মুনাফিকৰ স্বভাৱৰ বৰ্ণনা

🔴সাৱধান🔴  আপোনাৰ মাজত  এনে কোনো স্বভাৱ আছে নেকি যিটোৱে আপোনাক মুনাফিক বনাই দিয়ে ???
যদি আছে তেন্তে আজিয়েই ত্যাগ কৰক । কিয়নো মুনাফিক সকলৰ কথা আল্লহে কোৰআন ত কৈছে যে  إِنَّ الْمُنَافِقِينَ فِي الدَّرْكِ الْأَسْفَلِ مِنَ النَّارِ وَلَن تَجِدَ لَهُمْ نَصِيرًا
 ” নিশ্চয় মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তানত থাকিব আৰু তোমালোকে সিহঁতৰ সহায়কাৰী হিচাপে কেতিয়াও  কাকো নাপাবা ” ( ছূৰা নিছা ১৪৫)

চহিহ মুছলিম ৰ ১১৪ নং হাদিছ�
 মুনাফিকৰ স্বভাবৰ বর্ণনা

☞☞☞ আবূ বকৰ ইবনু আবূ শ্বয়বা , ইবনু নুনায়ৰ আৰু  যুহায়ৰ ইবনু হাৰব (ৰহ:) আবদুল্লাহ ইবনু আমৰ (ৰা:) য়ে  বর্ণনা কৰিছে  যে, ৰাছুলুল্লাহ ছাল্লাল্লাহু   আলাইহি ওয়াছাল্লামে  কৈছে :  চাৰিটা  স্বভাব যাৰ মাজত  আছে  সি সত্যিকাৰেই   মুনাফিক; যাৰ মাজত  উক্ত চাৰিটাৰ এটাও থাকে সি সেইটো এৰি নিদিয়া পর্যন্ত তাৰ  মাজত  মুনাফিকীৰ এটা  স্বভাব থাকি যায় । (১)সি কথা কলে  মিছা কয় , (২) চুক্তি কৰিলে  সেইটো  ভংগ  কৰে , (৩) প্ৰতিজ্ঞা   (ওয়াদা) কৰিলে  খিলাফ কৰে  বা ভংগ  কৰে  (৪) কাজিয়া কৰিলে   কুটূক্তি  কৰে ।☜☜☜☜

Leave a comment