ফাযায়েলে আমলৰ মিছা গল্প কাহিনী:
এজন যুবক ব্যক্তি আৰু তেওঁৰ মাকৰ নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম ) কর্তৃক মুখ আৰু পেট মাছাহ কৰাৰ মিছা ঘটনা:
এক ব্যক্তিক ছূফিয়ান ছাওৰীয়ে দেখিলে যে তেওঁ প্রতিটো খোজত ‘আল্লাহুম্মা ছল্লে আলা মুহাম্মাদিন অ আলা আলে মুহাম্মাদ’ কৈছে। তেওঁ তেওঁক সুধিলে, তুমি এনেকুৱা কিয় কৰিছা? তেতিয়া তেওঁ কলে: তেওঁ তেওঁৰ আম্মাক লগত লৈ হজ্জ কৰিবলৈ ওলাইছিল। হঠাৎ তেওঁৰ মা অসুস্থ হৈ পৰে। চেহাৰা বা মূখমণ্ডল কলা হৈ যায় আৰু পেট ফুলি যায়ঃ তেতিয়া তেওঁ আল্লাহৰ ওচৰত দু’আ কৰিলে। ইয়াৰ পিছত দেখা পালে (ছৌদি আৰবৰ) তেহামাৰ পৰা এক খণ্ড মেঘ তেওঁৰ বৰাবৰ আহে আৰু তাৰ পৰা এজন ব্যক্তি নামি আহি তেওঁৰ মাকৰ পেট মাছাহ কৰি দিয়ে ফলত পেট ভাল হৈ যায়। চেহাৰা মাছাহ্ কৰি দিয়ে তেতিয়া চেহাৰা উজ্জল হৈ যায়। তেতিয়া এই ব্যক্তিজনে তেওঁক লক্ষ্য কৰি কলেঃ আপুনি কোন ইমান ডাঙৰ মহান মানুহ যিয়ে মোৰ মাৰ ইমান ডাঙৰ উপকাৰ কৰি দিলে? তেতিয়া তেওঁ কলে: মই তোমাৰ নবী! এই বাৰ তেওঁ কলেঃ তেনেহলে আপুনি মোক কিছু উপদেশ দিয়ক।। তেতিয়া তেওঁ তেওঁক কলে: প্রতিটো কদম (খোজ) উঠা নমাৰ সময়ত কবা ‘আল্লাহুম্মা ছল্লে আলা মুহাম্মাদিন অ আলা আলে মুহাম্মাদ’। গতিকে তেওঁ এনেকুৱা কৰে অৰ্থাত প্রতিটো কদম উঠা নমাৰ সময়ত তেনেকৈ দুৰুদ পাঠ কৰে। (ফাযায়েলে দুৰুদ, পৃঃ 122)।
প্রথম কথা হল, প্রত্যেকটো খোজত তেনেকৈ দুৰুদ পঢ়া জানো সম্ভৱ?
এই হল শায়খ যাকাৰিয়া চাহাব তাবলীগীৰ পৰিবেশিত জালিয়াতি ঘটনা। এই ঘটনাই প্রমাণ কৰে যে, নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) নিজে কবৰৰ পৰা উঠি এনেদৰে বিপদগ্রস্থ মানুহৰ বিপদ-আপদ দূৰ কৰে! অথচ এইকথা প্ৰতিজন মুছলিমে জানে যে, আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুনিয়াৰ পৰা চিৰ বিদায় লৈছে তথা মৃত্যু বৰণ কৰিছে। তেওঁ মৃত্যুবৰণ কৰিছে বুলিয়েই চাহাবায়ে কিৰাম সকলে তেওঁক অশ্রুসিক্ত নয়নেৰে মাটিতে কবৰস্থ কৰিছে। তেওঁ কিয়ামত লৈকে তেওঁৰ কবৰৰ পৰা উঠি নাহে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: সর্ব প্রথম যাৰ কবৰটো ফাটিব সেই ব্যক্তিজন হলো মই। (ছহীহ মুছলিম, হা 2,278) অর্থাৎ সর্ব প্রথমে তেওঁৰ কবৰটো ফাটিব যাৰ ফলত তেওঁ হাশ্বৰৰ মাঠ অভিমুখে সর্ব প্রথম ধাৱিত হব। তাৰ আগত তেওঁ কেতিয়াওঁ কবৰৰ পৰা ওলাই নাহে।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতে কোনো দিনেই কোনো (গায়েৰ মাহৰাম) মহিলাৰ হাত স্পর্শ কৰা নাই। (ছহীহ বুখাৰী হা: 5,288, ছহীহ মুছলিম, হা: 1,866) সেই জন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ পিছত পুণৰ আহি ৰোগাক্রান্ত সেই গাইৰ মাহৰাম মহিলাৰ মুখ আৰু এনেকি পিঠিতো হাত দি মাছাহ কৰি দিছে?
আস্তাগফিৰুল্লাহ।
ছূফি সকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মানহানীকৰ এইবোৰ আজগুবী মিছা কাহিনী শুনাই কি লাভ পায় জনা নাযায়। আল্লাহে ছূফীসকলক হেদায়ত দান কৰক,,
(((আমিন)