উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্ৰহণঃ অন্যায় অত্যাচাৰৰ বিস্তৃতি পৰিমণ্ডলত ঘনকৃষ্ণ মেঘমালাৰ বুকু ফালি পুনৰ এটি জ্যোতিষ্মান বিদ্যুতৰ চমকত আৰব গগণ উদ্ভাসিত হৈ উঠিল। আৰব জাহানৰ অন্যতম তেজস্বী পুৰুষ উমাৰ বিন খাত্তাবে ইছলাম ধর্ম গ্রহণ কৰিলে। তেওঁৰ ইছলাম গ্রহণৰ ঘটনা সংঘটিত হয় নবুওৱতৰ ৬ষ্ঠ বর্ষত [1] হামযাহ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণৰ মাত্র ৩ দিন পিছত। নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণৰ কাৰণে আল্লাহৰ সমীপত প্রার্থনা কৰিছিল। ইমাম তিৰমিযীয়ে আব্দুল্লাহ বিন উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা এই বিষয়টি বর্ণনা কৰিছে আৰু ইয়াক বিশুদ্ধ হিচাবে সাব্যস্ত কৰিছে। অনুৰূপভাৱে তাবাৰাণীয়ে ইবনে মাছউদ আৰু আনাছ ৰাদ্বিয়াল্লাহু আনহুমৰ মাধ্যমত বর্ণনা কৰিছে যে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘হে আল্লাহ! উমাৰ বিন খাত্তাব অথবা আবূ জাহিল বিন হিশ্বামৰ মাজৰ পৰা যিজন তোমাৰ ওচৰত অধিক প্রিয় তেওঁৰ দ্বাৰা ইছলামক শক্তিশালী কৰি দিয়া’। আল্লাহে এই প্রার্থনা গ্রহণ কৰিলে আৰু উমাৰ মুছলিম হৈ গ’ল। এই দুজনৰ মাজত আল্লাহৰ ওচৰত উমাৰ ৰাদ্বিয়াল্লাহু আনহু অধিক প্রিয় আছিল। [2] উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণ সম্পর্কিত সমস্ত বর্ণনা একত্রিত কৰি দৃষ্টি নিক্ষেপ কৰিলে এইটো স্পষ্ট হৈ উঠে যে, তেওঁৰ অন্তৰত ইছলামে ধীৰে ধীৰে স্থান লাভ কৰি থাকে। ইছলাম গ্রহণ সম্পর্কিত বিষয়াদি চমুকৈ তুলি ধৰাৰ পূর্বে তেওঁৰ মেজাজ আৰু আবেগ ও অনুভূতি সম্পর্কে সংক্ষেপে আলোকপাত কৰাটো উচিত বুলি ভাৱোঁ। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ উগ্র মেজায, ৰূঢ় প্রকৃতি আৰু বীৰত্বৰ কাৰণে তেওঁ আৰব সমাজত বিশেষভাৱে বিখ্যাত আছিল। মুছলিমসকলে কিছুকালৰ কাৰণে তেওঁৰ হাতত উৎপীড়িত ও নিগৃহীত হ’বলগীয়া হৈছিল। কিন্তু তৎসত্ত্বেও এটি লক্ষ্যণীয় বৈশিষ্ট্যৰ আভাষ যেন প্রথমৰ পৰাই তেওঁৰ মাজত পৰিলক্ষিত হৈছিল। তেওঁৰ আচৰণ দেখি ধাৰণা হৈছিল যে, ভাৱাবেগৰ দুই বিপৰীতমুখী শক্তিয়ে যেন তেওঁৰ অন্তৰ ৰাজ্যত পৰস্পৰে পৰস্পৰৰ লগত সংঘর্ষত লিপ্ত হৈ আছে। ইফালে তেওঁ তেওঁৰ পূর্ব-পুৰুষসকলৰ অনুসৃত ৰীতি-নীতি ও আচাৰ-অনুষ্ঠানৰ প্রতি অত্যন্ত শ্রদ্ধাশীল আছিল আৰু মদ্যপান ও আমোদ-প্রমোদৰ প্রতি তেওঁৰ যথেষ্ট আসক্তি আছিল। আনহাতে মুছলিমসকলৰ ঈমান ও আকীদা আৰু বিপদ-আপদত তেওঁলোকৰ ধৈর্য ধাৰণৰ অসাধাৰণ ক্ষমতা দেখি তেওঁ হতবাক হৈ গৈছিল আৰু সপ্রশংস দৃষ্টিত তেওঁলোকৰ ফালে চাই আছিল। অধিকন্তু কোনো কোনো সময়ত জ্ঞানী ব্যক্তিসকলৰ দৰে তেওঁৰ মনত তত্ত্ব-চিন্তাৰ উদ্রেকও হৈছিল। তেওঁ নিজ মনতে নানা বিষয়, নানা কথা চিন্তা কৰি থাকে। কোনো কোনো সময়ত এইটোও তেওঁৰ ভাৱ হৈছিল যে, ইছলামে যি পথৰ সন্ধান দিছে, যি পথত চলাৰ কাৰণে উদাত্ত আহ্বান জনাইছে সম্ভৱতঃ সেইটোৱেই উত্তম ও পবিত্রতম পথ। এইকাৰণে প্রায়েই তেওঁ দ্বিধা দ্বন্দ্বত ভুগিছিল, কোনো কোনো সময়ত বিচলিত বোধ কৰিছিল, কেতিয়াবা বা নিৰুৎসাহিত বোধ কৰিছিল। [3] উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণ সম্পর্কিত বিৱৰণাদিৰ সমন্বিত চমুকৈ হৈছে- এদিন ৰাতি তেওঁ ঘৰৰ বাহিৰত অৱস্থানৰ মাজেৰে ৰাতি যাপন কৰিবলগীয়া হয়। তেওঁ হাৰামলৈ আগমন কৰে আৰু ক্কাবা’হ গৃহৰ পর্দাৰ অভ্যন্তৰত প্রৱেশ কৰে। নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সময়ত নামাজত লিপ্ত আছিল। নামাজত তেওঁ ছূৰাহ ‘আলহাক্কা’ তিলাওৱাত কৰিছিল। