নাস্তিকৰ প্ৰতি

#নাস্তিকৰ_প্ৰতি- ———————– “আচ্ছা, এই যে ইমান বিশাল মহাবিশ্ব, এই মহাবিশ্বৰ মাজত কিমান বিলিয়ন বিলিয়ন গ্যালাক্সি আছে। এই গ্যালাক্সিসমূহ আকাৰত ইমানেই বিশাল যে, ইয়াৰ যিকোনো এটি গ্যালাক্সিৰ তুলনাত আমাৰ এই পৃথিৱীখন সাগৰৰ তলিৰ এটি ক্ষুদ্র বালিৰ নিচিনা। এনেকুৱা অৱস্থাত, আপোনালোকৰ মহা ক্ষমতাশীল আল্লাহে ইমান বিশাল মহাবিশ্ব ৰাখি পৃথিৱীৰ দৰে ক্ষুদ্র এটা গ্রহত মানুহৰ নিচিনা ক্ষুদ্র কিছুমান প্রাণীয়ে নামাজ পঢ়িছে নে পঢ়া নাই, জিকিৰ কৰিছে নে কৰা নাই, ৰোজা ৰাখিছে নে ৰখা নাই, কোৰআন তিলাওৱাত কৰিছে নে কৰা নাই, পর্দা কৰিছে নে কৰা নাই এইবোৰক লৈ লাগি আছে কিয়? ইমান বিশাল মহাবিশ্বত তেওঁৰ ভৱাৰ কাৰণে, কনচার্নড হোৱাৰ কাৰণে আন একোৱেই নাই নেকি?” বহুদিন আগতে এজন নাস্তিকে এই প্রশ্নটো কৰিছিল। বর্তমানেও বহুতে কৰে। শুনিলেই ভাৱ হ’ব, প্ৰকৃততেই কথাটো নোহোৱা নহয়! এনেদৰে তো আগতে ভৱা নাই! মহাবিশ্বৰ তুলনাত কিমান ক্ষুদ্র আমি! আমি কি কৰিছোঁ কি কৰা নাই তাক লৈ তেওঁৰ ইমান কি লাভ-লোকচান? ইমান বিশাল মহাবিশ্ব ৰাখি থৈ তেওঁ আমাক লৈয়েই কিয় ইমান ব্যতিব্যস্ত? মূলতঃ ইমান বিশাল মহাবিশ্বক লৈ যে তেওঁ কনচার্নড নহয়, এইটো এটা ভুল ধাৰণা। এই বিশাল মহাবিশ্ব তেওঁ এনেদৰে সৃষ্টি কৰিছে যে, ইয়াৰ এটাই আনটোৰ সৈতে লিঙ্কড আপ। এটা উদাহৰণ দিয়া যাওঁক। যেনে ধৰক জুপিটাৰ। জুপিটাৰ হ’ল আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্রহ। এইটো আমাৰ পৃথিৱীতকৈ প্রায় ১১ গুণ ডাঙৰ। এই গ্রহ দানৱ জুপিটাৰৰ ১১-১২ খন পৃথিৱীক গিলি খাই পেলোৱাৰ দৰে ক্ষমতা (স্পেচ) আছে। আপাতঃ দৃষ্টিত জুপিটাৰক বেকাৰ বুলি ভাৱিলেও, জুপিটাৰৰ কান্ধত কিন্তু বিশাল এটা দায়িত্ব আছে। কি সেই দায়িত্ব? কৈছোঁ শুনক…. বিভিন্ন সৌৰজগতৰ বহুতো নক্ষত্র মাজে-সময়ে আমাৰ গ্যালাক্সিলৈ গুচি আহে। এইবিলাকক কোৱা হয় Hot Jupiters… নতুনকৈ সোমাই অহা এই নক্ষত্রবোৰৰ সৈতে তেতিয়া আমাৰ গ্যালাক্সিৰ কিছুমান নক্ষত্রৰ সংঘর্ষ তথা খুন্দা-খুন্দি লাগে। এটা পর্যায়ত গৈ উভয় নক্ষত্র