ্বাৰা সেইবোৰ তথ্যৰ যাচাই কৰাৰ পিছত চৰকাৰী ঘোষণাই এইটোৱে প্রমাণ কৰে যে কেৰেলাৰ বাহিৰেও ভাৰতৰ বিভিন্ন অঞ্চলত যোৱা 15-06-18 বৃহস্পতিবাৰে জোন দৃশ্যমান হৈছিল। (যিসকলৰ সন্দেহ আছে তেওঁলোকে ওপৰোক্ত সকলোবোৰ তথ্য যাচাই কৰি চাব পাৰে) যেতিয়া বিভিন্ন সংগঠনে এই সকলোবোৰ বিষয়ক লৈ মতবিনিময় কৰে ঠিক সেই সময়তে দিল্লীৰ জামে মছজিদ আৰু নাখোদা মছজিদৰ পক্ষৰ পৰা শুক্রবাৰে ঈদ নকৰাৰ ঘোষণাই স্বাভাৱিকভাৱে এটা বিভ্রান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে। জনসাধাৰণে এইটোৱেই ভাৱি লয় যে, বোধহয় ভাৰতৰ কোনো প্রান্ততে জোন দেখা হোৱা নাই। যিবোৰ সংগঠনে জোন নেদেখাৰ ঘোষণা কৰে তেওঁলোকৰ ওচৰত নিশ্চয় জোন দেখাৰ খবৰসমূহ তেওঁলোকে কৰা ঘোষণাৰ পিছত আহি পায় আৰু তেওঁলোকৰ পৰবর্তী ঘোষণা নহাৰ ফলত সমস্যা আৰু অধিক জটিল হৈ পৰে। জোন দেখাৰ খবৰসমূহ গভীৰ ৰাতি জনগণৰ ওচৰত উপস্থিত হয় আৰু অধিকাংশ মানুহে ৰাতিপুৱা তাক লক্ষ্য কৰে। খবৰৰ সত্যতা যাচাই কৰিবলৈ ৰাতিপুৱা ৯-০০-ৰ পৰা ১০-০০ বাজি যায়। বিভিন্ন প্রান্তৰ খবৰ যাচাই কৰাত সেয়া সত্য প্রমাণিত হয়। এনে অৱস্থাত আমাৰ ওচৰত দুটি পথ আছিল- ১. আমি দিল্লীৰ জামে মছজিদ আৰু নাখোদা মছজিদৰ ঘোষণা অনুযায়ী শুক্রবাৰে ৰোজা ৰাখিম। ২. অথবা এনে পৰিস্থিতিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নির্দেশ মানি চলিম। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশ মানিবলৈ গৈ আমি এটি ছহীহ হাদীছ বিচাৰি পাওঁ– গ্রন্থঃ ছুনান আবূ দাউদ (তাহকিককৃত) অধ্যায়ঃ ৮/ ছওম (ৰোজা) (كتاب الصوم) হাদীছ নম্বৰঃ ২৩৩৯ ১৩. শ্বাওৱালৰ জোন দেখাৰ বিষয়ে দুই ব্যক্তিৰ সাক্ষ্য প্রদান- ২৩৩৯। ৰিব‘ঈ ইবনু হিৰাচ (ৰহি.)-ৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জনৈক ছাহাবীৰ সূত্রে বর্ণিত। তেওঁ কৈছে, ৰমজানৰ শেষদিন সম্পর্কে লোকসকলৰ মাজত মত পার্থক্যই দেখা দিলে। এনে অৱস্থাত দুজন বেদুঈন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আল্লাহৰ নামত শপথ কৰি সাক্ষ্য দিলে যে, তেওঁলোক উভয়ে যোৱাকালি সন্ধিয়া জোন দেখিছে। গতিকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লোকসকলক ছওম ভঙ্গ কৰাৰ নির্দেশ দিলে। খালফ (ৰহি.)