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে নীৰৱে গভীৰ মনোযোগৰ সৈতে তিলাওৱাত শ্রৱণ কৰিলে আৰু ইয়াৰ ঝংকাৰ, বাক্য বিন্যাস ও সুৰ-মাধূর্যত মুগ্ধ, চমৎকৃত ও হতবাক হৈ গ’ল। উমাৰৰ বর্ণনা সূত্রে এইটো কোৱা হৈছে যে, তেওঁ কৈছেঃ মই মনতে ভাৱিলোঁ, আল্লাহৰ কছম, কুৰাইশ্বসকলে যেনেকৈ কৈ থাকে তেওঁ হৈছে এজন কবি। কিন্তু এই সময়ত নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত পাঠ কৰেঃ ‘নিশ্চয় এয়া (কুৰআন) এক মহা সন্মানিত ৰাছূলৰ (জিব্ৰীল ‘আঃ)-ৰ (বাহিত) বাণী। আৰু এয়া কোনো কবিৰ কথা নহয়, তোমালোকে খুবেই কম বিশ্বাস কৰা’। (আল-হাক্কাহ ৬৯/৪০-৪১) উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই মনে মনে ক’লো, আৰু এয়াতো হৈছে মোৰেই মনৰ কথা, সেয়া কেনেকৈ তেওঁ জানিলে! নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে এজন মন্ত্র-তন্ত্রধাৰী গনক। মোৰ মনত এই ভাৱৰ উদয় হোৱাৰ ঠিক পিছতেই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে তিলাওৱাত কৰিলেঃ ‘‘আৰু এয়া কোনো গণকৰ কথাও নহয়, তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। এয়া বিশ্বজগতৰ প্রতিপালকৰ ওচৰৰ পৰা অৱতীর্ণ।’ (আল-হাক্কাহ ৬৯/৪২-৪৩) ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত ছূৰাহৰ শেষলৈকে তিলাওৱাত কৰিলে আৰু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে সেইটো শ্রৱণ কৰিলে। এই প্রসঙ্গত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ‘সেই সময়ত ইছলামে মোৰ অন্তৰ ৰাজ্যত স্থান অধিকাৰ কৰি বহি পৰিল’। [4] প্রকৃতপক্ষে, উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ অন্তৰ ৰাজ্যত এইটোৱেই আছিল ইছলামৰ বীজ ৰোপনৰ প্রথম সময়। কিন্তু তেতিয়াও তেওঁৰ চেতনাত অজ্ঞতাপ্রসূত আবেগ, আত্মপক্ষ সমর্থনৰ প্রতি প্রবল আকর্ষণ আৰু পূর্ব-পুৰুষসকলৰ ধর্মীয় অনুভূতি ও বিশ্বাসৰ ঐতিহ্যগত প্রভাৱে জগদ্দল প্রস্তৰৰ দৰে তেওঁৰ মন-মস্তিষ্কক ইমানেই প্রভাৱিত কৰি ৰাখিছিল যে ইছলামৰ প্রাথমিক অনুভূতিৰ কার্যকাৰিতা তেনেকুৱা এটা নাছিল বুলিয়েই কব পাৰি। সেয়েহে, বাপ-দাদাৰ আমলৰ পৰা চলি অহা সংস্কাৰক জীয়াই ৰখাৰ ক্ষেত্ৰতেই তেওঁৰ আগ্রহ আছিল ঐকান্তিক। তেওঁ আছিল অত্যন্ত কঠোৰ প্রকৃতিৰ লোক। তেওঁৰ স্বভাৱগত কঠোৰতাৰ কাৰণেই তেওঁ আছিল ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছলিমসকলৰ অন্যতম বিপজ্জনক শত্রু। তেওঁ ইমানেই বিপজ্জনক আছিল যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ উদ্দেশ্যে এদিনাখন তেওঁ খোলা তৰোৱাল হাতত লৈ বহির্গত হয়। ৰুদ্র মেজাজত যোৱাৰ পথত এটা পর্যায়ত আকস্মিকভাৱে নঈম বিন আব্দুল্লাহ নাহহাম আদভী [5] নাইবা বনু যুহৰা [6] নাইবা বনু মাখযুমৰ [7] কোনো এজন ব্যক্তিৰ লগত তেওঁৰ সাক্ষাৎ হয়। তেওঁৰ ভ্রূ-যুগল কুঞ্চিত অৱস্থাত দেখি সেই ব্যক্তিয়ে প্ৰশ্ন কৰিলে, ‘হে উমাৰ! কি উদ্দেশ্যত ক’লৈ যোৱা? তেওঁ ক’লে, ‘মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ উদ্দেশ্যে গৈ আছোঁ।’ লোকজনে ক’লে, ‘মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰি বনু হাশ্বিম আৰু বনু যুহৰাৰ পৰা কেনেকৈ ৰক্ষা পাবা? উমাৰে ক’লে, ‘ধাৰণা হৈছে তোমালোকেও পূর্ব পুৰুষসকলৰ ধর্ম পৰিত্যাগ কৰি বে-দ্বীন হৈ গৈছা। লোকজনে ক’লে, ‘উমাৰ! এটি আজব কথা তোমাক শুনাম নেকি? তোমাৰ ভগ্নী ও ভগ্নীপতিয়ে তোমালোকৰ ধর্ম পৰিত্যাগ কৰি বে-দ্বীন হৈ গৈছে।’ এই কথা শুনি উমাৰ প্রজ্জ্বলিত অগ্নিকুণ্ডত ঘৃতাহুতি দিয়াৰ দৰে ক্রোধাগ্নিত দপ দপকৈ জ্বলি উঠিল আৰু পোনে পোনে ভগ্নীপতিৰ গৃহাভিমুখে যাত্রা কৰিলে। তাত খাব্বাব বিন আৰাত্তে এখন ছহীফাৰ সাহায্যত ছূৰাহ ত্ব-হা’ৰ অংশ বিশেষ স্বামী-স্ত্রী দুয়োজনকে তালিম দি আছিল। খাব্বাবে তেওঁলোকক তালিম দিয়াৰ কাৰণে নিয়মিত তালৈ যাতায়াত কৰিছিল। খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া উমাৰ ৰাদ্বিয়াল্লাহু আনহু তালৈ গমন কৰাৰ শব্দ শ্রৱণ কৰিলে তেতিয়া তেওঁ ঘৰৰ ভিতৰলৈ গৈ আত্মগোপন কৰিলে আৰু উমাৰৰ ভগ্নী ফাত্বিমাই ছহীফাখন লুকুৱাই ৰাখিলে। কিন্তু উমাৰে ঘৰৰ ওচৰলৈ গৈ খাব্বাবৰ কণ্ঠস্বৰ শুনিবলৈ পাইছিল। সেয়ে তেওঁ প্ৰশ্ন কৰিলে, ‘কাৰোবাৰ কণ্ঠত যেন মধুৰ আওৱাজ শুনিবলৈ পাইছোঁ’! তেওঁৰ ভগ্নীয়ে উত্তৰ দিলে, ‘নাই তেনেকুৱা একো নাই। আমিয়েই পৰস্পৰে কথাবার্তা কৈছিলোঁ’। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘সম্ভৱতঃ তোমালোক উভয়েই বে-দ্বীন হৈ গৈছা’? ভগ্নীপতি ছাঈদে ক’লে, ‘আচ্ছা উমাৰ! কোৱাচোন, তোমালোকৰ ধর্মৰ বাহিৰে অন্য কোনো ধর্মত যদি সত্য থাকে তেন্তে কৰণীয় কি হ’ব’? এই কথা শুনা মাত্রকে উমাৰ খঙত জ্বলি উঠি ভগ্নীপতিক নির্মমভাৱে প্রহাৰ কৰিবলৈ ধৰিলে। নিৰুপায় ভগ্নীয়ে জোৰ কৰি ভ্রাতাক স্বামীৰ পৰা পৃথক কৰি দিলে। ইয়াতে অধিক ক্রুব্ধ হৈ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ ভগ্নীৰ গলত এনেদৰে চেপি ধৰিলে যে, লগে লগে তেওঁৰ মুখমণ্ডল ৰক্তাক্ত হৈ গ’ল। ইবনে ইছহাক্কৰ বর্ণনাত আছে যে, তেওঁ মূৰত আঘাতপ্রাপ্ত হৈছিল। ভগ্নীয়ে ক্রোধ ও আবেগ জড়িত কণ্ঠত ক’লে, ‘উমাৰ! তোমাৰ ধর্মৰ বাহিৰে অন্য ধর্ম যদি সত্য হয়, এই কথা কৈ তেওঁ কালেমা শ্বাহাদত পাঠ কৰিলে, ‘মই সাক্ষ্য প্রদান কৰিছোঁ যে, আল্লাহৰ বাহিৰে সত্য কোনো উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা ও ৰাছূল’। শ্বাহাদতৰ এই বাণী শ্রৱণ কৰা মাত্রেই উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ভাৱান্তৰ আৰম্ভ হৈ গ’ল। তেওঁ তেওঁৰ ভগ্নীৰ ৰক্তাক্ত মুখমণ্ডল দেখি লজ্জিত হ’ল। তাৰ পিছত তেওঁ ভগ্নীক সম্বোধন কৰি মৰমসনা মাতেৰে ক’লে, ‘তোমালোকৰ ওচৰত যে কিতাবখন আছে সেইখন মোক এবাৰ পঢ়ি চাবলৈ দিয়া’। ভগ্নীয়ে ক’লে, ‘তুমি