তাবলীগৰ অর্থ কি?* *তাবলীগ কিহৰ কৰিব লাগিব?* *তাবলীগ কেনেকৈ কৰিব লাগিব?

*তাবলীগৰ অর্থ কি?*
*তাবলীগ কিহৰ কৰিব লাগিব?*
*তাবলীগ কেনেকৈ কৰিব লাগিব?*

উত্তৰ:
*★তাবলীগ অর্থ””””❓*
“তাবলীগ”ৰ অর্থ প্রচাৰ কৰা, বার্তা পৌঁছাই দিয়া। তাবলীগৰ অর্থ কোনো দল নহয়, যদিও বর্তমানে বহুতে ভাৱে যে¸ তাবলীগ মানে এটা দল।

*★তাবলীগ কিহৰ কৰিব লাগিব””””””❓*
তাবলিগ কৰিব লাগিব “কুৰআন” আৰু “ছুন্নাহৰ” (ছহীহ হাদীছ)।
আল্লাহ তা‘আলাই কৈছে-

۞ يَا أَيُّهَا الرَّسُولُ بَلِّغْ مَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ ۖ

“হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা।” [ছূৰা মায়িদাহ: ৬৭]

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

 بَلِّغُوْا عَنِّيْ وَلَوْ آيَةً

অর্থ: “মোৰ কথা প্রচাৰ কৰা¸ সেয়া যদি এটা আয়াতো হয়।” [ছহীহ বুখাৰী: ৩৪৬১]

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত নাযিল কৰা হৈছে – কুৰআন আৰু ছুন্নাহ। গতিকে এজন মুছলিমে কেৱল কুৰআন আৰু ছুন্নাহৰ তাবলীগ কৰিব পাৰিব। পীৰ-মুৰিদীৰ ব্যৱসায়, নিজৰ তৰীকা বা ফিৰকা, বুজুর্গসকলৰ ভুৱা কিচ্ছা-কাহিনী, ঈমান-আকীদা বিধ্বংসী কথা-বার্তা আৰু জাল-জঈফ হাদীছ, এইবোৰ কোনেও প্রচাৰ কৰিব নোৱাৰিব। চুফীবাদীসকলৰ লেখা ভেজাল আমলৰ কিতাবৰ তাবলীগ কৰিব নোৱাৰিব।

*★তাবলীগ কেনেকৈ কৰিব লাগিব”””””””””’❓*
তাবলীগ কৰিবলৈ হ’লে নিজে জানি-শুনিয়েই কৰিব লাগিব। অজ্ঞতা লৈ দাওৱাত দিবলৈ গ’লে তাবলীগ হ’ব, কিন্তু দ্বীনৰ তাবলীগ নহ’ব। সেয়া শ্বিৰ্ক-বিদ‘আতৰ তাবলীগহে হ’ব। আল্লাহ তা‘লাই কৈছে-

قُلْ هَٰذِهِ سَبِيلِي أَدْعُو إِلَى اللَّهِ ۚ عَلَىٰ بَصِيرَةٍ أَنَا وَمَنِ اتَّبَعَنِي ۖ وَسُبْحَانَ اللَّهِ وَمَا أَنَا مِنَ الْمُشْرِكِينَ

কোৱা! ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’। [ছূৰা ইউচুফ: ১০৮]

এই নিয়ম নমনাৰ কাৰণে বহু লোক আছে যিসকলে তাবলীগ কৰাৰ দাবী কৰে¸ কিন্তু তেওঁ আচলতে নিজৰ মনেগঢ়া কাহিনী, জাল-জঈফ হাদীছ, ভুৱা আমল, বিদা‘আতী চিন্তা-ভাৱনা আৰু কাজ-কর্ম প্রচাৰ কৰি নিজৰ পৰকালৰ ক্ষতি সাধন কৰিছে, আনকো পথভ্রষ্ট কৰিছে।

Leave a comment