-এ তেওঁৰ হাদীছত বর্ণনা কৰে যে, তেওঁ (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁলোকক ৰাতিপুৱা তেওঁলোকৰ ঈদগাহত গমনৰ নির্দেশ দিছিল। [বায়হাক্বী, দাৰাকুতনী। হাদীছৰ মানঃ ছহীহ (Sahih) http://www.hadithbd.com/share.php?hid=59707 এই হাদীছৰ ওপৰত যিসকলে আমল কৰি শুক্রবাৰে ৰোজা ভঙ্গ কৰে তেওঁলোকৰ সন্মুখত কেইটিমান প্রশ্ন আহে : ১. আমাৰ অঞ্চলত জোন দেখা পোৱা নাই। জোন দেখা গৈছে উত্তৰ প্রদেশৰ বিভিন্ন স্থানত আৰু গুজৰাট ও মহাৰাষ্ট্রত। এতেকে আমি কিয় সেইটো মানিম? তেনেহ’লে ৰমজানৰ জোন চেন্নাই, তামিলনাডুত দেখা গৈছিল আৰু তাৰ ভিত্তিতে পশ্চিমবঙ্গত ৰোজা ৰখাৰ ঘোষণা কৰা হয়। মালদাৰ পৰা চেন্নাইৰ দূৰত্ব প্রায় দুই হাজাৰ কিলোমিটাৰ য’ত লক্ষ্ণৌৰ দূৰত্ব প্রায় আধা। ২. পশ্চিমৰ নহয়, পূৱফালৰ জোন বিবেচিত! ইন্দোনেচিয়া ও মালয়েচিয়াত 15-06-18 বৃহস্পতিবাৰে জোন দেখা পোৱা যায়। সেইবোৰ তো আমাৰ পূর্ব দিশতেই অৱস্থিত। ৩. দিল্লী ও নাখোদা মছজিদৰ ওচৰত​ জোন দেখাৰ কোনো খবৰ নাই, সেয়ে দেশৰ কোনো প্রান্তত জোন উঠা নাই! তেনেহ’লে দিল্লী ও নাখোদা মছজিদৰ প্রতিনিধি দেশৰ প্রত্যেকটো প্রান্তত আছেনে বা দেশৰ প্রত্যেকটো প্রান্তৰ মানুহৰ ওচৰত উক্ত অঞ্চলসমূহৰ যোগাযোগ নম্বৰ আছেনে??? নিশ্চয় নাই, সেয়েহে জোন দেখাৰ প্রত্যেকটো খবৰ তেওঁলোকৰ ওচৰত উপস্থিত হোৱা নাই। ইয়াৰ আগতেও বহুবাৰ আমি লক্ষ্য কৰিছোঁ যে, দিল্লীৰ ঘোষণাৰ সৈতে দেশৰ বিভিন্ন প্রান্তৰ অমিল আছিল। ৪. দিল্লী জামে মছজিদৰ খবৰৰ বাহিৰে অন্য কোনো তথ্য নির্ভৰযোগ্য নহয়! তেনেহ’লে দিল্লী জামে মছজিদৰ ওচৰত আধুনিক তথ্যপ্রযুক্তি ভিত্তিক জোন দেখাৰ গৱেষণাগাৰ ও বৈজ্ঞানিকসকলৰ টীম আছেনে? তেওঁলোকৰ প্রতিনিধি আৰু আঞ্চলিক অফিচ দেশৰ প্রত্যেকটো প্রান্তত আছেনে??? যদি নাই তেনেহ’লে কেনেকৈ এটি মাত্র মছজিদে 32 লাখ 87 হাজাৰ বর্গকিলোমিটাৰৰ এখন বিশাল দেশৰ প্রত্যেকটো অঞ্চলৰ গ্যাৰান্টি লব পাৰে যে, ক’ত জোন দেখা গৈছে আৰু