অপবিত্র হৈ আছা। অপবিত্র লোকে এইখন স্পর্শ কৰিব নোৱাৰে। কেৱল-মাত্র পবিত্রসকলেই এই কিতাব স্পর্শ কৰিব পাৰিব। তুমি গোছল কৰি আহা, তেতিয়াই কিতাব স্পর্শ কৰিব পাৰিবা। উমাৰে গোছল কৰি পাক-পবিত্ৰ হ’ল। তাৰ পিছত ছহীফাখন হাতত ললে আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহীম পঢ়িলে। কবলৈ ধৰিলে, এয়াতো অতি পবিত্র নাম! তাৰ পিছত ছূৰাহ ত্ব-হাৰ পৰা পাঠ কৰিলেঃ ‘‘১. ত্ব-হা-। ২. আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই; ৩. বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো), ৪. যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা এই নাযিলকৃত, ৫. পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে। ৬. আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই। ৭. আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে। ৮. আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই। ৯. আৰু মূছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে? ১০. তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’। ১১. যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মূছা! ১২. ‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতা যোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা। ১৩. ‘আৰু মই তোমাক মনোনীত কৰিছো। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা। ১৪. ‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা’। (ত্ব-হা ২০/১-১৪) তেওঁ ক’লে, ‘এয়াতো অতি উত্তম আৰু অতি সন্মানিত কথা। মোক মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ সন্ধান কোৱা।’ উমাৰৰ এই কথা শুনি খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ গোপনীয় অৱস্থানৰ পৰা ওলাই আহি ক’লে, ‘উমাৰ! সন্তুষ্ট হৈ যোৱা। মোৰ আশা যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিগত বৃহস্পতিবাৰে ৰাতি তোমাৰ সম্পর্কে যি প্রার্থনা কৰিছিল (হে আল্লাহ! উমাৰ বিন খাত্তাব অথবা আবূ জাহিল বিন হিশ্বামৰ দ্বাৰা ইছলামক শক্তিশালী কৰি দিয়া) সেইটো কবুল হৈছে। এই সময়ত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাফা পর্বতৰ ওচৰৰৰ গৃহত অৱস্থান কৰি আছে’। খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৰ মুখৰ পৰা এই কথা শুনাৰ পিছত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ তৰোৱালখন কোষত ভৰাই লৈ সেই ঘৰৰ বহিৰাঙ্গনত উপস্থিত হৈ দৰ্জাত কৰাঘাত কৰিলে। দৰ্জাৰ ফাকেৰে এজন ব্যক্তিয়ে লক্ষ্য কৰি দেখিলে যে, কোষবদ্ধ তৰোৱালসহ উমাৰ থিয় হৈ আছে। তৎক্ষণাৎ ৰাছূলুল্লাহ ৰাদ্বিয়াল্লাহু আনহুক সেইটো অৱগত কৰোৱা হ’ল। উপস্থিত লোকৰ যিসকল তাত উপস্থিত আছিল সকলোৱেই লগে লগে সংঘবদ্ধ হৈ গ’ল। সকলোৰে মাজত এই সন্ত্রস্ত ভাৱ লক্ষ্য কৰি হামযাহ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্ন কৰিলে, ‘বিষয়টো কি, এনেকুৱা কি হৈছে’? তেওঁলোকে উত্তৰ দিলে, ‘উমাৰ চোতালত থিয় হৈ আছে’। হামযাহে ক’লে, ‘ঠিক আছে। উমাৰ আহিছে, দৰ্জা খুলি দিয়া। যদি তেওঁ সদিচ্ছা লৈ আগমন কৰিছে তেনেহ’লে আমাৰ তৰফৰ পৰাও ইন-শ্বা-আল্লাহ সদিচ্ছাৰ কোনো অভাৱ নহ’ব। আৰু যদি তেওঁ কোনো বেয়া উদ্দেশ্য লৈ আগমন কৰিছে তেনেহ’লে আমি তেওঁক তেওঁৰ তৰোৱালৰ দ্বাৰাই খতম কৰিম’। ইফালে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ ভিতৰত অৱস্থান কৰি আছিল আৰু তেওঁৰ ওপৰত ওহী নাযিল হৈছিল। ওহী নাযিল সমাপ্ত হোৱাত তেওঁ বৈঠক ঘৰত উমাৰৰ ওচৰলৈ আগমন কৰিলে। তেওঁ তেওঁৰ কাপোৰ আৰু তৰোৱালৰ কোষত ধৰি জোৰকৈ টানি ক’লে, ‘‘উমাৰ! যেনেকৈ ওৱালীদ বিন মুগীৰাৰ ওপৰত অৱতীর্ণ হৈছিল তেনেকৈ আল্লাহৰ তৰফৰ পৰা যেতিয়ালৈকে তোমাৰ ওপৰত লাঞ্ছনা, অৱমাননা আৰু শিক্ষামূলক শাস্তি অৱতীর্ণ নহয় তেতিয়ালৈকে তুমি পাপাচাৰৰ পৰা বিৰত নহ’বা নেকি?’ তাৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দু‘আ কৰিলে, ‘হে সর্বশক্তিমান প্রভূ! তোমাৰ ইচ্ছা নাইবা অনিচ্ছাই হৈছে চূড়ান্ত। এই উমাৰ বিন খাত্তাবৰ দ্বাৰা ইছলামৰ শক্তি আৰু সন্মান বৃদ্ধি কৰা’। নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রার্থনা শ্রৱণৰ পিছত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ অন্তৰত এনেকুৱা এক স্পন্দনৰ সৃষ্টি হৈ থাকিল যে, তেওঁ অস্থিৰ হৈ পৰিল আৰু পাঠ কৰিলে, ‘মই সাক্ষ্য প্রদান কৰিছোঁ যে, আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই আৰু সচাঁকৈয়ে আপুনি আল্লাহৰ ৰাছূল।’ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ মুখৰ পৰা তাওহীদৰ এই বাণী শুনাৰ লগে লগে ঘৰৰ ভিতৰত থকা লোকসকলে ইমান জোৰে ‘আল্লাহু আকবৰ’ ধ্বনি উচ্চাৰণ কৰিলে যে, মছজিদুল হাৰামত অৱস্থানকাৰী লোকসকলেও সেইটো স্পষ্টভাৱে শুনিবলৈ পালে। [8] আৰব মুলুকত এইটো সর্বজন বিদিত বিষয় আছিল যে, উমাৰ বিন খাত্তাব আছিল অত্যন্ত প্রতাপশালী আৰু প্রভাৱশালী ব্যক্তি। তেওঁ ইমানেই প্রতাপশালী আছিল যে, তেওঁৰ লগত প্রতিদ্বন্দ্বিতা কৰাৰ দৰে সাহস সেই সমাজত আন কাৰোৱেই নাছিল। এইকাৰণে তেওঁৰ ইছলাম গ্ৰহণৰ কথা প্রচাৰ হোৱা মাত্রকে মুশ্বৰিক মহলত ক্রন্দন আৰু বিলাপৰ ঢৌ উঠিল আৰু তেওঁলোকে অতি লাঞ্ছিত ও অপমানিত বোধ কৰিবলৈ ধৰিলে। পক্ষান্তৰে তেওঁৰ ইছলাম গ্রহণ কৰাৰ ফলত মুছলিমসকলৰ শক্তি সাহস ও মান মর্যাদা উল্লেখযোগ্য মাত্রাত বৃদ্ধি পাবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত আনন্দৰ জোৱাৰ উঠিল। ইবনে ইছহাক্কে নিজ সূত্রৰ বৰাতত উমাৰৰ বর্ণনাত উদ্ধৃত কৰিছে যে, ‘যেতিয়া মই মুছলিম হৈ গ’লো তেতিয়া চিন্তা-ভাৱনা কৰি থাকিলোঁ যে, মক্কাত কোন কোন ব্যক্তিয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সকলোতকৈ প্রভাৱশালী শত্রু হিচাবে কাম কৰে গৈছে। তাৰ পিছত মনে মনে ক’লো, এই আবূ জাহিলেই হৈছে তেওঁৰ সকলোতকৈ ডাঙৰ শত্রু। তৎক্ষণাৎ তাৰ গৃহলৈ গমন কৰি দৰ্জাত কৰাঘাত কৰিলোঁ। সি বাহিৰলৈ ওলাই আহি (খুশ্ব আমদেদ, খুশ্ব আমদেদ) বুলি মোক অত্যন্ত আন্তৰিকতাৰ সৈতে স্বাগতম জনালে আৰু ক’লে, ‘কেনেকৈ এই অভগাৰ কথাটো আজি মনত পৰিল’? প্রত্যুত্তৰত কোনো ভূমিকা নকৰিয়েই মই প্ৰত্যক্ষভাৱে ক’লো, ‘তোমাক মই এই কথা কবলৈ আহিলোঁ যে, আল্লাহ আৰু তেওঁৰ ৰাছূল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনত মই বিশ্বাস স্থাপন কৰিছোঁ আৰু আল্লাহৰ তৰফৰ পৰা যি তেওঁৰ ওপৰত অৱতীর্ণ হৈছে তাৰ ওপৰতো বিশ্বাস স্থাপন কৰিছোঁ’। মোৰ কথা শ্রৱণ কৰা মাত্রেই সি সশব্দে দৰ্জা বন্ধ কৰি দি ক’লে, ‘আল্লাহে তোমাৰ বেয়া কৰক আৰু যিবোৰ মোৰ ওচৰত লৈ আহিছা সেইবোৰৰো বেয়া কৰক’।