ভাঙি টুকৰা-টুকৰ হৈ যায়। এই টুকৰাবোৰক আমি ধূমকেতু বুলি কওঁ। এই টুকৰাবোৰৰ কিছুমানৰ আকাৰ এখন পৃথিৱীৰ সমান, আকৌ কিছুমানৰ আকাৰ পৃথিৱীতকৈ পাতল-সৰু। সংঘর্ষৰ ফলত পৃথক হোৱা টুকৰাবোৰে তেতিয়া দিগ-বিদিগ হৈ দৌৰি থাকে। কিছুমান টুকুৰা গৈ সূর্যত পৰে, কিছুমান অন্যান্য গ্রহৰ পিনে গুচি যায় আৰু কিছুমান গুচি আহে আমাৰ পৃথিৱীৰ ফালে। কিন্তু, আমাৰ পৃথিৱীৰ ফালে গুচি অহা টুকুৰাবোৰক জুপিটাৰে আমাৰ ফালে আহিবলৈ নিদিয়ে। সি প্রহৰীৰ দৰে থিয় হৈ থাকে। যেতিয়াই কোনো টুকুৰা আমাৰ পৃথিৱীৰ ফালে দৌৰি থাকে, তেতিয়াই জুপিটাৰে সেই বিশাল আকাৰৰ টুকৰাটোক তাৰ ফালে টানি লৈ যায়। বিষয়টো এনেকুৱ জুপিটাৰ যেন আমাৰ জেষ্ঠ্য ভাতৃ! জুপিটাৰৰ দায়িত্ব আমাৰ চোৱা-চিতা কৰা। এতিয়া কোনোবাই যদি আমাক আক্ৰমণ কৰিবলৈ আহে, জুপিটাৰে তেতিয়াই কয়- ‘ঐ, তই ক’লৈ যোৱা সেইফালে? তোৰ ইমান সাহস! মোৰ সৰু ভাইক মাৰিবলৈ গৈ আছ? দিম তোক এক থাপ্পৰ! এইফালে আহ….’ এনেদৰেই আমাৰ ফালে দৌৰি অহা বিশাল বিশাল এই টুকুৰাবোৰক জুপিটাৰে নিজৰ ফালে টানি লৈ গৈ আমাক ৰক্ষা কৰে। নক্ষত্রবোৰৰ এই টুকুৰাবোৰে যদি আমাৰ পৃথিৱীক আঘাত কৰে, আমাৰ পৃথিৱী পাউডাৰৰ দৰে গুড়ি হৈ মহাশূন্যত বিলীন হৈ যাব। কিন্তু জুপিটাৰৰ একোৱেই নহয়। কাৰণ এই দৈত্যগ্রহ দানৱৰ ইমান বিশাল শৰীৰ যে, এনেকুৱা কেইবাশ টুকুৰা সি অনায়াসে হজম কৰি পেলাব পাৰে। এতিয়া ভাৱকচোন! জুপিটাৰ নাথাকিলে আমাৰ ঠিক কি অৱস্থা হ’লহেঁতেন? যিসকলে কয়, মহাশক্তিশালী আল্লাহে কিয় আমি নামাজ পঢ়িছোঁ নে নাই, জিকিৰ কৰিছোঁ নে নাই, ৰোজা ৰাখিছোঁ নে নাই- এইবোৰ বিষয়ে ইমান চিৰিয়াচ? আৰে বাপু! কেৱল এইটোৱেই দেখিলেনে? এই মহাপৰাক্রমশালী আল্লাহে যে আপোনাক জুপিটাৰৰ জৰিয়তে পাউডাৰৰ গুড়ি হোৱাৰ পৰা ৰক্ষা কৰিলে সেই চিন্তা আপোনাৰ আছেনে? আপুনি নামাজ পঢ়িছে নে নাই কেৱল সেই বিষয়তেই তেওঁ চিৰিয়াচ নহয়, বৰং তেৱেঁই আপোনাৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰি থাকে। সামান্য বীজটোক মহীৰূহ বৃক্ষত পৰিণত তেৱেঁই কৰে। তেওঁ যদি গ্র্যাভিটিৰ ব্যৱস্থা নকৰিলেহেঁতেন, তেনেহ’লে আপোনাৰ চাধাৰ পৃথিৱী যে কিমান আগতেই প্যাকেট হৈ সূর্যৰ পেটলৈ গুচি গ’লহেঁতেন, তাৰ হিচাব নাই। তেৱেঁই সূর্যক পৃথিৱীৰ পৰা এনেকুৱা এটা নিৰ্দিষ্ট দূৰত্বত সংস্থাপন কৰিছে, যদি ইয়াতকৈ দূৰত্ব সামান্য বেছি হ’লহেঁতেন আপোনাৰ মধুৰ পৃথিৱী নিশাৰ ভাগত একদম বৰফ হৈ গ’লহেঁতেন। তেতিয়া পৃথিৱীৰ অৱস্থা এন্টাৰ্কটিকা মহাদেশৰ দৰে হ’লহেঁতেন। পৃথিৱীত তেতিয়া পেঙ্গুইনৰ বাহিৰে আন একোৱেই থকাৰ উপযোগী নহ’লহেঁতেন। আকৌ, দূৰত্ব এতিয়া যি আছে, তাতকৈ যদি অলপ কম হ’লহেঁতেন, সূর্যটো যদি পৃথিৱীৰ পৰা আৰু অলপ ওচৰত হ’লহেঁতেন, তেন্তে কেতিয়াবাই সকলোবোৰ পুৰি ছাঁই হৈ গ’লহেঁতেন। সূর্যৰ পৰা পৃথিৱীলৈ আহে ক্ষতিকৰ অতি বেঙুনীয়া ৰশ্মি। ইয়াৰ ফলত চালৰ ক্যান্সাৰৰ দৰে মাৰাত্মক কিছুমান ৰোগ হোৱাৰ সম্ভাৱনা আছিল। কিন্তু, বায়ুমণ্ডলত তেওঁ ‘অ’জন স্তৰ’ দি এনেকুৱা এটা পৰিশোধক চিষ্টেম তৈয়াৰ কৰি দিলে যে, সকলো ৰশ্মি প্ৰত্যক্ষভাৱে পৃথিৱীত সোমোৱাৰ অনুমতি পালেও অতি বেঙুনীয়া ৰশ্মি সোমোৱাৰ অনুমতি নাই। অ’জন স্তৰে তাক বাধা দিয়ে। এই যে আপোনালোকৰ ইমান ক্ষুদ্র এই পৃথিৱী, সেই ক্ষুদ্র পৃথিৱীৰ ক্ষুদ্রাতিক্ষুদ্র প্রাণী মানুহৰ কাৰণে মহাবিশ্বত তেওঁ যে ইমান চমৎকাৰ প্রটেক্টিভ চিষ্টেম কৰি ৰাখিছে, কেতিয়াবা ইয়াৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছে নে? কেৱল তেওঁৰ ইবাদাত কৰাৰ ক্ষেত্ৰত অভিযোগ তোলে, তেওঁ যে ইমান সুন্দৰভাৱে আপোনাৰ দৰে ক্ষুদ্রাতিক্ষুদ্র জীৱক লালন-পালন কৰিছে মাটি, অক্সিজেন, পানীৰ দ্বাৰা, আপোনাক যে চাৰিওফালৰ ভয়ঙ্কৰ বিপদাপদৰ পৰা ৰক্ষা কৰিছে, সেইবোৰৰ বিষয়ে আপুনি এবাৰলৈও ভাৱি নাচায় নে? মহাবিশ্বখনৰ সকলোবোৰ ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ পিছতো তেওঁ যে আপোনাৰ উশাহ-নিশাহ লোৱাৰ বাবে অক্সিজেনৰ যোগান বন্ধ কৰি দিয়া নাই, অন্ততঃ সেই বিষয়ে তো অলপ ভাৱিব পাৰে! চিন্তাবোৰ অলপ বেলেগ ধৰণে কৰক। কৃতজ্ঞ হওঁক। কৃতজ্ঞ হোৱাটো ভাল। মূল- ‘চিন্তাৰ ভিন্নতা’/আৰিফ আজাদ

Leave a comment