ক’ত দেখা পোৱা নাই। ৫. জোন দেখাৰ যিবোৰ খবৰ আহিছিল সেই সকলোবোৰেই মনেসজা আৰু মিছা আছিল! কোনে যাচাই কৰিছে যে, এই খবৰবোৰ মিছা আছিল??? যদি কোনোৱে কৰিছিল তেনেহ’লে তেওঁলোকে (বিশেষকৈ জামে মছজিদ দিল্লী আৰু নাখোদা মছজিদ) কিয় দ্বিতীয় বিবৃতিৰ মাধ্যমত জনগণক নজনালে যে, সেই সকলোবোৰ তথ্য মিছা। আনহাতে বহু সংগঠনে এই সমস্ত খবৰৰ সত্যতা যাচাই কৰি চৰকাৰীভাৱে তেওঁলোকে ঈদৰ ঘোষণা কৰে। ৬. গভীৰ নিশা কেনেকৈ মানুহে জোন দেখিলে? জোন 7-00 বজাৰ পৰা 7-30 বজাৰ ভিতৰতেই দেখা গৈছিল। তেওঁলোকে তেওঁলোকৰ আঞ্চলিক সংগঠনসমূহক খবৰ দিয়ে। তেওঁলোকে আকৌ সেই সমস্ত খবৰ যাচাই কৰি চায়। এই সকলোবোৰ গতিবিধি চলাকালীন সময়তে দেশৰ বিভিন্ন ঠাইৰ পৰা 15-06-18 শুক্রবাৰে ঈদ নোহোৱাৰ চৰকাৰী ঘোষণা দিয়া হয়। (নিশা 9:30-ত দিল্লীৰ ছানবিলী এলামনাই এছোছিয়েছন হোৱাটচ আপ গ্রুপৰ মাজত জোন দেখাক লৈ আলোচনা হয়, যাৰ স্ক্রীনচট মোৰ ওচৰত আছে) এই ঘোষণাৰ পিছত যিসকলৰ ওচৰত জোন দেখাৰ খবৰ আছিল তেওঁলোকে নিজৰ মাজত পুনৰ আলোচনাত বহে আৰু সকলোবোৰ অনসন্ধান কৰি চোৱাৰ পিছত গভীৰ নিশা তেওঁলোকে চৰকাৰীভাৱে জোন দেখাৰ ঘোষণা কৰে। যিটো ঘোষণা আমি ৰাতিপুৱা লক্ষ্য কৰোঁ। ৭. যিসকলে জোন দেখিছিল তেওঁলোকে দিল্লীৰ জামে মছজিদক কিয় জনোৱা নাই? তাৰ বিভিন্ন কাৰণ আছে: (ক) তেওঁলোকে তেওঁলোকৰ আঞ্চলিক সংগঠনসমূহক জনায় আৰু আঞ্চলিক সংগঠনসমূহে দিল্লীৰ জামে মছজিদক জনোৱাৰ প্রয়োজনবোধ কৰা নাই। কাৰণ তেওঁলোকে ভাৱিছিল যে দিল্লীৰ ওচৰত দেশৰ বিভিন্ন প্রান্তত জোন দেখাৰ নিশ্চয় খবৰ আছে। (খ) যেতিয়ালৈকে দিল্লীৰ ওচৰত খবৰ আহি পায় তেওঁলোকে ইতিমধ্যে জোন নেদেখাৰ ঘোষণা কৰি দিছিল, আৰু বিভ্রান্তিৰ ভয়ত তেওঁলোকে সম্ভৱতঃ দ্বিতীয় ঘোষণা কৰা নাছিল। (গ) সকলোৰে ওচৰত দিল্লীৰ জামে মছজিদৰ যোগাযোগ নম্বৰ নাথাকিবও পাৰে। ৮. কেৱল দেশৰ কিছু অংশত জোন দেখা পোৱা গ’ল, বাকী অংশত জোন কিয় দেখা নগ’ল? ইয়াতে আচৰিত হ’বলগীয়া একো নাই। কাৰণ জোন দেখাটো নির্ভৰ কৰে সেই অঞ্চলৰ জলবায়ু, জনগণৰ তৎপৰতা ও তথ্যপ্রযুক্তিৰ ব্যৱহাৰৰ ওপৰত। ৰমজানৰ জোন কেৱল চেন্নাই ও তামিলনাডুৰ কিছু অঞ্চলত দেখা গৈছিল, দেশৰ অন্যান্য প্রান্তত জোন দেখাৰ তথ্য পোৱা হোৱা নাই। (চাওঁক : ইমাৰতৰ শ্বাৰইয়া হিন্দ, নতুন দিল্লী, মার্কাযী জোন কমিটী, লক্ষ্ণৌ, ইমাৰতৰ শ্বাৰইয়া পাটনা ও বহু সংগঠনৰ 16/05/18 তাৰিখৰ প্রেছ ৰিলিজ) তথাপিও সমগ্ৰ ভাৰতবৰ্ষত ৰোজা আৰম্ভ হয়। ৯. দুই বেদুইনৰ সাক্ষ্য গ্রহণৰ হাদীছটো বর্তমান যুগত প্রযোজ্য নহয়!!! শ্বৰীয়তৰ বিধানৰ কোনোদিন পৰিবর্তন নহয়। কাৰণ আল্লাহে নিজেই জানে যে পৰবর্তী যুগত একে ধৰণৰ পৰিস্থিতি নাথাকে। সেয়ে তেওঁ কিয়ামত পর্যন্ত প্রত্যেকটো যুগ, কাল ও পৰিস্থিতিক সন্মুখত ৰাখিয়েই শ্বৰীয়তৰ বিধান তৈয়াৰ কৰিছে আৰু শ্বৰীয়তৰ বিধানৰ সন্মুখত নিজৰ বিবেকক প্রাধান্য দিব পৰা নাযায়। আলী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, যদি মানুহৰ বিবেক-বুদ্ধি অনুযায়ী শ্বৰীয়তৰ বিধান ৰচিত হ’লহেঁতেন তেনেহ’লে মোজাৰ ওপৰভাগৰ সলনি তলফালে মাছাহ কৰাৰ আদেশ দিয়া হ’লহেঁতেন। (আবু দাউদ, ছহীহ)। ওপৰোক্ত বিস্তাৰিত আলোচনাৰ ভিত্তিত আমি যদি নিজৰ বিবেকক প্ৰশ্ন কৰোঁ যে যিসকলক বিচ্ছিন্নতাবাদী, ফিৎনাকাৰী, ছৌদি আৰবৰ দালাল আৰু বহু ধৰণৰ আপত্তিকৰ মন্তব্য কৰা হৈছিল সেইবোৰ সঠিক আছিলনে???? এই আলোচনাৰ শিক্ষণীয় বিষয়সমূহ হ’ল : ১. কেন্দ্রীয় হিলাল কমিটী গঠনৰ প্রয়োজন আছে, যাৰ প্রতিনিধি ভাৰতৰ বিভিন্ন প্রান্তত সাজু থাকিব। ২. জোন দেখাৰ ক্ষেত্রত আধুনিক তথ্য প্রযুক্তিৰ ব্যৱহাৰ আৰু বৈজ্ঞানিকসকলৰ এটি বিশেষ দল থকা জৰুৰী। ৩. মুছলিমসকলৰ এটি জাতীয় ইলেকট্রনিক মিডিয়া হাউছৰ অত্যন্ত প্রয়োজন আছে। ৪. হিলাল কমিটীৰ ট’ল ফ্রি নম্বৰ Helpline প্রত্যেকজন মুছলিমৰ ওচৰত পৌঁছাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৫. সকলো মতবাদৰ প্রতিনিধি কেন্দ্রীয় কমিটিত থাকিব লাগে। আল্লাহৰ ওচৰত দু‘আ কৰোঁ যে, আগন্তুক দিনত যেন আমি ঐক্যবদ্ধ হ’ব পাৰোঁ আৰু শ্বৰীয়তৰ বিধান অনুযায়ী জীৱন-যাপন কৰিব পাৰোঁ। (আমীন) ভুল ত্রুটি হ’লে ক্ষমা কৰিব। গুনাহগাৰ ক্ষমাপ্রার্থী: অলিউল্লাহ ছানাবিলী ছামছী, মালদা।

Leave a comment