[9] ইমাম ইবনে জাওযীয়ে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ বর্ণনা উদ্ধৃত কৰি কৈছে যে, যেতিয়াই কোনো ব্যক্তি মুছলিম হৈ যায় তেতিয়াই জনসাধাৰণে তেওঁৰ পিছত লাগি পৰে আৰু তেওঁক মাৰধৰ কৰে। তেৱোঁ সিহঁতক ওলোটাই মাৰধৰ কৰে। এইকাৰণে যেতিয়া মই মুছলিম হৈ গ’লো তেতিয়া মোৰ মামা আছী বিন হাশ্বীমৰ ওচৰলৈ গ’লো আৰু তেওঁক মই মুছলিম হোৱাৰ খবৰ জানলোঁ। মোৰ কথা শুনা মাত্রেই তেওঁ ঘৰৰ ভিতৰত প্রৱেশ কৰিলে। তাৰ পিছত কুৰাইশ্বৰ এজন ডাঙৰ নেতাৰ ঘৰলৈ গ’লো (সম্ভৱতঃ আবূ জাহিলৰ প্রতি ইঙ্গিত কৰা হৈছে) আৰু তেওঁকো বিষয়টি সম্পর্কে অৱগত কৰিলোঁ, কিন্তু তেৱোঁ গৈ ঘৰৰ ভিতৰত প্রৱেশ কৰিলে। [10] ইবনে ইছহাক্কে বর্ণনা কৰিছে যে, ইবনে উমাৰে কৈছে, যেতিয়া ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম কবুল কৰিলে তেতিয়া তেওঁ ক’লে, এনেকুৱা কোন আছা যিয়ে কোনো কথাকে খুব দ্ৰুত প্রচাৰ কৰিব পাৰে? লোকসকলে ক’লে, জামীল বিন মা’মাৰ জুমাহী। এই কথা শুনাৰ পিছত তেওঁ জামীল বিন মা’মাৰ জুমাহীৰ ওচৰলৈ গ’ল, মই তেওঁৰ সৈতেই আছিলোঁ। উমাৰে তেওঁক ক’লে যে, তেওঁ মুছলিম হৈ গৈছে। আল্লাহৰ শপত এই কথা শুনা মাত্রেই অত্যন্ত উচ্চকণ্ঠত তেওঁ ঘোষণা কৰি থাকিল যে, খাত্তাবৰ পুত্র উমাৰ বে-দ্বীন হৈ গৈছে। উমাৰ তেওঁৰ পিছফালেই আছিল, তৎক্ষণাৎ তেওঁ এইবুলি উত্তৰ দিলে যে, ‘এওঁ মিছা কৈছে। মই বে-দ্বীন হোৱা নই, বৰং মুছলিম হৈছোঁ’। যিয়েই নহওঁক, মানুহে তেওঁৰ ওপৰত লাগি পৰিল আৰু মাৰপিট আৰম্ভ হৈ গ’ল। এটা পক্ষত জনতা আৰু অন্য পক্ষত উমাৰ; মাৰপিট চলিয়েই থাকিল। সূর্য প্রায় মূৰৰ ওপৰলৈ উঠালৈকে মাৰপিট চলিয়েই থাকিল। উমাৰে ক্লান্ত হৈ বহি পৰিল। ৰাইজে তেওঁক আগুৰি ধৰি থিয় হৈ আছিল। উমাৰে ক’লে, ‘যোৱা আনন্দ কৰা। আল্লাহৰ শপত! আমি যদি সংখ্যাত তিনিশ হ’লোহেঁতেন তেনেহ’লে মক্কাত তোমালোকে অৱস্থান কৰিলাহেঁতেন, নে আমি কৰিলোহেঁতেন সেইটো দেখাদেখি হৈ গ’লহেঁতেন। [11] এই ঘটনাৰ পিছত মুশ্বৰিকসকল অধিক ক্রোধান্বিত আৰু সংঘবদ্ধ হৈ উঠিল আৰু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰত আক্রমণ কৰি তেওঁক হত্যা কৰাৰ এক গভীৰ ষড়যন্ত্রত লিপ্ত হ’ল। যিটো ছহীহুল বুখাৰীৰ মাজত ইবনে উমাৰৰ পৰা বর্ণিত হৈছে। তেওঁ কৈছে যে, উমাৰে ভীত-সন্ত্রস্ত অৱস্থাত ঘৰৰ ভিতৰতেই অৱস্থান কৰি আছিল। এনে সময়ত আবূ ‘আমৰ আছ বিন ওৱায়েল ছাহমীয়ে তালৈ আগমন কৰিলে। তেওঁ ইয়ামান দেশত তৈয়াৰ কৰা নক্সা অঁকা এযোৰ চাদৰ আৰু ৰেচমৰ দ্বাৰা সুসজ্জিত সুন্দৰ জামা পৰিহিত অৱস্থাত আছিল। তেওঁৰ সম্পর্ক আছিল ছাহম গোত্রৰ সৈতে আৰু জাহেলিয়াত যুগত এই গোত্রই বিপদ-আপদত আমাক সাহায্য কৰিব বুলি প্রতিজ্ঞাবদ্ধ আছিল। তেওঁ প্ৰশ্ন কৰিলে, ‘বিষয়টো কি’? উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই মুছলিম হৈ গৈছোঁ আৰু এইকাৰণেই আপোনাৰ জাতিয়ে মোক হত্যা কৰিবলৈ ইচ্ছুক। আছ-এ ক’লে, ‘সেইটো সম্ভৱ নহয়’। আছ-ৰ এই কথা শুনি মই মনত কিছু শান্তি পালোঁ, কিছু তৃপ্তি অনুভব কৰিলোঁ। তাৰ পিছত আছ-এ তাৰ পৰা উভতি গৈ ৰাইজৰ লগত দেখা-সাক্ষাৎ কৰাৰ উদ্যোগ গ্রহণ কৰিলে। তেতিয়া জনতাৰ ভিৰত সমগ্র উপত্যকা ভৰি পৰিছিল। সাধাৰণ জনতাৰ সন্মুখভাগত থকা লোকসকলক প্ৰশ্ন কৰিলে, ‘তোমালোকে ক’লৈ গৈ আছা’? উত্তৰত তেওঁলোকে ক’লে, ‘আমি খাত্তাবৰ ল’ৰাৰ কিবা এটা হেস্তনেস্ত কৰিবলৈ ওলাইছোঁ। কাৰণ, সি বে-দ্বীন (বিধর্মী) হৈ গৈছে’। আছ-এ ক’লে, ‘নাই, সেইফালে যোৱাৰ কোনো পথ নাই’। এই কথা শুনা মাত্রেই ৰাইজ পুনৰ অগ্রসৰ নহৈ তেওঁলোকৰ পূর্বৰ স্থান অভিমুখে উভতি গ’ল। [12] উমাৰৰ ইছলাম গ্রহণৰ কাৰণে মুশ্বৰিকসকলৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যিটো ইতিপূৰ্বে আলোচিত হ’ল। আনহাতে মুছলিমসকলৰ অৱস্থা সম্পর্কে কিছু ধাৰণা লাভ কৰা সম্ভৱ হ’ব ইয়াৰ সমান্তৰালভাৱে আলোচিত পিছৰ ঘটনাটিৰ পৰা। মুজাহিদে ইবনে আব্বাছৰ পৰা বর্ণনা কৰিছে, মই উমাৰ বিন খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলোঁ যে, কি কাৰণত লকব বা উপাধি ‘ফাৰূক’ হৈছে। তেতিয়া তেওঁ মোক ক’লে, ‘মোৰ তিনিদিন পূর্বে হামযাহ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম গ্ৰহণ কৰিছিল, তাৰ পিছত তেওঁ তেওঁৰ ইছলাম গ্রহণৰ ঘটনা বর্ণনা কৰি শেষত ক’লে যে, ‘মই যেতিয়া মুছলিম হ’লো তেতিয়া মই ক’লো, ‘হে আল্লাহৰ ৰাছূল (চাল্লাল্লাহু আলাইহি অছাল্লাম)! আমি সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় নে, যদি জীৱিত থাকো নাইবা মৰি যাওঁ? নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘নিশ্চয়! সেই সত্ত্বাৰ শপথ যাৰ হাতত মোৰ জীৱন, তোমালোকে যদি জীৱিত থাকা নাইবা মৃত্যুমুখত পতিত হোৱা হক্ক বা সত্যৰ ওপৰতেই তোমালোক আছা’। উমাৰৰ বর্ণনা : ‘তেতিয়া মই সকলোকে লক্ষ্য কৰি ক’লো যে, গোপনীয়তাৰ আৰু কি প্রয়োজন? সেই সত্তাৰ শপত যিয়ে আপোনাক সত্য সহকাৰে প্রেৰণ কৰিছে, আমি নিশ্চয় গোপনীয়তা পৰিহাৰ কৰি মুক্তভাৱে ওলাই আহিম’। তাৰ পিছত আমি দুটি শাৰী বান্ধি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দু্ই শাৰীৰ মাজত লৈ বাহিৰলৈ ওলাই আহিলোঁ। এটা শাৰীৰ শীৰ্ষত আছিল হামযাহ ৰাদ্বিয়াল্লাহু আনহু আৰু আনটো শাৰীৰ শীৰ্ষত আছিলোঁ মই। আমাৰ যোৱাৰ কাৰণে ৰাষ্টাত যঁটাৰ আটাৰ দৰে পাতল ধূলিকণা উৰি গৈছিল। এনেদৰে আগুৱাই লাহে লাহে আমি মছজিদুল হাৰামত গৈ প্রৱেশ কৰিলোঁ। