আমালোকৰ প্ৰত্যেকৰ বাবে চাৰিটা বিষয় জনা অপৰিহাৰ্য্য ।
প্ৰথমতে : জ্ঞান অৰ্জন কৰা :- আল্লাহ পাক , নবী ( ছা:) আৰু ইছলাম ধৰ্ম সম্পৰ্কে সম্যক জ্ঞান লাভ কৰা অপৰিহাৰ্য্য । কিয়নো নজনাকৈ আল্লাহৰ ইবাদত কৰা নাযায় । কৰিলেও বিভ্ৰান্তিত পতিত হবলৈ বাধ্য । যেনেকৈ বিভ্ৰান্ত হৈছিল খৃষ্ঠীয়ান সকল ।
দৃতীয়তে : আমল কৰা :- জ্ঞান অৰ্জন কৰাৰ পিছত আমল নকৰিলে সি ইহুদীসকলৰ নিচিনা । কিয়নো ইহুদীসকলে শিক্ষা লাভ কৰি সেই অনুযায়ী আমল কৰা নাই । চয়তানৰ ষড়যন্ৰ হৈছে সি মানুহক জ্ঞান শিক্ষাৰ প্ৰতি অনুৎসাহিত কৰা । তাৰ মাজত এনে ধাৰণা সৃষ্টি কৰে যে অজ্ঞ থাকিলে আল্লহে মানুহৰ অজুহাত গ্ৰহণ কৰিব । ফলত সি পাৰ হৈ যাব ।
সি নাজানে যে যিবিলাক বিষয়ে শিক্ষা অৰ্জন কৰা তাৰ বাবে সম্ভৱ আছিল সেয়া যদি সি নিশিকেওঁ তথাপিও তাৰ ওপৰত দলীল কায়েম হৈ যাব । এইটো হৈছে নূহ (আ:) ৰ জাতিৰ চৰিত্ৰ । নূহ ( আ:) এ সিহঁতক নচীহত কৰিবলৈ গ’লে :- ( وَإِنِّي كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوا أَصَابِعَهُمْ فِي آذَانِهِمْ وَاسْتَغْشَوْا ثِيَابَهُمْ وَأَصَرُّوا وَاسْتَكْبَرُوا اسْتِكْبَارًا )
সিহঁতে কাণৰ মাজত আংগুলি প্ৰৱেশ কৰিছিল আৰু নিজকে কাপোৰেৰে ঢাকি দিছিল । ( ছূৰা নূহ : ৭ )
যাতে কোনেও কব নোৱাৰে যে সিহঁতক সতৰ্ক কৰা হৈছিল ।
তৃতীয়তে :- দাওৱাত বা আহ্বান : উলামা আৰু দাঈ সকল নবীসকলৰ উত্তৰাধিকাৰী । গতিকে নবীসকলৰ কাম আলিম আৰু জ্ঞানীসকলে কৰিব লাগিব । আল্লাহ তা’লাই বনী ইস্ৰাঈলক লানত কৰিছে : কিয়নো ( كَانُوا لَا يَتَنَاهَوْنَ عَن مُّنكَرٍ فَعَلُوهُ لَبِئْسَ مَا كَانُوا يَفْعَلُونَ ) সিহঁতে যিবিলাক মন্দ ও গৰ্হিত কাম কৰিছিল তাৰ পৰা সিহঁতে পৰস্পৰক নিষেধ কৰা নাছিল । বাস্তবত সিহঁতৰ কাম আছিল অত্যন্ত গৰ্হিত ।” ( ছূৰা : মায়েদাহ , ৭৯ ) সৎপথৰ প্ৰতি আহ্বান আৰু শিক্ষাদান ফৰজে কেফায়া । কোনোবাই এই কামটো আঞ্জাম দিলে যদি যতেষ্ঠ হয় তেন্তে অন্যসকল গুণাহৰ পৰা মুক্তি পাব । কিন্তু কোনেও এই দায়িত্ব পালন নকৰিলে সকলো গুণাহগাৰ হব ।
চতুৰ্থতে :- ধৈৰ্য ধাৰণ কৰা : ধৈৰ্য ধাৰণ কৰিব লাগিব জ্ঞান শিক্ষাৰ পথত । একেদৰেই ধৈৰ্য ধাৰণ কৰিব লাগিব আমল কৰাৰ ক্ষেত্ৰত আৰু ধৈৰ্য ধাৰণ কৰিব লাগিব দ্বীনৰ পথত মানুহক আহ্বান কৰাৰ ক্ষেত্ৰত ।