গুৰুত্বপূর্ণ কিছু হাৰাম কাম যিবোৰ আমি অজানিতেই কৰি থাকো

গুৰুত্বপূর্ণ কিছু হাৰাম কাম যিবোৰ আমি অজানিতেই কৰি থাকো : ১। গোছলখানাত পেচাব কৰা নিষেধ। (ইবনে মাজাহ হা/৩০৪) ২। ক্কিবলামুখী বা তাৰ বিপৰীতমুখী হৈ পেচাব-পায়খানা কৰা নিষেধ। (ছহিহ বুখাৰী হা/৩৯৫ ,নাছাঈ হা/২১, আত তিৰমিজি হা/৮) ৩। গুলি বা তীৰৰ নিচানা প্রশিক্ষণৰ কাৰণে প্রাণী ব্যৱহাৰ কৰা নিষেধ। (মুছলিম হা/৫১৬৭, আবু দাউদ হা/২৮১৭, ইবনে মাজাহ হা/৩১৭০, আত তিৰমিজি হা/১৪০৯) ৪। ইয়াহুদি, খ্রিষ্টান ও মুশ্বৰিকক বিয়া কৰোৱা নিষেধ। (আল-কোৰআন, ছূৰা আন-নিছা/আন-নূৰ) ৫। স্বামীৰ বাহিৰে আনৰ কাৰণে নিজকে সজোৱা হাৰাম। (আল কোৰআন, ছূৰা আল-আহজাবঃ ৩৩) ৬। মূর্তি কিনা-বেচা কৰা, পহৰা দিয়া হাৰাম। (আল কোৰআন, ছূৰা আল-মায়িদাহঃ ৯০, ইব্ৰাহীমঃ ৩৫) ৭। কাৰো মুখমণ্ডলত আঘাত কৰা নিষেধ। (মুছলিম হা/৬৮২১, আবু দাউদ হা/৪৪৯৬, আহমদ হা/৫৯৯১) ৮। কাপোৰ পৰিহিত অৱস্থাতো কাৰো গোপন অঙ্গৰ ফালে দৃষ্টিপাত কৰা নিষেধ। (মুছলিম হা/৭৯৪, তিৰমিজি হা/২৭৯৩, ইবনে মাজাহ হা/৬৬১, আহমদ হা/১১৫০১) ৯। আল্লাহৰ বাহিৰে আনৰ নামত কচম কৰা নিষেধ। মা-বাবাৰ নাম, কাৰো হায়াত, মছজিদ বা কোৰআনৰ নামত কচম কৰা, মূৰত লৈ সত্যতা প্রকাশ কৰা নিষেধ। (আবু দাউদ হা/৩২৫০, নাছাঈ হা/৩৭৭৮) ১০। কোনো প্রাণীক জুইত পুৰি মাৰা নিষেধ। (আবু দাউদ হা/২৬৭৭, আহমদ হা/১৬০৩৪)। যিসকলে এইবোৰ কৰে তেওঁলোকে জান্নাতৰ সুগন্ধিও নাপাব। (আবু দাউদ হা/৩৬৬৮, ইবনে মাজাহ হা/২৫২)। আল্লাহ্ ৰাব্বুল আলামিনৰ ওচৰত প্রার্থনা কৰো—“হে আমাৰ প্রতিপালক! তুমি আমাক অনুগ্রহ দান কৰা আৰু আমাৰ কাৰণে আমাৰ কামবোৰ সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা।

Leave a comment