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘কুৰাইশ্বসকলে যেতিয়া মোক আৰু হামযাহক মুছলিমসকলৰ লগত দেখিলে তেতিয়া মনে মনে তেওঁলোক ইমানেই আঘাতপ্রাপ্ত হ’ল যে, এনেকুৱা আঘাত ইতিপূর্বে আৰু কেতিয়াও পোৱা নাই। সেইদিনাই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ উপাধি দিছিল ‘ফাৰূক’ [13] ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, যেতিয়ালৈকে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ধর্ম গ্রহণ কৰা নাই তেতিয়ালৈকে আমি ক্বাবা’হগৃহৰ ওচৰত নামায আদায় কৰিবলৈ সাহস কৰা নাই’। [14] ছুহাইব বিন ছিনান ৰূমীয়ে বর্ণনা কৰিছে যে, ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে যিদিনা ইছলাম গ্রহণ কৰিলে সিদিনাৰ পৰা ইছলামে তাৰ গোপন প্রকোষ্ঠৰ পৰা ওলাই আহিল বহিৰ্জগতলৈ। সেইদিনাৰ পৰা প্রকাশ্যে প্রচাৰ আৰু মানুহক প্রকাশ্যে দ্বীনৰ আহ্বান জনোৱা সম্ভৱ হ’ল’। পূর্বৰ সূত্রৰ পৰাই কোৱা হৈছে, ‘আমি গোলাকাৰ হৈ আল্লাহৰ ঘৰৰ ওচৰত বৈঠক কৰিলোঁ আৰু আল্লাহৰ ঘৰ প্রদক্ষিণ কৰিলোঁ। যিসকলে আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিল আমি তাৰ প্রতিশোধ গ্রহণ কৰিলোঁ আৰু সিহঁতৰ কোনো কোনো অন্যায়ৰ প্রতিবাদও কৰিলোঁ’। [15] ইবনে মাছউদৰ বর্ণনাঃ ‘যেতিয়াৰ পৰা উমাৰ ৰাদ্বিয়াল্লাহু আনহু মুছলিম হৈছিল তেতিয়াৰ পৰা আমি সমানভাৱে শক্তিশালী হৈছিলোঁ আৰু মান-সন্মানৰ সৈতে বসবাস কৰিব পাৰিছিলোঁ’। [16] [1] ইবনুল জাওযী লিখিত তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১১। [2] তিৰমিযী আৰওৱাবুল মানাকৰ আবীহাফছ উমাৰ বিন খাত্তাব ২য় খণ্ড ২০৯ পৃঃ। [3] শাইখ মুহাম্মাদ গাযালীঃ ফিক্কহুছ ছীৰাহ ৯২-৯৩ পৃঃ। তেওঁ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ মানসিকতাৰ দুই বিপৰীতমুখী ধাৰা সম্পর্কে আলোচনা কৰিছে। [4] ইবনে জাওযী তাৰীখে উমাৰ বিন খাত্তাব ৬ পৃঃ। ইবনে ইছহাক্কে আতা আৰু মোজাহিদৰ পৰা একেই ধৰণে বর্ণনা কৰিছে। কিন্তু তাৰ শেষাংশ এইটোৰ লগত সামান্য পৃথক। দ্রষ্টব্য ছীৰাতে ইবনে হিশ্বাম ১ম খণ্ড ৩৪৬ ও ৩৪৮ পৃঃ আৰু ইবনে জাওযীয়ে নিজেও যাবেৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা তেওঁৰ দৰেই বর্ণনা কৰিছে। কিন্তু ইয়াৰ শেষাংশতো এই বর্ণনাৰ বিপৰীত আছে, দ্রঃ তাৰীখে উমাৰ বিন খাত্তাব ৯-১০ পৃঃ। [5] এই বর্ণনা হৈছে ইবনে ইছহাক্কৰ দ্রঃ ইবনে হিশ্বাম ১ম খণ্ড ৩৪৪ পৃঃ। [6] এই বর্ণনা আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত দ্রঃ ইবনে জাওযী তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১০ আৰু মুখতাছাৰুছ ছীৰাহ আব্দুল্লাহ ৰচিত ১০৩ পৃঃ। [7] এই বিষয়টি ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত হৈছে, দ্রঃ মুখতাছাৰুছ ছীৰাহ ১০২ পৃঃ। [8] তাৰীখে ইবনে উমাৰ পৃঃ ৭, ১০, ১১। শাইখ আব্দুল্লাহ মুখতাছাৰুছ ছীৰাহ পৃঃ ১০২-১০৩। ছীৰাতে ইবনে হিশ্বাম ১ম খণ্ড ৩৪৩-৩৪৬। [9] ইবনে হিশ্বাম ১ম খণ্ড পৃঃ ৩৪৯-৩৫০। [10] তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ৮। [11] তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ৮ ও ইবনে হিশ্বাম ১ম খণ্ড ৩৪৮-৩৪৯ পৃঃ। [12] ইবনে হিশ্বাম ১ম খণ্ড ৩৪৯ পৃঃ। [13] ইবনে জাওযী- তাৰীখে উমাৰ বিন খাত্তাব ৬-৭ পৃঃ। [14] শাইখ আব্দুল্লাহ – মুখতাছাৰুছ ছীৰাহ পৃঃ ১০৩। [15] ইবনে জাওযী, তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১৩। [16] ছহীহুল বুখাৰীৰ উমাৰ বিন খাত্তাবৰ ইছলাম গ্রহণ অধ্যায় ১ম খণ্ড ৫৪৫ পৃঃ।