তাওহীদ কাক বোলে আৰু তাওহীদ কেই প্ৰকাৰ !

প্ৰশ্ন: তাওহীদৰ সংজ্ঞা কি? তাওহীদ কেই প্ৰকাৰ?

উত্তৰ : তাওহীদৰ সকলো প্ৰকাৰৰ সমন্বিত পূৰ্ণাঙ্গ সংজ্ঞা হৈছে: পৰিপূৰ্ণ গুণৰ সমন্বয়ত ৰব বা প্ৰতিপালকৰ একত্বতা সম্পৰ্কে বান্দাৰ জ্ঞান, বিশ্বাস, স্বীকৃতি আৰু ঈমান আৰু ইয়াত ৰবক (প্ৰতিপালকক) একক হিচাপে মানা, এই বিশ্বাস স্থাপন কৰা যে, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ পূৰ্ণতাৰ কোনো উপমা নাই, তেওঁ সকলো বান্দাৰ বাবে ইলাহ আৰু মা‘বুদ (ইবাদতৰ একমাত্ৰ যোগ্য), আনকি সকলো ধৰণৰ ইবাদতৰ ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা (আন কাকো অংশীদাৰ স্থাপন নকৰা)।
এতেকে উপৰোক্ত সংজ্ঞাই তাওহীদৰ তিনিওটা প্ৰকাৰ অন্তৰ্ভূক্ত কৰিছে। সেয়া হৈছে👇👇👇

প্ৰথম: তাওহীদুৰ ৰুবুবিয়্যাহ: আল্লাহক একমাত্ৰ সৃষ্টিকৰ্তা, ৰিযিকদাতা (জীৱিকাদাতা), পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰা।

দ্বিতীয়: তাওহীদুল আছমা ওৱাচ ছিফাত: আল্লাহে নিজৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে অথবা ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে সেইবোৰৰ কোনো সাদৃশ্য আৰু উপমা, বিকৃতি আৰু পৰিবৰ্তন নকৰি আল্লাহৰ বাবে সাব্যস্ত কৰা।

তৃতীয়: তাওহীদুল ইবাদাহ: সকলো ধৰণৰ ইবাদতৰ বাবে আল্লাহক এক ও একক বুলি স্বীকাৰ কৰা আৰু তেওঁৰ লগত শ্বিৰ্ক নকৰি ইবাদতত একনিষ্ঠ হোৱা। এতেকে, তাওহীদৰ উপৰোক্ত প্ৰকাৰসমূহ সম্পূৰ্ণৰূপে ধাৰণ নকৰিলে আৰু এইবোৰক প্ৰতিষ্ঠা নকৰিলে বান্দা মুআহহিদ তথা একত্ববাদী হ’ব নোৱাৰিব।

Leave a comment