প্রশ্ন- কুৰবানী কৰাৰ সময়ত ৭ জনৰ নাম দিয়াৰ প্রথাটো সঠিক নে? মৃত ব্যক্তিৰ নামত কুৰবানী কৰা জায়েজ নে?

#প্রশ্ন- কুৰবানী কৰাৰ সময়ত ৭ জনৰ নাম দিয়াৰ প্রথাটো সঠিক নে? #উত্তৰ- আপুনি যি কুৰবানী কৰিব সেইটো এটা উট হওঁক বা গৰু নাইবা ছাগলী অথবা গৰু আৰু উটৰ কোনো অংশ সেইটো আপুনি নিজৰ ও আপোনাৰ পৰিয়ালৰ সকলোৰে পক্ষৰ পৰা দিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাগলী কুৰবানী দিয়াৰ সমযত এনেকুৱাই কৰিছিল। তেখেতে পৰিয়ালৰ সকলোৰে পক্ষৰ পৰা পৃথকে পৃথকে কুৰবানী দিয়া নাছিল। মানুহে ভাৱে যিমানজনৰ নাম দিয়া হয় সিমানজনৰ পক্ষৰ পৰা কুৰবানী হ’ব, বাকীসকলে ছওৱাব নাপাব। অথচ যিয়ে অভিভাৱক হ’ব তেওঁ যি কুৰবানী কৰিব তাতে বিশেষ নাম দিব নালাগে; বৰং তেওঁ নিয়ত কৰিব সেই কুৰবানীটো তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সকলোৰে পক্ষৰ পৰা, সেইটো এটা ছাগলীও হ’ব পাৰে। ছাগলী এজনৰ পক্ষৰ পৰা হয় এইটো ভুল ধাৰণা। বৰং ইয়াতে কুৰবানীদাতাৰ পৰিবাৰৰ সকলোৱেই ছওৱাবত শ্বৰীক হৈ যাব। #শাইখ_আব্দুৰ_ৰাকিব_বুখাৰী। : প্রশ্ন:- মৃত ব্যক্তিৰ নামত কুৰবানী কৰা জায়েজ নে? =========================== উত্তৰ:- মৃত ব্যক্তিৰ নামত কুৰবানী দিয়াৰ বিধান নাই। কিন্তু মৃত ব্যক্তিক কুৰবানীৰ ছাওৱাবত শ্বৰীক কৰিব পাৰে। এটা গৰু বা ছাগলী কুৰবানী দিলে, আপোনাৰ পৰিবাৰৰ জীৱিত মৃত সকলোকে ছাওৱাবত শ্বৰীক কৰিব। এনেদৰে নিয়ত কৰিব, হে আল্লাহ! এই কুৰবানী মোৰ পক্ষৰ পৰা আৰু মোৰ পৰিবাৰৰ জীৱিত আৰু মৃত সকলোৰে তৰফৰ পৰা, তেনে কৰিলে পৰিয়ালৰ সকলোৱে ছাওৱাবত শ্বৰীক হৈ যাব। পৃথকভাৱে মৃতৰ নামত কুৰবানী কৰা বিধেয় নহয় আৰু যদি কোনোবাই কৰিব বিচাৰে¸ তেনেহ’লে ছাদকা হ’ব। তেতিয়া সম্পূৰ্ণ মাংস ছাদকা কৰিব লাগিব। মিছকিনসকলক দিব লাগিব। নিজে খাব নোৱাৰিব। এইটো হ’ব ছাদকা। ——উত্তৰ দিছে শ্বাযইখ আব্দুল হামীদ ফাইযী মাদানী

Leave a comment