☀☀☀ DO YOU KNOW ?? ☀☀☀
আপুনি জানেনে যে , চাৰি মাজহাব ইছলামৰ সঠিক বিবেচনা বুলি ভাবি আপুনিও যদি অন্ধ ভাবে নিজকে তেওঁলোকৰ পথেৰেই পৰিচালিত কৰি আছে , তেন্তে আপুনি কেনে কেনে ধৰণৰ অপৰাধেৰে অভিযুক্ত হোৱাৰ সম্ভাৱনা আছে ?? সেই অপৰাধৰ পৰা মুক্তিপণ দিয়াবলৈ সিদিনা কাৰোবাৰ ক্ষমতা থাকিবনে ?? ভূল স্বীকাৰ কৰি সংশোধন হবলৈ, আপোনাক জানো পুনৰ সুবিধা দিয়া হব ?? ইত্যাদি ইত্যাদি এনে অসংখ্য স্পৰ্শকাতৰ বিষয় যদি আপুনি কাহানিও চিন্তা কৰা নাই বা নাজানে , তেন্তে নিম্ন উল্লেখিত ত্বথ্য সমূহৰ আধাৰত এবাৰৰ বাবে হলেও বিবেচনা কৰাৰ চেষ্টা কৰক !! আপোনাৰ মহল্লাৰ আলীমৰ পৰা ত্বথ্যভিত্তিক উত্তৰ বিচাৰক !! সাৱধান ! মৌখিক উত্তৰত পতিয়ন যোৱা মানে আপোনাৰ অনুসন্ধান মূল্যহীন !! সেয়েহে গ্ৰহণযোগ্য ত্বথ্য ( কোৰআন আৰু চহীহ হাদীছ ) ৰ পৰা উত্তৰ বিচাৰক !!
১] আল্লাহে পবিত্ৰ কোৰআনত কৈছে -” তোমালোকে সিহঁতৰ দৰে নহবা যিবিলাক ভিন ভিন দলত বিভক্ত হল আৰু স্পষ্ট নিদৰ্শন পোৱাৰ পাছতো সিহঁতৰ মতবিৰোধ সৃষ্টি হল । যি এনে আচৰণ অৱলম্বন কৰিব কিয়ামতত সিহঁতে কঠোৰ শাস্তি ভূগিব লাগিব ( আলে- ইমৰাণ /১০৫ )।
প্ৰশ্ন (ক) = ইমান স্পষ্টকৈ আল্লাহে বাধা দিয়াৰ পাছতো মাজহাবৰ নামত ইছলামক চাৰিটা ভাগত বিভক্ত কৰাৰ অনুমতি কোনে দিলে , হাদীছ বা কোৰআনৰ দলীল দেখাওক ??
প্ৰশ্ন (খ)= স্পষ্ট নিদৰ্শন অৰ্থাৎ পবিত্ৰ কোৰআন পোৱাৰ পাছতো আল্লাহৰ হুকুমক অৱমাননা কৰি চাৰি মাজহাবৰ মাজত হোৱা স্পষ্ট মতবিৰোধ কিহৰ যুক্তিত গ্ৰহণযোগ্য হব ??
২] ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : ” যি ব্যক্তিয়ে দ্বীনত মাজত কোনো নতুন বস্তু আবিস্কাৰ কৰিব বা নৱ আবিস্কাৰকাৰীক আশ্ৰয় দিব , তেনে ব্যক্তিৰ ওপৰত আল্লাহ , সকলো ফিৰিস্তা আৰু মানুহৰ অভিশাপ পৰিব !! তেনে ব্যক্তিৰ কোনো ফৰজ, নফল ইবাদত , তৌবাহ বা ফিদইয়া একোৱেই আল্লাহৰ দৰবাৰত কবুল নহব ( বুখাৰী , কিতাবুল জিযিয়াহ , হাঃ/৩১৮০ )।
প্ৰশ্ন (গ)= আমাৰ মাজহাবৰ নিয়ম অনুসৰি চালাতত থিয় হৈ পঢ়া জাইনামাজ পাকৰ দোৱা ” ইন্নিৱাজ জাহাতু ………..” , চালাতৰ শাব্দিক নিয়ত ” নাৱাইতুৱান ওচল্লীয়া ……….” , ফৰজ চালাতৰ শেষত ইমামৰ সৈতে কৰা সন্মিলিত মোনাজাত নবী চল্লাল্লাহু আলাইহি অছাল্লাম বা কোনো এগৰাকী মহান চাহাবায়ো কৰিছিল বুলি দলীল আছেনে ?? যদি নাই তেন্তে এইয়া দ্বীনৰ মাজত নতুন আবিস্কাৰ নহয়নে ?? তেন্তে কিহৰ আধাৰত আমাৰ ইবাদত বা তৌবাহ আদি কবুল হব , কিয়নো নবী চল্লাল্লাহু আলাইহি অছাল্লামে কোৱা মানেই জানো আল্লাহে কোৱা নহয় ?? আল্লাহৰ কথা জানো নিখুঁত কথা নহয় ??
মাথোঁ এই কেইটাকেই মূল প্ৰশ্ন হিচাবে বিবেচনা কৰি আলীম উলেমাৰ পৰা উত্তৰ বিচাৰকচোন !! স্বৰ্ত নিৰ্ধাৰণ কৰি দিয়ক যে – প্ৰশ্ন যিহেতু কোৰআন হাদীছৰ আধাৰত , সেয়েহে প্ৰয়োজনীয় উত্তৰ কিন্তু কোৰআন হাদীছৰ পৰা দিয়াটো বাধ্যতামূলক !! দলীল ভিত্তিক উত্তৰ দিব নোৱাৰিলেই বাকী সকলো বিষয় আপোনাৰ নিজেই বোধগম্য হব , কিয়নো চৰুৰ পৰা দুটা ভাত পিতিকিলেই বাকী ভাত সিজিচে নাই সহজতেই ধৰিব পাৰি ………

—