ব্ৰাহ্মণ , বৈশ্য , শূদ্ৰ , ক্ষত্ৰীয়ৰ দৰে আমাৰ ইছলামতো কোনে হানাফী শ্বাফী মালিকি আৰু হাম্বলী বুলি চাৰিটা মাজহাবত ভাগ কৰিলে

ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ, ক্ষত্ৰীয়ৰ দৰে আমাৰ ইছলামতো কোন অধমে বা হানাফী, হাম্বলী, মালেকি, শ্বাইফী বুলি চাৰিটা ভাগ কৰি ফৰজ হিচাবে অনুসৰণ কৰিবলৈ দিলে!!! সেইটোৱে ভাৱি নাপাওঁ!

৪০০ হিজৰীৰ আগলৈকে এই মাজহাববোৰৰ কোনো অস্তিত্বই নাছিল। আনকি সেই চাৰি গৰাকী ইমামেও কৈ যোৱা নাই যে আমাৰ নামত মাজহাব তৈয়াৰ কৰিবা। বৰং প্ৰতিজন ইমামে কৈ গৈছিল- “যেতিয়াই ছহীহ হাদীছ পাবা সেইটোৱেই আমাৰ মাজহাব”।

অৱশ্যে এটা কথা ঠিক যে¸ নাবী চাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ উম্মাতৰ মাজত ৭৩ টা দল হ’ব বুলি যিহেতু উল্লেখ আছে গতিকে অধম কিছুমানৰ দ্বাৰা এনেদৰে প্ৰচাৰ হোৱাটো একো অস্বাভাৱিক কথাও নহয়।

তলৰ আয়াতসমূহ পঢ়ি আপুনি সিদ্ধান্ত লওঁক আপুনি কোনটো দলত থাকিব!!!

কমেন্ট কৰক কোনটো দলত থাকিব-
১। হানাফি?
২। মালিকী?
৩। হাম্বলী?
৪। শ্বাফেয়ী?

৫। ইছলাম= (ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম= কুৰআন আৰু ছহীহ হাদীছ)?

ছূৰা আল-ফুৰকান:27 – জালিমে সিদিনা নিজৰ হস্তদ্বয় দংশন কৰি কৰি কব, হায় আফচোচ! মই যদি ৰাছূলৰ সৈতে পথ অৱলম্বন কৰিলোহেঁতেন!

ছূৰা আল-ফুৰকান:28 – হায়! মোৰ দূর্ভাগ্য, মই যদি অমুকক বন্ধুৰূপে গ্রহণ নকৰিলোহেঁতেন!

ছূৰা আল-ফুৰকান:29 – মোৰ ওচৰত উপদেশ অহাৰ পিছত সি মোক তাৰ পৰা বিভ্রান্ত কৰিছিল। শ্বয়তানে মানুহক বিপদৰ সময়ত ধোঁকা দিয়ে।

ছূৰা আল ইমৰান:85 – যি ব্যক্তিয়ে ইছলামৰ বাহিৰে অন্য কোনো ধর্ম তালাচ কৰে, কস্মিণকালেও তাক গ্রহণ কৰা নহ’ব আৰু আখিৰাতত সি হ’ব ক্ষতি গ্রস্ত।

ছূৰা নাহল:43 – আপোনাৰ পূর্বেও আমি প্রত্যাদেশসহ মানৱকেই সিহঁতৰ প্রতি প্রেৰণ কৰিছিলোঁ। গতিকে জ্ঞানীসকলক প্ৰশ্ন কৰা, যদি তোমালোকৰ জনা নাথাকে।

ছূৰা আল ইমৰান:19 – নিঃসন্দেহে আল্লাহৰ ওচৰত গ্রহণযোগ্য দ্বীন একমাত্র ইছলাম। আৰু যিসকলৰ প্রতি কিতাব নাজিল হৈছে সিহঁতৰ ওচৰত প্রকৃত জ্ঞান অহাৰ পিছতো সিহঁতে মতবিৰোধত লিপ্ত হৈছে, কেৱল-মাত্র পৰস্পৰ বিদ্বেষবশতঃ, যিসকলে আল্লাহৰ নিদর্শনসমূহৰ প্রতি কুফৰী কৰে সিহঁতৰ জনা উচিত যে, নিশ্চিতৰূপে আল্লাহ হিচাব গ্রহণত অত্যন্ত দ্রুত।

