প্রশ্ন () : ছহীহ হাদীছ জনাৰ পিছতো যিসকলে বিদ‘আতী আমল কৰি থাকে সিহঁতৰ পৰিণতি কি হব?

প্রশ্ন () : ছহীহ হাদীছ জনাৰ পিছতো  যিসকলে বিদ‘আতী আমল কৰি থাকে সিহঁতৰ  পৰিণতি কি হব?

 উত্তৰ :– বিদ‘আতীসকলৰ পৰিণতি অত্যন্ত ভয়াবহ হব। যেনে- আল্লাহে কৈছে, ‘আপুনি কৈ দিয়ক, আমি তোমালোকক ক্ষতিগ্রস্ত আমলকাৰীসকলৰ সম্পর্কে জনাই নিদিমনে? (দুনিয়াবী জীৱনত) যিসকলৰ সমস্ত আমল বৰ্বাদ হৈ গৈছে। অথচ সিহঁতে  ভাৱে যে, সিহঁতে সুন্দৰ আমলেই কৰি গৈছে’ (ছুৰা কাহফ ১০৩-৪)।

 ৰাছুলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘তোমালোকে দ্বীনৰ মাজত নতুন সৃষ্টি কৰাৰ পৰা বিৰত থাকা। নিশ্চয় প্রত্যেক নতুন সৃষ্টিই বিদ‘আত আৰু প্রত্যেক বিদ‘আতই গোমৰাহী (আহমাদ, আবুদাঊদ, তিৰমিজী, মিশকাত হা/১৬৫)।

নাচাঈ-ৰ বর্ণনাত আহিছে, ‘প্রত্যেক গোমৰাহীৰ পৰিণাম জাহান্নাম’ (নাচাঈ হা/১৫৭৮)।

বিদ‘আতীৰ আমল কবুল নহয় (বুখাৰী হা/৩১৮০)।

সি হাউজে কাওছাৰৰ পানী পান কৰাৰ পৰা বঞ্চিত হব (মুছলিম হা/৪২৪৩)।

 বিদ‘আতীৰ ওপৰত আল্লাহ, আল্লাহৰ ফিৰিস্তাসকল আৰু সকলো মানুহৰ লা‘নত বর্ষিত হয় (বুখাৰী হা/৩১৮০)।

Leave a comment