ছূৰা আল জাছিয়া:6 – এইসমূহ আল্লাহৰ আয়াত, যাক আমি আপোনাৰ ওচৰত আবৃত্তি কৰোঁ যথাযথৰূপে। গতিকে, আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত সিহঁতে কোন কথাত বিশ্বাস স্থাপন কৰিব।

ছূৰা আল আন-আম:116 – আৰু যদি আপুনি পৃথিৱীৰ অধিকাংশ লোকৰ কথা মানি লয়, তেনেহ’লে সিহঁতে আপোনাক আল্লাহৰ পথৰ পৰা বিপথগামী কৰি দিব। সিহঁতে কেৱল অলীক কল্পনাৰ অনুসৰণ কৰে আৰু সম্পূর্ণ অনুমানভিত্তিক কথা-বতৰা কৈ থাকে।

ছূৰা ইউনুচ:36 – বস্তুতঃ সিহঁতৰ অধিকাংশই কেৱল আন্দাজ-অনুমানৰ ওপৰত চলে, অথচ আন্দাজ-অনুমান সত্যৰ ক্ষেত্ৰত কোনো কামতেই নাহে। আল্লাহে ভালদৰেই জানে, সিহঁতে যিবোৰ কৰে।

ছূৰা কাহফ:57 – তাতকৈ অধিক জালিম কোন, যাক তাৰ পালনকর্তাৰ কালামৰ দ্বাৰা বুজোৱা হয়, তাৰ পিছত সি তাৰ পৰা মুখ ঘূৰাই নিয়ে আৰু তাৰ পূর্বৱর্তী কৃতকর্মসমূহ পাহৰি যায়? আমি সিহঁতৰ অন্তৰৰ ওপৰত পর্দা ৰাখি দিছোঁ, যেন তাক নুবুজে আৰু সিহঁতৰ কাণত আছে বধিৰতাৰ বোজা। যদি আপুনি সিহঁতক সৎপথৰ প্রতি দাৱাত দিয়ে, তেনেহ’লে কেতিয়াও সিহঁতে সৎপথত নাহিব।

ছূৰা আল বাক্কাৰাহ:153
“হে মুমিনসকল! তোমালোকে ধৈর্য্য আৰু ছালাতৰ মাধ্যমত সাহায্য প্রার্থনা কৰা। নিশ্চয় আল্লাহ ধৈর্য্যশীলসকলৰ সৈতে আছে।”

ছূৰা আল আ’ৰাফ:3 – তোমালোকে অনুসৰণ কৰা, যি তোমালোকৰ প্রতি পালকৰ পক্ষৰ পৰা অৱতীর্ণ হৈছে আৰু আল্লাহক বাদ দি অন্য অলি আউলিয়াসকলৰ অনুসৰণ নকৰিবা।

ছূৰা আল মায়েদাহ:44 – গতিকে, তোমালোকে মানুহক ভয় নকৰিবা। আমাক ভয় কৰা আৰু আমাৰ আয়াত সমূহৰ বিনিময়ত স্বল্পমূল্য গ্রহণ নকৰিবা, যিসকল লোকে আল্লাহে যি অৱতীর্ণ কৰিছে, তদনুযায়ী ফায়চালা নকৰে, তেওঁলোকেই কাফিৰ।

ছূৰা আন-নূৰ:54 – কোৱা! আল্লাহৰ আনুগত্য কৰা আৰু ৰাছূলৰ আনুগত্য কৰা। ইয়াৰ পিছতো যদি তোমালোকে মুখ ফিৰাই নিয়া, তেনেহ’লে তেওঁৰ ওপৰত ন্যস্ত দায়িত্বৰ কাৰণে তেওঁ দায়ী আৰু তোমালোকৰ ওপৰত ন্যস্ত দায়িত্বৰ কাৰণে তোমালোক দায়ী। তোমালোকে যদি তেওঁৰ আনুগত্য কৰা, তেনেহ’লে সৎ পথ পাবা। ৰাছূলৰ দায়িত্ব তো কেৱল সু-স্পষ্টৰূপে পৌছাই দিয়া।

ছূৰা আল ইমৰান:103 – আৰু তোমালোক সকলোৱে আল্লাহৰ ৰজ্জুক সুদৃঢ় হস্তে ধাৰণ কৰা; পৰস্পৰ বিচ্ছিন্ন নহ’বা। আৰু তোমালোকে সেই নিয়ামতৰ কথা স্মৰণ কৰা, যাক আল্লাহে তোমালোকক দান কৰিছে। তোমালোক পৰস্পৰ শত্রু আছিলা। ইয়াৰ পিছত আল্লাহে তোমালোকৰ মনত সম্প্রীতি দান কৰিছে। ফলত, এতিয়া তোমালোকে তেওঁৰ অনুগ্রহৰ কাৰণে পৰস্পৰ ভাই ভাই হৈছা। তোমালোকে এক অগ্নিকুণ্ডৰ পাৰত অৱস্থান কৰিছিলা। ইয়াৰ পিছত তাৰ পৰা তেওঁ তোমালোকক মুক্তি দিছে। এনেদৰেই আল্লাহে নিজৰ নিদর্শনসমূহ প্রকাশ কৰে, যাতে তোমালোকে হিদায়াত প্রাপ্ত হব পাৰা।

ছূৰা আল ইমৰান:104 – আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল থকা উচিত যিসকলে আহ্বান জনাব সৎকর্মৰ প্রতি, নির্দেশ দিব ভাল কামৰ আৰু বাৰণ কৰিব অন্যায় কামৰ পৰা, আৰু তেওঁলোকেই হ’ল সফলকাম।

ছূৰা আল ইমৰান:105 – আৰু সিহঁতৰ দৰে নহ’বা, যিসকল বিচ্ছিন্ন হৈ গেছে আৰু নিদর্শনসমূহ অহাৰ পিছতো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। সিহঁতৰ কাৰণে আছে ভয়ঙ্কৰ শাস্তি।

ছূৰা আল আন-আম:153 – তোমালোকক এই নির্দেশ দিয়া হৈছে, যাতে তোমালোকে উপদেশ গ্রহণ কৰা। নিশ্চিতভাৱে এইটো আমাৰ সৰল পথ। গতিকে, এই পথত চলা আৰু অন্যান্য পথত নচলিবা। নহ’লে সেইবোৰ পথে তোমালোকক তেওঁৰ (আল্লাহৰ) পথৰ পৰা বিচ্ছিন্ন কৰি দিব। তোমালোকক এই নির্দেশ দিয়া হৈছে, যাতে তোমালোকে সংযত হোৱা।

ছূৰা আল বাক্কাৰাহ:170 – আৰু যেতিয়া সিহঁতক কোনোবাই কয় যে, সেই হুকুমৰেই আনুগত্য কৰা যাক আল্লাহ তা‘আলাই নাযিল কৰিছে, তেতিয়া সিহঁতে কয় কেতিয়াও নহয়, আমি তো সেই বিষয়ৰেই অনুসৰণ কৰিম। য’ত আমি আমাৰ বাপ-দাদাসকলক দেখিছোঁ। যদিও সিহঁতৰ বাপ-দাদাসকলে একোৱেই জনা নাছিল, জনা নাছিল সৰল পথো।

ছূৰা আল আন-আম:159 – নিশ্চয় যিসকলে স্বীয় ধর্মক খণ্ড-বিখণ্ড কৰিছে আৰু বহু দলত বিভক্ত হৈছে, সিহঁতৰ সৈতে আপোনাৰ কোনো সম্পর্ক নাই। সিহঁতৰ বিষয় আল্লাহ তা‘আলাৰ ওচৰত সমর্পিত¸ তেৱেঁই ইয়াৰ পিছত জনাই দিব যিবোৰ সিহঁতে কৰি থাকে।

Based Ali (Edited)

Leave a comment